Breaking

দ্বিতীয় দিনাও বিপদসীমাৰ ওপৰেদি প্ৰৱাহীত দিখৌ নদীৰ বাঢ়নি পানী । তিনিটাকৈ পৰিয়ালৰ ঘৰ – ভেটি ওচন : বানাক্ৰান্তক সাহাৰ্য আৰু বান-গড়াখহনীয়া প্ৰতিৰোধৰ দাবী ।

0 882

নাজিৰা : যোৱাকালি হঠাতে ফেনে-ফুটুকাৰে বাঢ়ি অহা দিখৌ নদীৰ বাঢ়নি পানী আজি দ্বিতীয় দিনাও বিপদসীমাৰ ওপৰেদি প্ৰৱাহমান । দিখৌ নদীৰ বাঢ়নি পানীয়ে নাজিৰা মহকুমাটোৰ বৰশিল, বিহুবৰ, লক্ষ্মীজান, চণ্টক বৰমিছিং, বগৰীগুৰী, তেতেলিগুৰী , সোন্দৰ পুখুৰী , বাউলী মৈদাম , শেনৰ আলি, চানবছা, ওপৰ নাজিৰা, শিমলুগুৰি, নাজিৰা নগৰ ১,৪,৬ আৰু ৭ নং ৱাৰ্ড, সৌকাজান, ন- মাটি আদি বিভিন্ন অঞ্চলৰ বহু পৰিয়ালৰ ঘৰ-দুৱাৰ পানীত ডুব যোৱাৰ লগতে খেতি পথাৰ প্লাৱিত কৰি তোলে। মহকুমাটোৰ ৰমণী আলি, চণ্টক , বগৰীগুৰী , তেতেলিগুৰী , নাজিৰা আমোলাপট্টী আদি ভালেকেইটা অঞ্চলৰ মূল পথ আৰু মঠাউৰিৰ ওপৰেদি বাঢ়নি পানী পাৰহৈ বৈ যোৱাত যাতায়ত এক প্ৰকাৰে বিছিন্ন হৈ পৰিছে। যোৱা নিশা দিখৌ নদীৰ বাঢ়নি পানীয়ে নাজিৰা নগৰৰ ১ নং ৱাৰ্ডৰ ওপৰ নাজিৰা অঞ্চলৰ অকনমান দাস , দীপ্তি দাস আৰু প্ৰদীপ মণ্ডলৰ ঘৰ-ভেটি ওচন কৰি পেলায়। আনহাতে নদীৰ বাঢ়নি পানীৰ ফলত নাজিৰা নগৰৰ ৭ নং ৱাৰ্ড , লখিমী পুখুৰী , জয়খামদাং খাট আদি অঞ্চললৈ আন এক নতুন সমস্যাৰ সৃষ্টি কৰিছে। ৭ নং ৱাৰ্ডৰ আমোলাপট্টী আৰু ১০ নং ৱাৰ্ডৰ লখিমী আলি সংযোগী জলসিঞ্চন বিভাগৰ অব্যৱহৃত নলা পুতি নাজিৰা পৌৰ কৰ্তৃপক্ষই এক নতুন পথ নিৰ্মাণ কৰিছে। জলসিঞ্চন বিভাগৰ দ্বাৰা খেতি পথাৰলৈ পানী যোগানৰ বাবে দিখৌ নদীত সংযোগ থকা বৃহৎ আকাৰৰ পাচডাল পাইপেৰে অহৰহ পানী প্ৰৱাহমান হোৱাত কেইবাটাও ঘৰ প্লাৱিত কৰি তুলিছে । তাৰোপৰি দিখৌৰ বাঢ়নি পানীয়ে বিভিন্ন অঞ্চলৰ মঠাউৰি চপৰা-চপৰে খহিবলৈ আৰম্ভ কৰাত ভয়ংকৰ বিপদৰ আশংকা ঘনীভূত হৈ পৰিছে । দিখৌ নদীৰ বাঢ়নি পানীয়ে ক্ষতিগ্ৰস্ত কৰা অঞ্চলসমূহৰ জনগণৰ বাবে খাদ্য সামগ্ৰীৰ লগতে বিশুদ্ধ খোৱা পানী যোগান ধৰা , যিসকল পৰিয়ালৰ ঘৰ, পশুধন, কৃষি নষ্ট হৈছে সেইসকলক উপযুক্ত আৰ্থিক সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰা, পানী অতিক্ৰম কৰা মঠাউৰি – পথ সমূহৰ অংশ মেৰামতি কৰি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা আদি আঠ দফীয়া দাবী সম্বলিত এখনি স্মাৰক পত্ৰ আজি নাজিৰা গ্ৰাম্য আৰু পৌৰ ব্লক কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা নাজিৰা মহকুমাৰ মহকুমাধিপতিক প্ৰদান কৰে। দুয়োখন ব্লক কংগ্ৰেছ কমিটীৰ প্ৰশাসনিক সাধাৰণ সম্পাদকদ্বয় অপূৰ্ব বৰুৱা , আব্দুৰ ৰহমান, পৌৰ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদকদ্বয় দিলীপ হাজৰিকা আৰু শ্যাম দাসৰ নেৰ্তৃত্বত যোৱা দলটোৱে ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামীক সাক্ষাৎ কৰি উক্ত স্মাৰক পত্ৰ খনি প্ৰদান কৰে।

Leave A Reply