Home Blog Page 1098

কৃষ্ণা গোদাৱৰী অৱবাহিকাত প্ৰথমবাৰৰ বাবে তেল-গেছৰ সন্ধান পালে অ’এনজিচিয়ে

ভাৰতৰ শক্তি খণ্ডৰ বাবে ভাল খবৰ আহিছে। ভাৰতে কৃষ্ণা গোদাৱৰী অৱবাহিকাত অ’এনজিচিৰ গভীৰ সাগৰ প্ৰকল্পই এক বিশেষ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। ভাৰতে কৃষ্ণা গোদাৱৰী অৱবাহিকাত প্ৰথমবাৰৰ বাবে তেলৰ সন্ধান লাভ কৰিছে। জুন মাহৰ ভিতৰতে চাৰিটা কাৰ্যক্ষম তৈল খাদ স্থাপন কৰি প্ৰতিদিনে ৪৫,০০০ বেৰেল তেল আহৰণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে ভাৰতে।

এই প্ৰকল্পটোৱে ভাৰতত খাৰুৱা তেল আৰু গেছ উৎপাদন দুয়োটাতে ৭% অৰিহণা যোগাব৷ কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ পুৰীয়ে এই আৱিষ্কাৰৰ কৌশলগত গুৰুত্বৰ বিষয়ত গুৰুত্ব আৰোপ কৰি সাংবাদিকক কয়, “মই নিশ্চিত যে তাত থকা ২৬ টা খাদৰ ভিতৰত চাৰিটা খাদ ইতিমধ্যে কাৰ্যক্ষম হৈ আছে৷ মে’ বা জুন মাহৰ ভিতৰত আমি প্ৰতিদিনে ৪৫,০০০ বেৰেল তেল উৎপাদন কৰিবলৈ সক্ষম হ’ম, যি আমাৰ মুঠ খাৰুৱা তেল উৎপাদনৰ ৭ শতাংশ হ’ব আৰু আমাৰ গেছ উৎপাদনৰ ৭ শতাংশ বৃদ্ধি পাব।”

অ’এনজিচিয়ে ২ জানুৱাৰীত কৃষ্ণা-গোদাৱৰী (বংগোপসাগৰত) ৰ পৰা এফপিএছঅ’লৈ ‘প্ৰথম তেল প্ৰবাহ’ আৰম্ভ কৰে। প্ৰকল্পটোৰ দ্বিতীয় পৰ্যায় সম্পূৰ্ণ হোৱাৰ পথত। পৰ্যায়-ৰ কাম চলি আছে আৰু জুন মাহত সেয়া শেষ হোৱাৰ সম্ভাৱনা আছে। ৯৮/২ প্ৰকল্পটোৱে অ’এনজিচিৰ মুঠ তেল আৰু গেছ উৎপাদন ক্ৰমান্বয়ে ১১ শতাংশ আৰু ১৫ শতাংশ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষ্ণা- গোদাৱৰী অৱবাহিকাত অ’এনজিচি প্ৰকল্পৰ পৰা তেল উৎপাদন আৰম্ভ হোৱাৰ ঘটনাক আদৰণি জনাই কয় যে এয়া ভাৰতৰ শক্তি যাত্ৰাৰ এক উল্লেখযোগ্য পদক্ষেপ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ অভিযানত ই এক সবল খোজ হ’ব।

উল্লেখ্য ভাৰতে তেলৰ ক্ষেত্ৰত আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ উপায় বিচাৰি আছে। ভাৰতে বৰ্তমান ইয়াৰ শক্তিৰ প্ৰয়োজনীয়তাৰ প্ৰায় ৮৫ % তেল আমদানি কৰে, যাৰ ফলত ই বিশ্বৰ তৃতীয় সৰ্ববৃহৎ তেল আমদানিকৰ্তা আৰু উপভোক্তা দেশ হৈ আছে। পূৰ্বে হৰদীপ সিং পুৰীয়ে তেল আহৰণৰ এক উচ্চাভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছিল, যাৰ লক্ষ্য আছিল ভাৰতীয় পেট্ৰ’লিয়াম উদ্যোগে ২০৩০ চনৰ ভিতৰত ইয়াৰ খাৰুৱা তেলৰ চাহিদাৰ ২৫% ঘৰতে উৎপাদন কৰা।

তেল আৰু প্ৰাকৃতিক গেছ নিগমে (অ’এনজিচি) কৈছে যে ই বংগোপসাগৰৰ কৃষ্ণা গোদাৱৰী অৱবাহিকাত ইয়াৰ গভীৰ সাগৰীয় প্ৰকল্পৰ পৰা তেল উৎপাদন আৰম্ভ কৰিছে, যিয়ে দেশৰ তেল আৰু গেছৰ উৎপাদনবৃদ্ধি কৰাত সহায় কৰিব।

ৰাম মন্দিৰ উদ্বোধনীঃ ৭০০ কিলোমিটাৰ পথ স্কেটিং কৰি অযোধ্যাত উপস্থিত হ’ব ৰাজস্থানৰ ১০ বছৰীয়া হিমাংশুৱে

স্কেটিং কৰি ৭০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিব ৰাজস্থানৰ এটি ১০ বছৰীয়া শিশুৱে। শিশুটিৰ লক্ষ্য অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধনত অংশগ্ৰহণ কৰা। ৰাজস্থানৰ কোটপুতলিৰ বাসিন্দা হিমাংশু চাইনীৰ বয়স ১০ বছৰ।এই দহ বছৰীয়া ল’ৰাজনেই স্কেটিং কৰি অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানত উপস্থিত হ’ব।

হিমাংশুৱে ৮ জানুৱাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। প্ৰথম দিনা তেওঁ স্কেটিং কৰি ৮০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে। আহি আহি তেওঁ আলৱাৰ চহৰত নিশাৰ বিশ্ৰাম লৈ মঙলবাৰে পুৱা ৯.৩০ বজাত পুনৰ যাত্ৰা আৰম্ভ কৰে। হিমাংশুৱে ১৬ জানুৱাৰীৰ ভিতৰত তেওঁৰ যাত্ৰা সম্পূৰ্ণ কৰিব পাৰিব বুলি আশা কৰিছে।

হিমাংশুৱে ৰাজস্থানৰ কোটপুটলি জিলাৰ লক্ষ্মী নগৰ অঞ্চলত বাস কৰে। উল্লেখ্য ২২ জানুৱাৰীত উত্তৰ প্ৰদেশৰ অযোধ্যাত নিৰ্মাণ কৰা ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এয়া হ’ব দেশৰ বাবে এক ঐতিহাসিক দিন।মোদীয়ে কৈছিল ” মই বহুত ধন্য অনুভৱ কৰিছো। এয়া মোৰ সৌভাগ্য যে মোৰ জীৱনকালত মই এই ঐতিহাসিক অনুষ্ঠানটো চাবলৈ পাম । আজিৰ দিনটো আৱেগেৰে পৰিপূৰ্ণ। শেহতীয়াকৈ শ্ৰী ৰাম জন্ম ভূমি তীৰ্থ ক্ষেত্ৰৰ কৰ্মকৰ্তাসকলে মোক মোৰ বাসগৃহত লগ কৰিবলৈ আহিছিল। তেওঁলোকে মোক শ্ৰী ৰাম মন্দিৰৰ উদ্বোধন উপলক্ষে অযোধ্যালৈ আহিবলৈ আমন্ত্ৰণ জনাইছে”।

০২৩ চনৰ ২৩ মাৰ্চলৈকে মন্দিৰ নিৰ্মাণৰ বাবে ৯০০ কোটি টকা ব্যয় কৰা হৈছে।পৃথিৱীৰ সৰ্ববৃহৎ ৰাম মন্দিৰটো অযোধ্যাৰ বহু চৰ্চিত ভূমিত নিৰ্মাণ কৰি থকা হৈছে। এই মন্দিৰ ৩৮০ ফুট দীঘল আৰু ২৫০ ফুট বহল। উচ্চতা ১৬১ ফুট। বিশাল মন্দিৰটো থাকিব ৩৯২ টা স্তম্ভত ।

মন্দিৰৰ ৪৬ খন দুৱাৰ চেগুনৰ কাঠেৰে নিৰ্মাণ কৰা হৈছে। গৰ্ভগৃহৰ দুৱাৰখন হ’ব সোণৰ । এই মন্দিৰ নিৰ্মাণৰ সামগ্ৰী পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অনা হৈছে। মন্দিৰ নিৰ্মাণৰ বাবে ধনো ভক্তসকলৰ দানৰ পৰা আহিছে।শ্ৰী ৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই কয় যে মন্দিৰটো অহা বছৰৰ ২২ জানুৱাৰীত উদ্বোধন কৰা হ’ব।

চিৰাঙৰ কাজলগাঁৱত আৰক্ষী উপ-পৰিদৰ্শকক উৎকোচ লােৱাৰ বাবে গ্ৰেপ্তাৰ…

উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ আৰক্ষী বিষয়া। চিৰাঙৰ কাজলগাঁৱত আৰক্ষী উপ-পৰিদৰ্শকক গ্ৰেপ্তাৰ।

ঢালিগাঁও টাউন আৰক্ষী চকীৰ উপ-পৰিদৰ্শক চিণ্টু দাসক গ্ৰেপ্তাৰ।

জব্দকৃত বাহন মোকলাই দিয়াৰ নামত ১০ হাজাৰ টকা লৈছিল উৎকোচ। উপ-পৰিদৰ্শক চিণ্টু দাসক সোধা-পোছা অব্যাহত।

নেগুৰ পেলালে মালদ্বীপৰ চৰকাৰেঃ সম্পৰ্ক উন্নীত কৰিবলৈ ৰাষ্ট্ৰপতি মুইজজুৱে দিলে ভাৰত ভ্ৰমণৰ প্ৰস্তাৱ

অৱশেষত নেগুৰ পেলালে মালদ্বীপৰ চৰকাৰে। মোদীক কটাক্ষ কৰাৰ পিছতে বহু ভাৰতীয় পৰ্যটকে মালদ্বীপ ভ্ৰমণ বাতিল কৰিছে। এনে পৰিস্থিতিত ক্ষতি হ্ৰাস কৰিবলৈ তৎপৰ হৈ পৰিছে মালদ্বীপৰ চৰকাৰ। চীনপন্থী ৰাষ্ট্ৰপতি মুইজজুৱে এতিয়া ভাৰত ভ্ৰমণৰ প্ৰস্তাৱ দিয়া বুলি জানিব পৰা গৈছে।


লক্ষদ্বীপৰ ছবিৰ পোষ্ট কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মালদ্বীপৰ এজন মন্ত্ৰীয়ে কটাক্ষ কৰিছিল। দেশ খনৰ মন্ত্ৰীয়ে অপমানজনক মন্তব্য কৰাৰ পিছত মালদ্বীপে তীব্ৰ প্ৰতিৰোধৰ সন্মুখীন হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ সমৰ্থনত ছ’চিয়েল মিডিয়াৰ প্ৰচাৰে গতি লাভ কৰিছে। ফলত মালদ্বীপলৈ ভাৰতীয় পৰ্যটকে কৰা হাজাৰ হাজাৰ বিমানৰ টিকট আৰু হোটেল বুকিং বাতিল কৰা হৈছে।

দেশখনৰ মন্ত্ৰীসকলে উচ্ছৃংখল আচৰণৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱা আৰু ইয়াৰ পৰ্যটন উদ্যোগৰ প্ৰতি আহি পৰা সম্ভাৱ্য ভাবুকিৰ বাবে এতিয়া সেও মানিছে মালদ্বীপৰ চৰকাৰে। দেশ খনৰ চৰকাৰে অপমানজনক মন্তব্যৰ বাবে তিনি গৰাকী মন্ত্ৰীক নিলম্বিত কৰি ক্ষতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছিল।

ভাৰত-মালদ্বীপ সম্পৰ্ক উন্নীত কৰাৰ প্ৰচেষ্টা হিচাবে দেশ খনৰ চৰকাৰে এতিয়া ইয়াৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুৱে ভাৰত ভ্ৰমণৰ প্ৰস্তাৱ দিছে । এই মাহৰ শেষত তেওঁ ভাৰতলৈ অহাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপতি মুইজজু বৰ্তমান চীন ভ্ৰমণত আছে। তেওঁ ফুজিয়ান প্ৰদেশৰ জিয়ামেন মুক্ত বাণিজ্য ক্ষেত্ৰ ভ্ৰমণ কৰিছে আৰু চাইনা কমিউনিকেশ্বন কনষ্ট্ৰাকচন কোম্পানী লিমিটেডৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাও কৰিছে।

ঝৌ জুই আৰু ঝাও লংকে ধৰি চীনৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক ব্যক্তিসকলৰ সৈতেও তেওঁ বৈঠকত মিলিত হৈছে। ৰাষ্ট্ৰপতি মুইজজুৱে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙকো সাক্ষাৎ কৰাৰ কথা আছে। অৱশ্যে মুইজজুৰ শাসন ভাৰত বিৰোধী স্থিতিৰেই আৰম্ভ হৈছিল, কিয়নো তেওঁ তেওঁৰ নিৰ্বাচনী ভাষণত ভাৰতীয় সেনাক মালদ্বীপৰ পৰা ঘূৰাই পঠিয়াবলৈ আৰু ভাৰতৰ সৈতে হাইড্ৰ’গ্ৰাফিক চুক্তি প্ৰত্যাহাৰ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল।

ইয়াৰ মাজতে মালদ্বীপৰ মন্ত্ৰীসকলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে কৰা অপমানজনক মন্তব্যৰ ফলত দ্বিপাক্ষিক সম্পৰ্ক তিক্ত হৈ পৰিছে। মুইজজু চৰকাৰে ক্ষমতা গ্ৰহণ কৰাৰ আগতে ভাৰত আৰু মালদ্বীপে ইতিবাচক দ্বিপাক্ষিক সম্পৰ্ক বজাই ৰাখিছিল। ভাৰতে মালদ্বীপক ১৯৮৮ চনৰ অভ্যুত্থানৰ প্ৰচেষ্টা আৰু ২০০৪ চনৰ চুনামিৰ দৰে বিশেষ মুহূৰ্তত সহায় আগবঢ়াইছিল। ইয়াৰ উপৰি মালদ্বীপৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীক প্ৰশিক্ষণ দিয়াত ভাৰতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

বিডেনৰ জীৱনলৈ ভাবুকি! হোৱাইট হাউচৰ ভিতৰলৈ সোমাই গ’ল ৰহস্যজনক বাহন!

বিডেনৰ জীৱনলৈ ভাবুকি আহিছে! মাৰ্কিন ৰাষ্ট্ৰপতি জো বিডেনৰ ঘৰত এতিয়া বিপদত। নিৰাপত্তা বেহু ভেদ কৰি এখন গাড়ীয়ে হোৱাইট হাউচৰ বাহিৰৰ গেটত খুন্দা মাৰি চৌহদৰ ভিতচৰত প্ৰৱেশ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গাড়ীখনে গেট ভাঙি হোৱাইট হাউচৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতে হুৱা-দুৱা লাগে। কিন্তু গাড়ী খনে বেছি দূৰলৈ যোৱাৰ আগতেই ৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰ দায়িত্বত থকা চিক্ৰেট চাৰ্ভিচৰ বিষয়াসকলে গাড়ীখন ৰখাই দিয়ে।

অভিযুক্ত চালকজনক আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে। ঘটনাটোৱে আকৌ এবাৰ বিডেনৰ বাসগৃহৰ নিৰাপত্তা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে। এই ঘটনাৰ পিছতে মাৰ্কিন আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাটো সোমবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৬ বজাত সংঘটিত হয়।

হঠাতে এখন গাড়ীয়ে হোৱাইট হাউচৰ বাহিৰৰ গেটত খুন্দা মাৰে গেটখন ভাঙি কিছু দূৰলৈ আগুৱাই যায়। চিক্ৰেট চাৰ্ভিচৰ মুখ্য জনসম্পৰ্ক বিষয়া এন্থনী গুগ্লিয়েলমীয়ে কয়, “আমি এই ঘটনাৰ তদন্ত কৰি আছো। গেটত গাড়ীখনে খুন্দা মৰাৰ কাৰণ সম্পৰ্কে অনুসন্ধান কৰা হৈছে। বাহনখন জব্দ কৰা হৈছে। অভিযুক্ত চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে। বিডেন সেই সময়ত বাসগৃহত নাছিল।” হোৱাইট হাউচৰ ঘটনাটোৱে ১৫ নং ষ্ট্ৰীট আৰু পেনচিলভেনিয়া এভিনিউত যান-জঁটৰ সৃষ্টি কৰে।


মন কৰিব যে হোৱাইট হাউচত গাড়ী প্ৰৱেশ কৰাৰ এয়াই প্ৰথম ঘটনা নহয়। যোৱা বছৰৰ মে’ মাহতো এখন ট্ৰাকে তীব্ৰ গতিত হোৱাইট হাউচৰ নিৰাপত্তা বেৰিকেডত খুন্দা মাৰিছিল। ট্ৰাক চালকজনক ৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াসকলে গ্ৰেপ্তাৰ কৰিছিল। হোৱাইট হাউচ পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত স্থানসমূহৰ ভিতৰৰে এটা বুলি ধৰা হয়।


টুইন টাৱাৰ আক্ৰমণৰ পিছৰে পৰা আমেৰিকাই ‘ইছলামিক জিহাদ’ৰ বিৰুদ্ধে যুঁজ দি আহিছে। ফলস্বৰূপে হোৱাইট হাউচ আল কায়দা আৰু ইছলামিক ষ্টেটৰ হিট লিষ্টত আছে। সন্ত্ৰাসবাদী গোটবোৰে ভালদৰে জানে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱনত আঘাত কৰিব পৰাটো ৱাশ্বিংটনৰ বাবে কিমান ডাঙৰ ক্ষতি হ’ব পাৰে। এনে এক কাল্পনিক আক্ৰমণৰ ভয়াবহতা হলিউডৰ বিখ্যাত ছবি ‘হোৱাইট হাউচ ডাউন’ত দাঙি ধৰা হৈছে।

যশস্বী সংগীত পৰিচালক ভূপেন উজীৰৰ শেষ যাত্ৰা ! অডিটেক ষ্টুডিঅ’ত গুণমুগ্ধসকলে শেষবাৰৰ বাবে জনাব শ্ৰদ্ধাঞ্জলি…

ভূপেন উজীৰৰ শেষ যাত্ৰা :

● পুৱা ৯ বজাত বাইক ৰেলীৰে নেমকেয়াৰ হাস্পাতালৰ পৰা প্ৰয়াত সংগীত পৰিচালক ভূপেন উজীৰৰ মৃতদেহ তেওঁৰ গীতানগৰ স্থিত গৃহলৈ ( অডিটেক ষ্টুডিঅ’ ) নিয়া হ’য় ।

● অডিটেক ষ্টুডিঅ’ত ভূপেন উজীৰৰ গুণমুগ্ধসকলে তেওঁক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাব ।

● দিনৰ ১ বজাত স্বগৃহৰ পৰা ভূপেন উজীৰৰ মৃতদেহ নৱগ্ৰহ শ্মশানলৈ নিয়া হ’ব ।

● দিনৰ ২ বজাত নৱগ্ৰহ শ্মশানত ৩ নং চিতাত শেষকৃত্য সম্পন্ন কৰা হ’ব ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা শিক্ষা বিষয়া হৰিপ্ৰসাদ হাজৰিকাৰ দেহাৱসান…

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা শিক্ষা বিষয়া হৰিপ্ৰসাদ হাজৰিকাৰ দেহাৱসান।

আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে ব্যক্তিগৰাকীয়ে। জটিল ৰোগত আক্ৰান্ত হৈ আছিল বাপগৰাকী।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিন্তা আৰু দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ-প্ৰসাৰ কৰাৰ যথেষ্ঠখিনি কৰিছিল বাপগৰাকীয়ে।

বিশিষ্ট সংগীত পৰিচালক ভূপেন উজীৰৰ দেহাৱসান ! আজি দিনৰ ২ বজাত নৱগ্ৰহ শ্মশানত কৰা হ’ব শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া…

বিশিষ্ট সংগীত পৰিচালক ভূপেন উজীৰৰ দেহাৱসান। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ভূপেন উজীৰৰ৷

৬ জানুৱাৰীৰ পৰা চিকিৎসাধীন হৈ আছিল ভূপেন উজীৰ৷ ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ।

আজি দিনৰ ২ বজাত নৱগ্ৰহ শ্মশানত কৰা হ’ব শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া।

শীঘ্ৰে অগপত যোগদান কৰিব বহু কংগ্ৰেছীয়ে – মন্ত্ৰী কেশৱ মহন্ত…

শীঘ্ৰে অগপত যোগদান কৰিব বহু কংগ্ৰেছীয়ে – মন্ত্ৰী কেশৱ মহন্ত
লক্ষ্য নৱগঠিত কাজিৰঙা লোকসভা সমষ্টি
সমাগত লোকসভা নিৰ্বাচনৰ ৰণডংকা আৰম্ভ কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা

কংগ্ৰেছী নেতাৰ আগলৈ সোঁত বব অগপলৈ। শীঘ্ৰে অগপত যোগদান কৰিব বহু কংগ্ৰেছীয়ে। কলিয়াবৰত কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য। কলিয়াবৰত অনুষ্ঠিত হ’বলগীয়া অগপৰ বুথ সন্মিলনৰ যাবতীয় কাম-কাজৰ তদাৰক কৰি থকাৰ সময়তে মন্ত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।


দেশৰ লোকসভা নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে-লগে তৎপৰতা বাঢ়িছে ৰাজনৈতিক দলসমূহৰ। অসমো তাৰ ব্যতিক্ৰম নহয়। পিচে পৰি ৰোৱা নাই অসম গণ পৰিষদ। অসম গণ পৰিষদৰ কাজিৰঙা সংসদীয় সমষ্টি সমিতিৰ ১০ টা বিধানসভা সমষ্টিৰ বুথ সন্মিলন , সন্মিলনত উপস্থিত থাকিব মন্ত্ৰী অতুল বৰা¸ ফণীভূষণ চৌধুৰীকে ধৰি অগপৰ বহু নেতা-কৰ্মী।

কাজিৰঙা লোকসভা সমষ্টিত অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হোৱাটো প্ৰায় নিশ্চিত-এই দাবী কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ। ইতিমধ্যে¸ কাইলৈ অনুষ্ঠিত হ’বলগা বুথ সন্মিলনক লৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। মন্ত্ৰী কেশৱ মহন্তই নিজে সমগ্ৰ বিষয় তদাৰক কৰা পৰিলক্ষিত হয়।

১৯ হেজাৰ ভকত- বৈষ্ণৱ-আই মাতৃসকলক একেলগে বহিব পৰাকৈ বিশাল আকাৰৰ মণ্ডপৰ নিৰ্মাণ ! লাখ লাখ ভকত বৈষ্ণৱক আদৰণি জনাবলৈ সাজু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়াৰ অধিবেশনঃ উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্ম…

১৯ হেজাৰ ভকত- বৈষ্ণৱ-আইমাতৃসকলক একেলগে বহিব পৰাকৈ বিশাল আকাৰৰ মণ্ডপৰ নিৰ্মাণ

দ্বিতীয় বৈকুণ্ঠধামলৈ পৰিণত হোৱাৰ দিশে ৰঙিয়াৰ মৰাণজনাৰ হাতীখলা পথাৰৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ সমন্বয় ক্ষেত্ৰ

লাখ লাখ ভকত বৈষ্ণৱক আদৰণি জনাবলৈ সাজু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়াৰ অধিবেশনঃ উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্ম

শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিবেশনস্থলী হাতীখলা পথাৰ সমন্বয় ক্ষেত্ৰৰ পৰা নয়নজ্যোতি তালুকদাৰ : ৰঙিয়াৰ মৰাণজনা হাতীখলা পথাৰৰ সমন্বয় ক্ষেত্ৰত অহা ৯,১০ আৰু ১১ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক বাৰ্ষিক অধিবেশনখনি অনুষ্ঠিত হব । তিনিদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া এই শংকৰদেৱ সংঘৰ অধিবেশনক লৈ প্ৰস্তুতি প্ৰায় তুংগত উঠা পৰিলক্ষিত হৈছে । ইতিমধ্যেই অধিবেশনত প্ৰধানমন্ত্ৰী মোডীক আমন্ত্ৰণ জনোৱা হৈছিল যদিও ৰাজনৈতিক ব্যস্ততাৰ পৰিপ্ৰেক্ষিতত দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মূৰ্মৰ আগমন নিশ্চিত হৈছে । সমগ্ৰ ৰাজ্যৰ লগতে দেশ বিদেশৰ ভকত,সেৱক আৰু বৈষ্ণৱকে ধৰি ৫০ লাখ ভক্তি প্ৰাণ লোকক আদৰিবলৈ সকলো সংঘৰ সেৱকসকলে সমৰ্পিত দেহ-মনেৰে দিনে নিশাই ব্যস্ত হৈ পৰিছে । মৰাণ জনাৰ হাতীখলা পথাৰত কোনোবাই যদি নৰা কাটিছে আৰু আন কোনোবাই সেৱকে মিলি সকলোৱে বাঁহ-খেৰৰ চালিৰে শিবিৰ, মণিকূট আদি সাজি উলিয়াবলৈ লয় । ইফালে অধিৱেশনৰ কাৰ্যসূচীৰ তিনিদিন দিনে নিশাই থকাৰ বাবে শংকৰদেৱ সংঘৰ বিভিন্ন জিলাৰ শাখাৰ পৰা আহিবলৈ লোৱা ভকত -বৈষ্ণৱ -সেৱকক লৈ অস্থায়ী ভাৱে ২০০ তকৈ অধিক শিৱিৰ নিৰ্মাণ কৰি থকা হৈছে । সমান্তৰালকৈ বিভিন্ন জিলাৰ শাখাৰ পৰা আহিবলৈ লোৱা আইমাতৃ তথা মহিলা সকলৰ বাবে আছুতীয়াকৈ কেন্দ্ৰীয় ভঁড়ালৰ নিচেই কাষত সুবিশাল এক অস্থায়ী শিবিৰো নিৰ্মাণ কৰা হয় ।

যাতে আইমাতৃসকল অথবা মহিলা সকলৰ কোনো অসুবিধাৰ সন্মুখীন হব লগা নহয় তাৰ বাবে যাৱতীয় ব্যৱস্থা আদৰণি সমিতিয়ে লক্ষ্য ৰাখিছে । এই আইমাতৃসকলৰ ৰঙিয়া শাখাই বিশেষভাৱে অধিবেশনস্থলীলৈ অহা অন্যান্য জিলাৰ শাখাৰ পৰা অহা ভকত, বৈষ্ণৱ তথা আইমাতৃ আৰু ভক্তি প্ৰাণলোকসকলক আপ্যায়নৰ সময়ত সেৱা আগবঢ়াৱ । তাৰ মাজতে কোনোবা সেৱকে মিলি সুন্দৰকৈ পৰিস্কাৰ পৰিচ্ছন্নতা লৈ দৃষ্টি ৰাখি স্বচ্ছতা বজাই চলিছে । ইয়াৰোপৰি অধিবেশনৰ বাবে লাখ লাখ ভকত বৈষ্ণৱক সহায় সহযোগিতাৰ বাবে যুৱক-যুৱতীসকলক লৈ সেৱাবাহিনী গঠিত হৈছে । এই সেনাবাহিনীয়েও দিনে নিশাই লাইখুটা স্থাপনৰ দিন ধৰি পৰিশ্ৰম কৰি আহিছে বুলি ৯৩ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ আদৰণি সমিতিৰ সহঃ সম্পাদক কুশল দাসে অধিবেশনস্থলীৰ সমগ্ৰ দিশ পৰ্যালোচনাৰ পিছত প্ৰতিবেদকৰ জৰিয়তে জানিবলৈ দিয়ে । ইয়াৰোপৰি ৰঙিয়াৰ ভয়ৰা মৰাণজনাৰ হাতীখলা পথাৰৰ অধিবেশনস্থলীলৈ অহা লক্ষ লক্ষ ভকত, বৈষ্ণৱ আৰু আইমাতৃসকলক তিনিদিন ধৰি আপ্যায়ন কৰাৰ বাবে থলুৱা খাদ্যৰে উৎপাদিত শস্যৰ খাদ্য সম্ভাৰেৰে আপ্যায়িত কৰাৰ বাবে অধিবেশনৰ আদৰণী সমিতিৰ খাদ্য যোগান সমিতিৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ সহযোগত ৰঙিয়াৰে সমীপৰ চিকনীবাৰী কৃষি পামত ১০০ বিঘা মাটিৰে আলু খেতিৰ লগতে কবি,গাজৰ,মূলা,ধনীয়া,মটৰ,লাও, বেঙেনা,বিলাহী আদিৰ খেতি কৰা হয়। ১৯ নৱেম্বৰত অধিবেশনৰ লাইখুটা স্থাপন হোৱাৰ পিছৰে পৰা দিনে নিশাই অশেষ পৰিশ্ৰম কৰা সেৱক- সেৱিকা তথা আইমাতৃসকলৰ মৰাণ জনাৰ হাতীখলা পথাৰৰ সমন্বয় ক্ষেত্ৰই আধ্যাত্মিক পৰিৱেশৰ গতিধাৰা আপ্লুত হোৱা বুলি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই কয় । তদুপৰি এই অধিবেশনত বিশেষকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিধায়ক ভৱেশ কলিতাৰ সহায় সহযোগিতা আৰু পৰামৰ্শৰ কথাৰ উপৰিও ইছলাম ধৰ্মাৱলম্বীলোকৰ শ্ৰমদানেৰে শান্তি সম্প্ৰীতিৰ এনাজৰী বান্ধোনেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক বাৰ্ষিক অধিবেশনখনি সাফল্যতাৰে লক্ষ লক্ষ ভক্তি প্ৰাণলোকৰ উপস্থিতিৰ জৰিয়তে অনুষ্ঠিত হব বুলিও লগতে উল্লেখ কৰে । তাৰোপৰি ১০ হেজাৰ ভকত বৈষ্ণৱ আৰু আইমাতৃসকলক একেলগে বহিব পৰাকৈ বিশাল আকাৰৰ মণ্ডপৰ নিৰ্মাণ কৰা হৈছে । লগতে এই ১০ হেজাৰ ভকত বৈষ্ণৱে একেলগে বহি ভোজন কৰিবলৈ সুবিশাল ভোজনালয় নিৰ্মাণ হবলৈ ধৰিছে । ইতিমধ্যেই অধিবেশনৰ বাবে মাজতে কেইটামান দিন থকাৰ বাবে সকলো সেৱক সেৱিকাই আদৰণি জনাবলৈ প্ৰস্তুতি তু্ংগত কৰি তুলিছে বুলি অধিবেশনৰ আদৰণি সমিতিৰ সম্পাদক ডাঃ হিতেন্দ্ৰ নাথ ডেকাই জনায় । তাৰ বাবে ৰন্ধনৰ বাবে বৰলেছাকোণাৰ মছজিদ কমিটিয়ে এক ট্ৰাক খৰিৰ লগতে বিভিন্ন গাঁৱৰ পৰা অহা দান বৰঙণি আগবঢ়োৱা কাঠৰ খৰিৰ সু- ব্যৱস্থাত ৩৫০ টা চৌকাৰ জুইৰে ভকত, বৈষ্ণৱ আৰু আইমাতৃসকল তথা ভক্তি প্ৰাণলোকক ভোজনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইয়াৰোপৰি অধিবেশনৰ স্থলীত বৌদ্ধিক মহলত প্ৰাসংগিকতা লৈ এখনি গ্ৰন্থমেলাও প্ৰদৰ্শন কৰা হব তাৰ বাবে যাৱতীয় গ্ৰন্থৰ মেটমৰা সম্ভাৰ লৈ বিপণী সমূহ আগতীয়াকৈ সাজু হৈ পৰিছে ।

ইয়াৰ বাবে বিভিন্ন জিলাৰ লগতে গুৱাহাটী, ৰঙিয়া, নলবাৰীৰ বুক ষ্টল সম্প্ৰতি অধিবেশনৰ বাবে ১হাজাৰ১৩খন গ্ৰন্থবিপনীৰ ব্যৱস্থা ৰখা হৈছে । প্ৰতিখন বিপনীৰ বাবে ৫ হাজাৰ টকাকৈ আদৰণি সমিতয়ে নিৰ্ধাৰণ কৰে । প্ৰতিটো বিপনী অথবা ষ্টলত লাইট,ডেকাৰেচন আদিৰে আটকধুনীয়াকৈ সজাই তোলা হব । আনহাতে গ্ৰন্থমেলাৰ বাবে ইতিমধ্যেই ৰেখা প্ৰকাশন, কল্পতৰু প্ৰকাশন,অসম প্ৰকাশন পৰিষদকে ধৰি ৭০খন বিপনী বুকিং হৈছে । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰপৰা বিনামূলীয়া বিপনীৰ ব্যৱস্থা ৰখা হয় । সংঘৰ নিজাববীয়াকৈ গ্ৰন্থমেলাত মহাপুৰুষ শংকৰদেৱৰ গুৰুজনাৰ উপৰি মাধৱদেৱ আদি গুৰুজনাৰ আধ্যাত্মিক গ্ৰন্থ ৰখাৰ ব্যৱস্থা কৰা হৱ । ইয়াৰোপৰি গ্ৰন্থমেলাৰ প্ৰদৰ্শন স্থলীত ভক্তি প্ৰাণলোকৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিৰণি লোৱাৰ বাবে এক বিশেষ শিবিৰ গৃহৰো ব্যৱস্থা ৰখা হয় । আনহাতে বাণিজ্য মেলাৰ বাবে অধিবেশনত ১ হাজাৰ ষ্টলো থাকিব । তদুপৰি অসম চৰকাৰৰ জনজীৱন আঁচনিৰ প্ৰদৰ্শনীৰ ব্যৱস্থা আছে । মহাভাৰতৰ অভিমন্যুৰ চক্ৰবেহু ৰচনাৰাজিৰ প্ৰদৰ্শন অধিবেশনত প্ৰদৰ্শিত হব বুলি গ্ৰন্থ মেলা আৰু প্ৰদৰ্শনী মেলাৰ উপ-সমিতিৰ উপ সভাপতি ধৰণীধৰ দাসে জানিবলৈ দিয়ে । উল্লেখ্য যে এই অভিমন্যুৰ চক্ৰবেহু সম্পূৰ্ণ প্ৰদৰ্শন উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মালিগাঁৱ শাখাই সম্পূৰ্ণ দায়িত্ব বহন কৰিব ।