Home Blog Page 1102

এতিয়াৰে পৰা পথ-দুৰ্ঘটনাৰ সবিশেষ তথ্য তাৎক্ষণিকভাৱে উপলব্ধ হ’ব বাহন পৰ্টেলত

কোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পালে এতিয়াৰে পৰা আৰু পৰিয়াল-আত্মিয়ই দুৰ্ঘটনাৰ স্থান, সময় অথবা দুৰ্ঘটনা আক্ৰান্তৰ সবিশেষ তথ্য বিচাৰি হায়ৰান হ’বলগীয়া নহয়৷ আনকি পথ দুৰ্ঘটনাত হতাহতৰ পৰিয়ালে ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা ক্ষতিপূৰণ বিচাৰিয়ো হুমুনিয়াহ কাঢ়িব নালাগে। কিয়নো পথ-দুৰ্ঘটনাৰ সবিশেষ তথ্য এতিয়াৰে পৰা তাৎক্ষণিকভাবে বাহন পৰ্টেলত উপলব্ধ হ’ব।

এইক্ষেত্ৰত বাহন পৰ্টেলত দুৰ্ঘটনাৰ সবিশেষ তথ্য কেনেকৈ আপলোড কৰিব লাগিব সেই সন্দৰ্ভত পথ সুৰক্ষাৰ লগত জড়িত বিভিন্ন বিভাগসমূহৰ মাজত মঙলবাৰে এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। মহানগৰীৰ দিশপুৰ লাষ্টগেটৰ লোকনিৰ্মাণ বিভাগৰ সভাগৃহত জিলাখনৰ আৰক্ষী, পৰিবহণ, স্বাস্থ্য, অভিযান্ত্ৰিক, বীমা কোম্পানীসমূহকে ধৰি পথ-সুৰক্ষাৰ লগত জড়িত বিভিন্ন বিভাগৰ বিষয়াসকল প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকি নিজৰ নিজৰ বিভাগে গ্ৰহণ কৰিবলগীয়া তাৎক্ষণিক কাৰ্যব্যৱস্থা আৰু বিভিন্ন আসোঁৱাহৰ সমাধান সন্দৰ্ভত অৱগত হয়।

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ উদ্যোগত, সদস্য সচিব হেমন্ত দেউৰী ভড়ালীৰ বিশেষ তত্বাৱধানত অনুষ্ঠিত প্ৰশিক্ষণৰ উদ্বোধনী সভাত অংশগ্ৰহণ কৰি ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনাগত দিনত অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে জনোৱা আহ্বান আৰু এইক্ষেত্ৰত তেওঁ গ্ৰহণ কৰা বিশেষ উদ্যোগ কথা উল্লেখ কৰে।

আগন্তুক দিনত পথ দুৰ্ঘটনা ৰোধৰ লগতে অসমৰ ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়াত বাহাল ৰখাৰ স্বাৰ্থত যিকোনো পথ দুৰ্ঘটনাৰে সবিশেষ তথ্য অনলাইনত উপলব্ধ কৰাটো এইক্ষেত্ৰত গ্ৰহণ কৰিব পৰা সমাধানৰ সন্মিলিত প্ৰচেষ্টাৰ বাবে অতীব প্ৰয়োজন বুলি তেওঁ কয়৷ পথ সুৰক্ষাৰ লগত জড়িত বিভাগসমূহে নিজৰ নিজৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিলে পথ দুৰ্ঘটনাত হতাহতৰ পৰিয়ালে ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা ক্ষতিপূৰণ বিচাৰি আগৰ দৰে কাৰ্যালয়ে কাৰ্যালয়ে আৰু তাঁতবাতি কৰিবলগীয়া নহয়।

সেয়ে বিভাগসমূহক তেওঁ সেৱাৰ মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনাই পথ-দুৰ্ঘটনাৰ কাৰন, সময়, দুৰ্ঘটনা সংঘটিত স্থানৰ অভিযান্ত্ৰিক আসোঁৱাহ, পথ নিৰ্দেশনা আদি সম্ভাব্য দিশসমূহ নিজ নিজ বিভাগে পুংখানুপুংখ অনুসন্ধানৰ দ্বাৰা বাহন পৰ্টেলত উপলব্ধ কৰি সমাজৰ সকলো স্তৰতে জনসচেতনতা গঢ়ি তুলিব পাৰিলে পথ দুৰ্ঘটনা ৰোধ সহজসাধ্য হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে।

অনুষ্ঠানটোত উপস্থিত থাকি জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা আৰু এচিপি ট্ৰাফিক ড° অনুপ জ্যোতি বৰাই এইক্ষেত্ৰত ল’বলগীয়া বিভিন্ন সাৱধানতা সন্দৰ্ভত বক্তব্য আগবঢ়োৱাৰ পিছতে দুৰ্ঘটনাৰ সবিশেষ তথ্য ততালিকে বাহন পৰ্টেলত উপলব্ধ কৰা কাৰিকৰী দিশসমূহত আইৰেড( iRAD)ৰ ডিআৰএম অংকন শৰ্মাই প্ৰশিক্ষণ দিয়াৰ লগতে মহানগৰীৰ বিভিন্ন পথসমূহৰ অভিযান্ত্ৰিক দিশ সন্দৰ্ভত বিশিষ্ট অভিযন্তা হেমন্ত দেউৰী ভড়ালীয়ে বক্তব্য আগবঢ়াই।

বিহালী বৰগাঙত চাউলধোৱাৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি চিপিআই(এম-এল)ৰ

মঙলবাৰে বিহালী বৰগাঙত চাউলধোৱাৰ ১৫ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি সশ্ৰদ্ধ সোৱঁৰণ কৰে চিপিআই(এম-এল)ৰ বিশ্বনাথ জিলা সমিতিয়ে। দিনৰ ১১ বজাত শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত এখন সভা অনুষ্ঠিত কৰা হয়। মিন আচাৰ্য্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত চিপিআই(এম-এল)ৰ ৰাজ্যিক সম্পাদক বিবেক দাস, জিলা সম্পাদক নাৰায়ণ পৌড়েল, ৰাজ্যিক সদস্য লীলা শৰ্মা,অনন্ত হাজৰিকা, বিশ্বনাথ জিলা সমিতিৰ সদস্য ক্ৰমে লক্ষীকান্ত কুৰ্মি,প্ৰাঞ্জল কুটুম,বাহাদুৰ কায়স্থ,মহেন্দ্ৰ লোহাৰ,কৃষ্ণ পাইক,বদন মুণ্ডা,উৰ্মিলা পাইক, কৃষ্ণ নাহৰি আদিৰ লগতে শতাধিক দলীয় কৰ্মী উপস্থিত থাকে।

‘অসমৰ ইতিহাসত অন্যতম এক বৰ্বৰ হত্যাকাণ্ড চাউলধোৱাৰ গণহত্যাই এটা দশক অতিক্ৰম কৰিলে। আন্তৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে বিগত কংগ্ৰেছ চৰকাৰৰ লগত আন্দোলনকাৰী পক্ষৰ ২০১৪ চনত যি চুক্তি হৈছিল, বিজেপি চৰকাৰে আজি পৰ্যন্ত কাৰ্যকৰী নকৰিলে। সীমাত ৫ টা বন সুৰক্ষা শিবিৰ স্থাপন কৰাৰ চুক্তি আছিল যদিও কংগ্ৰেছ চৰকাৰৰ দিনতে ৩ টা স্থাপন হ’ল আৰু আহিল বিজেপিৰ চৰকাৰ। কিন্তু জাতি-মাটি ৰক্ষাৰ শ্ল’গানেৰে শাসনলৈ অহা বিজেপি চৰকাৰে বাকী দুটা বন সুৰক্ষা শিবিৰ এই চাৰে সাতবছৰীয়া কাৰ্যকালত স্থাপন কৰিব নোৱাৰিলে।

শেহতীয়াকৈ অসম চৰকাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত অসমৰ সীমামূৰীয়া ৰাজ্যৰ লগত যি বুজাবুজি চুক্তি কৰিলে সেই বিষয়েও অসমৰ ৰাইজ মুঠেই অৱগত নহয় আৰু বিজেপি চৰকাৰে “দখল যাৰ মাটি তাৰ” নীতি গ্ৰহণ কৰি আগ্ৰাসনকাৰীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ লগতে ভূমিৰক্ষাৰ আন্দোলনৰ শ্বহীদ সকলৰ প্ৰতিও ঘোৰ অপমান কৰিলে।এফালে নিজ ৰাজ্যৰ শিলসাঁকোকে ধৰি বহু খিলঞ্জীয়া কৃষকক বনাঞ্চল আৰু পতিত মাটি দখল দখল কৰা বুলি নিৰ্মমভাৱে উচ্ছেদ কৰিছে আনফালে আনৰাজ্যই অসমৰ হাজাৰ হাজাৰ বিঘা মাটি দখল কৰাৰ পিছত “দখল যাৰ মাটি তাৰ” নীতি গ্ৰহণ কৰি সেই দখলীকৃত মাটি আগ্ৰাসনকাৰিক গতাই দিব। গতিকে স্বাভাৱিকতেই প্ৰশ্ন উত্থাপিত হয় যে এইখন চৰকাৰ অসমবাসীৰ বা খিলঞ্জীয়াৰ চৰকাৰ প্ৰকৃততে হয়নে?
উল্লেখযোগ্য যে CBI য়ে ১১ জনক দোষী সাব্যস্ত কৰিছে আৰু বৰ্তমান লক্ষীমপুৰ ন্যায়ালয়ৰ দণ্ডাধীশৰ আদালতত চাউলধোৱা হত্যাকাণ্ডৰ গোচৰ চলি আছে আৰু অসমৰ ইতিহাসত বিশেষকৈ সীমাত সংঘটিত হত্যাকাণ্ডৰ ক্ষেত্ৰত CBI তদন্ত আৰু দোষী সাব্যস্ত কৰাৰ ঘটনা এয়াই প্ৰথম’- বুলি উল্লেখ কৰি ১১ তম শ্বহীদ দিৱসত উপস্থিত থাকি চিপিআই(এম-এল)ৰ ৰাজ্যিক সম্পাদক বিবেক দাসে চাউলধোৱাৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে আৰু বিহালী তথা অসমৰ সংগ্ৰামী ৰাইজক কৃতজ্ঞতা জনোৱাৰ লগতে CBI ৰ দলটোৰো শলাগ লয়।

অসমৰ ১০০ গৰাকী বিশিষ্ট ব্যক্তিলৈ পত্ৰ প্ৰেৰণ ৰাহুল গান্ধীৰ

ভাৰত জোড়ো ন্যায় যাত্রাত অহা বাধা সন্দৰ্ভত উদ্বেগ প্রকাশ কৰি এই যাত্রা সফল কৰি তুলিবৰ বাবে অসমৰ ১০০ গৰাকী বুদ্ধিজীৱি আৰু বিশিষ্ট ব্যক্তিয়ে ৰাইজ আৰু চৰকাৰৰ প্ৰতি এক আহ্বান জনাইছিল।

ড° নগেন শইকীয়া, কুলদা কুমাৰ ভট্টাচাৰ্য, হৰেকৃষ্ণ ডেকা, হাইদৰ হুছেইন, কুলেন্দু পাঠক, তপোধীৰ ভট্টাচাৰ্য, দীনেশ চন্দ্ৰ গোস্বামী, অজিত কুমাৰ ভূঞা, অপূৰ্ব কুমাৰ বৰুৱা, উদয়াদিত্য ভৰালী, নিত্য বৰা প্ৰমুখ্যে ১০০ গৰাকী অসমৰ বিশিষ্ট ব্যক্তিয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্রতি দেখুওৱা আস্থা আৰু সঁহাৰিৰ বাবে ৰাষ্ট্ৰীয় কংগ্ৰেছ নেতা, সাংসদ ৰাহুল গান্ধীয়ে অসমৰ এই চিন্তাবিদসকলক ধন্যবাদ জনাই প্রতিজনলৈকে ব্যক্তিগতভাবে একোখনকৈ পত্ৰ প্ৰেৰণ কৰিছে।

অসম প্রদেশ কংগ্ৰেছৰ নিষ্ঠাৱান কর্মীসকলে এই পত্রসমূহ বিশিষ্ট লোকসকলক নিজ হাতে অৰ্পণ কৰিছে। অসম প্রদেশ কংগ্রেছ কমিটিয়ে ভাৰত জোড়ো ন্যায় যাত্রাত প্রত্যক্ষ আৰু পৰোক্ষভাৱে সহযোগিতা আগবঢ়োৱা অসমৰ জাতি, ধর্ম, বর্ণ নির্বিশেষে সকলো শ্ৰেণীৰ নাগৰিকক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে।

সাতগাঁৱত সদ্যঘোষিত অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ ৪ কৃতিমানক সম্বৰ্ধনা

সৰুৰে পৰাই এজন প্ৰশাসনিক বিষয়া হিচাপে দেশৰ লগতে দহৰ হকে কাম কৰাৰ এটা সপোন পুহি ৰাখিছিলো। ডাঙৰ হৈ অহাত এই সপোনে আৰু অধিক হেঁচা মাৰি ধৰিছিল। কেতিয়াবা এনে দিন, এনে ৰাতি পাৰ কৰিছিলোঁ যে এই সপোন বোৰ সাকাৰ কৰাৰ তাগিদাত শুবলৈ যাব পৰা নাছিলোঁ। এতিয়া এটা সপোন পুৰণ হল আৰু ৰাজপত্ৰিত বিষয়া হোৱাৰ গৌৰৱ অৰ্জন কৰিলো। অলপতে মহানগৰীৰ সাতগাঁও লাচিত পুথিভঁৰালৰ উদ্যোগত আৰু সাতগাঁও স্বৰ্ণ শাখা সাহিত্য সভা, জ্যেষ্ঠ নাগৰিক সন্মিলন, মহাবাহু আৰু সাতগাঁও সমন্বয় সমিতিৰ সহযোগত বৃহত্তৰ সাতগাঁও অঞ্চলৰ সদ্যঘোষিত অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ কৃতিমান সকলক সম্বৰ্ধনা আৰু প্ৰশস্তি পত্ৰ প্ৰদান অনুষ্ঠানত এই মন্তব্য প্ৰদান কৰে সাতগাঁও, দলবাৰিৰ সুযোগ্য পিতৃ পৰেশ দাসৰ কণ্যা ৰোজলিনা শৰণীয়াই।

অনুষ্ঠানত অঞ্চলটোৰ আন তিনি কৃতিমান ক্ৰমে পাঞ্চালি দেৱী, দীপাংকৰ দাস আৰু অনন্যা দত্তকো সম্বৰ্ধনা আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত দীপাংকৰ আৰু অনন্যাৰ অনুপস্থিতিত তেওঁলোকৰ অভিভাৱকৰ হাতত প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়। অন্যহাতে দলবাৰি অঞ্চলৰে পিতৃ প্ৰয়াত অবনি বৰঠাকুৰ আৰু মাতৃ সন্ধ্যা দেৱীৰ কন্যা পাঞ্চালি দেৱীয়ে সম্বৰ্ধনা গ্ৰহণ কৰি এই কৃতিত্ব প্ৰাপ্তিৰ বাবে পিতৃ মাতৃৰ অবদান আৰু তেওঁলোকৰ সপোন বোৰ দিথকত পৰিণত কৰাৰ বাবে পুহি ৰখা হাবিযাসৰ ফল বুলি মন্তব্য প্ৰদান কৰে।

অন্যহাতে দীপাংকৰ দাসৰ পিতৃ ৰামেশ্বৰ দাস আৰু অনন্যা দত্তৰ পিতৃ ৰাতুল মহন্তই নিজ সন্তানৰ হৈ এই প্ৰশস্তি পত্ৰ গ্ৰহণ কৰি সন্তানৰ বাবে লাভ কৰা এই আনন্দ জীৱনৰ এটা ডাঙৰ প্ৰাপ্তি বুলি মন্তব্য প্ৰদান কৰে। সভাপতিৰ ভাষণত সাতগাঁও লাচিত পুথিভঁৰালৰ সভাপতি ভবেন চন্দ্ৰ দাসে অতীজতে অপতীৰ্ণ সদৃশ দলনিৰে ভৰি থকা দলবাৰিত পৰবৰ্তী পৰ্যায়ত বহুল জন বসতিৰ স্থল হৈ পৰাত এই স্থানতে ডাঙৰ দীঘল হোৱা ৰোজলিনা আৰু পাঞ্চালিৰ লগতে নিকটবৰ্তী দীপাংকৰ আৰু অনন্যাই এই অঞ্চললৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিছে। আমি তেওঁলোকৰ ভৱিষ্যত উজ্বল কামনা কৰাৰ লগতে তেওঁলোকৰ পথেৰে অঞ্চলটোৰ আৰু বহু ৰজপত্ৰিত বিষয়া ওলাই অহাটো কামনা কৰিছো।

অনুষ্ঠানত কৃতিমান সকলৰ অভিভাৱক ক্ৰমে পৰেশ দাস, ৰামেশ্বৰ দাস, সন্ধ্যা দেৱী আৰু ৰাতুল মহন্তৰ লগতে অঞ্চল টোৰ বিশিষ্ট ব্যক্তি ফুলেশ্বৰ ডেকা, প্ৰফুল্ল বৰ্মন, দুলুমনি বৰঠাকুৰ আৰু ইন্দ্ৰ মোহন শৰ্মাই ভাষণ দিয়াৰ লগতে উপেন গোস্বামীয়ে শলাগৰ শৰাই আগবঢ়াই।

সামৰণি পৰিল অসম ভাওনা সমাৰোহ-২০২৪

ভাওনা অসমীয়া সমাজৰ অবিচ্ছেদ্য অংগ, ভাওনা অবিহনে অসমীয়া সমাজ পৰিপূৰ্ণ নহয়। ভাওনাই আমাক নৈতিক, আধাত্মিক, শিক্ষা দিয়ে- ১৮ জানুৱাৰীৰ পৰা মাজুলীৰ আউনীআটী সত্ৰৰ উদ্যোগত মণিকাঞ্চন ৰংগ ক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম ভাওনা সমাৰোহ ২০২৪ৰ মঙলবাৰে সমাবৰ্তন আৰু বঁটা বিতৰণ অনুষ্ঠানত সভাপতি আসন গ্ৰহণ কৰি উদযাপন সমিতিৰ সভাপতি ড॰ পীতাম্বৰ দেৱ গোস্বামীয়ে এনেদৰে কয়।

লগতে ভাওনাৰ আঠটা ভাগৰ বিষয়ে সভাত অৱগত কৰে। ভাওনাৰ অবিচ্ছেদ্য চাৰিটা অংগ বিষয়ে বিস্তৃত ভাবে দাঙি ধৰে আৰু কয় ভাওনা সমাৰোহে মানুহক কেনেকৈ পৰিশোধিত ৰূপ দিয়ে এয়ে এই ভাওনা সমাৰোহৰ নিদৰ্শন।ভাওনাত লোকৰঞ্জন আছে বাবেই হাজাৰ হাজাৰ লোকৰ সমাগত হৈছে বুলি মন্তব্য কৰি ভাওনাৰ জৰিয়তে ভাগ ভাগ হোৱা সমাজখনক একগোট কৰিব পাৰিছে, ভাওনাই আমাক সামগ্ৰিক ভাৱে সচেতন কৰা শিক্ষা দিয়ে বুলি উল্লেখ কৰে।

উদযাপন সমিতিৰ প্ৰধান সম্পাদক তুলসী ৰাজখোৱাই আঁত ধৰা সমাবৰ্তন অনুষ্ঠান উদ্বোধন কৰে আউনীআটী বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড॰ ডম্বৰুধৰ নাথে। উদ্বোধন কৰি নাথে সমাবৰ্তনৰ দৰ্শন সম্পৰ্কত এটি কাহিনীৰ আধাৰত বিস্তৃত ভাবে দাঙি ধৰে। এই সমাবৰ্তন আধাৰত যি সকলে কৃতিত্ব অৰ্জন কৰিছে সেই সকলেই কৃতিত্বৰ যোগ্য বুলি মন্তব্য কৰে। ভাওনা দৰ্শন সম্পৰ্কত পৰম দৰ্শনৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য দি কয় পৰম দৰ্শন প্ৰাপ্তিৰ জৰিয়তে ভাওনাৰ মূল প্ৰাপ্ত হয় আৰু সেই পৰম দৰ্শন প্ৰাপ্তৰ বাবে যিসকলে অভিনয় কৰি আমাক আমোদ দিলে সেই সকলো কৃতিত্বৰ যোগ্য বুলি উল্লেখ কৰে। লগতে আমাৰ গুৰু সকলৰ বিষয়ে চৰ্চা হব লাগে বুলি উল্লেখ কৰি ড॰ পীতাম্বৰ দেৱ গোস্বামীৰ প্ৰচেষ্টাত আউনীআটী সত্ৰৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানে সংস্কৃতি প্ৰসাৰৰ বাবে বহু খিনি কৰিছে বুলি কয়।


ইয়াৰ পাছতেই আউনীআটী সত্ৰৰ উদ্যোগত প্ৰদান কৰি অহা শংকৰদেৱ গৱেষণা বঁটা আউনীআটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ ডম্বৰুধৰ নাথক সত্ৰাধিকাৰ তথা উদযাপন সমিতিৰ সভাপতি পীতাম্বৰ দেৱ গোস্বামীয়ে প্ৰদান কৰে। বঁটা প্ৰদান কৰি সত্ৰাধিকাৰগৰাকীয়ে কয়- শংকৰদেৱৰ গৱেষণা মূলক গ্ৰন্থ চৰ্চা, সত্ৰীয়া সংস্কৃতিৰ বিষয়ে প্ৰচাৰত অৰিহণা যোগোৱাৰ বাবে নাথক এই বঁটা প্ৰদান কৰা হৈছে। এই বঁটাত আছে মান পত্ৰ, সত্ৰৰ বেতৰ বিচনী, চেলেং, সঁফুৰা, গ্ৰন্থ, নগদ ধন। সভাতেই মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰীয়া প্ৰভাত বৰা বুঢ়াভকত ভাওনা ৰত্ন আৰু দীনেশ শইকীয়াক ভাওনা মহীয়ান বঁটা সত্ৰাধিকাৰ ড॰ পীতাম্বৰ দেৱ গোস্বামী আৰু ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে প্ৰদান কৰে।

১৩ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই ভাওনা সমাৰোহ খনিৰ প্ৰতিযোগিতাত মুঠ ২৪টা দলে অংশগ্ৰহণ কৰিছিল। মঙলবাৰে ঘোষণা কৰা ফলাফল অনুসৰি শ্ৰেষ্ঠ ভাওনা দল আমগুৰি মণিকাঞ্চন ভাওনা দলৰ কুমাৰ হৰণ, দ্বিতীয় শ্ৰেষ্ঠ ভাওনা দল নাজিয়াৰ শংখধ্বনি শিল্পী সমাজৰ ৰঘুকুলমণি, তৃতীয় শ্ৰেষ্ঠ ভাওনা দল যোৰহাট শ্ৰীমন্ত শংকৰ মাধৱ গোষ্ঠীৰ যযাতিৰ জড়াপ্ৰাপ্তি, পুৰুৰ ৰাজ অভিষেক, চতুৰ্থ স্থান মাজুলীৰ বৃন্দাবন যুৱ শিল্পী সমাজৰ কচ দেৱযানী, পঞ্চম স্থান উষাপুৰ, দুলীয়াজনৰ শংখধ্বনি নাট্য গোষ্ঠীৰ অতনুৰ তনু লাভ, ষষ্ঠ স্থান নামনি মাজুলীৰ সিন্ধুৰা শিল্পী সমাজৰ কেশী মৰ্দন পুৰুৰবা উপাখ্যান। সপ্তম স্থান, নিলিখ সুদৰ্শন নাট্য গোষ্ঠীৰ ৰোচনাৰ সমন্বয়, ৰুক্মবীৰৰ মুক্তিলাভ ভাওনাই শ্ৰেষ্ঠ হয়।

ইফালে গায়ন বায়ন শ্ৰেষ্ঠ দল গড়মূৰ মাজুলীৰ শ্ৰী শ্ৰী কৃষ্ণ চন্দ্ৰ দেৱ গোস্বামী সাংস্কৃতিক গোষ্ঠী, দ্বিতীয় শ্ৰেষ্ঠ নাট্য দল সিন্ধুৰা শিল্পী সমাজ,মাজুলী। তৃতীয় শ্ৰেষ্ঠ মুৰাৰী গড়েহগা আঞ্চলিক ভাওনা দল উত্তৰ লক্ষীমপুৰ। ফলাফলত শ্ৰেষ্ঠ পুৰুষ চৰিত্ৰ ‘ৰাৱন ৰঘুকুলমণি-উৎপল খনিকৰ; দ্বিতীয় যুটীয়াভাৱে ‘যযাতি’ যযাতিৰ জড়াপ্ৰাপ্তি-লাটুমণি শইকীয়া,আৰু ‘ৰত্নাকৰ’ দস্যু ৰত্নাকৰৰ-লুনু নেওগে লাভ কৰে। তৃতীয় ভীষ্ম শ্ৰী কৃষ্ণৰ বিৰাট ৰূপ দৰ্শন ভাওনাৰ।

স্ত্ৰী চৰিত্ৰৰ শ্ৰেষ্ঠ- তাৰা চৰিত্রত বিতোপন কাকতি, দ্বিতীয় সুদেষ্ণা চৰিত্ৰত অবিনাশ শইকীয়া, তৃতীয় দেৱযানী চৰিত্ৰত পংকজ দত্ত। শিশু চৰিত্ৰৰ প্ৰথম লৱ কুশ যুটীয়াভাৱে ৰাজদ্বীপ বৰা, দেৱাশীষ দত্ত, দ্বিতীয় লতী চৰিত্ৰত, কংকণজ্যোতি বৰা, শ্ৰেষ্ঠ পুৰুষ পাশ্ব চৰিত্ৰত সম্বৰাসুৰ মন্টু বৰা শ্ৰেষ্ঠ হয়।

স্ত্ৰী চৰিত্ৰৰ শ্ৰেষ্ঠ- (তাৰা) বিতোপন কাকতি

শ্ৰেষ্ঠ ভগৱান চৰিত্ৰত শ্ৰী কৃষ্ণৰ বিৰাট ৰূপ ধাৰণ, শোভম দত্ত, শ্ৰেষ্ঠ নাৰদ বিদ্যুৎ মহন্ত, সূত্ৰধাৰ প্ৰথম প্ৰগতিশীল সাংস্কৃতিৰ যুৱ সংঘ টিয়ক পাৰ্থপ্ৰতিম বৰা, দ্বিতীয় শ্যামকানু নাট্য গোষ্ঠী শিৱসাগৰৰ মিলনজ্যোতি বৰগোহাঁই, তৃতীয় কিস্কিন্ধ্যা বিজয় নাটক ধিতাই পুখুৰীৰ ত্ৰিদিপ দত্ত। শ্ৰেষ্ঠ নাট্যকাৰ সন্মান অতনু তনু লাভ নাটকৰ পীতাম্বৰ দেৱ গোস্বামীলৈ, শ্ৰেষ্ঠ পৰিচালকৰ মণিকাঞ্চন ভাওনা দল আমগুৰিৰ উৎপল খনিকৰ, সৌৰভ শইকীয়া, শ্ৰেষ্ঠ মুখা শিল্পী ভোমোৰামুখ -মণিকাঞ্চন ভাওনা দল আমগুৰি। শ্ৰেষ্ঠ বায়ন-সমুদ্ৰ হাজৰিকালৈ, শ্ৰেষ্ঠ গায়ন-দিৱজ্যোতি শইকীয়া।

সমাৰোহ খনিত ৰূপসজ্জা, বিচাৰক বিশেষ বঁটা, নিচুকনি বঁটা আদিৰো ঘোষণা আৰু বঁটা প্ৰদান কৰা হয়। মিচিং জনগোষ্ঠী ১নং বৰগঞা অবিৰত সাংস্কৃতিৰ গোষ্ঠীয়ে পৰিৱেশন কৰা শ্ৰী শ্ৰী বামণ অৱতাৰ নাটকক নিচুকনি বঁটা প্ৰদান কৰে। ঘোষক দীপক বৰুৱাই ঘোষণা কৰা ভাওনা সমাৰোহ খনিৰ ফলাফল অনুষ্ঠানত ভাওনা চন্দ্ৰ আৰু ভাওনা সূৰ্য পূৰ্বে ঘোষণা কৰা পুৰস্কাৰ প্ৰাপকক সভাতেই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানতেই মাজুলী নিমাতী মাজত চলাচল কৰা ফেৰী সেৱাৰ চাৰিজনকৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীক সম্বৰ্ধনা জনায় সত্ৰাধিকাৰ ডo পীতাম্বৰ দেৱ গোস্বামীয়ে।ভাওনা সমাৰোহ খনিলৈ অহাৰ ক্ষেত্ৰত ফেৰী কৰ্মচাৰী সকলে সুবিধা কৰি দিয়া পৰিপ্ৰেক্ষিতত এই সম্বৰ্ধনা জনোৱা হয় বুলি জানিবলৈ দিয়ে।


ভাওনা সমাৰোহ খনৰ উদযাপন সমিতিৰ প্ৰধান সম্পাদকতুলসী ৰাজখোৱাৰ উদ্দেশ্য বাখ্যাৰে আৰম্ভ হোৱা সমাবৰ্ত অনুষ্ঠানটিত ফলাফল লাভ কৰা সকলো দলৰ লগতে পুৰস্কাৰ প্ৰাপ্ত সকলোকে সভাতেই উদযাপন সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ ড॰ পীতাম্বৰ দেৱ গোস্বামীয়ে বঁটা প্ৰদান কৰে।সমাৰোহ খনিত মাজুলীৰ সাংবাদিক সকলে প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে সাংবাদিক সকলক উদযাপন সমিতিৰ তৰফৰ পৰা সমাৰোহৰ উদযাপন সমিতিৰ সভাপতি ড॰ পীতাম্বৰ দেৱ গোস্বামীয়ে মান পত্ৰ আৰু সমাৰোহৰ স্মৃতিগ্ৰন্থৰে সম্বৰ্ধনা জনায়।সমাবৰ্তন অনুষ্ঠান বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অসম বাৰ্তাজীৱী সংঘৰ ৪৬ সংখ্যক অধিৱেশন সম্পন্ন, নতুন সমিতিৰ দ্বায়িত্ব গ্ৰহণ…

অসম বাৰ্তাজীৱী সংঘৰ ৪৬সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনখনি সোমবাৰে গুৱাহাটী মহানগৰীৰ ৰূপনগৰৰ মিডিয়া ট্ৰাষ্টত অনুষ্ঠিত হয়। অধিৱেশন উপলক্ষে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, প্ৰতিনিধি সভা তথা সাধাৰণ সভা আদি অনুষ্ঠিত হয়। সেই অনুসৰি পুৱা ১০ বজাত সংঘৰ পতাকা উত্তোলন কৰে সভাপতি টুটুমণি ফুকনে। ১০-১৫ বজাত স্মৃতি তৰ্পণ মুকলি কৰে সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই। আনহাতে দিনৰ ১১ বজাত অনুষ্ঠিত হয় প্ৰতিনিধি সভা আৰু সাধাৰণ সভা।

ৰাজ্যখনৰ ২৭ খন জিলাৰ প্ৰতিনিধি, মণ্ডলৰ সভাপতি আৰু সম্পাদকৰ লগতে প্ৰতিটো মিডিয়া হাউছৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা অধিৱেশনত ৰাজ্যখনৰ সাংবাদিকসকলৰ দা-দৰমহা, আৰ্থিক নিৰাপত্তা, জীৱন বীমা, পেঞ্চন, চৰকাৰী স্বীকৃতিৰ পৰিচয় পত্ৰ প্ৰদান আদি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। বিশেষকৈ ৰাজ্য চৰকাৰে চলিত বছৰৰ সাংবাদিক পেঞ্চন বন্ধ কৰি ৰখা বিষয়টো আলোচনা হয়। সভাই শীঘ্ৰেই সাংবাদিক পেঞ্চন মুকলি কৰি দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়। এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ূষ হাজৰিকাক পদক্ষেপ ল’বলৈ আহ্বান জনায়।

আনহাতে ৰাজ্যখনৰ সাংবাদিকৰ জীৱন বীমা আঁচনীখন শীঘ্ৰেই আৰম্ভ কৰিবলৈও চৰকাৰক আহ্বান জনায় প্ৰস্তাৱ গ্ৰহণ কৰে। বৰ্তমান সময়ত ৰাজ্যখনৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠান, মফছলীয় সাংবাদিকসকলৰ আৰ্থিক অৱস্থা শোচনীয় আৰু সাংবাদিক সকলো শোষিত বঞ্চিত শ্ৰেণীৰ ভিতৰত অন্যতম বুলি অভিহিত কৰি সাংবাদিকসকলৰ আৰ্থিক নিৰপত্তাৰ দিশটো গুৰুত্ব দিবলৈও চৰকাৰক আহ্বান জনায়।

প্ৰতিনিধি সভাত আলোচনাত অংশগ্ৰহণ কৰি গোৱালপাৰা জিলা সমিতিৰ সভাপতি ৰবিউল হক, ওদালগুৰি জিলাৰ সভাপতি অখিল কলিতা, সম্পাদক মোছাদ্দিক হুছেইন, কামৰূপ মহানগৰ জিলাৰ সভাপতি বিকাশ দাস, নগাঁও জিলাৰ সভাপতি কনক হাজৰিকা, সম্পাদক ভাস্কৰ জোতি মেধি, ডিব্ৰুগড় জিলাৰ সভাপতি আৰন্ধৰা, লখিমপুৰ জিলাৰ সভাপতি কুমুদ বৰুৱা, ধেমাজি জিলাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰ, সম্পাদক জীৱন কোৱৰ , ধুবুৰী জিলাৰ সভাপতিৰ আশিকুৰ ৰহমান, বৰপেটা জিলাৰ সভাপতি চাহেদ আলি আহমেদ , সম্পাদক জহিদুল ইচলাম, বজালীৰ সভাপতি চৌধুৰী, শালমাৰা মানকাচাৰ জিলাৰ উপদেষ্টা মনোৱাৰ হুচেইন, দৰং জিলা সমিতিৰ সভাপতি প্ৰদিপ ঘোষ, সম্পাদক লক্ষীনন্দন কলিতাই সাংবাদিকসকলৰ বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বানৰ বিষয়ে কয়।

বাৰ্তাজীৱী সংঘৰ সম্পাদক মুকুট ৰাজ শৰ্মাই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰা সভাত নৱ নিৰ্বাচিত সমিতিয়ে দায়িত্বভাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে যোৱা ৩০ ডিচেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংঘৰ সাধাৰণ নিৰ্বাচনত মধুসুদন মেধিক সভাপতি, অঞ্জন কুমাৰ শৰ্মাক উপ সভাপতি আৰু মুকুট ৰাজ শৰ্মাক সাধাৰণ সম্পাদক, নৱনীতা কলিতাক কোষাধ্যক্ষ, বশিষ্ঠ দেৱ ফুকনক সাংগঠনিক সম্পাদক, হেমন্ত বৰ্মনক কায্যালয় সম্পাদক, অখিল কলিতাক প্ৰচাৰ সম্পাদক আৰু ভূবন চেতিয়া, ভাস্কৰ শৰ্মা, প্ৰদীপ বৰ্মন, তৰণী কলিতা, সোনাধৰ ডেকা, অশ্বিনী দুৱৰা, যতীন ভাগৱতী, প্ৰশান্ত মোদকক লৈ ১৫ জনীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতি নিৰ্বাচন কৰা হৈছে। সভাত নৱ নিৰ্বাচিত সভাপতি মধুসূদন মেধিয়ে বক্তব্য আগবঢ়াই অসম বাৰ্তাজীৱী সংঘই অসমৰ সাংবাদিকসকলৰ ন্যায্যপ্ৰাপ্তি আৰু অধিকাৰৰ হৈ কাম কৰি যাব বুলি কয়।

হাজোৰ বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ অধ্যক্ষ অসিত কুমাৰ পালক DDO পদৰ পৰা অপসাৰণ…

হাজোৰ বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ অধ্যক্ষক অপসাৰণ। অধ্যক্ষ অসিত কুমাৰ পালক DDO পদৰ পৰা অপসাৰণ।

অধ্যক্ষ পদৰ পৰাও অব্যাহতি অসিত কুমাৰ পালক। অসিত কুমাৰ পালৰ বিৰুদ্ধে আছে বিত্তীয় অনিয়মৰ অভিযোগ।

APLৰ ছাত্ৰ-ছাত্ৰীক BPL হিচাপে দেখুৱাইছিল অসিত পালে। BPLৰ নামত নামভৰ্তি কৰি চলাইছিল ধন লুণ্ঠন। মহাবিদ্যালয়ৰ গৃহ নিৰ্মাণৰ পুঁজিও আত্মসাৎ কৰিছিল অসিত কুমাৰ পালে।

দৈনিক এটাকৈ কল খােৱাৰ অভ্যাস কৰক ! কলে কেন্সাৰো প্ৰতিৰোধ কৰিব পাৰে…

দৈনিক এটাকৈ কল খালে অনিদ্ৰা, প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা, কোষ্ঠকাঠিন্য আদিৰ পৰা ৰেহাই পোৱা যায়। কল নিয়মীয়াকৈ খাই থাকিলে ভোকো বেছিকৈ লাগে। যদি পুৱাৰ জলপানৰ লগত কল খোৱা হয়, তেনেহ’লে ই শৰীৰৰ বিভিন্ন ৰোগৰ কাৰণে ঔষধ স্বৰূপে কাম কৰে।

পকা কল এটা পিটিকি তাৰ লগত আধাকাপ পানী মিহলাই ভালদৰে গুলি লৈ পিছত পানীখিনি নিগৰাই লৈ চেকি লওক। এই ৰসৰ লগত সামান্য পৰিমাণে নিমখ মিহলাই গলধন, ডিঙি আৰু হাত দুখনত বাউসীলৈকে সানক।

শুকাই যোৱাৰ পিছত পানীৰে ধুই পেলাওক। এনে কৰিলে ছাল কোচ খাই ওলমি যোৱা বিকাৰ নাইকিয়া হ’ব আৰু ছাল কমনীয় হৈ পৰিব।

কলে কেন্সাৰো প্ৰতিৰোধ কৰিব পাৰে –

কল খাই থকা লোকৰ শৰীৰত শক্তিৰ মাত্ৰা সাধাৰণ ব্যক্তিৰ তুলনাত বেছি থাকে। অন্য ভালেমান ফলৰ দৰে, গোটেই বছৰ ধৰি পাব পৰা ফল হৈছে এই কল। কিছুমান আবতৰীয়া ফলৰ দাম গোটেই বছৰ ধৰি একে সমানে নেথাকে কিন্তু কলৰ দাম প্ৰায় একেদৰে থাকে। বিভিন্ন ধৰণৰ কল বজাৰত পোৱা যায় আৰু প্ৰায় অধিকাংশ কলৰে গুণ কম বেছি পৰিমাণে একে। বিভিন্ন প্ৰজাতিৰ কলৰ সোৱাদ আৰু গোন্ধ বেলেগ হয় যদিও ইয়াৰ ভিতৰতে কিছুমান প্ৰজাতিৰ কল বৰ সুস্বাদু হয়।

কলে শৰীৰত যথেষ্ট শক্তি যোগান ধৰাৰ লগতে ইয়াত থকা ভিটামিন, আয়ৰণ আৰু ফাইবাৰ আদিয়ে শৰীৰক পুষ্টিৰ যোগান ধৰিব পাৰে।

কলত অন্যান্য ফলতকৈ অধিক শক্তি যোগানৰ উৎস আছে বাবেই খেলুৱৈসকলে প্ৰতিদিনেই কল খাবই লাগে। কল বুলি ক’লে আমি সাধাৰণ পকা কলকেই বুজো যদিও কেঁচা কলো পাচলিৰূপে খাব পাৰি। অৱশ্যে পাচলি ৰূপে খোৱাৰ বাবে পুৰাকলজাতীয় কেইবাটাও জাতৰ কল আছে।

কল পকাৰ লগে লগে তাত এন্টিঅক্সিডেন্ত উপাদানৰ স্তৰ বৃদ্ধি পায়। কলত কেৰোটিনয়ড, এন্টিঅক্সিডেন্ট পোৱা যায় আৰু এইবিধ উপাদানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ফলত কলত থক পুষ্টি উপাদানৰ মাত্ৰা আঠ গুণলৈকে বাঢ়ি যায়। কলত পটাচিয়াম, ভিটামিন-‘এ’, ‘চি’, ‘বি-১’ আৰু ‘বি-২’ৰ লগতে খাদ্য আঁহ পূৰা মাত্ৰাত থাকে। সেয়ে সম্পূৰ্ণকৈ পকা কলহে খাব লাগে আৰু এনে কলেহে শৰীৰক সম্পূৰ্ণকৈ পুষ্টিৰ যোগান ধৰিব পাৰে। কলত এফ.অ’.এইচ.উপাদানো পোৱা যায়।

অসমৰ বাবে অভিলাষী পথ পৰিকল্পনা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাইক্ৰ’ব্লগিং চাইট এক্সত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমৰ পথৰ আন্তঃগাঁথনিৰ ব্যৱধান দূৰ কৰা, নিৰৱচ্ছিন্ন সংযোগ নিশ্চিত কৰা আৰু বিভিন্ন চলি থকা উন্নয়নমূলক প্ৰকল্পৰ জৰিয়তে জনগোষ্ঠীসমূহক ওচৰলৈ অনাৰ বাবে দায়বদ্ধতা প্ৰকাশ কৰে। ৰাজপথৰ আন্তঃগাঁথনি বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰৰ নিষ্ঠাৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰী শৰ্মাই সমগ্ৰ অসমতে সংযোগ গঢ়ি তোলাৰ লক্ষ্যৰে একাধিক আঁচনিৰ ওপৰত আলোকপাত কৰে।

অসমৰ ৰাইজৰ বাবে এক সুদৃঢ় নেটৱৰ্ক গঢ়ি তুলিবলৈ চৰকাৰে বিভিন্ন আঁচনিৰ অধীনত পথৰ উন্নয়নত সক্ৰিয়ভাৱে জড়িত হৈ আছে। এই পদক্ষেপৰ লক্ষ্য হৈছে ভ্ৰমণৰ সময় হ্ৰাস কৰা, সুলভতা বৃদ্ধি কৰা আৰু সমগ্ৰ ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়ন বৃদ্ধি কৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনৰ ৭ ফেব্ৰুৱাৰীত আৰম্ভ কৰা অন্যতম মূল প্ৰকল্প অসম মালা ১.০-এ পথ আন্তঃগাঁথনি উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। উল্লেখযোগ্য পথসমূহৰ ভিতৰত আছে পলাশবাৰী মিৰ্জা চাণ্ডুবি, নাহৰ আলি আৰু ডিক্ৰং আৰু সোৱনশিৰি নদীৰ ওপৰত থকা ডাঙৰ ডাঙৰ দলং। ২০২৩ চনলৈকে ব্যৱহাৰ কৰা ১৮৫৯ কোটি টকাৰ বিনিয়োগেৰে এই পদক্ষেপে ৰাজ্যখনৰ সংযোগত যথেষ্ট অৰিহণা যোগাইছে।

এ এছ আৰ আই পিয়ে ৮টা পেকেজত মুঠ ২৪৭ কিলোমিটাৰ দৈৰ্ঘ্য সামৰি পথ কৰিডৰ বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য পথসমূহৰ ভিতৰত আছে ধোদৰ আলী, সোৱনশিৰীৰ ওপৰত দলং আদি। এই প্ৰকল্পটোৱে বৰ্তমানলৈকে ৩৮০ কোটি টকাৰ বিনিয়োগ ব্যৱহাৰ কৰা দেখা গৈছে, যিয়ে গৌণ পথ নেটৱৰ্ক উন্নত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক প্ৰদৰ্শন কৰিছে।

বিভিন্ন অঞ্চলৰ সংযোগৰ প্ৰয়োজনীয়তা পূৰণ কৰি এ এছ চি চি আই পিয়ে ৩১২.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৬টা পথ কৰিডৰক ১১টা পেকেজত সামৰি লৈছে। এই উন্নয়ন ডিমা হাচাও, কাৰ্বি আংলং, বিটিআৰ আৰু বৰাক উপত্যকাৰ দৰে অঞ্চললৈ বিস্তৃত। ২০২৩ চনলৈকে ৫৩৪ কোটি টকাৰ ব্যৱহাৰে অৰ্থনৈতিক সহযোগিতা আৰু সংযোগক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত এই পদক্ষেপৰ সফলতাক আলোকপাত কৰিছে।

আঠ কিলোমিটাৰ দৌৰি জোঁৱাই হ’ল আমিৰ খানৰ, স্মৃতিগ্ৰন্থলৈ হানিমুনৰ পৰা উভতিল নুপুৰ-আয়ৰা….

নুপুৰ-ইৰাৰ বিয়াৰ পিছত দম্পতী হানিমুনলৈ গ’ল। বালি হানিমুনৰ পৰা উভতি অহাৰ পিছত ইৰা খান আৰু নুপুৰ শিখাৰে মেচিং টেটু প্ৰদৰ্শন কৰে-


নুপুৰ-আইৰা দুয়োজনে সাগৰ ভাল পায় আৰু সেইবাবেই হানিমুনৰ বাবে বালি বাছি লৈছিল। ইণ্ডোনেছিয়ালৈ যোৱাৰ পথত বিমানখনৰ ভিতৰৰ পৰা ছবি দিছিল। সাজ-পোছাক অতি সহজ, সাধাৰণ কাপোৰে পিন্ধে দুয়োজন মানুহে। স্বামী নুপুৰৰ সৈতে ইৰাই ডায়েৰী এখন তুলি লৈ লিখিলে, “এয়াৰপৰ্টত ইমিগ্ৰেচন লাইনত একেলগে। ” অৱশ্যে বালিৰ পৰা তেওঁলোক খালী হাতেৰে উভতি নাহিল। স্মৃতিগ্ৰন্থ লৈ উভতি আহিল আইৰা-নুপুৰ।