Breaking

ওৰাঙৰ ৰাজহুৱা চাফাই কৰ্মী শোভা ভদ্ৰক সম্বৰ্ধনা বিজেপি নেতা কিশোৰ শৰ্মাৰ

0 1,027

ইংৰাজী নৱবৰ্ষৰ শুভক্ষণত দীৰ্ঘদিন ধৰি  ওৰাং চাৰিআলিৰ ৰাজহুৱা চাফাই  কৰ্মী শোভা_দাস_ভদ্ৰ নামৰ দৰিদ্ৰ সীমাৰেখাৰ তলত অতি কষ্টেৰে জীৱন নিৰ্বাহ কৰি অহা মহিলাৰ  ঘৰত উপস্থিত হৈ  মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ ন’মিনি তথা মাজবাটৰ বিজেপি যুৱ নেতা কিশোৰ শৰ্মা আৰু  মাজবাট বিজেপি দলীয় কাৰ্য্যকৰ্তা ক্ৰমে মান্না দে কে আদি কৰি বহু বিজেপি দলীয় কাৰ্য্যকৰ্তা  সকলে এখনি ফুলাম গামোচাৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে । 

উল্লেখযোগ্য যে ওৰাং অঞ্চলৰ সকলোৰে পৰিচিত শোভা দাস নামৰ এই মহিলা গৰাকীয়ে  প্ৰায়ে ১৫ বছৰ ধৰি ওৰাং অঞ্চলক  বিনামূলীয়াকে স্বচ্ছ কৰি ৰখাৰ দৰে মহান কামত দৈনিক জড়িত হৈ আছে যাৰ ফলত সমগ্ৰ ওৰাং অঞ্চলত প্ৰষ্টিকৰ লগতে নানান ধৰণৰ অলাগতিয়াল সামগ্ৰী বুটলি সমগ্ৰ ওৰাং অঞ্চলক প্লাষ্টিক মুক্ত পৰিবেশ গড় দিয়াৰ অন্যতম ভূমিকা গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে ।  শোভাৰ এই পদক্ষেপে বৃহত্তৰ ওৰাং অঞ্চলৰ সকলো ৰাইজক প্ৰদূষণ মুক্ত কৰাৰ লগতে সু- স্বাস্থ্যৰ পৰিবেশ গঢ়ি তোলাত যথেষ্ট অৰিহনা যোগাই আহিছে ।

দেশৰ প্ৰধানমন্ত্ৰীয়ে  স্বয়ং স্বচ্ছতাৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰাৰ সমান্তৰালকৈ বিজেপি কাৰ্য্যকৰ্তা সকলেও স্বচ্ছ ভাৰতৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ সময়ত অদৃশ্য ভাবে  ওৰাংৰ এই গৰাকী  শোভা_দাস নামৰ মহিলা জনীয়ে  নিজৰ অঞ্চল স্বচ্ছ কৰি ৰখাত যি মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে তাক যুৱ নেতা কিশোৰ শৰ্মায়ে শলাগিছে  ৷ আৰু আজি শুভ নৱবৰ্ষৰ শুভক্ষণত তাইৰ ঘৰত উপস্থিত হৈ  বিজেপি দলীয় কাৰ্য্যকর্তা সকলে নৱবৰ্ষৰ শুভেচ্ছা দিয়াৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ।

Leave A Reply