Breaking

চৰকাৰৰ ভুল বিত্তীয় সিদ্ধান্তলৈ আঙুলীয়ালে বিৰোধী দলপতিয়ে : ১৪ শতাংশ জিএচটি ৰ অংশ ৰাজ্যক নিদিয়াক লৈ সৰৱ

0 1,272

নাজিৰা : কৰ’নাৰ সংকটৰ পৰা মূক্তি পাবলৈ লকডাউনৰ জৰুৰী পৰিস্থিতিক সমগ্ৰ দেশবাসীয়ে মানি চলাৰ স্বাভাৱিকতে অৰ্থনীতিত ইয়াৰ ঋণাত্মক প্ৰভাৱ পৰা স্বাভাৱিক কথা। কিন্ত্ত ইয়াৰ বাবেই ৰাজ্যসমূহৰ প্ৰাপ্য ১৪ শতাংশ কৰৰ ক্ষতিপূৰণক কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰাত ব্যৰ্থতা অহাৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ ভুল বিত্তীয় নীতিক সমালোচনা কৰিছে ৰাজ্যৰ বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। সাংবাদিকলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ বাৰ্তাত বিৰোধী দলপতি শইকীয়াই সংসদৰ বিত্ত বিভাগীয় সংসদীয় সমিতিৰ সচিব অজয় পাণ্ডেৰ বক্তব্যত কেন্দ্ৰীয় চৰকাৰ ভয়াবহ বিত্তীয় সংকটৰ মুখামুখি হৈছে বুলি ঘোষণা কৰা কাৰ্য্যত উদ্বেগ প্ৰকাশ কৰিছে। ইয়াৰ বাবেই ৰাজ্যসমূহক কৰৰ বিপৰীতে দিবলগীয়া আৰু নীতিগতভাৱে প্ৰাপ্য কৰৰ অংশৰ বিত্ত ৰাজ্যসমূহক দিবলৈ তেওঁলোকৰ হাতত মজুত নাই। ৰাজ্যসমূহক প্ৰাপ্য দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ এই অপাৰগতাত সীমিত বিকল্প ৰাজহৰ উৎসৰে চলি ৰোৱা ৰাজ্য হিচাপে অসমৰ বাবে এই সংকট অধিক চিন্তনীয়। জিএচটি বলৱৎ কৰিবলৈ লোৱা কেন্দ্ৰীয় চৰকাৰক ২০১৭ চনত বিৰোধী কংগ্ৰেছ দলে আলোচনাৰ মাজেৰে বাৰে বাৰে বাধা দিছিল আৰু তেতিয়া কংগ্ৰেছ দলৰ সাহস নাই বুলি সমালোচনা কৰি জিএচটি ততাতৈয়াকৈ বলৱৎ কৰাৰ বাবেই দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক সাহসৰ প্ৰতীক বুলি উল্লেখ কৰিছিল শাসকীয় দলে। কেৱল কৰ’না সংকটৰ বাবেই নহয় জিএচটি বলৱৎ কৰণৰ পাছত ২০১৯ চনৰ আগষ্ট মাহতে জিএচটি সংগ্ৰহ আশানুৰূপ নোহোৱা আৰু দেশে বিত্তীয় সংকটৰ মুখামুখি হোৱাৰ কথা ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছিল। দেৱব্ৰত শইকীয়াই কয় যে লকডাউনে অৰ্থনীতিৰ থানবান কৰাৰ বহু পূৰ্বৰে পৰা দেশৰ অৰ্থনীতিত সংকট নামি আহিছিল। ৰাজ্যৰ বিত্তীয় জোৰা মাৰিবলৈ অসম চৰকাৰে এতিয়া নানা উৎসৰ পৰা ঋণ গ্ৰহণ কৰা স্বাভাৱিক কথা হৈ পৰিছে। বিগত কংগ্ৰেছ চৰকাৰতকৈ অধিক ঋণত বুৰ যোৱা পৰিস্থিতিত তেওঁক চৰকাৰক ব্যয় সংকোচন ঘটাই অপ্ৰয়োজনীয় খৰছ বন্ধ কৰিবলৈ আহ্বান জনাইছে। আনহাতে অসমৰ বিত্ত মন্ত্ৰীয়ে ৬৩০ কোটি টকা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পৰা লাভ কৰাত তেওঁক জিএচটিৰ অংশ প্ৰদান কৰাৰ বাবে ধন্যবাদেৰে উপচাই দিলেও সেই ধন ৰিজাৰ্ভ বেংকৰ পৰা আহৰণ কৰি লোৱা ৩৩ হাজাৰ কোটি টকাৰ কনচলিডেটেড ফাণ্ডৰ পৰাহে আগবঢ়াবলৈ সক্ষম হৈছে। সেই কনচলিডেটেড ফাণ্ড ৰিজাৰ্ভ বেংকৰ পৰা ভাৰত চৰকাৰে উলিয়াই নিয়াৰ বাবে দেশ জুৰি তীব্ৰ প্ৰতিবাদ হৈছিল বুলিও উল্লেখ কৰে শইকীয়াই। সেয়ে জিএচটিৰ পৰা দিবলৈ সক্ষম হোৱা নাই বুলি কয় ৰাজ্যৰ বিৰোধী দলপতিয়ে। মুখ্যমন্ত্ৰীক এই বিষয়ত মৌনতা পৰিহাৰ কৰিবলৈ আহ্বান জনায়। প্ৰকৃত সংকট মোচনৰ পক্ষে দৃঢ়তাৰে ভূমিকা ল’বলৈ বিৰোধী দলপতি শইকীয়াই সংশ্লিষ্ট চৰকাৰী পক্ষক আহ্বান জনায়। দেশৰ এনে বিত্তীয় সংকটৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ভুল নীতিয়েই জগৰীয়া বুলি শইকীয়াই উল্লেখ কৰে৷

Leave A Reply