Breaking

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত জৈৱিক সাৰ উৎপাদনৰ এদিনীয়া কৰ্মশালা

0 101

পৰিবেশ প্ৰদূষণ মুক্ত আৰু ৰক্ষণাবেক্ষণৰ প্ৰতি লক্ষ্য কৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যান বৃহস্পতিবাৰে প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে চলিল কেচুসাৰ উৎপাদনৰ প্ৰশিক্ষণ। প্ৰশিক্ষক হিচাপে উপস্থিত থাকে অৰন্যক নামৰ অসমৰ আগশাৰীৰ বেচৰকাৰী অনুষ্ঠানৰ জেষ্ঠ সমন্বয়ক আৰিফ হুছেইন।

আৰিফ হুছেইনে বৰ্তমান সমাজত বাঢ়ি অহা প্ৰদূষণ মানৱ সমাজৰ কাৰণে এক ডাঙৰ ব্যাধি বুলি মন্তব্য কৰি কয় যে অত্যাধিক পৰিমাণে খেতিত ফচল উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা কৃত্ৰিম সাৰ কীটনাশক দ্ৰব্যই বহুতো বেমাৰ সৃষ্টি কৰাৰ লগতে আমাৰ পৰিবেশ প্ৰদূষণ কৰে।

কৃষক বন্ধু সকলে যিমান সম্ভৱ জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে। কেনেকৈ ঘৰতে কেচুসাৰ প্ৰস্তুত কৰিব পাৰি,ঘৰৰ জাৱৰ জোথৰৰ ব্যৱহাৰ কৰি কেনেকৈ লাভজনক হ’ব পাৰি তাৰ বিষয়ে বিতংকৈ আলোচনা কৰে। আৰিফ হুছেইনে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া অঞ্চলৰ গঠিত পাৰস্পৰিকতা উন্নয়ত সমিতি চমুকৈ ইডিচি আৰু স্থানীয় উপস্থিত থকা ৰাইজক নিজে হাতে কামে লাগি কেচুসাৰ প্ৰস্তুত কৰাৰৰ প্ৰশিক্ষণ দিয়ে।

উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকি মংগলদৈ বন সংমণ্ডল বিষয়া তথা ক্ষেত্ৰ সঞ্চালক প্ৰদীপ্ত বৰুৱাই ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া অঞ্চলৰ গঠিত পাৰস্পৰিকতা উন্নয়ত সমিতি চমুকৈ ই.ডি.চি. ওন্নৈছ গৰাকী সদস্যক কেচুসাৰ সাৰ উৎপাদন কৰিব পৰা পাত্ৰ দান কৰে ।

উক্ত দিনযোৰা কাৰ্যসূচীত উপস্থিত থাকে ওৰাং শিলবৰীৰ প্ৰকৃতি প্ৰেমী তথা সমাজ সংগঠক আব্দুল মালেক, সমাজ সেৱক খাইৰুল বাশ্বাৰ শতাধিক স্থানীয় ৰাইজ।

Leave A Reply