Breaking

ভট্টদেৱৰ ৪৬৫ সংখ্যক জয়ন্তী উপলক্ষে শোণিতপুৰৰ বিশিষ্ট গদ্য সাহিত্যিকক কথা সাহিত্যসৱী বৰণ প্ৰদান…

0 48

ভট্টদেৱৰ ৪৬৫ সংখ্যক জয়ন্তী উপলক্ষে

শোণিতপুৰৰ বিশিষ্ট গদ্য সাহিত্যিকক কথা সাহিত্যসৱী বৰণ প্ৰদান।

মহাপ্ৰভু দেৱদামোদৰ দেৱৰ প্ৰপন্ন শিষ্য, গদ্য সাহিত্যৰ জনক মহাপুৰুষ ভট্টদেৱৰ ৪৬৫ সংখ্যক জয়ন্তী উপলক্ষে ২০ নৱেম্বৰৰ পৰা দুদিনীয়াকৈ মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত জিলা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।

অনুষ্ঠিত হোৱাৰ লগতে বিয়লি শোনিতপুৰ জিলাৰ অন্তৰ্গত পাঁচ গৰাকীকৈ সাহিত্যিক ক্ৰমে ড° ভূপেন শইকীয়া, ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্য, ঐশ্বয্য কাকতি, শান্তনু বৰুৱা আৰু প্ৰিয়েন্দ্ৰ তামুলীক ২০২৩ বৰ্ষৰ বাবে

‘মহাপুৰুষ শ্ৰীশ্ৰীভট্টদেৱ কথা সাহিত্যসেৱী বৰণ’ প্ৰদান কৰা হয়।

জিলা সমিতিৰ প্ৰশসনিক উপ সংঘাধিকাৰ ভূপেন বৰদলৈ আৰু সংঘাধিকৰ্তা ডা: যুগল কৃষ্ণ ডেকাৰ

নেতৃত্বত এটি দলে প্ৰত্যেক জন বিশিষ্ট সাহিত্যিকক এখনি গল বস্ত্ৰ , অংগ বস্ত্ৰ আৰু এখন বৰণ পত্ৰ প্ৰদান কৰে।

অসমৰ গদ্য সাহিত্যৰ জনক গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় ২০ নৱেম্বৰৰ সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

Leave A Reply