Breaking

এক দেশ, এক নিৰ্বাচনঃ কোবিন্দ নেতৃত্বাধীন কমিটীয়ে ৰাষ্ট্রপতি দ্ৰৌপদী মুৰ্মুক অৰ্পণ কৰিলে প্ৰতিবেদন…

0 23

এক দেশ, এক নিৰ্বাচনঃ কোবিন্দ নেতৃত্বাধীন কমিটীয়ে ৰাষ্ট্রপতি দ্ৰৌপদী মুৰ্মুক অৰ্পণ কৰিলে প্ৰতিবেদন
বিজেপিৰ দিনতে হয়তো দেশত আন এক নিৰ্বাচনী সংস্কাৰ সম্ভৱ হৈ পৰিব। তাৰেই উমান এতিয়া পোৱা গৈছে। এক দেশ, এক নিৰ্বাচন’ৰ দিশলৈ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। আজি প্ৰাক্তন ৰাষ্ট্রপতি ৰামনাথ কোবিন্দ নেতৃত্বাধীন কমিটীয়ে ৰাষ্ট্রপতি দ্ৰৌপদী মুৰ্মুক অৰ্পণ কৰিলে ‘এক দেশ, এক নিৰ্বাচন’ সম্পৰ্কীয় প্ৰতিবেদন।

দেশত একে সময়তে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনসমূহ অনুষ্ঠিত কৰাটোৱেই হৈছে এক দেশ, এক নিৰ্বাচন নীতি। এই নীতিৰ বাস্তৱিক গ্ৰহণযোগ্যতা অধ্যয়নৰ বাবে বিগত বৰ্ষৰ ২ ছেপ্টেম্বৰত গঠন কৰা হৈছিল ৰামনাথ কোবিন্দ কমিটী। ১৯১ দিন ধৰি বিস্তৃত অধ্যয়নৰ পাছত আজি কমিটীখনে ৰাষ্ট্রপতি মুৰ্মুক অৰ্পণ কৰে প্ৰতিবেদন।

প্ৰতিবেদনত একে সময়তে দেশত সকলো নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষত মতপ্ৰকাশ কৰা হয়। একেসময়তে নিৰ্বাচনসমূহ অনুষ্ঠিত হ’লে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা সবল হ’ব। ভিন্ন সময়ত নিৰ্বাচনসমূহ অনুষ্ঠিত হোৱাৰ বাবে খৰচ হয় বিপুল পৰিমাণৰ ধন। এক দেশ, এক নিৰ্বাচন নীতিয়ে ৰাজকোষৰ এনে ধনৰ ব্যয় যথেষ্ট হ্ৰাস কৰিব। প্ৰতিবেদনত এইধৰণে কেতবোৰ যুক্তি দাঙি ধৰে কমিটীখনে। লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ১০০ দিনৰ ভিতৰতে পৌৰ নিকায়সমূহৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰো পৰামৰ্শ দিয়ে কমিটীখনে। কমিটীখনে প্ৰদান কৰা পৰামৰ্শসমূহ ৰূপায়ণ কৰিবলৈ কাৰ্যৰূপায়ণ গোট গঠন কৰাৰো পৰামৰ্শ আছে প্ৰতিবেদনখনত।

Leave A Reply