Breaking

বহিঃৰাজ্যত কৰ্মৰত লোকৰ আগমণত শ্বাসৰুদ্ধ পৰিৱেশ টিংখাঙত : প্ৰতিটো অঞ্চলতে কোৱাৰেণ্টাইন শিবিৰ

0 33

টিংখাং

ৰাজ্যখনত ক’ৰোনা ভাইৰাছত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাত জনসাধাৰণ শংকিত হৈ পৰিছে।বিশেষকৈ বহিঃৰাজ্যত কাম কবিবলৈ যোৱা হাজাৰ হাজাৰ লোক নিজ গৃহলৈ ঘূৰি অহাৰ বাবে ৰাজ্যখনত এক হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে। ডিব্ৰুগড় জিলাৰ বৃহত্তৰ টিংখাং অঞ্চলত এক শ্বাসৰুদ্ধকৰ পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে টিংখাং অঞ্চলতো স্থানীয় প্ৰশাসনে বহিঃৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে। জানিব পৰা মতে বহিঃৰাজ্যত থকা অঞ্চলটোৰ পাঁচ সহস্ৰাধিক লোকৰ অধিকাংশই নিজৰ ঘৰলৈ আহিব। গতিকে এই লোকসকলক কোৱাৰেণ্টাইনৰ বাবে ইতিমধ্যে শ’লগুৰি আৰু শ্ৰীবাংগোৰ উচ্চ মাধ্যমিক বিদ্যালয় দুখনত কোৱাৰেণ্টাইন কৰিবলৈ স্থানীয় প্ৰশাসনে সম্ভৱপৰ সকলোবোৰ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে। এই দুয়োখন শিক্ষানুষ্ঠানৰ লগতে বৃহত্তৰ টিংখাঙৰ কেবাটা অঞ্চলৰ বহুকেইখন শিক্ষানুষ্ঠানত কোৱাৰেণ্টাইন শিবিৰ স্থাপন কৰিবলৈ যাৱতীয় প্ৰস্তুতি চলোৱা বুলি প্ৰশাসনৰ এক সূত্ৰই প্ৰকাশ কৰিছে। অহা দুই এদিনৰ ভিতৰতে সমষ্টিটোৰ বহিঃৰাজ্যত থকা লোকসকল আহি পাবহি বুলি জানিব পৰা গৈছে। এই লোকসকলক ৰে’ল ষ্টেচনৰ পৰা স্বাস্থ্য পৰীক্ষা কৰি পোনে পোনে কোৱাৰেণ্টাইন শিবিৰলৈ নি থকাৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে ডিব্ৰুগড় জিলাত এগৰাকী লোক ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পাছৰে পৰা সমগ্ৰ জিলাখনতে প্ৰশাসনে ক’ৰোনাৰ বিৰুদ্ধে ব্যাপক সতৰ্কতা অৱলম্বন কৰিছে। জিলাখনৰ প্ৰায়বোৰ ঠাইৰ লগতে টিংখাঙতো প্ৰশাসনে মাইকযোগে ক’ৰোনা ভাইৰাছ পৰা পৰিত্ৰাণ পাবলৈ সামাজিক দূৰত্বৰ লগতে ফেচ মাস্ক আৰু সঘনে চাবোনেৰে হাত ধুবলৈ জনসাধাৰণক আহ্বান জনাইছে। ইপিনে টিংখাঙত সমষ্টিটোৰ বিধায়ক বিমল বড়াই বহিঃৰাজ্যৰ পৰা ঘৰলৈ ঘূৰি অহা সমষ্টিটোৰ একাংশ লোকৰ ঘৰে ঘৰে গৈ কোৱাৰেণ্টাইনৰ বুজ লোৱা বুলি জানিব পৰা গৈছে। বিধায়কগৰাকীয়ে লগতে কিছু সংখ্যক লোকক সাহায্য প্ৰদান কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে সমষ্টিটোত বহিঃৰাজ্যৰ পৰা অহা শতাধিক লোক হোম কোৱাৰেণ্টাইনত আছে।টিংখাঙত স্থানীয় প্ৰশাসনৰ বিভিন্ন বিভাগৰ লগতে পঞ্চায়তসমূহৰ প্ৰতিনিধিসকলেও বহিঃৰাজ্যৰ পৰা অহা সমষ্টিটোৰ লোকসকলক কোৱাৰেণ্টাইনৰ বাবে সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত টিংখাং উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সভা গৃহত বিধায়ক বিমল বড়াৰ উপস্থিতিত অলপতে এখন সভা অনুষ্ঠিত হয়। সভাখনত কোৱাৰেণ্টাইনৰ বাবে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন হয়।

Leave A Reply