Breaking

চিকিৎসকসকলৰ উমৈহতীয়া সংস্থা IMA (Indian Medical Association)য়ে স্বাস্থ্য মন্ত্ৰী মহোদয়ক উদ্দেশ্যি লিখা আনুষ্ঠানিক পত্ৰ তথা ৰাজ্যত অস্বাভাৱিক হাৰত বৃদ্ধি হোৱা ক’ভিড ৰোগী সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া ।

0 1,042

নাজিৰা : ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ চিকিৎসকসকলৰ উমৈহতীয়া সংস্থা আই এম এ (Indian Medical Association) ৰ তৰফৰ পৰা প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰখনৰ সন্দৰ্ভত অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজি কাকতলৈ দিয়া এক বিবৃতিত প্ৰকাশ কৰে যে, পত্ৰখনত চিকিৎসক সকলৰ উমৈহতীয়া সংস্থা আই এম এ য়ে গভীৰ ‘ক্ষোভ’ আৰু ‘আপত্তি’ৰে অসমত ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পৰিৱৰ্তিত নীতিৰ কঠোৰ আৰু যুক্তিসংগত সমালোচনা কৰিছে। উপযুক্ত পৰিকল্পনা অবিহনে বৰ্তমানৰ অৱস্থাৰ পৰিৱৰ্তন ‘অতি কঠিন’ হ’ব বুলি উল্লেখ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। তেখেতে লগতে কয় যে, মানৱসম্পদৰ উপযুক্ত পৰিকল্পনা অবিহনেই সীমিত সংখ্যক চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰে হাস্পতালসমূহত ৰোগীৰ বিচনা বঢ়াই গৈ থাকিলে কোনো কাৰণতে এই ৰোগবিধক পৰাভূত কৰাত সফল নহ’ব। স্বাস্থ্যকৰ্মী আৰু চিকিৎসকসকলক একেৰাহে ১১ দিন ক’ভিড ৱাৰ্ডত চিকিৎসাৰ কামত নিয়োজিত কৰি পুনৰ ক’ভিড ৱাৰ্ডৰ সেৱাত নিয়োজিত কৰাৰ পূৰ্বে মাত্ৰ ৩ দিনৰ কোৱাৰেণ্টাইনত ৰখাৰ চৰকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে চিকিৎসক সংস্থাই।একেৰাহে ১১ দিন ক’ভিড ৱাৰ্ডত সম্পূৰ্ণ পি.পি.ই কিট্ পৰিধান কৰি সেৱা আগবঢ়োৱাটো যে অসম্ভৱ তাৰো প্ৰশ্ন তুলিছে চিকিৎসক সংস্থাটোৱে। বিৰোধী দলপতি গৰাকীয়ে লগতে প্ৰকাশ কৰে যে, এই গ্ৰীষ্মৰ গৰমত কোনো ধৰণৰ ‘এয়াৰ কণ্ডিচনৰ’ ব্যৱস্থা নথকা ক’ভিড চেণ্টাৰ বা ৱাৰ্ডত পি.পি.ই কিট্ পৰিধান কৰি একেৰাহে ১১ দিন চিকিৎসা আগবঢ়োৱাটো অসম্ভৱ। উক্ত পত্ৰখন বাতৰি-কাকতত প্ৰকাশিত হোৱাৰ পিছত এটা কথা মনলৈ আহিছে যে, ক’ভিডৰ বিৰুদ্ধে আগশাৰীৰ যোদ্ধা হিচাপে কাম কৰি অহা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক কেনেকুৱা এক স্তৰত হতাশগ্ৰস্ত হ’বলগীয়া হৈছে। ক’ভিড প্ৰতিৰোধত নিয়োজিত স্বাস্থ্যকৰ্মীসকলৰ স্বাস্থ্যপৰীক্ষা ‘এণ্টিজেন টেষ্ট’তে সীমিত ৰাখিবলৈ ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰো আই এম এয়েই তীব্ৰ বিৰোধিতা কৰিছে। আই চি এম আৰ এ ইতিমধ্যে ঘোষণা কৰিছে যে, এই পৰীক্ষাৰ বিশ্বাসযোগ্যতা তেনেই কম আৰু এই পৰীক্ষাত নেতিবাচক ফলাফল আহিলেও তেনে লোক ক’ভিডমুক্ত বুলি চূড়ান্তভাৱে ক’ব পৰা নাযায়। তাৰ বাবে ‘পি চি আৰ টেষ্ট’ সম্পন্ন কৰিহে চূড়ান্ত সিদ্ধান্ত দিব পৰা যায়। চিকিৎসক সংস্থাটোৱে গভীৰ আক্ষেপেৰে এই কথাও প্ৰকাশ কৰিছে যে, ইতিমধ্যে বৃহৎ সংখ্যক চিকিৎসক আৰু চিকিৎসাকৰ্মী ক’ভিড-১৯ৰ বলি হৈছে আৰু শেহতীয়া এনে ধৰণৰ ‘অপৰিকল্পিত’ আৰু তৰল চৰকাৰী সিদ্ধান্তই স্বাস্থ্যকৰ্মীসকলৰ জীৱন বিপদসংকুল কৰি তুলিব আৰু সেয়া হ’লে চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলে নিজৰ দেহত ক’ভিডৰ বীজাণু লৈ ৰোগীৰ চিকিৎসা কৰিবলগীয়া অৱস্থা এটা আহিবলৈ সৰহ দিন নালাগিব। বিবৃতিটোত বিৰোধী দলপতি গৰাকীয়ে কি কাৰণে ক’ভিড-১৯ৰ সৈতে যুঁজি থকা ইমান বৃহৎ সংখ্যক চিকিৎসক আৰু চিকিৎসাকৰ্মী এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ’বলগীয়া হ’ল তাৰ এটা পুংখানুপুংখ বিশ্লেষণ কৰিবলৈ আই এম এ ই ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে ক’ভিড-১৯ ৰ লক্ষণ নেদেখা ব্যক্তিসকলৰ ক্ষেত্ৰত I CMRয়ে দিয়া পৰামৰ্শ মতে ‘হ’ম কোৱাৰেণ্টাইন’ৰ জৰিয়তে তেওঁলোকৰ স্বাস্থ্য নিৰীক্ষণ তথা পৰিচালনাৰ দিহা ৰাজ্য চৰকাৰক গ্ৰহণ কৰিবলৈ চিকিৎসক সংস্থাই পৰামৰ্শ দিছে। বৃহৎ সংখ্যক এনে ক’ভিড-১৯ৰ বাহ্যিক লক্ষণ নেদেখা ‘ৰোগী’ক চৰকাৰে হাস্পতালত ভৰ্তি কৰোৱাৰ ফলত সীমিত চিকিৎসক আৰু চিকিৎসাকৰ্মীৰে এই সকলো নিয়ন্ত্ৰণ কৰা অসম্ভৱ হৈ পৰিছে আৰু ইয়াৰ ফলত ক’ভিড-১৯ত প্ৰকৃততেই গুৰুতৰভাৱে আক্ৰান্তসকলৰ চিকিৎসাত ক্ষতি হোৱাটো স্বাভাৱিক। ইয়াৰ উপৰিও শেহতীয়াকৈ গুৱাহাটী মহানগৰী সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ পিছত ৰাজ্যত ক’ভিড১৯ ৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। কাৰণ চৰকাৰে পুনৰ অপৰিকল্পিতভাৱে এই লকডাউন ঘোষণা কৰিছিল আৰু তাৰ ফলত গুৱাহাটী মহানগৰীত বসাবস কৰা সৰহ সংখ্যক ব্যক্তিয়ে নিজ নিজ গৃহ জিলালৈ উভতি গৈছে আৰু সেই সমূহ জিলালৈ আতংক কঢ়িয়াই আনিছে। কাৰণ গুৱাহাটীৰ পৰা যোৱা ব্যক্তিসকলে লাগতীয়াল পৰীক্ষা নকৰাকৈয়ে নিজ নিজ জিলা সমূহলৈ উভতি গৈছে। মোৰ ব্যক্তিগত মত যে, চৰকাৰে ৰাজ্যখনৰ সমূহ নাগৰিকৰ কথা ভাবি গুৱাহাটীৰ পৰা সকলো ব্যক্তিকে আহ-যাহ কৰাত বাধা দিব লাগিছিল। এই সকলোবোৰ বিষয়ৰ পিছত, চিকিৎসক বা চিকিৎসাকৰ্মীয়ে চৰকাৰৰ প্ৰতিশোধমূলক ব্যৱস্থাৰ ভয়ত মৌন হৈ থাকিলেও তেওঁলোকৰ সংগঠন ভাৰতীয় চিকিৎসা সংস্থা (Indian Medical Association)ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ‘একনায়কত্ববাদী’ স্বৰূপ উদঙাই দিলে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰৰ ওচৰত দাবী জনাই প্ৰকাশ কৰে যে চৰকাৰৰ বাবে তেওঁলোকে যেনেকৈ হাস্পটালত স্বাস্থ্য কৰ্মী সকলৰ মনোবল বঢ়াবলৈ বায়ু সেনাৰ হেলিকপ্টাৰেৰে ফুল বৰ্ষণ কৰাইছিল তথা সামৰিক আৰু অসামৰিক বেণ্ড বজাই ধন্যবাদ জ্ঞাপন কৰিছিল, সেইবোৰতকৈ বেছি আই এম এয়ে উল্লেখ কৰা গুৰুত্বপূৰ্ণ বিন্দু সমূহৰ ওপৰত ধ্যান দিবলৈ আহ্বান জনায়।

Leave A Reply