Home Blog Page 1165

ডায়েবেটিছ ৰোগীয়ে দিনটোত কিমান চেনি খাব লাগে? জানি লওক…

ডায়েবেটিছ ৰোগীয়ে কিমান চেনি খাব লাগে বা ডায়েবেটিছ ৰোগীয়ে সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগে চেনী? এই বিষয়ে ডায়েবেটিছ ৰোগী সকল জ্ঞাত নে? স্বাস্থ্য বিশেষজ্ঞৰ পৰা চিকিৎসকলৈকে তেওঁলোকে কয় যে ডায়েবেটিছ ৰোগী এজনে বুদ্ধিমানৰূপে চেনি খাব লাগে। ডায়েবেটিছ ৰোগীয়ে সীমিত পৰিমাণৰ কাৰ্বহাইড্ৰেট খাব লাগে কাৰণ কাৰ্বহাইড্ৰেটে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। চেনি এক প্ৰকাৰৰ কাৰ্বহাইড্ৰেট। যদি তেজত চেনিৰ মাত্ৰা বৃদ্ধি বা কমি যায় তেন্তে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ শৰীৰত পৰে।

ডায়েবেটিছ ৰোগীয়ে দৈনিক কেলৰি গ্ৰহণৰ প্ৰায় ৪৫-৬০% চেনিকে ধৰি কাৰ্বহাইড্ৰেটেই সাধাৰণতে লাভ কৰে। অৰ্থাৎ খাদ্যত চেনি অন্তৰ্ভুক্ত কৰিব পাৰি, কিন্তু ইয়াক পৰিমিতভাৱে আৰু সুষম খাদ্য পৰিকল্পনাৰ অংশ হিচাপে গ্ৰহণ কৰিব লাগে। চেনি গ্ৰহণৰ বাবে নিৰ্দিষ্ট পৰামৰ্শ প্ৰায়ে চিকিৎসা আৰু পুষ্টি সংস্থাৰ পৰা আহে আৰু ব্যক্তিগত স্বাস্থ্যৰ অৱস্থা আৰু ডায়েবেটিছৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি ভিন্ন হয়।


হিমাচলত বৰফ! পঞ্জাৱ, দিল্লী; উত্তৰ প্ৰদেশত প্ৰচণ্ড ঠাণ্ডা…

বতৰৰ আপডেটঃ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ১২ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ আকাশ পৰিষ্কাৰ হোৱাৰ সম্ভাৱনা আছে আৰু সৰ্বোচ্চ তাপমাত্ৰা ২৩ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ’ব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি পাহাৰত প্ৰচণ্ড বৰফ পৰাৰ বাবেই এনে হৈছে। উত্তৰ-পূব ভাৰতৰ হিমালয়ৰ ৰাজ্য জম্মু-কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ, চুবুৰীয়া দেশ নেপাল, ভূটান আৰু অৰুণাচল প্ৰদেশৰ শিখৰত তুষাৰপাত অব্যাহত আছে। বৰফ পৰাৰ বাবে ভৈয়াম ৰাজ্যসমূহত ঠাণ্ডা বৃদ্ধি পাইছে। পঞ্জাৱত যোৱা কেইদিনমানৰ পৰা বৃদ্ধি পোৱা ঠাণ্ডাৰ বাবে তাপমাত্ৰা হ্ৰাস পাইছে।

পঞ্জাৱত ঘন কুঁৱলীৰ বাবে বিমান যাতায়ত ক্ষতিগ্ৰস্ত হয়। বহু ঠাইত ঠাণ্ডাৰ বাবে তাপমাত্ৰা ৫ ডিগ্ৰীলৈ হ্ৰাস পায়। ক্ৰমাৎ বৃদ্ধি পোৱা ঠাণ্ডাৰ বাবে মানুহক গৰম কাপোৰ পৰিধান কৰি জুইৰ কাষত বহিবলৈ নিৰ্দেশ দিয়া হৈছে। হাৰিয়ানাৰ বহু ঠাইত ঘন কুঁৱলী দেখা গৈছে। একেদৰে বিহাৰ আৰু নেপালৰ কাষৰীয়া অঞ্চলৰ লোকসকলেও কুঁৱলীৰ বাবে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷

দক্ষিণ আফ্ৰিকাত কমেন্টেৰী বক্সৰ গ্লাচ ভাঙিলে ৰিংকুৰ চিক্সয়ে…

দক্ষিণ আফ্ৰিকাত কমেন্টেৰী বক্সৰ গ্লাচ ভাঙিলে ৰিংকুৰ চিক্সয়ে।

মেচখনত ৰিংকু সিঙে ৩৯ বলত সংগ্ৰহ কৰে অপৰাজিত ৬৮ ৰান।

মঙলবাৰে ভাৰত-দক্ষিণ আফ্ৰিকাৰ মেচৰ সময়ত কলকাতা নাইট ৰাইডাৰ্ছৰ বেটছমেনগৰাকী ৰিংকু সিঙৰ বিশাল চিক্সাৰে কমেণ্টৰী বক্সৰ শ্বিল্ড স্ক্ৰীণখন ভাঙি পেলায়।

ৰিংকু সিঙে প্ৰথম অৰ্ধশতকেৰে ফিনিছাৰ হিচাপে নিজৰ প্ৰমাণ বৃদ্ধি কৰাৰ বিপৰীতে অধিনায়ক সূৰ্য্যকুমাৰ যাদৱে নিজৰ অনুকৰণীয়ভাৱে খেলি ভাৰতক ৭ উইকেটত ১৮০ ৰানলৈ লৈ যায়।

শিৰোনামত ভেট্টাইয়ান, ৩৩ বছৰৰ পিছত অমিতাভ বচ্চনৰ সৈতে ৰজনীকান্ত…

ছুপাৰষ্টাৰ ৰজনীকান্তৰ পৰৱৰ্তী প্ৰজেক্টঃ ছুপাৰষ্টাৰ ৰজনীকান্তৰ পৰৱৰ্তী প্ৰজেক্টৰ নাম ‘ভেট্টাইয়ান’। অমিতাভ বচ্চন, মঞ্জু ৱাৰিয়ৰ, ফাহাধ ফাচিল আৰু ৰানা দগ্গুবাতিৰ দৰে ডাঙৰ অভিনেতা ৰজনীকান্তৰ এই ছবিখনৰ অংশ। ৰজনীকান্তৰ ছবি ‘থালাইভাৰ ১৭০’ই শিৰোনাম দখল কৰিছে। টি জে গ্নানাভেলৰ লিখা আৰু পৰিচালিত এই ছবিখনৰ নাম হৈছে ‘ভেট্টাইয়ান’। প্ৰডাকচন বেনাৰ লাইকা প্ৰডাকচনে ৰজনীকান্তৰ ৭৩ সংখ্যক জন্মদিন উপলক্ষে ১২ ডিচেম্বৰ মঙলবাৰে মুক্তি দিয়া টাইটেল টিজাৰ ভিডিঅ’ত ছবিখনৰ নাম প্ৰকাশ কৰে। তামিল শব্দ ‘ভেট্টাইয়ান’ৰ অৰ্থ ইংৰাজীত চিকাৰী আৰু টিজাৰ ভিডিঅ’টোৱে ইংগিত দিয়ে যে ছবিখন একচনেৰে ভৰা হ’ব।


‘থালাইভাৰ ১৭০’ত ৩০ বছৰতকৈ অধিক সময়ৰ পাছত অমিতাভ বচ্চনৰ সৈতে পুনৰ দেখা যাব ৰজনীকান্তক। ১৯৯১ চনত ৰজনীকান্তে অমিতাভ বচ্চনৰ কনিষ্ঠ ভাতৃৰ চৰিত্ৰত অভিনয় কৰি শেষবাৰৰ বাবে একেলগে দেখা গৈছিল দুয়োগৰাকী ছুপাৰষ্টাৰক। ইয়াৰ পূৰ্বে ১৯৮৩ আৰু ১৯৮৫ চনত মুক্তি পোৱা একচন ছবি অন্ধা কানুন আৰু এৰেষ্টত ৰজনীকান্ত আৰু অমিতাভক একেলগে দেখা গৈছিল।

অমিতাভ বচ্চন আৰু ৰজনীকান্তৰ উপৰিও টি জে গ্ননভেলৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত আন বহু ডাঙৰ অভিনেতাও সন্নিবিষ্ট কৰা হৈছে। মালয়ালমৰ ছুপাৰষ্টাৰ ফাহাধ ফাচিল আৰু টলীউডৰ ছুপাৰষ্টাৰ ৰানা ডাগ্গুবাতিও ছবিখনৰ অংশ। মঞ্জু ৱাৰিয়ৰ, কিশোৰ, ঋতিকা সিং, দুষৰা বিজয়ন, জি এম সুন্দৰ, ৰোহিনী, ৰাও ৰমেশ, ৰমেশ থিলক আৰু ৰক্ষানকো ছবিখনত অন্তৰ্ভুক্ত কৰা হৈছে। চলিত বৰ্ষৰ আৰম্ভণিতে বিশ্বজুৰি ৬০০ কোটিৰো অধিক উপাৰ্জন কৰা ব্লকবাষ্টাৰ ছবি ‘জেলাৰ’ৰ পিছত ‘ভেট্টাইয়ান’ হ’ব ৰজনীকান্তৰ পৰৱৰ্তী মুক্তি। নেলচনৰ একচন-কমেডী ছবিখনত জেকী শ্ৰফ, মোহনলাল আৰু শিৱ ৰাজকুমাৰকে ধৰি প্যান ইণ্ডিয়ান তাৰকাসকলে অতিথি হিচাপে অভিনয় কৰিছিল। বিনায়কন, ৰম্য কৃষ্ণন, বসন্ত ৰবি, তমন্নাহ ভাটিয়া, সুনীল, মিৰ্না মেনন আৰু যোগী বাবুৱে সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।


নতুন কাম আৰম্ভ কৰাৰ সময়ত মনত ৰাখিব এই ৫ টা কথা, লাভ কৰিব সফলতা…

বাস্তু টিপছ: টকা উপাৰ্জন আৰু আৰামদায়ক জীৱন যাপন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰক। কেতিয়াবা কষ্ট আৰু আবেগেৰে পৰিশ্ৰম কৰিও আমি সফলতা নাপাওঁ। এনে পৰিস্থিতিত বহুতে চাকৰি সলনি কৰে বা আন কোনো নতুন প্ৰজেক্টত বিনিয়োগ কৰাৰ সিদ্ধান্ত লয়। নতুন কাম আৰম্ভ কৰাৰ আগতে মানুহৰ মনত বহু প্ৰশ্ন থাকে যে তেওঁলোক সফল হ’ব নে নহয়। আনহাতে কেতিয়াবা বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়াও হয়। যদি আপুনিও নতুন কামত সফলতা লাভ কৰা নাই, তেন্তে ইয়াৰ আঁৰত হয়তো বাস্তু শাস্ত্ৰ। আজি আমি আপোনালোকক ক’ম কিছুমান নিয়মৰ বিষয়ে যিবিলাক নিয়ম আপুনি নতুন কাম আৰম্ভ কৰাৰ সময়ত মানি চলিব লাগে-

সদায় মনত ৰাখিব যে যদি আপুনি আৰম্ভ কৰা কামটোৰ মুৰব্বী বা মালিক হয়, তেন্তে আপোনাৰ বহাৰ দিশটো অতি গুৰুত্বপূৰ্ণ। মালিক সদায় দক্ষিণ-পশ্চিম দিশত বহিব লাগে। ইয়াৰ ফলত কামত স্থিৰতা আৰু সফলতা আহি পৰে।

আপোনাৰ কৰ্মস্থলীত পানীৰ ফোয়াৰা বা মাছৰ একুৰিয়াম স্থাপন কৰিব লাগে। আপুনি ইয়াক উত্তৰ-পূব দিশত ৰাখিব লাগে। মনত ৰাখিব যে যদি আপুনি মাছৰ একুৰিয়াম ৰাখে তেন্তে তাত ক’লা মাছ এটা থাকিব লাগিব। ইয়াৰ ফলত কামৰ অগ্ৰগতি হয়।

আপুনি নিশ্চয় দেখিছে যে বহুতে ষ্টিক নোটত কিছুমান গুৰুত্বপূৰ্ণ কথা লিখি বেৰত বা কম্পিউটাৰত লগাই ৰাখে। বাস্তু শাস্ত্ৰৰ মতে ইয়াক পৰিহাৰ কৰা উচিত কাৰণ ই কামত নেতিবাচকতা আনে।

নতুন কাম আৰম্ভ কৰাৰ সময়ত বা নতুন প্ৰজেক্টত বিনিয়োগ কৰাৰ সময়ত আপোনাৰ মুখখন কোন দিশত হ’ব লাগে সেয়া অতি গুৰুত্বপূৰ্ণ। মনত ৰাখিব যে আপোনাৰ মুখখন উত্তৰ দিশত হ’ব লাগে। এনে কৰিলে কামত সমৃদ্ধি হ’ব আৰু প্ৰগতি লাভ হ’ব। উত্তৰ দিশতো ধনৰ লেনদেন শুভ বুলি গণ্য কৰা হয় কাৰণ এই দিশটো কুবেৰৰ দিশ বুলি গণ্য কৰা হয়।

মনত ৰাখিব যে আপোনাৰ অফিচ বা কৰ্মস্থলীৰ সকলো চকী আৰু টেবুল একেবাৰে পৰিষ্কাৰ হ’ব লাগে। কেতিয়াবা চাহ-কফিৰ দাগ চকী আৰু টেবুলত ৰৈ যায়। এই দাগবোৰ তৎক্ষণাত পৰিষ্কাৰ কৰিব লাগে। লেতেৰা চকী আৰু টেবুলে নেতিবাচকতাৰ সৃষ্টি কৰে।


আজি চত্তীশগড় আৰু মধ্যপ্ৰদেশত শপত গ্ৰহণ অনুষ্ঠান…

আজি চত্তীশগড় আৰু মধ্যপ্ৰদেশত শপত গ্ৰহণ অনুষ্ঠান।

বিয়লি ২ বজাত চত্তীশগড়ত মুখ্যমন্ত্ৰীৰূপে শপত ল’ব বিষ্ণু দেও সায়ে।

মুখ্যমন্ত্ৰীৰ লগতে কেইবাজনো মন্ত্ৰীয়ে ল’ব শপত।

আনহাতে মধ্যপ্ৰদেশতো নতুন চৰকাৰৰ শপতগ্ৰহণ।

ভূপালৰ মতিলাল নেহৰু ষ্টেডিয়ামত দিনৰ ১১.৩০ বজাত শপতগ্ৰহণ অনুষ্ঠান।

মুখ্যমন্ত্ৰীৰূপে শপত ল’ব ড০ মোহন যাদৱে।

মহানগৰীত উজান উঠিছে নকল সোণ আৰু নকল টকাৰ!

মহানগৰীত উজান উঠিছে নকল সোণ আৰু নকল টকাৰ!

মহানগৰীৰ লালমাটিত STFৰ অভিযানত জব্দ কৰিবলৈ সক্ষম হয় তিনিখন সোণৰ নাওসহ ১,0৪,৭00 টকা৷

ইয়াৰ লগতে গ্ৰেপ্তাৰ কৰা হয় ৬জন সৰবৰাহকাৰীক ৷

গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী কেইজন-পশ্চিমবংগৰ মালদা জিলাৰ দেৱ দাস হাল্ডাৰ,সন্তোষ মণ্ডল, নিত্য হাল্ডাৰ, উত্তৰাখণ্ডৰ মনোজ কুমাৰ, উত্তৰ প্ৰদেশৰ শিৱম কুমাৰ, উত্তৰ লখিমপুৰৰ চাদ্দাম হুছেইন৷

কটন বিশ্ববিদ্যালয়ত কাʼ আন্দোলনৰ পঞ্চ ছহিদলৈ শ্ৰদ্ধাঞ্জলি; “আমি পাহৰা নাই” শীৰ্ষক অনুষ্ঠানত ছাত্ৰৰ হুংকাৰ

কটন বিশ্ববিদ্যালয়ত কাʼ আন্দোলনৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে “আমি পাহৰা নাই” শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়।

কুলদীপ গৌতম শৰ্মাই আঁতধৰা অনুষ্ঠানটোত উপস্থিত থাকি পঞ্চ ছহিদৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি হিমাংশু কুমাৰ দাস, উপ – সভাপতি অক্ষয়তা দাস, কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি তথা বক্তা ত্ৰিদিব ভাগৱতী আৰু প্ৰাক্তন সম্পাদক ‘কটনিয়ান’ হৃশিকেশ গোস্বামীয়ে।

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি ত্ৰিদিব ভাগৱতীয়ে কটনে কেতিয়াও কাʼ আন্দোলনক নাপাহৰে বুলি উল্লেখ কৰি কটনে সদায় কাʼ বিৰোধিতা কৰিব বুলি উল্লেখ কৰে। অসমৰ প্ৰতিটো জাতীয় সমস্যাতে কটনে নেতৃত্ব দি আহিছিল আৰু পৰবৰ্তী সময়তো নেতৃত্ব দিব বুলি কয় ছাত্ৰ একতা সভাৰ সভাপতি হিমাংশু কুমাৰ দাসে।

ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসৰ আবাসী ঋতুৰাজ শইকীয়াই অসমৰ জাতি – মাটি- ভেটি ৰক্ষাৰ সংগ্ৰামখনত কটনে প্ৰয়োজন হ’লেই থিয় দিব আৰু জাতি বিৰোধী কাʼ কাৰ্যকৰী হ’লে পুনৰ ৰাজপথলৈ ওলাই আহিব বুলি কয়। কাʼ আন্দোলনত ৰাজপথত সংগ্ৰাম কৰা প্ৰাক্তন কটনিয়ান ইব্ৰাহিম খালিলেও কাʼ আন্দোলনৰ পঞ্চ ছহিদক সোঁৱৰণ কৰে।

কটন বিশ্ববিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপৰি কেবাজনো প্ৰাক্তন কটনিয়ান উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মাজুলীত দুদিনীয়া কাৰ্যসূচীৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা…

জল-জীৱন মিচনৰ ঠিকাদাৰ-কৰ্মচাৰীক সকীয়নী জয়ন্ত মল্ল বৰুৱাৰ – কামত গাফিলতি ধৰা পৰিলে বিভাগ অত্যন্ত কঠোৰ হ’ব ।। জেংৰাইমুখত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ জয়ন্ত মল্ল বৰুৱাৰ ।।

মাজুলীত দুদিনীয়া কাৰ্যসূচীৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আজি নিমাতী ঘাটৰ পৰা বিশেষ ফেৰীৰে মাজুলীৰ কমলাবাৰী পাৰঘাটত উপস্থিত হ’য়। মাজুলীত উপস্থিত হোৱাৰ পাছতে কমলাবাৰী পাৰঘাটত মন্ত্ৰীগৰাকীক উষ্ম আদৰণি মাজুলীৰ বিধায়ক ভূৱন গাম তথা মাজুলী জিলাৰ আয়ুক্ত কাবেৰী শৰ্মা, আৰক্ষী অধীক্ষক বিবেকানন্দ দাস, জিলা বিজেপিৰ বিভিন্ন কৰ্মকৰ্তাই । ইয়াৰ পাছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৱৰ্ত্ত ভৱন অভিমূখে ৰাওনা হ’য় । ইয়াৰ পাছতে জল-জীৱন মিছনৰ বিভাগীয় পৰ্যালোচনা সভাত অংশগ্রহণ কৰে। মাজুলী জিলাৰ পানী যোগান আচনি চলি আছিল সেই পানী যোগান আচনি বিলাকত কিছুমান অসুবিধা আৰু আচনি সমূহ কাৰ্যক্ষম নোহোৱা ইত্যাদি কিছু ৰিপৰ্ট আহি আছিল। যাৰ পৰিপ্ৰেক্ষিতত যোৱা তিনিদিন ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অভিযন্তা সকল প্ৰতিটো আচনিলৈকে গৈ আচনি সমূহৰ সামগ্ৰিক বুজ লোৱাৰ লগতে ইয়াত তথ্য যোৱা তিনিদিন ধৰি সংগ্ৰহ কৰিলে।

ইয়াৰ উপৰিও জলসিঞ্চন, জলসম্পদ বিভাগ আদিৰ পৰা অহা অভিযন্তা সকলেও প্ৰতিটো আচনিলৈকে গৈ তাৰ অসুবিধা বিলাক কেনেকৈ ঠিক কৰিব পৰা যায়, কোন দায়বদ্ধ বিষয়াৰ বাবে আচনি সমূহত সমস্যা দেখা দিছে সেই সমূহ চোৱা গল। তেওঁলোকৰ তথ্যৰ ভিত্তিত বৰ্তমান চলি থকা কামবোৰ কিদৰে নিয়াৰিকৈ কৰিব পাৰোঁ আৰু যিবিলাক আচনিৰ কাম সম্পূৰ্ণ হৈ গৈছিল কিন্তু তাত যদি ঠিকাদাৰৰ ভুল আছিল তেওঁলোকক মাতি আনি কাম সমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁ আৰু কয় যে প্ৰথমে নৈ, জলাশয়ৰ পৰা আচনিৰ পানী লোৱা হৈছিল। কিন্তু উক্ত পানী ব্যৱহাৰত গোন্ধ আছিল বাবে বহু আচনি চলি আছিল যদিও নচলাৰ দৰেই। গতিকে সেইধৰণৰ অসুবিধা খিনিৰ বাবে প্ৰয়োজনীয় আৰ্চেনিক পৰীক্ষাৰ ভিত্তিত দ্বীপ টিউবেলৰ ব্যৱস্থা কৰা হব আৰু ইয়াৰ বাবে বিভাগে পূজি ব্যয় কৰিব বুলি উল্লেখ কৰে। বিভিন্ন বিভাগৰ অভিযন্তা সকলে যোৱা তিনিটা দিনৰ আচনি পৰিদৰ্শনৰ অন্তত আজি এটা ৰিপৰ্ট দিছে আৰু জে জে এমৰ এম ডিৰ লগতো ইয়াৰ বিষয়ে তেওঁলোকে পুংখানুপুংখ ভাৱে আলোচনা কৰি পৰৱৰ্তী সময়ত প্ৰয়োজনীয় কাৰ্যকৰী ব্যৱস্থা লৈ মাজুলীৰ ৰাইজক বিশুদ্ধ খোৱাপানীৰ অসুবিধা খিনি সমাধান কৰাৰ চেষ্টা কৰা হব বুলি উল্লেখ কৰে। ইফালে একাংশ আচনিত ঠিকাদাৰে অনিয়ম সংঘটিত কৰা সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে -যিবোৰ কামত ঠিকাদাৰৰ ভুল আছে সেই সমূহ ঠিকাদাৰক জাননী জাৰি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কিন্তু বহু ঠিকাদাৰৰ কাম বৰ্তমান চলিও আছে গতিকে তেওঁলোকে যিসমূহ কামত কিবা গাফিলতি কৰিছে সেই সমূহ তেওঁলোকৰ দ্বাৰাই সময়ত ঠিক কৰোৱাৰ ব্যৱস্থা কৰা হব বুলি তেওঁ উল্লেখ কৰে। গ্ৰেটাৰ গড়মূৰকে ধৰি একাংশ পুৰণি আচনিতে ৰং সানি নতুন ৰূপ দিয়া বুলি উত্থাপিত এক অভিযোগ সন্দৰ্ভত তেওঁ কয় যে পূৰ্বে ইয়াত এন ডব্লিউ কিউ এছ এমৰ আচনি আছিল কিন্তু উক্ত আচনিৰ লগত বৰ্তমান জেজে এমৰ ৰেট্ৰফিটিং (Retrofitting) কৰা হৈছিল। গতিকে পুৰণি আচনিটো এটা পৰ্যায়লৈ কাৰ্যক্ষম কৰি লোৱা হয় বাকী জেজেমৰ কাৰণে নতুন ৰেট্ৰফিটিং কৰা হয়। গতিকে ইয়াত প্ৰাককলন মতে যি আছে ঠিকাদাৰ সকলে কাম কৰিবলৈ বাধ্য। যদি ইয়াত ঠিকাদাৰৰ কৰবাত হেমাহি আছে সেইখিনিও নিশ্চয়কৈ ধৰা পৰিব বুলি তেওঁ উল্লেখ কৰে। আজিও সেইবিলাক লৈয়েই এম ডি জেজেএম, অতিৰিক্ত মুখ্য সচিব জনস্বাস্থ্য কাৰিকৰী বিভাগ বহি গোটেইখিনি ঠিক কৰিব কিন্তু ঠিকাদাৰৰ ফালৰ পৰা কিছু কিছু আচনিত যে হেমাহি আছে সেইয়া ধৰা পৰিছে।

মন্ত্ৰী গৰাকীয়ে আৰু কয় যে জলজীৱন মিছনৰ কাম আগন্তুক ২০২৪ চনলৈকে চলি থাকিব। মাজুলীত আগতীয়াকৈ কাম সমূহ আৰম্ভ হৈছিল আৰু এতিয়ালৈকে হবই লাগিছিল। কিন্তু বিভিন্ন অভিযোগ, অসুবিধাৰ বাবে কাম সমূহ হোৱা নাছিল। কিন্তু আজিৰ পিছত কাম সমূহে এক গতি পাব। মাজুলীৰ আচনিৰ বেছি ভাগেই স্থানীয় ঠিকাদাৰ গতিকে স্থানীয় ঠিকাদাৰ সকলে নিজৰ ঠাইৰ কামখিনি ভালদৰে কৰিব লাগে আৰু খেলিমেলি কৰা কাম সমূহ শীৰ্ঘেই সম্পূৰ্ণ কৰি দিব লাগে বুলি উল্লেখ কৰে। অন্যথা বিভাগীয় ভাৱে অতি কঠোৰ স্থিতি গ্ৰহণ কৰা হব বুলি উল্লেখ কৰাৰ লগতে বিভাগৰ যি সমূহ বিভাগৰ কাৰিকৰী ভুলৰ বাবে কৰবাত ভুল হৈছিল আজিৰ পৰা তিনি বছৰৰ আগৰ বিষয়াও সাৰি নাযায় বুলি তেওঁ উল্লেখ কৰে। আসোঁৱাহ চোৱাটোৱেই আমাৰ কাম নহয় মাজুলীৰ ৰাইজে বিশুদ্ধ খোৱাপানী পাবই লাগিব বুলি তেওঁ উল্লেখ কৰে। ইফালে ৰাজ্যৰ জল মিত্ৰ সকলৰ পাৰিতোষিক সন্দৰ্ভত তেওঁ কয় পূৰ্বে জলমিত্ৰ ই পাৰিতোষিক অবিহনে কাম কৰি আছিল। মই মন্ত্ৰী হোৱাৰ পিছতহে তেওলোকক ৬৫০০ টকা পাৰিতোষিক দিয়া হৈছে। মাজুলীত দুটা আচনি মিলাই দুজন জল মিত্ৰৰ নিয়োগ কৰিব পাৰি নেকি তাক চিন্তা কৰি থকা হৈছে বুলি উল্লেখ কৰাৰ লগতে পাৰিতোষিক সন্দৰ্ভতো ভৱিষ্যতৰ দিনত বিবেচনাৰ আশ্বাস দিয়ে। বিভিন্ন কাৰ্যসূচীৰ লগতে জেংৰাইমুখত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে । আজি নিশা মাজুলীতে কটাই কালিলৈ পূৱা অফলামুখ ঘাটেৰে যোৰহাটলৈ যাব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ।

ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী ভজন লাল শৰ্মা…

ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা। ভজন লাল শৰ্মা হ’ব ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী । ছাংগানেৰ সমষ্টিৰ বিধায়ক ভজন লাল শৰ্মা।

ৰাজস্থান বিজেপিৰ সাধাৰণ সম্পাদক আছিল শৰ্মা। জয়পুৰত অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত চূড়ান্ত মুখ্যমন্ত্ৰীৰ নাম।

দিয়া কুমাৰী আৰু প্ৰেম ছন্দ বৈৰৱা হ’ব উপ-মুখ্যমন্ত্ৰী। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে ঘোষণা কৰে উপ-মুখ্যমন্ত্ৰীৰ নাম। বাসুদেৱ দেৱনানী হ’ব ৰাজস্থান বিধানসভাৰ অধ্যক্ষ।