Breaking

ঠিকা প্ৰতিষ্ঠানে মাহৰ প্ৰথম সপ্তাহত মজুৰি আদায় দিব নোৱাৰিলে শ্ৰমিকক অ’ এন জি চিয়ে পোনপটীয়াকৈ মজুৰি আদায় দিব লাগিব

0 2,048

 দেশৰ শ্ৰম আইন অনুসৰি ঠিকা শ্ৰমিক আৰু অন্যান্য শ্ৰমিক সকলে পাব লগা মাহেকীয়া মজুৰি ঠিকা প্ৰতিষ্ঠান সমূহে মাহৰ প্ৰথম সপ্তাহত আদায় দিব নোৱাৰিলে শ্ৰমিক সকলক অ’ এন জি চি কৰ্তৃপক্ষই পোনপটীয়াকৈ আদায় দিব লাগিব । এই দাবী জনাই আজি নাজিৰাত অসম চাহ কৰ্মচাৰী সংঘৰ শাখা কাৰ্যালয়ত আয়োজিত এখনি সংবাদ ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অসম শাখাৰ সম্পাদক পূৰ্ণকান্ত বুঢ়াগোহাঁয়ে লগতে কয় , ঠিকা শ্ৰমিক সকলে পাব লগা বছৰেকীয়া বোনাছ ১৯৬৫ চনৰ বোনাছ আইন অনুসৰি ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চ বিত্তীয় বৰ্ষৰ ভিত্তিত ৮ মাহৰ ভিতৰত বোনাছ পোৱাৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব । এই ক্ষেত্ৰত সংশোধিত মজুৰি আচনিৰ অন্তৰ্গত ঠিকা শ্ৰমিক সকলৰ বোনাছৰ  ধন অ’ এন জি চি কৰ্তৃপক্ষই ঠিকা প্ৰতিষ্ঠানক আদায় দিব লাগিব । সংবাদমেলত বুঢ়াগোহায়ে লগতে কয় যে , ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ আৰু ইয়াৰ অন্তৰ্গত শ্ৰমিক ইউনিয়ন সমূহৰ উদ্যোগত মহাৰত্ন উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ কৰ্মক্ষেত্ৰ সমূহত নিয়োজিত শ্ৰমিক সকলৰ আইন সংগত মাহেকীয়া মজুৰি আৰু অন্যান্য প্ৰাপ্য সা – সুবিধা সমূহ উপলব্ধ কৰাৰ বাবে বিভিন্ন পৰ্যায়ত কৰি অহা দাবী আৰু গণতান্ত্ৰিক আন্দোলনৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ শ্ৰম মন্ত্ৰালয়ৰ ডিব্ৰুগড়ৰ আঞ্চলিক শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত যোৱা ৭ অক্টোবৰত এক আলোচনা অনুষ্ঠিত হয় । ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অন্তৰ্গত অ’ এন জি চি পূৰ্বাঞ্চল এমপ্লয়িজ এছ’চিয়েছন , ইউনাইটেড কনট্ৰেকচুৱেল ৱকাৰ্চ ইউনিয়ন অৱ অ’ এন জি ছি আৰু অ’ এন জি চি চাৰ্টাড হায়াৰ্ড ড্ৰিলিং এণ্ড ৱৰ্ক অভাৰ ৰীগ ৱকাৰ্চ ইউনিয়নৰ দাবীৰ ভিত্তিত অনুষ্ঠিত আলোচনাত অ’ এন জি চি আৰু ঠিকা প্ৰতিষ্ঠান কৰ্তৃপক্ষই ঠিকা শ্ৰমিক সকলৰ মাহেকীয়া মজুৰি আৰু অন্যান্য সা – সুবিধা সমূহ নিৰ্ধাৰিত ভাৱে দিয়াৰ বাবে চুক্তিবদ্ধ হয়। সংবাদমেলত ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অসম শাখাৰ সম্পাদকগৰাকীয়ে লগতে কয় , সংশোধিত মজুৰি আচনিত অন্তৰ্ভুক্ত নোহোৱা আৰু ২১ হাজাৰতকৈ অধিক মাহেকীয়া মজুৰি পোৱা ঠিকা শ্ৰমিক বোনাছ পোৱাৰ বাবে বিবেচিত নহ’ব । শ্ৰম আইন অনুসৰি অ’ এন জি চি কৰ্তৃপক্ষই স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অন্তৰ্ভুক্ত এছ’চিয়েছন আৰু ইয়াৰ সহযোগী ঠিকা শ্ৰমিক ইউনিয়নৰ বাদে অন্য শ্ৰমিক ইউনিয়নে অনাকাংশিত ভাৱে কৰ্তৃপক্ষক হেচা প্ৰয়োগ কৰি অ’ এন জি চি আৰু ঠিকা প্ৰতিষ্ঠান সমূহৰ কামত অবাঞ্চিত হস্তক্ষেপ কৰি থকা কাম কাজৰ প্ৰতি ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ আৰু ইয়াৰ সহযোগী সংগঠন সমূহে কোনো কাৰণতে গ্ৰহণযোগ্য বুলি গণ্য নকৰে আৰু ইয়াৰ প্ৰতি শ্ৰমিক সকলক সজাগ সচেতনতাৰে দৃষ্টি ৰাখিবলৈ অনুৰোধ জনায় । সংবামেলত পূৰ্ণকান্ত বুঢ়াগোহাঁই , ৰীতু নাথ , ৰাজেন বৰগোঁহাই আদিকে ধৰি ভালেকেইজন শ্ৰমিক নেতা উপস্থিত থাকে । 

Leave A Reply