Breaking

অক্সিমিটাৰ-টেষ্ট কিটৰ বাঢ়িছে চাহিদা

0 1,028

দেশত হঠাৎ ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱাৰ বাবে ই-কমাৰ্ছ সংস্থা ফ্লিপকাৰ্ট, ওৱান এম জিত উল্লেখনীয়ভাৱে বাঢ়িছে অক্সিমিটাৰ আৰু টেষ্ট কিটৰ চাহিদা। বিশেষকৈ দেশৰ মেট্রো চহৰবোৰত অক্সিমিটাৰ আৰু টেষ্ট কিটৰ বিক্রি ক্ৰমে ৪.৪গুণ আৰু ১২গুণলৈ বাঢ়িছে।

এই কথা জনাইছে ফ্লিপকাৰ্টৰ মুখপাত্ৰই। একেদৰে, টাটা ডিজিটেলে অধিগ্ৰহণ কৰা ওৱান এম জিৰ পৰাও জানিবলৈ দিছে যে ডিচেম্বৰৰ শেষৰ সপ্তাহৰ তুলনাত জানুৱাৰীৰ প্ৰথম সপ্তাহত টেষ্ট কিটৰ বিক্ৰি বহু গুণে বাঢ়িছে। তদুপৰি, ইমিউনিটি বুষ্টাৰ আৰু ভিটামিন চাপ্লিমেণ্টৰ বিক্ৰিও লক্ষনীয়ভাৱে বাঢ়িছে।

Leave A Reply