Home Blog Page 1159

ৰাইজৰ কাষলৈ গৈ ওজৰ-আপত্তি শুনিব কামৰূপ মহানগৰ জিলা আয়ুক্তই

ৰাইজক তেওঁলোকৰ প্ৰাপ্য সেৱা খৰতকীয়াকৈ আগবঢ়োৱাৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানে৷ ৬ ডিচেম্বৰত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰা ছাত্তাৱানে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নিজে উপস্থিত থাকি ৰাইজৰ পৰা তেওঁলোকৰ ওজৰ-আপত্তি শুনাৰ লগতে খৰতকীয়া নিস্পত্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব৷

জিলা আয়ুক্তগৰাকীয়ে আগন্তুক একোটাকৈ দেওবাৰে জিলাখনৰ চাৰিটা ৰাজহ চক্ৰৰ এটাকৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বহি ৰাজহ চক্ৰটোৰ ৰাইজৰ পৰা তেওঁলোকৰ ওজৰ-আপত্তি শুনিব৷ সেই অনুসৰি অহা ১৭ ডিচেম্বৰৰ পুৱা ৯.৩০ বজাত জিলা আয়ুক্তগৰাকী বশিষ্ট চাৰিআলিত থকা দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হ’ব আৰু ৰাজহ চক্ৰটোৰ এলেকাধীন ৰাইজৰ পৰা তেওঁলোকৰ ওজৰ-আপত্তি শুনিব৷

উল্লেখ্য যে দায়িত্ব গ্ৰহণৰ পাছতে বিষয়া-কৰ্মচাৰীৰ সৈতে হোৱা এখন বৈঠকত জিলা আয়ুক্তগৰাকীয়ে সৰ্বসাধাৰণ ৰাইজৰ দাবী আৰু ওজৰ-আপত্তিৰ খৰতকীয়া মীমাংসা কৰিবলৈ সকলো বিষয়াক নিৰ্দেশ দিছিল৷ ৰাইজে তেওঁলোকৰ মূল্যবান সময় নষ্ট কৰি যাতে প্ৰাপ্য সেৱাৰ বাবে কাৰ্যালয়লৈ অহা-যোৱা কৰি থাকিবলগীয়া নহয় তাৰ বাবে জিলা প্ৰশাসনৰ মুৰব্বী হিচাপে নিজেও অধিক কষ্ট কৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিছিল৷

ইয়াৰ অংশ হিচাপে জিলা আয়ুক্তগৰাকীয়ে দেওবাৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নিজে উপস্থিত থাকি ৰাইজক তেওঁলোকৰ প্ৰাপ্য সেৱা খৰতকীয়াকৈ আগবঢ়োৱাৰ পদক্ষেপ হাতত লৈছে৷

ভূমি পঞ্জীয়ন জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ অধিবক্তা বাহাৰুল ইছলাম খান…

ভূমি পঞ্জীয়ন জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ অধিবক্তা ৷

অধিবক্তা বাহাৰুল ইছলাম খানক গ্ৰেপ্তাৰ ক্ৰাইম ব্ৰান্সৰ৷

সাতগাঁৱৰ এডোখৰ ভূমিৰ ভূৱা নথি প্ৰস্তুত কৰিছিল খানে৷ ভূমিৰ গৰাকীৰ অজ্ঞাতে দালালে অন্য লোকক বিক্ৰী কৰিছিল ভূমিখিনি৷

আজি ৰঙাপৰা সমষ্টিৰ ঘোৰামাৰী পঞ্চায়তত ” বিকশিত ভাৰত সংকল্প যাত্ৰা”…

আজি ৰঙাপৰা সমষ্টিৰ ঘোৰামাৰী পঞ্চায়তত ” বিকশিত ভাৰত সংকল্প যাত্ৰা”

সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত উপস্থিত থাকে শোনিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা তেজপুৰ বিধান সভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া ,শোনিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ ,শোনিতপুৰ জিলাৰ মূখ্য কাৰ্য্যবাহী বিষয়া কৰবী কৰন বাইদেউ ডাঙৰীয়াণী প্ৰমুখ্যে জিলা প্ৰশাসনিক বিষয় ববীয়া সকল ৷

শোনিতপুৰ জিলা স্বাস্থ্য যুটীয়া সঞ্চালক ডাঙৰীয়াৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকল আৰু শোনিতপুৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন বিষয় ববীয়াকে ধৰি কৰ্মী সকল আৰু সন্মানিত ৰাইজ ৷

সভা খনৰ লগত সংগতি ৰাখি বিভিন্ন বিভাগৰ লোক সকলে তেওঁলোকৰ নিজ নিজ সাংগঠনিক কাম কৰাৰ পৰিলক্ষিত হয় যেনে আয়ুষ্মান কাৰ্ড বিতৰণ আৰু নতুন কাৰ্ড বনোৱা ,অৰুনোদয় ,আচনি আধাৰ কাৰ্ডৰ কামকে আদি কৰি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰা ৷ সকলো পৰ্যায়ৰ কামে ৰাইজৰ উন্নতি আৰু বিকশিত ভাৰতৰ প্ৰমূল্যবোধৰ পৰিচায়ক সভা খনে ভবিষ্যতে এক সুন্দৰ উন্নতিৰ বাৰ্তা প্ৰদান কৰাৰ লগতে কঢ়িয়াই অনা সফলতাৰ জখলা বগাব বুলি কয়। মন্ত্ৰী মাননীয় পিযুজ হাজৰিকাই।

মানকাচৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ ঘোচখোৰ চৰকাৰী কৰ্মচাৰী আখেৰ জামালক নিলম্বন…

ঘোচখোৰ চৰকাৰী কৰ্মচাৰী আখেৰ জামালক নিলম্বন ৷

মানকাচৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ উচ্চবৰ্গৰ সহায়ক আখেৰ জামাল৷ আখেৰ জামালৰ বিৰুদ্ধে উচ্চপৰ্যায়ৰ তদন্তৰ দাবী দল-সংগঠনৰ ৷

নিলম্বন আখেৰ জামালক৷ মাটিৰ কাম-কাজৰ নামত উৎকোচ লোৱাৰ অভিযোগত নিলম্বন ৷

ধেমাজিত লোক নিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা সুনীল দলেক গ্ৰেপ্তাৰ…

ধেমাজিত আৰক্ষীৰ জালত লোক নিৰ্মাণ বিভাগৰ অভিযন্তা ৷

সহকাৰী কাৰ্যবাহী অভিযন্তা সুনীল দলেক গ্ৰেপ্তাৰ ৷

‘অসম মালা’ আঁচনি অধীনৰ পথ নিৰ্মাণত কেলেংকাৰিৰ অভিযোগ ৷

মেঘালয়ত ১ কোটি ৪২ লাখ টকাৰ সোণৰ বিস্কুট জব্দ…

মেঘালয়ত ১ কোটি ৪২ লাখ টকাৰ সোণৰ বিস্কুট জব্দ ৷

ডিয়েংপাছত এখন বাহনৰ পৰা জব্দ ২০ খন সোণৰ বিস্কুট ৷

শুল্ক বিভাগে জব্দ কৰিছে সোণৰ বিস্কুট৷ এজন লোককো গ্ৰেপ্তাৰ শুল্ক বিভাগৰ ৷

ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনীলৈ BCCIৰ বিশেষ সন্মান…

ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী ৷ এম এছ ধোনীলৈ BCCIৰ বিশেষ সন্মান ৷

ভাৰতীয় দলৰ কোনো খেলুৱৈৰ পৰিধানত দেখা নাযাব ৭ নং জাৰ্ছী ৷

ধোনীৰ প্ৰতি বিশেষ সন্মান জনাই ৭নং জাৰ্ছীক দিলে অৱসৰ৷ পূৰ্বে শচীন তেণ্ডুলকাৰৰ ১০ নং জাৰ্ছীকো দিয়া হৈছিল অৱসৰ ৷

মহিলাসকলৰ স্তনত বিষ অনুভৱ হ’লে স্তন কেন্সাৰ হোৱা বুলি ভাবে নেকি জানক সবিশেষ…

মহিলাসকলে কেতিয়াবা স্তনৰ বিষ অনুভৱ কৰে। বহু মহিলাই স্তনৰ বিষ হ’লে স্তন কেন্সাৰ হোৱা বুলি ভাবে। স্তনৰ বিষ বেছিভাগ ক্ষেত্ৰতে এই ৰোগৰ লগত জড়িত নহয়। স্তনৰ বিষৰ সঠিক কাৰণ জানিলে অপ্ৰয়োজনীয় আতংক নাইকিয়া হ’ব।

স্তনৰ বিষ হৰম’নৰ পৰিৱৰ্তনৰ লগত জড়িত। আকৌ এই বিষ ছোৱালীৰ ঋতুস্ৰাৱৰ সময়তো হ’ব পাৰে। বুকুৰ ৰোগ আৰু চিকিৎসা বিশেষজ্ঞ ডাঃ ইবনেছিনা ডায়েগনষ্টিক এণ্ড কনচালটেচন চেণ্টাৰে স্তন বিষৰ কাৰণ আৰু প্ৰতিকাৰৰ বিষয়ে বিতং তথ্য প্ৰদান কৰিছে। ম.ডি. আজিজুৰ ৰহমান।

স্তনৰ বিষ আঘাতৰ বাবে হ’ব পাৰে বা আন কাৰণত হ’ব পাৰে। কিশোৰী ছোৱালীয়ে শৰীৰৰ হৰম’নৰ পৰিৱৰ্তনৰ বাবে মাহেকীয়া হ’লে স্বাভাৱিকতে স্তনত মৃদু বিষ অনুভৱ কৰে। কেতিয়াবা পিৰিয়ড হোৱাৰ আগতেই স্তনৰ বিষ হয়। পিৰিয়ডৰ আগতে আৰু পিছত শৰীৰত হৰম’নৰ পৰিৱৰ্তনৰ ফলত এই বিষ হয়। গতিকে ভয় কৰাৰ কোনো কাৰণ নাই। পিৰিয়ড শেষ হোৱাৰ পিছত বিষ নাইকিয়া হয়।

গৰ্ভাৱস্থাত মহিলাসকলে স্তনৰ বিষ অনুভৱ কৰে। সাধাৰণতে গৰ্ভাৱস্থাৰ তৃতীয় মাহৰ পৰাই স্তনৰ বিষ আৰম্ভ হয়। তাৰ পিছত স্তনৰ আকাৰ বাঢ়ি যায় আৰু কেতিয়াবা স্তনৰ ওপৰত নীলা শিৰা দেখা যায়, ইয়াৰ কাৰণ হ’ল শৰীৰত তেজৰ সোঁত বৃদ্ধি আৰু হৰম’নৰ পৰিৱৰ্তন। বহু সময়ত মহিলাৰ স্তন প্ৰদাহৰ সমস্যা হয়। ভাইৰাছ, বেক্টেৰিয়া বা ভেঁকুৰৰ দ্বাৰা হয়। এই সময়ত সাৱধান হ’ব লাগিব আৰু এই বিষৰ পৰাও জ্বৰ আহিব পাৰে। চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

স্তনৰ ভিতৰত এক প্ৰকাৰৰ চিষ্ট হ’ব পাৰে, য’ত তৰল পদাৰ্থ থাকে আৰু ইয়াক ব্ৰীজ চিষ্ট বুলি কোৱা হয়। প্ৰায়ে স্তনগ্ৰন্থি বৃদ্ধি হ’লে চিষ্ট দেখা দিয়ে। চিষ্টৰ ফলত স্তনৰ বিষ। যেতিয়া চিষ্টৰ আকাৰ বাঢ়ে তেতিয়া বুকুত হাত থৈ নিজেই চিষ্ট অনুভৱ কৰিব পাৰে। যদি আপুনি চিষ্ট অনুভৱ কৰে তেন্তে অতি সোনকালে স্তন বিশেষজ্ঞৰ ওচৰলৈ যাব লাগে।

মাতৃ হোৱাৰ পিছত বহু মহিলাই স্তনপান কৰোৱাৰ সময়তো স্তনৰ বিষ অনুভৱ কৰে। শিশুক খুৱাই দিয়াৰ আগতে আৰু পিছত স্তন পৰিষ্কাৰ কৰাটো সদায় ভাল। ভাইৰাছ, বেক্টেৰিয়া বা ভেঁকুৰৰ বিপদ নাই। কেতিয়াবা স্তনত ঘাঁ হয় যাৰ ফলত স্তনৰ বিষ হয়। এই সমস্যাৰ সৃষ্টি হয় যেতিয়া নিপলত বেক্টেৰিয়া গজি উঠে আৰু যেতিয়া ভাইৰাছে শিশুটিক স্তনপান কৰাৰ সময়ত আক্ৰমণ কৰে।

এই সমস্যাৰ বাবে আপুনি নিশ্চয় ডাক্তৰৰ ওচৰলৈ যাব লাগে। স্তন কেন্সাৰ বুকুৰ বিষৰ গুৰুতৰ কাৰণ। দীৰ্ঘদিন ধৰি স্তন কেন্সাৰ হ’লে স্তনৰ বিষ থাকিব।

‘কা’ বিৰুদ্ধে পূৰ্বৰ স্থিতি বাহাল থাকিব ! জোনাইত আছুৰ নৱ নিৰ্বাচিত সহকাৰী সাধাৰণ সম্পাদক- কাৰ্যনিৰ্বাহক সদস্যক উষ্ম আদৰণি বিভিন্ন দল সংগঠনৰ সম্বৰ্ধনা… 

জোনাই  মহকুমা ছাত্ৰ  সন্থাৰ উদ্যেগত  আৰু জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সহকাৰী সধাৰণ সম্পাদক দীপক শৰ্মা আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিকাশ মিছঙক অভিনন্দন আৰু শুভাশীষ প্ৰদান অনুষ্ঠান জোনাই বালিকা মহাবিদ্যালয়ৰ সভা গৃহত  অনুষ্ঠিত কৰা হয় ৷  আছুৰ জোনাই মহকুমাৰ সভাপতিৰ লক্ষ্য শৰণীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আছুৰ ধেমাজি জিলাৰ সহকাৰী সাধাৰণ সম্পাদক ৰঞ্জিত বসুমতাৰীয়ে৷    সদৌ অসম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ দাসে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত জোনাই মহকুমা ছাত্ৰ সন্থা, জোনাই,  বাহিৰ জোনাই, ডেকাপাম, চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতি, জোনাই গৰিয়া মৰিয়া সংগঠনে ফুলাম গামোচা, শৰাই  আৰু অভিনন্দন পত্ৰৰে উষ্ম অভিনন্দন আৰু শুভাশীষ প্ৰদান কৰে৷

সভাত মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক দলে, মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড৹ সুখলতা ফুকন গগৈ,ইউ এন বি বড়ো হাই স্কুলৰ প্ৰধান  শিক্ষক ভূমিধৰ বড়ো জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ  পেগু , অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা, জেষ্ঠ সাংবাদিক তথা জোনাই প্ৰেছ ক্লাৱৰ সভাপতি ৰয়েল পেগু আৰু সদৌ অসম ছাত্ৰ সন্থাৰ  ধেমাজি জিলা সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত বৰগোঁহাইয়ে শুভেচ্ছা মূলক বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ৰাজীৱ গগৈ, ৰবী কছাৰী ,জোনাই মহকুমা ছাত্ৰ সন্থা, জোনাই,  বাহিৰ জোনাই, ডেকাপাম,

চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ  শতাধিক কাৰ্যকৰ্তা উপস্থিত থাকে৷ আছুৰ নৱনিৰ্বাচিত সহকাৰী সাধাৰণ সম্পাদক দিপক শৰ্মাই সাংবাদিকৰ আগত কয় সদৌ অসম ছাত্র সন্থাই পূৰ্বেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি আহিছে আৰু ভৱিষ্যতেও স্থিতি বাহাল থাকিব বুলি উল্লেখ কৰি আছুৰ মজিয়াত থকা অৱস্থাত যেনেদৰে অসম আৰু অসমীয়া ৰাইজৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে দায়িত্ব পালন কৰে আছুৰ মজিয়া ত্যাগ কৰাৰ পাছতো প্ৰাক্তন আছুকৰ্মীয়ে সেই দায়িত্ব বিভিন্ন ক্ষেত্ৰৰ জৰিয়তে নিষ্ঠাৰে পালন কৰি গৈছে বুলি বক্তব্য আগবঢ়ায়।

শম্ভু দাস চিলাপথাৰ

আজি ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব ভজন লাল শৰ্মাই ! শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

আজি ৰাজস্থানৰ নতুন চৰকাৰৰ শপত গ্ৰহণ৷ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব ভজন লাল শৰ্মাই৷ শপতবাক্য পাঠ কৰোৱাব ৰাজ্যপাল কালৰাজ মিশ্ৰই৷ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷

আজিৰ এই অনুষ্ঠানতে শপত গ্ৰহণ কৰিব উপ-মুখ্যমন্ত্ৰী দীয়া কুমাৰী আৰু প্ৰেম চান্দ বৈৰৱাই। তিনিওজনক শপত বাক্য পাঠ কৰোৱাব ৰাজ্যপাল কলৰাজ মিশ্ৰাই শপত গ্ৰহণ কৰিব।

বহু বিতৰ্কৰ অন্তত বিজেপিয়ে ভজন লাল শৰ্মাক বিজেপিৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰে আৰু নিৰ্বাচন জয়ী হোৱাৰ প্ৰায় ১২ দিন পাছত চৰকাৰ গঠন কৰিব বিজেপিয়ে।