আজি প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ দেশতে পালন কৰা হৈছে সুশাসন দিৱস৷ সেই অনুসৰি হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগীবৃন্দই।

উল্লেখ্য যে শুৱালকুছি ,হাজো, শিঙিমাৰীকে ধৰি কেইবাটাওঁ স্বাস্থ্য কেন্দ্ৰত ৰোগীসকলক ফলমূল বিতৰন কৰি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰে মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগীবৃন্দই।শীৰ্ষক কাৰ্যসূচীত সহযোগ কৰে হাজো মহকুমা স্বাস্থ্য বিষয়া ডা° গৌৰাংগ দাসকে প্ৰমূখ্যে প্ৰায়সংখ্যক চিকিৎসক ,নাৰ্চ আৰু কৰ্মচাৰীবৃন্দই।

