Breaking

কৃষি বিধেয়কক বিৰোধিতা : বিজেপি নেতৃত্বাধীন এনডিএ ত্যাগ শিৰোমণি আকালি দলৰ

0 1,251

অনলাইন বাৰ্তা : বিহাৰ বিধানসভা নিৰ্বাচনৰ আগতে এনডিএত ভাঙোন হ’ল ৷ বিজেপি নেতৃত্বাধীন জোঁট এৰিলে শিৰোমণি আকালি দলে ৷ কৃষি বিধেয়কক লৈ মোডী চৰকাৰৰ মনোভাৱৰ বাবে এই সিদ্ধান্ত ল’লে দলটোৱে ৷ কৃষি বিধেয়কক লৈ আকালি আৰু বিজেপিৰ মাজত দূৰত্ব বাঢ়িছিল ৷ অলপতে কেন্দ্ৰীয় মন্ত্রিত্বৰ পৰা ইস্তফা দিছিল হৰচিমৰৎ ৰৌৰ বাদলে ৷ বিধেয়কখন লোকসভাৰ পাচত ৰাজ্যসভাতো গৃহীত হয় ৷ বিধেয়কখনৰ বিৰোধিতাত পাঞ্জাৱত আন্দোলন আৰম্ভ কৰে কৃষকে ৷ তেওঁলোকৰ কাষত থিয় হৈছে কংগ্ৰেছ ৷ কৃষকক সমস্যাত পেলোৱা বিধেয়কখনৰ বাবে চাপ পৰে আকালি দলত ৷ অৱশেষত এনডিএ ত্যাগৰ সিদ্ধান্ত লয় ৷ শনিবাৰে দলৰ নীতি নিৰ্দ্ধাৰণৰ উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকৰ পাচত আকালি দলে জনালে, বিজেপি নেতৃত্বাধীন এনডিএ এৰাৰ সিদ্ধান্ত লয় ৷ কৃষকক ফচলৰ ন্যূনতম সহায়ক মূল্যৰ নিশ্চয়তা দিছিল ৷ উল্লেখ্য যে কৃষি সংক্রান্ত বিধেয়কৰ প্ৰতি প্ৰথমে সমর্থন কৰিছিল অকালি দলে। কিন্তু পাঞ্জাৱ আৰু হাৰিয়ানাত কৃষকে বিক্ষোভ আৰম্ভ কৰে ৷ ফলত আকালি দলে সিদ্ধান্ত কৰে বিধেয়কৰ সমৰ্থন কৰা নহ’ব ৷ এনডিএ ত্যাগৰ সিদ্ধান্তৰ পাচত দলৰ সভাপতি সুখবীৰ সিং বাদলে টুইট কৰি জনালে, সর্বসম্মতভাৱে দলৰ কোৰ কমিটীয়ে এনডিএ ত্যাগৰ সিদ্ধান্ত লৈছে ৷ বজাৰত ফচল বিক্ৰীত ন্যূনতম সহায়ক মূল্যৰ নিশ্চয়তা দিয়াত ক্ষোভিত কেন্দ্ৰীয় চৰকাৰ ৷ বিধেয়কক লৈ বিতৰ্কত সুখবীৰ সিং বাদলে সংসদত কয়, যোৱা ৫০ বছৰ ধৰি কৃষি ক্ষেত্ৰ উন্নয়ন কৰিছে পাঞ্জাৱ চৰকাৰে ৷ প্ৰস্তাৱিত এই বিধেয়কে সেই প্ৰয়াসক ধ্বংস কৰিব ৷

Leave A Reply