Breaking

৬ নবেম্বৰত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান

0 91

দৈনন্দিন বাৰ্তা সেৱাঃ কোৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ কোভিড প্ৰট’কল মানি অহা ৬ নৱেম্বৰত দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। পূৰ্বতে ঘোষণা কৰা তাৰিখৰ সালসলনি কৰি ১ নৱেম্বৰৰ পৰিৱৰ্তে ৬ নৱেম্বৰত মুকলি কৰা হ’ব ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্ৰ স‌ংৰক্ষিত বনাঞ্চল।

বুধবাৰে বন বিভাগে জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়লৈ এক বিজ্ঞপ্তি প্ৰেৰণ কৰি এই কথা জানিবলৈ দিয়ে। বিজ্ঞপ্তিটোত বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ ৰাষ্টা-পদূলি ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যানখনৰ সকলো পৰ্যটন পথ পৰ্যটকসকলৰ বাবে মুকলি কৰি দিব পৰা নাযাব বুলিও উল্লেখ কৰে।

কোৰোনা মহামাৰীৰ বাবেই যোৱা কেইটামান মাহৰ পৰা বন্ধ হৈ আছিল ৰাষ্ট্ৰীয় উদ্যানখন৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ আগতে সকলো পৰ্যটকৰ শাৰীৰিক উত্তাপ পৰীক্ষা কৰাৰ হব লগতে পৰ্যটক সকলক স্বাস্থ্য বিভাগে জাৰি কৰা কোৰোনাৰ নীতি-নিয়ম সমূহ মানি পৰ্যটক সকলক ৰাষ্ট্ৰীয় উদ্যান খনৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হব।

Leave A Reply