Breaking

যুগ্ম জীৱনৰ পাতনি মেলিলে নলবাৰীৰ এগৰাকী নাৰ্চে

0 596

নলবাৰী

অব্যাহত আছে মাৰাত্মক ক’ভিড-১৯ ক’ৰোনা ভাইৰাছৰ আতংক৷ ক’ৰোনাৰ বিৰুদ্ধে  চলিছে নিৰন্তৰ যুঁজ। সম্মুখৰ পৰা দিন ৰাতি এক কৰি এই যুঁজ  চলাই গৈছে স্বাস্থ্য  কৰ্মীসকলে। অহৰহ ৰাইজক আগবঢ়াইছে স্বাস্থ্য সেৱা। পিছে এই কৰ্তব্যৰ মাজতে নিজৰ যুগ্ম জীৱনৰ পাতনি মেলিবলৈ সোমবাৰে বৈদিক নিয়মক সাক্ষী কৰি দুটি মন এটি হ’ল। এগৰাকী  নাৰ্চে লকডাউনৰ  মাজতে বাচি ল’লে জীৱন সংগী। নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ এইগৰাকী নাৰ্চ অলি বৰ্মন৷ বেলশৰৰ শিঙিমাৰিৰ অলি বৰ্মনে লকডাউনৰ নীতি নিয়ম মানি লৈ বৰণ কৰিলে জীৱন সংগী। হাতত জেতুকা গাত মাহ হালধি লোৱাৰ লগতে মুখত ল’লে মাস্ক৷ মাত্ৰ কেইগৰাকী মান  লোকৰ আশীৰ্বাদ লৈ এইদৰে আৰম্ভ কৰিলে যুগ্ম জীৱন। দেওবাৰৰ দিনটো চিকিৎসালয়ত কৰ্তব্য  সম্পাদন  কৰি  আবেলি পিন্ধিলে জোৰণৰ সাঁজ আৰু সোমবাৰেও সাজু  হৈ আছে নিজৰ কৰ্তব্য  পালনৰ বাবে। সঁচাকৈয়ে নিজৰ সুখ দুখ পৰিহাৰ কৰি এইসকল স্বাস্থ্য কৰ্মীয়ে ক’ৰোনাৰ বিৰুদ্ধে ৰাইজৰ স্বাৰ্থত  চলাইছে যুঁজ৷

Leave A Reply