Breaking

এসময়ৰ ৰাজ্যিক পৰ্যায়ৰ মহিলা এথলিট: তাঁত শাল বই কটাইছে জীৱন

0 1,432

এসময়ৰ এথলিট হিচাপে পৰিচিত আছিল  নাম নিজৰা দাস। প্ৰচাৰ বিমুখ খেলুৱৈ গৰাকীৰ নাই কোনো চৰকাৰী চাকৰি  ৷ খেলুৱৈ হিচাপে অনেক কৃতিত্বৰ দাবীদাৰ বহু যুৱক-যুৱতীয়ে অসম চৰকাৰৰ পৰা নাপায় উপযুক্ত মৰ্যাদা ৷ স্ব-প্ৰতিভাৰে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰক সমৃদ্ধ কৰি থৈ যোৱাৰ পিচতো চৰকাৰীভাৱে উপেক্ষিত হৈ ৰৈছে বহু প্ৰতিভাৱান খেলুৱৈ ৷ তেনে এগৰাকী খেলুৱৈ হৈছে ৰাজ্যিক পৰ্যায়ৰ মহিলা এথলিট বৰপেটাৰ নিজৰা দাস ৷ চৰকাৰী   সাহায্য-সংস্থাপন অবিহনে সম্প্ৰতি দুখ-যন্ত্ৰনাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে বৰপেটাৰ বামুণা গাঁও নিবাসী নিজৰা দাসে ৷ উল্লেখ্য যে পঞ্চম শ্ৰেণীত পঢ়ি থকা সময়তেই এগৰাকী এথলিট হিচাপে নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নিজৰাই পিচলৈ আন্ত:জিলা চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে বাছনিভুক্ত হৈছিল ৷ ১৯৯৩,১৯৯৪ আৰু ১৯৯৫ চনত ক্ৰমে ডিব্ৰুগড়, তিনিচুকীয়া আৰু যোৰহাটত অনুষ্ঠিত আন্ত:জিলা চেম্পিয়নশ্বিপত বৰপেটা জিলাৰ হৈ প্ৰতিনিধিত্ব কৰি নিৰ্দিষ্ট ইভেন্টত প্ৰথম স্থান অধিকাৰ কৰিছিল নিজৰাই ৷ ১৯৯৩ চনত শ্বিলঙত অনুষ্ঠিত নৰ্থ-অষ্ট চেম্পিয়নশ্বিপত নিজৰাই অসমৰ হৈ প্ৰথবাবাৰৰ বাবে ৰাজ্যিক খেলুৱৈ হিচাপে অংশ লৈছিল ৷ পৰৱৰ্তী সময়ত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ, বিহাৰৰ ৰাছী আৰু হাৰিয়ানাৰ ৰোহটকত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলতো অংশ লৈছিল নিজৰাই ৷ কলেজীয়া দিনত বৰপেটাৰ এম চি কলেজৰ কলেজ সপ্তাহ,গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ আদিত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা এথলিটগৰাকীয়ে ১৯৯৫ চনত অসম অলিম্পিক সন্থাৰ উদ্যোগত অনুষ্ঠিত আসাম ষ্টেট গেম’৯৫ শীৰ্ষক প্ৰতিযোগিতাতো অংশগ্ৰহণৰ সুযোগ লাভ কৰিছিল ৷ এক সময়ত ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনত এনেদৰেই উজলাই ৰখা দুখীয়া পৰিয়ালৰ সন্তান  নিজৰাৰ ভৱিষ্যৎ জীৱন সুখকৰ হ’ব বুলি সকলোৱে ধাৰণা কৰিছিল যদিও বাস্তৱত সেয়া যেন সম্ভৱ নহ’ল ৷ বিভিন্ন সময়ত বহুকেইটা পৰীক্ষা-সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ পিচতো অগ্ৰাধিকাৰ ভিত্তিত কোনো এটা চৰকাৰী চাকৰিত মকৰল কৰা নহ’ল নিজৰাক ৷ নিজৰাই আজিলৈকৈ নাপালে কোনো চৰকাৰী সাহায্য ৷ পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া স্বামীৰ উপাৰ্জন কম হোৱা হেতুকে ঘৰ চলাবলৈ তাঁতশালত বহিবলগীয়া হৈছে এসময়ৰ প্ৰতিভাৱান এথলিটগৰাকীয়ে ৷ নিজে বোৱা কাপোৰ আনৰ ওচৰত বিক্ৰী কৰি স্বামীক পৰিয়াল পোহপাল দিয়াত সহায় কৰি গৈছে নিজৰাই ৷ প্ৰশ্ন হয়-অদূৰ ভৱিষ্যতে নিজৰাহঁতৰ দৰে খেলুৱৈৰ বাবে চৰকাৰী সাহায্য-সংস্থাপন লাভ কৰাটো সম্ভৱ হ’বনে ?  সঘনাই সবকা সাথ সবকা বিকাশৰ শ্ল’গান আওৰাই থকা ড°হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনৰ কল্যাণকামী আঁচনিয়ে নিজৰাহঁতৰ দৰে এসময়ৰ প্ৰতিভাৱান খেলুৱৈসকলক স্পৰ্শ কৰিবলৈ সক্ষম হবনে?

Leave A Reply