Breaking

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সৰৱ প্ৰতিবাদঃ ভয় দেখুৱাই গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ পৰিণতি বিষম হ’ব : বলদেৱ তেলীক শীঘ্ৰে এৰাৰ দাবী ।

0 51

দিলীপ হাজৰিকা : নাজিৰা

– নাজিৰাৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী নেতা দেৱব্ৰত শইকীয়াই অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি জনতাৰ অধিকাৰ নস্যাৎ কৰা চৰকাৰৰ ধাৰবাহিক কাণ্ডৰ প্ৰতিবাদ কৰিছে । শীঘ্ৰে চৰকাৰে এনে কাৰ্য্যৰ পৰিণতি ভূগিবলৈ সাজু হ’ব লাগিব বুলিও আঙুলী টোঁৱাই কয় যে কেৱল “কা” বিৰোধী আন্দোলন কৰাৰ বাবেই আদিবাসী সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি বলদেৱ তেলীক আবাস গৃহৰ পৰা উঠাই নি গ্ৰেপ্তাৰ কৰা কাৰ্য্য চূড়ান্ত ভাৱে নিন্দনীয় । কভিড১৯ ৰোগৰ বাবে চৰকাৰে জাৰি কৰি ৰখা লকডাউনৰ অনুশাসনত বৰ্ত্তি ৰোৱা অৱস্থাত পুলিচে গ্ৰেপ্তাৰ কৰি পেলোৱা কাৰ্য্য মুঠেও গ্ৰহণ যোগ্য হ’ব নোৱাৰে । যদি নাগৰিকে আইন ভংগ কৰে গ্ৰেপ্তাৰৰ বাবে সংবিধান প্ৰতিষ্ঠতি আইন আছে আৰু সেই আইনত গণতান্ত্ৰিক প্ৰমূল্যৰ নীতি আছে । লকডাউনৰ সময়ত গ্ৰেপ্তাৰ কৰি অনা কাৰ্য্য কেৱল অগণতান্ত্ৰিক নহয় মানৱতাৰ বিৰুদ্ধেও অন্যায় । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জীৱনৰ অতিক্ৰম কৰি অহা খিনিলৈ আঙুলিয়াই দি দেৱব্ৰত শইকীয়াই কয় “তেওঁ নিজে সংগ্ৰামী সত্বাৰ মাজেৰে চৰকাৰ বিৰোধী  আন্দোলনৰ নেতৃত্ব দি আজিৰ ৰাজনৈতিক পথাৰত ভৰি দি মুখ্যমন্ত্ৰী হৈছে, গতিকে   আমাৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি নল’ব” । মুখ্যমন্ত্ৰীক এনে কাৰ্য্যৰ যোগেদি প্ৰশাসন ব্যৱস্থাক বিপৰ্য্যস্ত নকৰিবলৈ আহ্বান জনায় । অসমৰ স্বাৰ্থৰ পৰিপন্থী আৰু চৰকাৰৰ  জনবিৰোধী নীতিৰ প্ৰতিবাদ কৰা ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ পৰিণতিতে ৰাইজ সদল বলে মাৰ-বান্ধি ৰাজপথলৈ ওলাই আহিব আৰু প্ৰশাসন বিপদত পৰিব বুলি উল্লেখ কৰে দলপতিজনে । ধাৰাবাহিক ভাৱে গণতান্ত্ৰিক আন্দোলন কৰি চৰকাৰৰ নীতিৰ বিৰোধিতা কৰিলেই বিজেপি চৰকাৰখনে গ্ৰেপ্তাৰ কৰি পুলিচৰ ভয় দেখুৱায়.। আন্দোলনকাৰীক বাকৰূদ্ধ কৰাৰ কাণ্ডক প্ৰতিবাদ জনোৱা বিৰোধী দলপতিজনে দিল্লী বিশ্ববিদ্যালয়ৰ অসমীয়া ছাত্ৰী দেৱাঙ্গনা কলিতা আৰু তেওঁৰ সহপাঠী গৰাকীৰ গ্ৰেপ্তাৰৰো  প্ৰতিবাদ কৰে.। এনে স্বৈৰাচাৰী চৰকাৰী পন্থাই কভিড১৯ বিপৰ্য্যয়ৰ মাজত ৰাজনৈতিক বাতাবৰণটোকে বিনাশ ঘটোৱা বুলি কয় ।

Leave A Reply