Home Blog Page 1103

মূৰত টাৱেল মেৰিয়াই কৃষকৰ ষ্টাইলত ৰাহুল গান্ধী…

ভাৰত জোডো ন্যায় যাত্ৰাঃ কৃষকৰ ষ্টাইলত ৰাহুল গান্ধী, পূৰ্ণিয়াত কৃষকৰ লগত কথা পাতিলে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীত আৰৰিয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে সোমবাৰে আৰৰিয়া ভ্ৰমণৰ সময়ত তেওঁ কালি মন্দিৰ পৰিদৰ্শন কৰি প্ৰাৰ্থনাও কৰিছিল। আজি ৰাহুল গান্ধীৰ ভাৰত জোডো ন্যায় যাত্ৰা পূৰ্ণিয়াত উপস্থিত হয়। বিহাৰৰ আৰিয়াৰিয়াৰ পিছত দ্বিতীয় দিনা পূৰ্ণিয়াত উপস্থিত হোৱা ৰাহুল গান্ধীয়ে কৃষকসকলক সাক্ষাৎ কৰে। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক মূৰত টাৱেল মেৰিয়াই থকা দেখা গৈছিল।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পূৰ্ণিয়াত দুটা কাৰ্যসূচী আছে। প্ৰথম কাৰ্যসূচীৰ অধীনত তেওঁ কৃষকৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পিছত ৰাহুল গান্ধীয়ে পুৰ্ণিয়াৰ ৰংভূমি খেলপথাৰত এক বৃহৎ সমাৱেশত ভাষণ দিব। ৰাহুল গান্ধীৰ ৰেলীৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। যাত্ৰাৰ প্ৰস্তুতিৰ সময়ত পূৰ্ণিয়াতেই কংগ্ৰেছ বিধানসভা দলৰ এখন বৈঠকও অনুষ্ঠিত হয়।


পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ১০ বছৰৰ কাৰাদণ্ড

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ৰাজ্যিক গোপনীয়তা ফাদিল কৰাৰ অভিযোগত ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছে।

চৰকাৰী কূটনৈতিক যোগাযোগৰ সবিশেষ প্ৰকাশ কৰি দেশৰ গোপন আইন উলংঘা কৰাৰ অভিযোগ খানৰ বিৰুদ্ধে।

এই গোচৰত ভাইচ চেয়াৰমেন শ্বাহ মাহমুদ কুৰেশ্বীকো ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছে।

মালদ্বীপৰ চীনপন্থী ৰাষ্ট্ৰপতি মহম্মদ মুইজজুৰ বিৰুদ্ধে মহাঅভিযোগ আনিব বিৰোধীয়ে…

মালদ্বীপৰ চীনপন্থী ৰাষ্ট্ৰপতি মহম্মদ মুইজজু এতিয়া মহা বিপদত পৰিছে। মালদ্বীপৰ মুখ্য বিৰোধী দলটোৱে দেশ খনৰ চীন পন্থী ৰাষ্ট্ৰপতি মুইজজুৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সাজু হৈছে। প্ৰধান বিৰোধী দল মালদ্বীপ ডেমক্ৰেটিক পাৰ্টিয়ে সংসদত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে আৰু দলটোৱে এতিয়া ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে স্বাক্ষৰ সংগ্ৰহ আৰম্ভ কৰিছে। স্বাক্ষৰ সংগ্ৰহণৰ পিছতে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগ দাখিল কৰা হ’ব বুলি জানিব পৰা গৈছে। চীনৰ গুপ্তচৰ জাহাজ এখনক চৰকাৰে মালেত লংগৰ পেলোৱাৰ অনুমতি দিয়াৰ পিছতে ৰাষ্টপতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিৰোধী। বিৰোধী দলসমূহে ৰাষ্ট্ৰপতি মুইজজুক তেওঁৰ চীনৰ প্ৰতি থকা দৰদৰ বীবে চোকা সমালোচনা কৰিছে। আনকি বিষয়টোকলৈ সংসদত হতাহতিও হৈছে। এনে ঘটনাক্ৰমৰ মাজতে বিৰোধীয়ে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত লয়।


বিগত কিছুদিন ধৰি দেশখনৰ ৰাষ্ট্ৰপতি মুইজজুৱে বিৰোধীৰ আক্ৰমণৰ সন্মুখীন হৈছে। বিশেষকৈভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাক্ষাদ্বীপ দ্বীপপুঞ্জ ভ্ৰমণ সম্পৰ্কে বহুলভাৱে প্ৰচাৰিত পোষ্টক লৈ মালদ্বীপৰ একাংশ মন্ত্ৰীৰ সৈতে কূটনৈতিক বিবাদৰ সৃষ্টি হৈছিল। মোদীৰ বিৰুদ্ধে কঠোৰ মন্তব্য কৰা তিনিজন মন্ত্ৰীক আঁতৰোৱা হৈছে যদিও বিৰোধীৰ ক্ষোভ এতিয়াও প্ৰশমিত হোৱা নাই। হৈছিল। মালদ্বীপত থকা ৮০ জন ভাৰতীয় সৈন্যৰ উপস্থিতিকলৈ দেশ খনৰ ৰাষ্ট্ৰপতিয়ে আপত্তি দৰ্শাই আহিছে। মালদ্বীপৰ ডেম’ক্ৰেটিক পাৰ্টি বা এমডিপি আৰু ডেমোক্ৰেটসকলে চৰকাৰক ভাৰত বিৰোধী বুলি অভিযোগ কৰি আহিছে। বিৰোধীৰ এক বিবৃতিত কোৱা হৈছে “মালদ্বীপৰ স্থিৰতা আৰু নিৰাপত্তাৰ বাবে ভাৰত মহাসাগৰত স্থিৰতা আৰু নিৰাপত্তা অতি গুৰুত্বপূৰ্ণ”।

জাতীয় দলত স্থান নাই, পত্নীৰ সৈতে বিচ্ছেদ! এতিয়া ১০ বছৰীয়া পুত্ৰক লৈ চিন্তিত শিখৰ ধাৱন…

যোৱা বছৰৰ ২৬ ডিচেম্বৰত জোৰাৱাৰৰ জন্মদিন। সেইদিনা ধাৱনে পুত্ৰৰ বাবে ছ’চিয়েল মিডিয়াত নিজৰ মনৰ অনুভৱ প্ৰকাশ কৰিছিল। চিঠিখন পুতেকৰ ওচৰলৈ যাব বুলি তেওঁ ভাবিছে। শিখৰ ধাৱনৰ পুত্ৰ জোৰাৱাৰৰ জন্মদিন যোৱা মাহত আছিল। ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে এই সন্দৰ্ভত এটা পোষ্ট লিখিছিল। কিন্তু ধাৱনে অনুভৱ কৰে যে চিঠিখন পুত্ৰৰ ওচৰলৈ যোৱা নাছিল। জাতীয় দলত আৰু স্থান নাই। পত্নীৰ পৰাও বিচ্ছেদ হৈছে। এনে পৰিস্থিতিত ১০ বছৰীয়া পুত্ৰক লৈ উদ্বিগ্ন হৈ পৰিছে ধাৱন।


পুত্ৰৰ জন্মদিনত ধাৱনে ইনষ্টাগ্ৰামত লিখিছে, এবছৰ ধৰি তোমাক দেখা নাই। প্ৰায় তিনিমাহ ধৰি সকলোতে ব্লক হৈ আছো। সেইবাবেই তিনিমাহ আগতে তোমাৰ লগত শেষবাৰৰ বাবে কথা পতাৰ ছবিখন দিলোঁ। জন্মদিনৰ ওলগ জনালোঁ” তেওঁ ক’লে, “মই তোমাৰ লগত পোনপটীয়াকৈ কথা পাতিব নোৱাৰো।” কিন্তু আমাৰ হাতত টেলিপেথীৰ সংযোজন আছে। তোমাক লৈ মই গৌৰৱ মই জানো তুমি বহুত ভাল।”

ধাৱনে জন্মদিনৰ বাৰ্তাত পুত্ৰক মূল্যবোধ শিকাইছিল। ভাৰতীয় বেটছমেনে লিখিছিল, “দেউতাই তোমাক সদায় মিছ কৰে। ঈশ্বৰৰ আশীৰ্বাদ লৈ আমি পুনৰ লগ হম। মই সেই দিনটোৰ বাবে অপেক্ষা কৰি আছো।


২৭ ফেব্ৰুৱাৰীত ১৫ খন ৰাজ্যৰ ৫৬ খন ৰাজ্যসভাৰ আসনৰ নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ…

লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে ১৫ খন ৰাজ্যৰ ৫৬ খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। বংগৰ উপৰি উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, মধ্য প্ৰদেশ, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ৰাজস্থান, কৰ্ণাটক, উত্তৰাখণ্ড, ছত্তীশগড়, ওড়িশা, হাৰিয়ানা আৰু হিমাচল প্ৰদেশত ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। লোকসভা নিৰ্বাচনৰ দিন ক্ৰমে আগুৱাইছে। চলিতবৰ্ষৰ এপ্ৰিল মাহত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে দেশৰ ১৫ খন ৰাজ্যৰ ৫৬ খন ৰাজ্যসভাৰ আসমৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগে সোমবাৰে এই ৫৬ খন আসনৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে।

নিৰ্বাচন আয়োগৰ মতে এই ৫৬ খন আসনৰ বাবে ২৭ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ১৩ খন ৰাজ্যৰ ৫০ খন আসনৰ ম্যাদ ২ এপ্ৰিলত শেষ হ’ব। দুখন ৰাজ্যৰ ছয়খন আসনৰ সদস্যসকলৰ কাৰ্যকাল ৩ এপ্ৰিলত শেষ হ’ব। পশ্চিম বংগৰ উপৰিয ২৭ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, মধ্য প্ৰদেশ, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ৰাজস্থান, কৰ্ণাটক, উত্তৰাখণ্ড, ছত্তীশগড়,ওড়িশা, হাৰিয়ানা আৰু হিমাচল প্ৰদেশত ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

কোভিডৰ সময়ত মোদীয়ে কিয় বজাবলৈ দিছিল কাঁহী-বাতি? চাৰি বছৰৰ পিছত জনালে কাৰণ…

চাৰি বছৰৰ পিছত জনালে কাৰণ। কোভিডৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক কাঁহী-বাতি বজাবলৈ দিছিল। কাঁহী-বাতি বজাবলৈ আহ্বান জনোৱাৰ বাবে মোদীক বহুতে সমালোচনাও কৰিছিল। অৱশেষত প্ৰায় চাৰি বছৰৰ মূৰত প্ৰধানমন্ত্ৰী মোদীয়ে কাঁহী-বাতি বজাবলৈ আহ্বান জনোৱাৰ কাৰণ বাখ্যা কৰিছে। পৰীক্ষা পে চৰ্চা অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে কৰোনা কালৰ উদাহৰণ দাঙি ধৰে আৰু কয় যে তেওঁ কিয় সেই সময়ত দেশৰ লোকসকলক কাঁহী-বাতি বজাবলৈ কৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিক্ষাৰ্থীসকলৰ সৈতে পৰীক্ষা পে চৰ্চাত ভাগলৈ কোভিডকালৰ সেই বিশেষ ঘঠনাটোৰ কথা উল্লেখ কৰে। সমগ্ৰ দেশৰ শিক্ষাৰ্থীসকলেও ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে পৰীক্ষা পে চৰ্চাত যোগদান কৰে আৰু প্ৰধানমন্ত্ৰী মোদীক নানান প্ৰশ্ন সোধে। প্ৰধানমন্ত্ৰী মোদীয়ে নানান উদাহৰণ দি শিক্ষাৰ্থীসকলক বুজাই দিছিল যে তেওঁলোকে পৰীক্ষা যোদ্ধা হ’ব লাগিব। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে কৰোনা ভাইৰাছৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধৰ উদাহৰণ দাঙি ধৰি কয় যে কঠিন সময়ৰ সন্মুখীন হ’বলৈ সাহসেৰে কেনেদৰে থিয় দিব লাগে সেয়া সকলোৱে জানিব লাগিব।


তেওঁ কয় যে ২০২০ চনত কৰোনাৰ সময়ত মানুহক কাঁহী-বাতি বজাবলৈ দিয়াৰ বিষয়ত মন্তব্য কৰি মোদীয়ে কয় যে কাঁহী-বাতি বজালেই বা চাকি জ্বলালেই কৰোনাৰ পৰা সকাহ পাব নোৱাৰি বা কৰোনা আঁতৰিও নাযায়। । কৰোনাৰ বিৰুদ্ধে যুদ্ধত দেশৰ জনসাধাৰণক একত্ৰিত কৰিবলৈয়েই এনে কৰা হৈছিল। যেতিয়া সমগ্ৰ দেশৰ মানুহে একে সময়তে কাঁহী-বাতি বজাইছিল, একে সময়তে চাকি জ্বলাইছিল, ই তেওঁলোকক একতাৰ দোলেৰে বান্ধিছিল আৰু সংকটৰ সময়ত একেলগে থিয় হোৱাৰ সাহস দিছিল। । মানুহে উপলব্ধি কৰিছিল যে তেওঁলোকে কৰোনাৰ বিৰুদ্ধে অকলে যুঁজ দিয়া নাই। প্ৰধানমন্ত্ৰী মোদীয়ে এইবুলিও কয় যে কৰোনা এক গোলকীয় মহামাৰী আছিল। গোটেই পৃথিৱীখন বিধ্বস্ত হৈছিল। দেশত ১৪০ কোটি লোক আছে। যদি সকলোৱে একেলগে ইয়াৰ সন্মুখীন হয়, তেন্তে আমি এই সংকটৰ পৰা ওলাই আহিব পাৰিম। সেই কথা চিন্তা কৰিয়েই দেশবাসীক কাঁহী-বাতি বজাবলৈ দিয়া হৈছিল।

৬৯ সংখ্যক ফিল্মফেয়াৰ বঁটা প্ৰদানঃ শ্ৰেষ্ঠ ছবিৰ সন্মান ‘টুয়েলভথ ফেইল’ লৈ…

অৱশেষত বহু প্ৰতীক্ষিত বঁটা প্ৰদান কৰা হ’ল। ৬৯ সংখ্যক ফিল্মফেয়াৰ বঁটাত ‘টুয়েলভথ ফেইল’ (12th Fail) থবি খনে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ছবি খনৰ অভিনেতা বিক্ৰান্ত মেছি, মেধা শংকৰ আৰু অন্যান্যসকলে ব্লেক লেডী ট্ৰফী লাভ কৰিছে।বিধু বিনোদ চোপ্ৰাৰ দ্বাৰা পৰিচালিত এই ছবিখন ইউপিএছচিৰ শিক্ষাৰ্থীসকলৰ সংগ্ৰামৰ ওপৰত আধাৰিত। ছবি খনে বাস্তৱ জীৱনৰ আইপিএছ বিষয়া মনোজ কুমাৰৰ কঠোৰ পৰিশ্ৰম আৰু আইপিএছ হোৱাৰ সঁচা কাহিনী বৰ্ণনা কৰা হৈছে। ছবি খনত কৰা অভিনয়ৰ বাবে বিক্ৰান্ত মেছিয়ে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাও লাভ কৰিছে। ছবিখনে সমগ্ৰ বিশ্বৰ দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰিছে। আলিয়া ভাট আৰু ৰণবীৰ কাপুৰেও শীৰ্ষ শ্ৰেষ্ঠ অভিনয়ৰ সন্মান লাভ কৰিছে। আলিয়া ভাটে ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানীত তেওঁৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে। আনহাতে তেওঁৰ স্বামী ৰণবীৰ কাপুৰে এনিমেলত কৰা সুন্দৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে। সন্দীপ ৰেড্ডী ভাঙ্গাৰ এনিমেলে মুঠ ৬ টা ট্ৰফীৰ সৈতে শীৰ্ষত আছে। আনহাতে বিধু ভিনো চোপ্ৰাৰ’টুয়েলভথ ফেইল’ শ্ৰেষ্ঠ চলচ্চিত্ৰ আৰু শ্ৰেষ্ঠ পৰিচালককে ধৰি কেইবাটাও বঁটা লাভ কৰিছে। সমালোচক শ্ৰেণীতৃ বিক্ৰান্ত মেছিয়ে ‘টুয়েলভথ ফেইল’ ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। ইফালে ৰাণী মুখাৰ্জী আৰু শেফালী শ্বাহে ক্ৰমান্বয়ে শ্ৰীমতী চেটাৰ্জী ভাৰ্ছেছ নৰৱেৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচক)ৰ বঁটা লাভ কৰে।


চেম বাহাদুৰৰ চৰিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতা (সমালোচক)ৰ বাবে মনোনীত হোৱা বিকি কৌশলে ৰাজকুমাৰ হিৰাণীৰ ডংকিত তেওঁৰ সুন্দৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহঃ অভিনেতাৰ বঁটা লাভ কৰে। চলচ্চিত্ৰ নিৰ্মাতা ডেভিড ধাৱানক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হৈছে। শ্ৰেষ্ঠ আত্মপ্ৰকাশ (পুৰুষ) বঁটা ফাৰাজ ছবিৰ অভিনেতা আদিত্য ৰাৱালে লাভ কৰিছে। ফেৰী ছবিৰ অভিনেত্ৰী আলিজেহ অগ্নিহোত্ৰীয়ে শ্ৰেষ্ঠ আত্মপ্ৰকাশ (মহিলা) বঁটা লাভ কৰিছে।

বঁটা বিজয়ীসকলৰ সম্পূৰ্ণ তালিকা দিয়া হৈছে:
শ্ৰেষ্ঠ চলচ্চিত্ৰ (জনপ্ৰিয়): ‘টুয়েলভথ ফেইল’
শ্ৰেষ্ঠ চলচ্চিত্ৰ (সমালোচক): জোৰাম
মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা (পুৰুষ): ৰণবীৰ কাপুৰ (এনিমেল)
মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা (মহিলা): আলিয়া ভট্ট (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি)
শ্ৰেষ্ঠ অভিনেতা (সমালোচক): বিক্ৰান্ত মেছী (‘টুয়েলভথ ফেইল’ )
শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচক): ৰাণী মুখাৰ্জী (শ্ৰীমতী চেটাৰ্জী ভাৰ্ছেছ নৰৱে) আৰু শেফালী শ্বাহ (থ্ৰি অব আছ)।
শ্ৰেষ্ঠ পৰিচালক: বিধু বিনোদ চোপ্ৰা (‘টুয়েলভথ ফেইল’ )
সহকাৰী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা (পুৰুষ): বিকি কৌশল (ডংকি)
সহকাৰী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা (মহিলা): শাবানা আজমী (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি)
শ্ৰেষ্ঠ সংগীত এলবাম: এনিমেল (প্ৰীতম, বিশাল মিশ্ৰ, মনন ভৰদ্বাজ, শ্ৰেয়াছ পুৰাণিক, জানি, ভূপিন্দৰ বাব্বাল, অসীম কেমচন, হৰ্ষবৰ্ধন ৰামেশ্বৰ, গুৰিন্দৰ চিগাল)
শ্ৰেষ্ঠ গীত: অমিতাভ ভট্টাচাৰ্য (তেৰে বাস্তে- জাৰা হাটকে জাৰা বাচকে)
শ্ৰেষ্ঠ প্লেবেক গায়ক (পুৰুষ): ভূপিন্দৰ বাব্বাল (এনিমেল)
শ্ৰেষ্ঠ প্লেবেক গায়িকা (মহিলা): শিল্পা ৰাও (বেচৰম ৰং- পাঠান)
শ্ৰেষ্ঠ কাহিনী: অমিত ৰায় (ওএমজি ২)
শ্ৰেষ্ঠ চিত্ৰনাট্য: বিধু বিনোদ চোপ্ৰা (‘টুয়েলভথ ফেইল’ )

শ্ৰেষ্ঠ সংলাপ: ঈশিতা মৈত্ৰ (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি)

শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী: অবিনাশ অৰুণ ধৱাৰে (থ্ৰি অব আছ)

শ্ৰেষ্ঠ প্ৰযোজনা ডিজাইন: সুব্ৰত চক্ৰৱৰ্তী আৰু অমিত ৰায় (চেম বাহাদুৰ)

শ্ৰেষ্ঠ সম্পাদনা: যশকোৱৰ সিং কোহলী- বিধু বিনোদ চোপ্ৰা (‘টুয়েলভথ ফেইল’ )

শ্ৰেষ্ঠ পোছাক ডিজাইন: শচীন লাভলেকাৰ, দিব্যা গম্ভীৰ আৰু নিধি গম্ভীৰ (চেম বাহাদুৰ)

শ্ৰেষ্ঠ নৃত্য পৰিচালনা: গণেশ আচাৰ্য (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি)

শ্ৰেষ্ঠ আত্মপ্ৰকাশ পৰিচালক: তৰুণ ডুডেজা (ধক ধক)

শ্ৰেষ্ঠ আত্মপ্ৰকাশ পুৰুষ: আদিত্য ৰাৱাল (ফাৰাজ)

শ্ৰেষ্ঠ আত্মপ্ৰকাশ মহিলা: আলিজেহ অগ্নিহোত্ৰী (ফেৰী)

লাইফটাইম এচিভমেণ্ট এৱাৰ্ড: ডেভিড ধাৱান

এই বছৰ বঁটা প্ৰদান অনুষ্ঠানটো দুদিন ধৰি অনুষ্ঠিত হয় । শনিবাৰে কাৰিকৰী বঁটা প্ৰদান কৰা হয় আৰু দেওবাৰে অন্যান্য বঁটা প্ৰদান কৰা হয়।

৭ দিনৰ ভিতৰত সমগ্ৰ দেশতে কা ৰূপায়ণ কৰা হ’বঃ বংগত ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ

সমগ্ৰ দেশত সাত দিনৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব নাগৰিকত্‌ব সংশোধনী আইন। বংগত এই ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে । মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে ২০১৯ চনৰ ডিচেম্বৰত সংসদৰ দ্বাৰা গৃহীত নাগৰিকত্ব (সংশোধনী) আইন (চিএএ) অহা সাত দিনৰ ভিতৰত সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ’ব। দেওবাৰে দক্ষিণ ২৪ পৰগণা জিলাৰ কাকদ্বীপত এখন ৰাজহুৱা সভাত ভাষণ দি কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জলপথ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়, “এতিয়া ৰাম মন্দিৰ উদ্বোধন কৰা হৈছে। আজি, মই নিশ্চয়তা দিব পাৰোঁ যে অহা সাত দিনৰ ভিতৰত, কেৱল পশ্চিম বংগতে নহয়, সমগ্ৰ ভাৰততে কা কাৰ্যকৰী কৰা হ’ব। আইনখন প্ৰতিখন ৰাজ্যতে কাৰ্যকৰী কৰা হ’ব।”
মাতুৱা সম্প্ৰদায়ৰ আধিপত্য থকা সমষ্টি বঙাওঁৰ বিজেপি সাংসদগৰাকীয়ে লগতে অভিযোগ কৰে যে ৰাজ্য চৰকাৰৰ পৰা বাৰে বাৰে আশ্বাস দিয়া স্বত্বেও বৃহৎ সংখ্যক মাতুৱা সম্প্ৰদায়ৰ লোকক ভোটাৰ পৰিচয় পত্ৰ আৰু আধাৰ কাৰ্ড দিয়া হোৱা নাই। তেওঁ কয় “পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে যিসকলে ১৯৭১ চনৰ (বাংলাদেশ মুক্তি যুদ্ধ) পিছত ভাৰতলৈ প্ৰব্ৰজন কৰিছিল আৰু যিসকলৰ ভোটাৰ পৰিচয় পত্ৰ আৰু আধাৰ কাৰ্ড আছে তেওঁলোক এই দেশৰ নাগৰিক। কিন্তু ইয়াত হাজাৰ হাজাৰ লোক আছে, যাক ভোটাৰ পৰিচয় পত্ৰ দিয়া হোৱা নাই। তেওঁলোক মাতুৱা সম্প্ৰদায়ৰ আৰু তেওঁলোকে বিজেপিক সমৰ্থন কৰাৰ বাবেই নেকি? ৰাজ্য চৰকাৰে দলৰ ৰাজনৈতিক কাৰ্যসূচীৰ সৈতে খাপ খোৱাকৈ কামবোৰ কৰি আছে বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে যিসকলে ১৯৭১ চনৰ পিছত ইয়ালৈ আহিছে তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিবলৈ নাগৰিকত্বৰ প্ৰয়োজন। এইকাৰণেই কেন্দ্ৰই কা আনিছে। সেয়েহে কা কাৰ্যকৰী কৰিব লাগিব,”।

উল্লেখ্য কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও যোৱা বছৰ ডিচেম্বৰত কৈছিল যে বিজেপি কাৰ ৰূপায়ণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। পশ্চিম বংগত এক দলীয় সমাৱেশক সম্বোধন কৰি অমিত শ্বাহে কৈছিল , “দিদিয়ে (পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী) প্ৰায়ে কা সন্দৰ্ভত আমাৰ শৰণাৰ্থী ভাতৃসকলক বিপথে পৰিচালিত কৰে। মই এয়া স্পষ্ট কৰি দিওঁ যে কা হৈছে দেশৰ আইন আৰু কোনেও ইয়াক বন্ধ কৰিব নোৱাৰে। সকলোৱে নাগৰিকত্ব লাভ কৰিবলৈ গৈ আছে। এয়া আমাৰ দলৰ প্ৰতিশ্ৰুতি”।বংগৰ মাতুৱাসকল অনুসূচীত জাতি নমসুদ্ৰ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত । যিসকল লোকে বৃহৎ সংখ্যাত ভাৰতলৈ প্ৰব্ৰজন কৰিছিল, প্ৰথমে দেশ বিভাজনৰ সময়ত, আৰু তাৰ পিছত ১৯৭১ চনৰ বাংলাদেশ মুক্তি যুদ্ধৰ পিছত। পশ্চিম বংগৰ তিনি কোটি মাতিয়াৰ বেছিভাগেই ৰাজ্যখনৰ উত্তৰ ২৪ পৰগণা আৰু নাদিয়া জিলাত বাস কৰে।

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা BMW বাহন, ৩৬ লাখ নগদ ধন জব্দ EDৰ…

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ বাসগৃহৰ পৰা ৩৬ লাখ নগদ ধন জব্দ EDৰ।

EDয়ে জব্দ কৰে ছোৰেনৰ BMW বাহন।

মুখ্যমন্ত্ৰীগৰাকীৰ দিল্লীস্থিত বাসগৃহত EDৰ ধাৰাবাহিক তালাচী।

হেমন্ত ছোৰেনৰ বাসগৃহ, ৰাজভৱন, ED কাৰ্যালয়ৰ ১০০ মিটাৰলৈ ১৪৪ জাৰি।

৪৯ বছৰীয়া মহিলাক বিয়া কৰাই চৰ্চাত ভূপালৰ ১০৩ বছৰীয়া মুক্তিযোদ্ধা হাবিব নাজাৰ…

৪৯ বছৰীয়া মহিলাৰ সৈতে বিয়াত বহিল ১০৩ বছৰীয়া মুক্তিযোদ্ধা। নিজৰ আধা বয়সৰ মহিলাক বিয়া কৰাই চৰ্চাত ভূপালৰ মুক্তিযোদ্ধা হাবিব নাজাৰ।

হাবিব নাজাৰৰ তৃতীয় পত্নী ফিৰোজ জাহান। এবছৰ পূৰ্বেই বিৱাহ সম্পন্ন হৈছিল যদিও সম্প্ৰতি সামাজিক মাধ্যমত

এক বিশেষ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত পুনৰ চৰ্চালৈ আহিছে হাবিব নাজাৰ আৰু ফিৰোজ জাহান।