Breaking

নলবাৰীৰ বিজেপি কাৰ্যালয়ত আগন্তুক নলবাৰী পৌৰসভা নিৰ্বাচন সন্দৰ্ভত সাংগঠনিক সভা

0 2,262

আগন্তুক পৌৰসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ উঠিছে ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিয়ে । সেইমৰ্মে বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টি নলবাৰী টাউন মণ্ডল সমিতিৰ উদ্যোগত বিজেপি নলবাৰী জিলা সমিতিৰ মুখ্য কাৰ্য্যালয়ত আগন্তুক নলবাৰী পৌৰসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বুথ সভাপতি আৰু সাধাৰণ সম্পাদক সকলক লৈ অনুষ্ঠিত কৰা সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়  । আজিৰ এই সাংগঠনিক সভাত আগন্তুক পৌৰসভা নিৰ্বাচন সন্দৰ্ভৰ লগতে কি দৰে ভাৰতীয় জনতা পাৰ্টি দলৰ ভেটি মুজবত কৰিব পাৰি সেই বিষয় সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় । আজিৰ এই সাংগঠনিক সভাত ৫৯ নং নলবাৰী সদৰ সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা,বিজেপি নলবাৰী জিলা সমিতিৰ সভাপতি ডা: মৃগাংক তালুকদাৰ,নলবাৰী টাউন মণ্ডল সমিতিৰ সভানেত্ৰী অজিতা বৰ্মন ,পূৱ নলবাৰী মণ্ডল সমিতিৰ সভাপতি প্ৰতুল কলিতা লগতে দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

Leave A Reply