Breaking

নলবাৰী জিলাত দুটাকৈ কোভিড-১৯ ৰ ৰেপিড টেষ্টিং কেন্দ্ৰ মুকলি।

0 1,181

দৈনন্দিন বাৰ্তাৰ সেৱা, নলবাৰী :  ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত নলবাৰীত জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে আজি জিলাখনত ইতিমধ্যে শ্বহীদ মুকুন্দ কাকতি কোভিড হাস্পতালত স্থাপন কৰা নমুনা( ছোৱাব ) পৰীক্ষা কেন্দ্ৰৰ উপৰি ধৰ্মপুৰ সমষ্টিৰ  বানেকুছিৰ অন্তৰ্গত মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নলবাৰী সমষ্টিৰ অধীনত গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একোটিকৈ নমুনা ( ছোৱাব ) সংগ্ৰহ তথা ৰেপিড কোভিড টেষ্ট কেন্দ্ৰ মুকলি কৰা হয় । গৰ্ডন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নমুনা সংগ্ৰহ তথা ৰেপিড কোভিড টেষ্ট কেন্দ্ৰ মুকলি কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই । ভাষণ প্ৰসংগত বিধায়ক শৰ্মাই কয় যে নলবাৰীৰ ৰাইজৰ বাবে মুকলি কৰা এই কোভিড টেষ্ট কেন্দ্ৰত নমুনা পৰীক্ষা কৰি আধা ঘন্টাৰ ভিতৰতে ৰিজাল্ট পাব পৰা যাব । ২৪ জুলাই তাৰিখে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই শ্বহীদ মুকুন্দ কাকতি কোভিড হাস্পতালৰ পৰিৱেশ পৰিদৰ্শন কৰাৰ লগতে জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ সৈতে হোৱা আলোচনামৰ্মে এই ৰেপিড কোভিড টেষ্ট কেন্দ্ৰ মুকলি কৰা হৈছে । এই ৰেপিড কোভিড টেষ্ট কেন্দ্ৰত দিনৰ ১০-০০ বজাৰ পৰা আবেলি ৩-০০ বজালৈ কোভিড টেষ্ট কৰা হ’ব । চৰ্দি , কাঁহ , জ্বৰ আদি লক্ষণে দেখা দিলে ততালিকে এই কোভিড টেষ্ট কেন্দ্ৰত নমুনা পৰীক্ষা কৰি আধা ঘন্টাতে ৰিজাল্ট পাব । নমুনা পৰীক্ষাৰ ৰিজাল্ট পোৱালৈ কোনেও আগৰ দৰে কেবাদিনো আছুতীয়াকৈ থাকিব নালাগিব । আৰু চৰকাৰে কোৱাৰেন্টাইনৰ সময় ১৪ দিনৰ পৰা ৭ দিনলৈ কমাই দিছে । যি নহওক এই ৰেপিড কোভিড টেষ্টৰ সুবিধাই ৰাইজক উপকৃত কৰিব বুলি বিধায়ক অশোক শৰ্মাই আশা প্ৰকাশ কৰে। আনহাতে ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ৰেপিড কোভিড টেষ্ট কেন্দ্ৰটি উপায়ুক্ত পূৰৱী কোৱঁৰৰ উপস্থিতিত নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা আৰু সমাজকৰ্মী পুলক শৰ্মাই   মুকলি কৰে । নিতুল ডেকাই ভাষণ প্ৰসংগত কয় যে বানেকুছিৰ এই ৰেপিড কোভিড পৰীক্ষা কেন্দ্ৰটি পঞ্চায়ত প্ৰতিনিধিসকলে যাতে অলপ লক্ষ্য ৰাখে আৰু ৰাইজক কোভিড পৰীক্ষা কৰিবলৈ উৎসাহিত কৰে । কিবা সমস্যা হ’লে জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগক যাতে অৱগত কৰে । আজিৰ এই দুয়োটা কাৰ্যসূচীতে অতিৰিক্ত উপায়ুক্ত ( স্বাস্থ্য ) অভিজিত সিনহা , যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: উমেশ ফাংচু, মহকুমা স্বাস্থ্য তথা চিকিৎসা বিষয়া ডা: কৈলাস ডেকা , ডা: মধুৰাম বৈশ্য আৰু স্বাস্থ্য কৰ্মী তথা স্থানীয় পঞ্চায়ত প্ৰতিনিধিসকল উপস্থিত থাকে ।

Leave A Reply