Home Blog Page 1142

সম্পন্ন হ’ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক, বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ…

বৃহস্পতিবাৰে দিছপুৰৰ জনতা ভৱনত সম্পন্ন হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক৷ দুই কেবিনেট মন্ত্ৰী কেশৱ মহন্ত আৰু অশোক সিংহলে কেবিনেটৰ অন্ততসংবাদ মাধ্যমৰ আগত বৈঠকৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে৷ ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ‘আছাম ষ্টেট টাউনশ্বিপ পলিচী’ত অনুমোদন জনাইছে আজিৰ কেবিনেটে৷ ৰাণীত ৩০০ একৰ ভূমিত হ’ব টাউনশ্বিপ৷ আনহাতে, ৰাজ্য চৰকাৰে গৃহহীন লোকৰ বাবে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী আৱাস যোজনা আঁচনি৷ এই আঁচনিৰ অধীনত চৰকাৰে ১৩ লাখ লোকক দিব ঘৰ৷

চাহ জনগোষ্ঠীৰ লোকক দিব ১০ শতাংশ ঘৰ৷ হাজোত মাঘ বিহুত বুলবুলি যুঁজতো অনুমোদন জনাইছে কেবিনেটে৷ জানুৱাৰীত ৰাইজৰ মাজত বিতৰণ হ’ব নতুন ৰেচন কাৰ্ড৷ ১৬ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ বিলাব কাৰ্ড৷ প্ৰদান কৰা হ’ব ৫ লাখ টকাৰ হেল্থকাৰ্ডো৷‍ আজিৰ কেবিনেটত অসম লোকসেৱা আয়োগৰ পৰীক্ষাতো সাল–সলনি ঘটোৱা হৈছে৷ সেই অনুসৰি হ্ৰাস কৰা হৈছে মৌখিক পৰীক্ষাৰ নম্বৰ৷

প্ৰেৰণাদায়ক কাহিনীঃ ৰিক্সা চালকৰ পৰা দেশৰ আগশাৰীৰ পৰিবহন কোম্পানীৰ মালিক হ’ল দিলখুছ কুমাৰ!

এজন যুৱকৰ প্ৰেৰণাদায়ক কাহিনী৷ যুৱকজন বিহাৰৰ সহৰচা জিলাৰ এখন সৰু গাওঁৰ বাসিন্দা, নাম তেওঁৰ দিলখুছ কুমাৰ। সৰুৰে পৰা কেৱল অভাৱৰ মাজতেই সহাৱস্থান কৰা দিলখুছে প্ৰত্যাহ্বানক সম্ভাৱনালৈ পৰিণত কৰাত সফল হৈছে। তেওঁৰ সফলতাৰ কাহিনী নিঃসন্দেহে অনুপ্ৰেৰণাদায়ক। এসময়ত দিল্লীত ৰিক্সা চলাই, পাটনাত পাচলি বিক্ৰী কৰি পেট পুহিছিল দিলখুছে। কিন্তু এতিয়া তেওঁ কোটি টকাৰ এটা কোম্পানী মালিক। দিলখুছ কুমাৰে সুলভ টেক্সি সেৱাৰ বাবে RoaBez নামৰ কোম্পানী এটা স্থাপন কৰিছে। কোম্পানীটো ওলা আৰু উবেৰৰ দৰেই যদিও সেই কোম্পানীবোৰৰ পৰা কিছু পৃথক৷ দিলখুছৰ কোম্পানীত গ্ৰাহক যিদৰে উপকৃত হয়, গাড়ীৰ চলকো সমানে উপকৃত হয়৷ আন কোম্পানীয়ে সাধাৰণতে গ্ৰাহকৰ পৰা বাহিৰৰ ষ্টেচনলৈ যোৱাৰ সময়ত অহা-যোৱা দুয়োটা ভাড়াই লয়। কিন্তু ৰোডবেজে কেৱল এটা ভাড়াহে লয়৷ জানো আহক দিলখুছৰ ভাষাৰেই তেওঁৰ সফলতাৰ কাহিনী-“মই এটা দৰিদ্ৰ পৰিয়ালৰ পৰা আহিছো, দেউতা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। তেওঁ ঘৰৰ সকলো খৰচ বহন কৰিছিল, সেয়েহে মানুহে মোক অপ্ৰয়োজনীয় বুলি মাতিবলৈ আৰম্ভ কৰিছিল। মই দ্বাদশ শ্ৰেণীত থকাৰ সময়তে পঢ়া শুনা এৰি মোৰ পৰিয়ালৰ দায়িত্ব কান্ধত ল’ব লগা হৈছিল।

চাকৰিৰ সন্ধানত, মই গাৰ্ডৰ পদৰ বাবে সাক্ষাৎকাৰৰ দিবলৈ পাটনালৈ গৈছিলো। তাত মোক নিৰক্ষৰ আৰু অশিক্ষিত বুলি প্ৰত্যাখ্যান কৰা হৈছিল। তাৰ পিছত মই গাওঁলৈ ঘূৰি আহি গাড়ী চলাবলৈ আৰম্ভ কৰিছিলো, কিন্তু তাতো কোনো উপাৰ্জন নাছিল, সেয়েহে মই দিল্লীলৈ গৈছিলো। তাত মই এখন ৰিক্সা কিনিছিলোঁ আৰু চলাবলৈ আৰম্ভ কৰিছিলো। মই ভাবিছিলো যে মই ঘৰলৈ টকা পঠিয়াব পাৰিম ৷ কিন্তু সেয়াও নহ’ল। এমাহৰ ভিতৰত মোৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু মই গাওঁলৈ ঘূৰি আহিবলগীয়া হৈছিল। ঘূৰি আহি আত্মীয় আৰু স্থানীয় মানুহৰ বহু শ্লেষ শুনিব লগা হৈছিল। ওলা আৰু উবেৰৰ দৰে কেব সেৱা সেই সময়ত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল; সেয়া দেখি, মই একেধৰণৰ কিবা এটা আৰম্ভ কৰাৰ কথা ভাবিছিলো। সঞ্চয় কৰা সামান্য টকাৰে, মই এখন ছেকেণ্ড হেণ্ড গাড়ী কিনি পাটনাত চলাবলৈ আৰম্ভ কৰিলো। এদিন এখন গৈাড়ীৰেই ষ্টাৰ্টআপ ৰোডবেজ আৰম্ভ কৰিছিল। এই ষ্টাৰ্টআপটো বাকী টেক্সি কোম্পানীবোৰৰ দৰে নহয়; এয়া এটা ডাটাবেচ কোম্পানী , যি গ্ৰাহকসকলক টেক্সি চালকৰ সৈতে সংযোগ কৰে।”

কোম্পানীটো আৰম্ভ কৰাৰ ছয়ৰ পৰা সাত মাহ পিছত দিলখুছে ৪ কোটি টকা সংগ্ৰহ কৰিছিল। চালকসকলক আগবঢ়োৱা ক্ষতিপূৰণ হৈছে ৰডবেজৰ আটাইতকৈ আকৰ্ষণীয় দিশ। দিলখুছে তেওঁৰ কোম্পানীৰ চালকসকলক মাহিলী দৰমহা ৫৫ হাজাৰ টকাৰ পৰা ৬০ হাজাৰ টকা দৰমহা দিয়ে। তেওঁ নিজৰ ব্যৱসায়ত সফলতাৰ পৰ্যায়ত উপনীত হ’বলৈ বহুতো অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল। এসময়ত এজন পাচলি বিক্ৰেতা আৰু ৰিক্সাচালক, দিলখুছে আজি তেওঁৰ কোম্পানীত আইআইটি আৰু আইআইএমৰ স্নাতকসকলক নিয়োগ কৰিব পৰা হৈছে। আজি কোটি কোটি টকাৰ কোম্পানীএটাৰ গৰাকী দিলখুছ কুমাৰ বহু লোকৰ বাবে এক অনুপ্ৰেৰণা হৈ পৰিছে৷

নৱবৰ্ষৰ আনন্দ পানী কৰিব নেকি কোভিডে! দেশত ২,৬৬৯ টা সক্ৰিয় ঘটনা, কৰ্ণাটকত প্ৰথমগৰাকী লোকৰ মৃত্যু….

নৱবৰ্ষৰ আনন্দ পানী কৰিব নেকি কোভিডে! বছৰৰ শেষত কোভিডৰ জেএন.১ প্ৰজাতিয়ে দেশত নতুনকৈ ত্ৰাসৰ সৃষ্টি কৰিছে। খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ পূৰ্বে ভাৰতত দৈনিক কোভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই গৈছে। যোৱা দুদিনত জিনোম অনুক্ৰম পৰীক্ষাই তিনিখন ৰাজ্যত কৰোনাত আক্ৰান্ত হোৱাৰ ২১ টা ঘটনা ধৰা পেলাইছে।
বিশেষজ্ঞসকলে দাবী কৰিছে যেকোভিডৰ নতুন প্ৰজাতিয়ে অধিক ক্ষতি কৰি পেলাব পাৰে। যোৱা ২৪ ঘণ্টাতৃ দেশত কোভিডৰ ৩৫৮ টা নতুন ঘটনা ধৰা পৰিছে। সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাইছে। বৰ্তমান সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হৈছে ২৬৬৯ গৰাকী। কেৰালা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু কৰ্ণাটকত কোভিড সংক্ৰমণৰ উৰ্ধমুখী প্ৰৱণতাই বহুতকে চিন্তিত কৰি তুলিছে। কৰ্ণাটকত কোভিডৰ নতুন ঢৌৰ সময়তে এগৰাকী ৬৪ বছৰীয়া লোকৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে। বিশেষজ্ঞসকলৰ মতে কোভিডৰ জে.এন.১ স্ট্ৰেইন অধিক সংক্ৰামক।কিন্তু এই ভাইৰাছ বিধ পূৰ্বৰ প্ৰজাতি সমূহৰ তুলনাত কম মাৰাত্মক।


কেইদিনমানৰ ভিতৰত উত্তৰ কেৰালাত কোভিডৰ ফলত দুজন লোকৰ মৃত্যু হৈছে। ইয়াৰ পিছতে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে এক নতুন সতৰ্কবাণী জাৰি কৰিছে। চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়সমূহক সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। লক্ষণীয় যে ২০২০ চনত এই দক্ষিণৰ ৰাজ্যখনে কোভিডৰ ক্ষেত্ৰত সমগ্ৰ ভাৰততে উদ্বেগৰ সৃষ্টি কৰিছিল।

শেহতীয়াকৈ কোজিকোড জিলাৰ কালিয়াট্টুপাৰামবাথা কুমাৰন (৭৭) আৰু কান্নুৰ জিলাৰ ৮২ বছৰীয়া পালাক্কান্দি আব্দুল্লাৰ কোভিদত মৃত্যু হৈছে। শুক্ৰবাৰে আব্দুল্লাৰ মৃত্যু হয়। খবৰ অনুসৰি তেওঁ কাহ আৰু উশাহ চুটি হোৱা লক্ষণত ভুগি আছিল। এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। কেৰালাত যোৱা কেইদিনমানৰ পৰা কোভিড সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে। নৱেম্বৰত কেৰালাত ৪৭০ টা কোভিড সংক্ৰমণৰ ঘটনা ঘটিছিল। ডিচেম্বৰৰ প্ৰথম ১০ দিনত ৰাজ্যখনত ৮২৫ টা কোভিড সংক্ৰমণৰ ঘটনা ধৰা পৰিছে।

কেৰালাৰ স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি চৰ্দি, কাহ, উশাহ চুটি হোৱা, নিম্ন ৰক্তচাপ, খোৱাত অসুবিধা পোৱা লোকসকলে লগে লগে চিকিৎসকৰ ওচৰলৈ যাব লাগিব। যদি কোনোবাই ভাবে যে তেওঁৰ কোভিড হৈছে, তেওঁ তেজ পৰীক্ষা কৰিব লাগিব, যাতে চিকিৎসা সোনকালে আৰম্ভ কৰিব পাৰি। অৱশ্যে, চিকিৎসকসকলে কৈছে যে প্ৰদূষণ আৰু জলবায়ুৰ পৰিৱৰ্তনৰ ফলতো এনে লক্ষণবোৰে দেখা দিব পাৰে। শেহতীয়াকৈ কেৰালাত কোভিডৰ নতুন প্ৰজাতি জে.এন.১ ত এগৰাকী মহিলা আক্ৰান্ত হৈছে।

কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৩ জন সৈনিক নিহত, তিনিজন আহত…

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত সেনাৰ বাহনত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণৰ ফলত তিনিজন সৈনিক শ্বহীদ হৈছে আৰু আন তিনিজন আহত হৈছে। আক্ৰমণকাৰীসকলে সামৰিক কনভয়ক লক্ষ্য কৰি লৈছিল যেতিয়া। বিবৃহস্পতিবাৰে আবেলি প্ৰায় ৩.৩০ বজাত এই আক্ৰমণটো সংঘটিত হয়।

সেনাৰ বাহনসমূহত সন্ত্ৰাসবাদীৰ পৰা প্ৰচণ্ড গুলীবৰ্ষণ কৰে। ঘটনাটো ধেৰা কি গালি এলেকাত সংঘটিত হয়।

অধিবক্তাক হেণ্ডকাফ লগাই বিপদত আৰক্ষী, ৫ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ আদালতৰ…

আদালতৰ নিৰ্দেশ অমান্য কৰি অধিবক্তাক হেণ্ডকাফ লগাই বিপদত পৰে অসম আৰক্ষী। ২০১৬ চনত পানবজাৰ থানাত এগৰাকী অধিবক্তাৰ বিৰুদ্ধে ৰুজু হৈছিল এক গোচৰ। পাৰ্কিঙকলৈ এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানৰ সৈতে হোৱা বাক্ বিতণ্ডাৰ পিছত আৰক্ষীয়ে অধিবক্তা গৰাকীক হেণ্ডকাফ লগাই থানালৈ নিছিল। এই গোচৰত তেওঁক দোষমুক্ত কৰিছিল আদালতে। পিছে হাতত হেণ্ডকাফ লগোৱা কাৰ্যৰ বিৰুদ্ধে পুনৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল অধিবক্তা গৰাকী।

২০২১ বৰ্ষত পঞ্জীয়ন হোৱা গোচৰ ( ডব্লিউ পি(চি) ২৭৮৩/২০২১)ৰ ৰায় দান কৰে উচ্চ ন্যায়ালয়ে। আদালতে অপৰাধীক দণ্ডাধীশৰ অনুমতি অবিহনে হেণ্ডকাফ লগোৱাত বাধা আৰোপ কৰিছিল উচ্চতম ন্যায়ালয়ে। আদালতৰ নিৰ্দেশ অমান্য কৰি গৌহাটী উচ্চ ন্যায়ালয়ৰ ৰোষত পৰা অসম আৰক্ষীক সন্মান হানি হোৱাৰ অপৰাধত অধিবক্তা গৰাকীক ৫ লাখ টকাৰ ক্ষতিপূৰণ আদায় দিবলৈ নিৰ্দেশ দিয়ে। নিৰ্দেশ দিয়াৰ দুমাহৰ ভিতৰত এই ধনৰাশি আদায় দিবলৈকো আদালতে নিৰ্দেশটোত উল্লেখ কৰে। গৌহাটী উচ্চ ন্যায়ালয়ে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙকো সকিয়াই দি এই ক্ষেত্ৰত ব্যৱস্হা গ্ৰহনৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে কিছুদিন পূৰ্বে বিলাসীপাৰাত এগৰাকী মহিলাক নিশা গ্ৰেপ্তাৰ কৰাৰ অপৰাধত আদালতৰ নিৰ্দেশত জিলা আৰক্ষী অধীক্ষককে ধৰি সংলিষ্ট বিষয়াক বদলি কৰিবলৈ বাধ্য হৈছিল।

বিৰাট কোহলীৰ পিছত দক্ষিণ আফ্ৰিকাত ইতিহাস ৰচনা কৰা দ্বিতীয়জন ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত কে এল ৰাহুল…

কে এল ৰাহুলৰ অধিনায়কত্বত থকা টিম ইণ্ডিয়াই নিজৰ মাটিত খেলা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত জয় পঞ্জীয়ন কৰে। বিৰাট কোহলীৰ পিছত কে এল ৰাহুলে আফ্ৰিকাত এদিনীয়া শৃংখলাত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰা দ্বিতীয়জন ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে এই কৃতিত্ব ২০১৮ চনত বিৰাট কোহলীয়ে কৰিছিল। এতিয়া কে এল ৰাহুলৰ নেতৃত্বত ভাৰতীয় দলটোৱে ৩ মেচৰ এদিনীয়া শৃংখলাত ২-১ গ’লত জয়লাভ কৰে। ২০১৮ চনত বিৰাট কোহলীৰ অধিনায়কত্বত থকা টিম ইণ্ডিয়াই আফ্ৰিকাৰ ভূমিত ৬খন মেচৰ এদিনীয়া শৃংখলাত আফ্ৰিকাক ৫-১ গ’লত পৰাস্ত কৰিছিল। ১৯৯২ চনৰ পৰা এতিয়ালৈকে ভাৰতীয় দলটোৱে নিজৰ মাটিত আফ্ৰিকাৰ বিৰুদ্ধে মুঠ ৭খন দ্বিপাক্ষিক এদিনীয়া শৃংখলা খেলিছে, য’ত তেওঁলোকে মাত্ৰ দুবাৰহে জয়লাভ কৰিছে। প্ৰথম জয় কোহলীৰ অধিনায়কত্বত আৰু এতিয়া দ্বিতীয় জয় ৰাহুলৰ অধিনায়কত্বত।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত খেলা তৃতীয়খন এদিনীয়া খেলত সঞ্জু চেমছনে এক উজ্জ্বল শতক অৰ্জন কৰে, যাৰ বাবেই টিম ইণ্ডিয়াই ডাঙৰ মুঠ শতক অৰ্জন কৰাত সফল হয়। প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ৫০ অভাৰত ৮ উইকেটত ২৯৬ ৰান সংগ্ৰহ কৰে, য’ত সঞ্জু চেমছনে ৬টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ১১৪টা বলত ১০৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰিও তিলক ভাৰ্মাই ৫২ ৰানৰ ইনিংছ খেলিছিল, য’ত ৫টা চাৰি আৰু ১টা ছয় আছিল। দক্ষিণ আফ্ৰিকাৰ দলটোৱে ৪৫.৫ অভাৰত ২১৮ ৰান সংগ্ৰহ কৰি অল আউট হয়। টনি ডি জৰ্জিয়ে দলটোৰ হৈ আটাইতকৈ ডাঙৰ ইনিংছ খেলিছিল। ডি জৰ্জিয়ে ৮৭টা বলত ৮১ ৰান সংগ্ৰহ কৰে, য’ত ৬টা চাৰি আৰু ৩টা ছয় অন্তৰ্ভুক্ত। অৱশ্যে জৰ্জিৰ এই ইনিংছে দলটোক জয়ৰ সীমা অতিক্ৰম কৰাত সহায় কৰিব নোৱাৰিলে।



শীতকালত খাব লাগে দৈ, দৈত থাকে বিশেষ প্ৰটিন…

শীতকালত দৈ খাব লাগে নে নাই? এই বিষয়টোক লৈ প্ৰায়ে বিতৰ্ক চলি থাকে। শীতকালত দৈ খোৱাৰ এক বিশেষ পদ্ধতি। শীতকালত প্ৰতিদিনে দৈ খালে শৰীৰত কেনেধৰণৰ প্ৰভাৱ পৰে। আনহাতে এগৰাকী পুষ্টিবিদৰ মতে দৈ ঠাণ্ডা বুলি বিশ্বাস কৰাৰ বিপৰীতে ই উষ্ণতা বৃদ্ধি কৰে আৰু শৰীৰত উষ্ণতা প্ৰদান কৰে। শীতকালীন খাদ্যত দৈ অন্তৰ্ভুক্ত কৰিব পাৰে কাৰণ ই ঠাণ্ডাৰ পৰা সকাহ দিয়ে। ইয়াৰ উপৰিও দৈ খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে কাৰণ ইয়াত স্বাস্থ্যকৰ প্ৰ’বায়’টিক থাকে যিবোৰ আপোনাৰ আন্ত্ৰিক অংশৰ বাবে অপৰিহাৰ্য।

দৈয়ে হজম শক্তি বৃদ্ধি কৰে। কুক্ৰেজাই কয় যে এই প্ৰ’বায়’টিকে হজম শক্তিত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কিন্তু চৰ্দি হ’লে ফ্ৰীজৰ পৰা পোনপটীয়াকৈ দৈ খালে ইয়াৰ উষ্ণতাৰ বাবে কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে।

শীতকালত মানুহে বিভিন্ন ধৰণৰ ব্যঞ্জন খাই ভাল পোৱাৰ বিপৰীতে দৈৰ দৰে ঠাণ্ডা বস্তুও খোৱা বন্ধ কৰি দিয়ে। মানুহৰ মতে দৈ খালে ঠাণ্ডা আৰু ডিঙিৰ বিষ হ’ব পাৰে।

দৈত ভাল বেক্টেৰিয়া, ভিটামিন, প্ৰটিন, মেগনেছিয়াম, কেলচিয়াম আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে। সেইবাবেই প্ৰতিটো ঋতুতে ই স্বাস্থ্যৰ বাবে উপকাৰী।

দৈত আপোনাৰ অন্ত্ৰৰ বাবে অতি উত্তম বেক্টেৰিয়া থাকে। ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম, ভিটামিন বি ১২ আৰু ফছফৰাছ থাকে। শীতকালত দৈ খালে আপোনাৰ স্বাস্থ্যৰ উন্নতি হয়। কিন্তু শ্বাস-প্ৰশ্বাসজনিত সমস্যা থকা লোকসকলে সন্ধিয়া ৫ বজাৰ পিছত দৈ খোৱাৰ পৰা বিৰত থাকিব লাগে কাৰণ ইয়াৰ ফলত শ্লেষ্মা হ’ব পাৰে, বিশেষকৈ এলাৰ্জী আৰু হাঁপানী ৰোগত আক্ৰান্ত লোকসকলে।

দৈত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যাৰ ফলত ঠাণ্ডাত আক্ৰান্ত লোকৰ বাবে ই অতি উত্তম। অৱশ্যে দৈ ঠাণ্ডা খাব নালাগে বৰঞ্চ কোঠাৰ উষ্ণতা অনুসৰি খাব লাগে।

আয়ুৰ্বেদৰ মতে শীতকালত ৰাতি দৈ খাব নালাগে। কাৰণ দৈ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ’ব পাৰে। যদি আপোনাৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যা যেনে হাঁপানী, চাইনাছ বা চৰ্দি আৰু কাহ হয় তেন্তে শীতকালত ৰাতি দৈ খাব নালাগে।


খ্ৰীষ্টমাছ বোনাছৰ নামত কোম্পানীৰ পৰা লাভ কৰিলে সিজোৱা আলু…

খ্ৰীষ্টমাছ উপহাৰ: যদি আপুনি এনেকুৱা উপহাৰ পায়, তেন্তে আপুনি আচৰিত হ’বনে? আপুনি কেতিয়াবা উপহাৰ হিচাপে সিজোৱা আলু পাইছেনে? এগৰাকী মহিলা কৰ্মচাৰীক তেওঁৰ কোম্পানীৰ পৰা লাভ কৰে এনে উপহাৰ। সাধাৰণতে যিকোনো অনুষ্ঠান বা বিশেষ অনুষ্ঠানত উপহাৰ দিয়াৰ পৰম্পৰা আছে। কিন্তু কোনোবাই উপহাৰ হিচাপে সিজোৱা আলু পালে আচৰিত হ’ব। আমাণ্ডা বি নামৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে কয় যে তেওঁৰ কোম্পানীয়ে বৰদিনৰ বাবে উপহাৰ দিছিলএটা আচৰিত টোপোলা। কিন্তু পেকটো খুলি দেখিলে এটা আচৰিত বস্তু।


আমাণ্ডাই এক্সত লিখিছে যে তাইৰ কাম হৈছে খ্ৰীষ্টমাছৰ বোনাছ হিচাপে আলুৰ বাৰ বনোৱা।কিন্তু আচলতে তাই বোনাছ হিচাপে আলু পাইছে। সেই উপহাৰটো নিজৰ মাজতে বেদনাদায়ক আছিল। আমাণ্ডাই কয় যে তেওঁৰ কোম্পানীয়েও বোনাছৰ ওপৰত কৰ আৰোপ কৰাৰ পৰিকল্পনা কৰিছে কাৰণ আলুৰ দাম ১৫ ডলাৰ।

আমাদাই ছ’চিয়েল মিডিয়াত নিজৰ খ্ৰীষ্টমাছৰ কাহিনী শ্বেয়াৰ কৰাৰ লগে লগে সহানুভূতিশীল বাৰ্তাও তেওঁৰ ওচৰলৈ আহিবলৈ ধৰিলে। ডাঙৰ কথাটো হ’ল কোম্পানীয়ে দিয়া উপহাৰটো দেখি বেছিভাগ মানুহেই আচৰিত হৈছিল।

প্ৰতিদিনে পুৱা ঘাঁহনিত খালী ভৰিৰে খোজ কাঢ়িলে বহু বেমাৰ দূৰ হ’ব…

দৈনিক ২০ মিনিট খোজ কাঢ়িলে আপোনাৰ শৰীৰে বহু উপকাৰ লাভ কৰে। কোৱা হয় যে দৈনিক ঘাঁহনিত খালী ভৰিৰে খোজ কাঢ়িলে ৰোগৰ পৰা হাত সাৰিব পাৰি। আজি আপোনালোকক জনাম যে ঘাঁহৰ ওপৰত খালী ভৰিৰে খোজ কাঢ়িলে কি কি লাভ হয়।ৰাতিপুৱা সেউজীয়া ঘাঁহৰ ওপৰত খোজ কাঢ়িলে মানসিক চাপৰ পৰা সকাহ পাব পাৰে। গতিকে জোতা বা চেণ্ডেল নোহোৱাকৈ প্ৰতিদিনে কিছু সময় খোজ কাঢ়িব লাগে-

খালী ভৰিৰে খোজ কাঢ়িলে হাৰ্ট শক্তিশালী হৈ থাকে। আপোনাৰ শৰীৰক ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে।

চকুৰ দৃষ্টিশক্তি উন্নত কৰিবলৈ দৈনিক ঘাঁহনিত খোজ কাঢ়িবও পাৰে। খালী ভৰিৰে খোজ কাঢ়িলে শৰীৰৰ পেশীবোৰো শক্তিশালী হয়, সেয়েহে দৈনিক খোজ কাঢ়িব লাগে।

ৰাতিপুৱা ঘাঁহনিত খালী ভৰিৰে খোজ কাঢ়িলে শৰীৰটো সক্ৰিয় হৈ পৰে। শৰীৰৰ বহু ৰোগ নিৰাময় হয়। খালী ভৰিৰে খোজ কাঢ়িলে ভৰিৰ জ্বলন অনুভূতিৰ পৰা সকাহ পোৱা যায়।

ঘাঁহৰ ওপৰত খোজ কাঢ়িলে ভৰিত প্ৰচুৰ পৰিমাণে অক্সিজেন পোৱা যায়। ইয়াৰ কাৰণে ৰক্ত সঞ্চালনতো যথেষ্ট উন্নতি হয়। ইয়াৰ দ্বাৰা সকলো ভাগৰ আৰু শৰীৰৰ বিষ নাইকিয়া হয়।

সৰুপথাৰৰ ৫ বিদ্যালয়ত ডিজিটেল লাইব্ৰেৰীৰ আধাৰশীলা স্থাপন বিধায়ক বিশ্বজিৎ ফুকনৰ

ৰাজ্য চৰকাৰে প্ৰযুক্তি বিদ্যাৰ সহায়ত শিক্ষা ব্যৱস্থাটো উন্নত মানদণ্ডৰ কৰি তোলাৰ উদেশ্যে বিদ্যালয় সমূহত ডিজিটেল মাধ্যমৰ শিক্ষা দানৰ ব্যৱস্থা কৰিছে ৷


সৰুপথাৰ সমষ্টিৰ ৪০ খন বিদ্যালয়ত ১৬ লাখ পুঁজিৰে নিৰ্মাণ হ’ব লগা ডিজিটেল লাইব্ৰেৰী কৰাৰ উদেশ্যে ইতিমধ্যে কাম হাতত লোৱা হৈছে ৷


বৃহস্পতিবাৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে সৰুপথাৰৰ বহুকেইখন বিদ্যালয়ত ডিজিটেল লাইব্ৰেৰীৰ আধাৰশীলা স্থাপন কৰে ৷


বিধায়ক বিশ্বজিৎ ফুকনে দিনযোৰা কাৰ্যসূচীৰে বৰপথাৰৰ দ পথাৰ উচ্চ মাধ্যমিক বিদ্যালয় , সৰুপথাৰ হিন্দী মধ্য ইংৰাজী বিদ্যালয় , সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় , সৰুপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় , আংচা জিলদৈ শ্যাম উচ্চতৰ মাধ্যমিক বিদ্যালয় , ৰেংমা সীমান্ত উচ্চ মাধ্যমিক বিদ্যালয়ত নিৰ্মাণ হ’ব লগা ডিজিটেল লাইব্ৰেৰীৰ আধাৰশীলা স্থাপন কৰে ৷

প্ৰায় ১৬ লাখ টকাৰে নিৰ্মাণ হ’ব লগা ডিজিটেল লাইব্ৰেৰী আধাৰশীলা স্থাপন অনুষ্ঠানৰ পিচতেই বিধায়ক বিশ্বজিৎ ফুকনে উৰিয়ামঘাট দুই নং লক্ষী পুৰ গাঁৱৰ গাঁওবুঢা লক্ষীকান্ত ঔৱাৰীৰ বাসগৃহত অনুষ্ঠিত কৰা বিজেপি দলৰ এক যোগদান কাৰ্যসুচীত ভাগ লয় ৷


কংগ্ৰেছ , অগপ , কোচ ৰাজবংসী ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়াকে ধৰী প্ৰায় অৰ্ধ শতাধিক ৰাইজে বিজেপি দলত যোগদান কৰে ৷