Breaking

প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বেই “আউট অব ষ্টক’ ৰাম লাল্লাৰ সোণৰ মূৰ্তি! বহু ঠাইত পতাকা, টুপী আৰু টি-চাৰ্টৰো হৈছে নাটনি…

0 32

সমগ্ৰ দেশ এতিয়া ৰামময় হৈ পৰিছে। ঘৰে-বাহিৰে-দোকানে-পোহাৰে উৰিছে ৰামৰ ছবি সম্বলিত পতাকা। ৰাম মন্দিৰৰ বিশাল উদ্বোধনৰ উৎসাহ কেৱল অযোধ্যাই নহয়, সমগ্ৰ দেশৰ লগতে বাৰাণসীতো দখা পোৱা গৈছে। বাৰাণসীত এতিয়া পাৰ্কিং স্থানসমূহ সম্পূৰ্ণ ভৰি পৰিছে, বিমানবন্দৰত ব্যক্তিগত জেট পাৰ্কিঙৰ স্থান সম্পূৰ্ণৰূপে পূৰ্ণ হৈছে, দোকানত সোণ আৰু সোণ খটোৱা ব্যয়বহুল ৰাম মূৰ্তিবোৰ ইমানেই বিক্ৰী হৈছে যে তেনে সোণৰ মূতিৰো নাটনি হৈছে। অতি চ’ৰা দামত বিক্ৰী হৈছ তেনে মূৰ্তি। অযোধ্যাত ৰাম মন্দিৰৰ বাবেই এবছৰত মাটিৰ মূল্য নবাৰ বৃদ্ধি পাইছে।প্ৰাণ প্ৰতিষ্ঠাৰ ৰামৰ ছবি থকা পতাকা, টুপী আৰু টি-চাৰ্টৰ বহু ঠাইত নাটনি হোৱা দেখা গৈছে। উল্লেখ্য কাইলৈ অৰ্থাৎ ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীক লৈ সমগ্ৰ দেশতে উৎসাহৰ পৰিৱেশে বিৰাজ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰ উদ্বোধন কৰিব। ৰাম মন্দিৰৰ উদ্বোধনী উৎসৱৰ সৈতে সংগতি ৰাখি বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)কে ধৰি বহুতো দল- সংগঠনে দেশত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰি আছে। এই কাৰ্যসূচী কেতবোৰত মুছলমান লোকসকলকো সামৰি লোৱাৰ চেষ্টা চলোৱা হৈছে।

বিজেপিৰ সংখ্যালঘু মৰ্চাই ৰাম মন্দিৰৰ উদ্বোধনীৰ দিনা দেশৰ দৰগাহত দেৱালী কাৰ্যসূচী পালন কৰিবলৈ মুছলমান লোকসকলক আহ্বান জনাইছে। আৰু আৰ এছ এছৰ মুছলমান মঞ্চৰ সদস্যসকলেও মুছলমানসকললৈ একতাৰ বাৰ্তা প্ৰেৰণ কৰি সেই দিনটোত আবতৰীয়া দীপাৱলী পালনৰ আহ্বান জনাইছে। বিজেপিৰ সংখ্যালঘু শাখাই এক অভিযান আৰম্ভ কৰিব য’ত ঐতিহাসিক জামা মছজিদ আৰু নিজামুদ্দিন আউলিয়া দৰগাহকে ধৰি দিল্লীৰ দৰগাহ আৰু মছজিদত চাকি জ্বলোৱা হ’ব। মৰ্চাৰ মুৰব্বী জামাল চিদ্দিকীয়ে পূৰ্বে কৈছিল যে শাখাটোৱে এনে ধৰণৰ ৩৬ টা পবিত্ৰ স্থান বাছনি কৰিছে।চিদ্দিকীয়ে কৈছিল “সেই বিশেষ দিনটো উদযাপন কৰিবলৈ আমি জামা মছজিদ, নিজামুদ্দিন দৰগাহ, কুতুব মিনাৰকে ধৰি সমগ্ৰ দিল্লীৰ ৩৬ টা দৰগাহ আৰু বিখ্যাত মছজিদত দেৱালী উদযাপনৰ আয়োজন কৰাৰ পৰিকল্পনা কৰিছো। এই অভিযান ১২ ৰ পৰা ২২ জানুৱাৰীলৈ চলিব আৰু সমগ্ৰ দেশতে চাকি জ্বলোৱাৰ কাৰ্যসূচীও থাকিব।তেওঁ লগতে কৈছিল “বহু ৰাজ্যৰ পৰা মুছলমান মঞ্চৰ সদস্যসকলে ৰাম মন্দিৰ চাবলৈ আহি আছে। তেনেদৰে বেছিভাগ লোক মধ্য প্ৰদেশৰ পৰা অহা লোক হ’ব, আনহাতে জম্মু-কাশ্মীৰৰ বহু মুছলমান লোকেও যোগদান কৰিব’’।

Leave A Reply