Breaking

মুকালমুৱাৰ কালদিত বিনামুলীয়া চকু পৰীক্ষা শিৱিৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি তিনি শতাধিকৰ চকু পৰীক্ষা সম্পন্ন

0 55

বিশ্ব মহাবীৰ চিলাৰায় মেমৰিয়েল মিছন নলবাৰীৰ উদ্যোগত, কালদি গোপালথান হাইস্কুল আৰু বৰক্ষেত্ৰী আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত কালদি গোপাল থান হাইস্কুলত এটি বিনামুলীয়া চকু পৰীক্ষা শিৱিৰ অনুষ্ঠিত হয় ৷ গুৱাহাটী শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসকৰ দ্বাৰা অনুষ্ঠিত চকু পৰীক্ষা শিৱিৰটো পুৱা উদ্বোধন কৰে বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামীয়ে৷ অঞ্চলটোৰ বৰতলা, কচুৱা, বেকাট্টাৰী, বনপুৰা, কাপলাবড়ি, ৰংচোৱা, হিদিলাট্টাৰী, ৰামপুৰ, দৌলাশাল ইত্যাদি অঞ্চলৰ লোকৰ সমান্তৰালভাৱে কালদি গোপালথান হাইস্কুল আৰু কস্তুৰাবা গান্ধী বালিকা বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে শিৱিৰটোত চকু পৰীক্ষা কৰায় ৷ গুৱাহাটীস্থিত শংকৰদেৱ নেত্ৰালয়ৰ জ্যেষ্ঠ চিকিৎসক ডা: জিমলি শৰ্মাৰ নেতৃত্বত দহজনীয়া চিকিৎসকৰ দল এটি অত্যাধুনিক যন্ত্ৰ-পাতিৰ সহায়ত তিনি শতাধিক লোকৰ চকু পৰীক্ষা কৰি চকু সম্পৰ্কীয় বিভিন্ন পৰামৰ্শ আগবঢ়ায়৷

বিনামুলীয়া চকু পৰীক্ষা শিৱিৰটোত বিশ্ব মহাবীৰ চিলাৰায় মেমৰিয়েল মিছন নলবাৰীৰ প্ৰধান সম্পাদক ডা: সমৰ তালুকদাৰ, সম্পাদক কমল দাস, বৰক্ষেত্ৰী আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ উপদেষ্টা জগদা চৰণ তালুকদাৰ, সম্পাদক ডালিম পাঠক, কালদি গোপালথান হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি নগেন ডেকা, উপ সভাপতি মানসজ্যোতি তালুকদাৰ, বিদ্যালয়ৰ প্ৰধান শিক্ষক বসন্ত কুমাৰ তালুকদাৰকে ধৰি বিদ্যালয়ৰ কেইবাজনো শিক্ষক কৰ্মচাৰী উপস্থিত থাকে ৷

Leave A Reply