Breaking

নগাঁও আৰু কাছাৰ পেপাৰ মিল দুটাৰ ঋণ পৰিশোধ আৰু কৰ্মচাৰী সকলৰ বকেয়া-দৰমহা পৰিশোধ কৰি পুনৰ্জীৱিত কৰিবলৈ অনুৰোধ জনাই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।

0 908

নাজিৰা : দীৰ্ঘদিন বন্ধ হৈ থকা নগাঁও কাগজ কল আৰু কাছাৰৰ কাগজ কল দুটা পুনৰোজ্জীৱিত কৰি অসম তথা ভাৰতৰ আৰ্থ-সামাজিক উত্তৰণৰ লগতে নিয়োগৰ ব্যৱস্থা কৰি বি জে পি নেৰ্তৃত্বাধীন চৰকাৰৰ নিৰ্বাচনৰোত্তৰৰ প্ৰতিশ্ৰুতি পালন কৰিবৰ বাবে অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখনি পত্ৰ প্ৰেৰণ কৰিছে। বিৰোধী দলপতি গৰাকীয়ে পত্ৰখনত উল্লেখ কৰা মতে কেন্দ্ৰীয় চৰকাৰে কাগজ কল দুটাৰ ঋণ পৰিশোধ কৰি ইচ্ছুক তথা যোগ্য স্থানীয় ব্যৱসায়িক পুনৰ কাম আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে। পত্ৰখনত লগতে কোৱা হৈছে যে, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে সমগ্ৰ ৰাইজৰ আগত এই কল দুটা পুনৰ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল তথা বর্তমান অসম চৰকাৰেও বিগত সময়চোৱাত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই কাগজ কল দুটা পুনৰ্জীৱিত কৰা হ’ব বুলি বাৰাম্বাৰ আশ্বাস দিছিল। কিন্তু আজিলৈকে কোনো পদক্ষেপ নল’লে। তাৰোপৰি অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী পাটোৱাৰী ডাঙৰীয়াই কৈছিল যে, ৮০০ কোটি টকাৰ এটা পেকেজ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্য্যালয়ৰ পৰা এই কল দুটাৰ নামত আৱন্তন কৰা হৈছে আৰু কেন্দ্রীয় গুৰু উদ্যোগ ভথা ৰাজহুৱা প্রতিস্থান বিভাগৰ মন্ত্রীয়ে এই‌ কল দুটা পুনৰ্জীৱিত কৰাৰ নিমিত্তে ২০১৪-১৫ পৰা ২০১৭-১৮’ সময়চোৱাত ৪,৯৪১ কোটি টকা আৱন্তন দিয়াৰ কথা কৈছিল, কিন্তু আজিলৈকে এটকাও নাপালে। অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই পত্ৰ খনত লগতে উল্লেখ কৰা মতে, কাগজ কল দুটাৰ লগত প্রত্যক্ষ আৰু পৰোক্ষ্যভাৱে জড়িত প্রায় দুই লাখ পৰিয়াল এতিয়া জীৱিকাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে আৰু প্ৰায় ৬৭ জন কৰ্মচাৰীৰ অকাল মৃত্যু তথা ৩ জনকৈ কৰ্মচাৰীয়ে আত্মহত্যাৰ পথ বাচি ল’বলৈ বাধ্য হ’ল। কাগজ কল দুটা চলি থাকোঁতে স্থানীয় লোকে প্রায় ৮ লাখ মেট্রিকটন বাঁহ বছৰি যোগান ধৰিছিল আৰু এতিয়া এই কল দুটা বন্ধ হৈ যোৱাৰ ফলত সেই উপার্জনৰ পৰাও এই সকল লোক বঞ্চিত হ’বলগীয়া হৈছে। যিহেতু এতিয়া ক’ভিড-১৯ মহামাৰীৰ বাৰে অসমৰ লগতে সময় তাৰতৰ অর্থনীতি ক্ষতিগ্রস্থ হৈছে। গতিকে এনে পৰিস্থিতিত নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰ কার্যাক্ষম কৰিব পাৰিলে ভাৰতৰ জি.ডি.পি উর্ধগামী হােৱাৰ লগতে নিয়োগৰ হাৰ ও বৃদ্ধি হ’ব আৰু চীনৰ লগত থকা বাণিজ্যিক সম্বন্ধ ও হ্ৰাস পাব। উপৰোক্ত বিন্দু কেইটাৰ ওপৰত লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ প্ৰতি বিশেষ অনুগ্ৰহ দেখুৱাই শীঘ্ৰে এই কল দুটা কাৰ্য্যক্ষম কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে পত্ৰখনৰ জৰিয়তে বিৰোধী দলপতি গৰাকীয়ে অনুৰোধ জনায়।

Leave A Reply