Breaking

ভাৰতৰে বিৰোধ : বিতর্কিত মানচিত্র অনুমোদন কৰাৰ পাছত সমস্যাত নেপালৰ প্রধানমন্ত্রী ৷

0 1,254

দৈনন্দিন বাৰ্তা ডেস্ক :

বিতর্কিত মানচিত্র অনুমোদন কৰাৰ পাছত সমস্যাত পৰিছে নেপালৰ প্রধানমন্ত্রী কেপি শর্মা অ’লি। দিন যিমানে গৈছে তেওঁৰ পদত্যাগৰ দাবীত চাপ বাঢ়িছে দলৰ অভ্যন্তৰত ৷ পুষ্পকুমাৰ দহল বা প্রচণ্ডসহ শাসক দল নেপাল কমিউনিষ্ট পার্টিৰ শীৰ্ষ চাৰিজন নেতাই তেওঁক পদত্যাগ কৰিবলৈ কৈছে ৷ আন নেতাসকলেও ভাৰতৰ সৈতে অতদিনে মধুৰ সম্পৰ্ক বেয়া কৰাৰ কাৰণে তেওঁৰ ফালেই অভিযোগ কৰি আঙুলি টোৱাঁইছে৷ মঙলবাৰে দুপৰীয়া দলৰ ষ্টেণ্ডিং কমিটীৰ সভাত চলি থকা উত্তেজনাৰ সন্দৰ্ভত আলোচনা হয়৷ বিভিন্ন বিষয়ত ব্যৰ্থতাৰ বাবে অলিক পদত্যাগ কৰিবলৈ কয় দলৰ যুটীয়া সভাপতি প্ৰচণ্ড, বৰ্ষীয়ান নেতা মাধৱ নেপান, ঝলানাথ খানাল আৰু বামদেৱ গৌতমে ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিক বিশ্লেষকসকলে কয়, কিছুদিন ধৰি নেপালৰ নাগৰিকসকলৰ মনত জাতীয়তাবাদী মনোভ জগাই তুলি নিজৰ গাডী সুৰক্ষিত কৰাৰ চেষ্টা কৰিছিল প্ৰধানমন্ত্ৰী অ’লিয়ে৷ ইয়াৰ বাবেই নতুন মানচিত্ৰ প্ৰস্তুত কৰি ভাৰতৰ সৈতে বিবাদৰ পথ সৃষ্টি কৰে ৷ মূলতঃ গোৰ্খা ভাবাবেগক হাথিয়াৰ কৰি অ’লিয়ে নিজৰ স্বার্থ সিদ্ধিৰ চেষ্টা কৰিছে ৷ মানচিত্ৰক লৈ অ’লিয়ে লোৱা পদক্ষেপৰ সন্দৰ্ভত আগতেই উপদেশ দিছিল নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্পকমল দহল ওৰফে প্রচণ্ডই৷ কিন্তু তাক গুৰুত্ব নিদিলে অ’লিয়ে ৷ দলৰ যুটীয়া সভাপতি বা দেশৰ প্ৰধানমন্ত্ৰী যিকোনো এটা পদ তেওঁক বাচি ল’বলৈ পৰামৰ্শ দিয়া হৈছে৷ দুটা পদত একেলগে উপবিষ্ট হৈ থকা নহ’ব বুলিও সতৰ্ক কৰা হৈছিল ৷ কিন্তু তাত গুৰুত্ব দিয়া নাই নেপালৰ প্রধানমন্ত্রীয়ে৷ তাৰ ফলশ্রুতিতেই অ’লিক পদত্যাগ কৰিবলৈ দাবী জনোৱা হৈছে ৷

Leave A Reply