Breaking

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ তৎপৰতাত বহিঃৰাজ্যৰ পৰা আহি সৰুসজাইত স্বাস্থ্য পৰীক্ষা নকৰা চাৰি যুৱকক গড়গাঁও মহাবিদ্যালয় কোৱাৰেণ্টাইন শিবিৰত

0 53

নাজিৰা

মহামাৰী ক’ভিড-১৯ৰ বাবে লকডাউনৰ মাজতে বহিঃৰাজ্যৰ পৰা অহা অসমৰ যুৱক-যুৱতীসকলক ৰখা হৈছে কোৱাৰেণ্টাইন শিবিৰত। আজি পুৱা চাৰি বজাত গুজৰাটৰ আহমেদাবাদত থকা নাজিৰা চাৰি যুৱক ক্ৰমে গেলেকীৰ সমীৰণ দাস, গেলেকী হাতিপটী মিছিং গাঁৱৰ প্ৰতীম ইয়েন, গেলেকী হাতিপটীৰ কপিল হাতীমূৰীয়া, শিমলুগুৰি ভৰলোৱা গাঁৱৰ নিতু বৰুৱা৷ আহমেদাবাদৰ এটা কোম্পানীত কৰ্মৰত এই চাৰিজন যুৱকে যোৱা ১৯ মে’ত এখন গাড়ী ভাৰালৈ ঘৰলৈ বুলি উভতি আহে৷ যোৱা ২০ মে’ৰ নিশা গাড়ীখন বিজুতি ঘটাত সেই গাড়ীখনৰ চালকে এখন ট্ৰেভেলাৰ গাড়ী ঠিক কৰি দিয়াত উক্ত ট্ৰেভেলাৰ গাড়ীৰে আহি আজি পুৱাই উপস্থিত হয় গুৱাহাটীৰ সৰুসজাইত। কিন্তু প্ৰশাসনৰ চকুত ধূলি দি নাজিৰা এই চাৰি যুৱকে কোৱাৰেণ্টাইন শিবিৰত কোনো স্বাস্থ্য পৰীক্ষা, চিকিৎসা নকৰাকৈ গুৱাহাটীৰ পৰা সোণাৰী অভিমুখী এ এছ টি ছিৰ অধীনস্থ এ এছ ২০ –১৫৬৯ বাছত ঘৰলৈ বুলি গুচি আহে। কিন্তু নাজিৰা বিধায়ক তথা বিৰোধী দলৰ দলপতি  দেৱব্ৰত শইকীয়া দেখুওৱালে প্ৰশংসনীয় পদক্ষেপ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই যুৱককেইজনৰ বিষয়ে এক সূত্ৰে জানিব পাৰি বিশেষ  তৎপৰতাৰে আজি বিয়লি গুৱাহাটীৰ পৰা সোণাৰীলৈ আহি থকা বাছখন নাজিৰা বালিঘাট তিনিআলিত ৰখাই আৰু  এই চাৰি যুৱকক উদ্ধাৰ কৰি নাজিৰা মহকুমা প্ৰশাসনৰ সহযোগত গড়গাঁও মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখি স্বাস্থ্য পৰীক্ষাৰ লগতে ১৪ দিনৰ বাবে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই সন্দৰ্ভত কয় যে চৰকাৰে সকলো পক্ষৰে সঠিকভাৱে সহযোগ কৰিলেহে ক’ৰোনাৰ বিৰুদ্ধে হোৱা যুঁজখনত মানৱ সমাজ জয়ী হ’ব পাৰিব। গতিকে আজিৰ এই চাৰিওজন যুৱকে গুৱাহাটীৰ সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত স্বাস্থ্য পৰীক্ষা কৰিবলৈ কয় যদিও উজনিৰ হোৱা বাবে যুৱককেইজনক কোনো পৰীক্ষা নকৰাকৈ আই এছ বি টিৰ পৰা গাড়ীৰে ঘৰলৈ যাব কয় বুলি যুৱককেইজনে গুৰুতৰ অভিযোগ কৰে। আনহাতে বিৰোধী দলপতিগৰাকীৰ এনে তৎপৰতাক যুৱককেইজনৰ পৰিয়ালে শলাগ জনাইছে৷

Leave A Reply