Home Blog Page 1186

জনসমুদ্ৰত পৰিণত শুৱালকুছিৰ ৰাসস্থলী ! কৃষ্ণপ্ৰেমৰ অমিয়া বন্দনা আৰু ৰাসৰ উল্লাস- উদ্দীপনাত মুখৰ বস্ত্ৰনগৰী…

কৃষ্ণপ্ৰেমৰ অমিয়া বন্দনা আৰু ৰাসৰ উল্লাস- উদ্দীপনাত মুখৰ বস্ৰনগৰী

ৰাজ্যৰ বিভিন্ন প্ৰান্তত লগতে বস্ৰনগৰী শুৱালকুছিতো চলি আছে ৰাসৰ উল্লাস-উদ্দীপনা আৰু কৃষ্ণপ্ৰেমৰ অমিয়া বন্দনা। কালি আৰু আজি নিশা দ্বিতীয় বৃন্দাবনলৈ পৰ্যবেসিত হ’ল শুৱালকুছিৰ ৰাসস্হলী। সন্ধিয়াৰ পৰা অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাগমে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে ৰাস উদযাপন স্হলীত ৷ ৰাধা-কৃষ্ণৰ যুগলবন্দী সহ গোপীৰ লয়লাসকে ধৰি ৰাস মহোৎসৰ লগত জড়িত প্ৰায় চল্লিশটা স্হলত বিভিন্ন মৃন্ময় মূৰ্ত্তিৰ দৃশ্যই মন্ত্ৰমুগ্ধ কৰিলে সমবেত হাজাৰ-হাজাৰ দৰ্শকক। ইয়াৰে কেইবাটিও স্হল বৈদ্যুতিক কাৰুকাৰ্যৰে জীৱন্ত কৰি তোলা প্ৰয়াসত সফল হৈছে উদ্যোক্তা সকল ৷ ৰাস থলী নিশা প্ৰতিদিনে নিমন্ত্ৰিত আগশাৰীৰ শিল্পীৰ গীত-মাত, বাঁহী-তালৰ মূৰ্চনাৰে মুখৰিত হৈছে শুৱালকুছিৰ ব্ৰহ্মপুত্ৰৰ সেউজ বালিচৰৰ আকাশ-বতাহ। ইফালে আনন্দমেলা আৰু বস্ৰমেলাত অগণন লোকৰ সমাৱেশ ঘটিছে ৷ আনন্দ উল্লাহৰ মাজত কেনেদৰে সময় পাৰ হৈছে তাক ধৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাসস্হলীত ৷

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে শুৱালকুছিৰ ৰাস মহোৎসৱ দেখি অভিভূত হৈ পৰিছে ৷ পাৰ্কিঙৰ সু-ব্যৱস্হা থকাৰ লগতে খোৱাৰ বাবে যথেস্ট সংখ্যক হোটেল ৰেস্টুৰেন্টৰ ব্যৱস্থা কৰিছে ব্যৱসায়ী সকলে ৷ কেটলী মুখত দিয়া পিঠা আৰু ফিকা চাহ ৰাসৰ এক আকৰ্ষণ হৈ পৰিছে ৷ চকৰিৰ জৰিয়তে ভাগ্য পৰীক্ষা কৰা খেলে সকলোকে আমোদ দিছে ৷ আৰক্ষী-প্ৰশাসনে ৰাস মহোৎসৱৰ সকলো দিশ পৰ্যবেক্ষণ কৰি আছে ৷ ৰাসস্হলীৰ প্ৰতিটো প্ৰান্ততে ব্যৱহাৰ কৰা হৈছে চি চি টিভি ৰ কেমেৰা ৷ যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হব নোৱাৰে ৷ জীৱন্ত ভূপেন হাজৰিকা আৰু জীৱন্ত মহাত্মা গান্ধীৰ কাৰুকাৰ্যই সকলোকে মোহিত কৰিছে ৷

আদিবাসীৰ বাসস্থানক লৈ প্ৰস্তুত কৰা ৰাসস্হলীৰ মূল গেটটোৱে এক বিশেষ মৰ্যদা প্ৰদান কৰিছে ৷ হনুমানৰ গদা আৰু পুতনা বধে সকলোৰে মন মুহিত কৰিছে ৷ ৰাস উদযাপন সমিতিৰ সভাপতি ৰাজীৱ দাসে জানিবলৈ দিয়ামতে বিগত দিন কেইটাত ৰাসস্হলীত কেবা লক্ষ্য লোকৰ সমাগম ঘটিছে। ৰাসস্হলীত বিৰ দি বাট নোপোৱা অৱস্থা হৈছে ৷ সমগ্ৰ বালিচৰত এক আধ্যাত্মিক পৰিবেশ বিৰাজ কৰিছে ৷ আনহাতে সৰু লৰা-ছোৱালীৰ বাবে পানীত নাওঁ খেলৰ লগতে আন বহুত খেলৰ ব্যৱস্থা কৰা হৈছে ৰাসস্হলীত ৷ মুঠতে শুৱালকুছিৰ ৰাসে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এক নতুন দিগন্তৰ সূচনা কৰিছে ৷ উদ্যোক্তা সকলে অসমবাসী ৰাইজক ৰেচম গাওঁ হিচাৱে পৰিচিত বস্ৰনগৰী হিচাৱে খ্যাত শুৱালকুছিৰ ৰাস মহোৎসৱ চাবলৈ আন্তৰিকতাৰে আহ্বান জনাইছে ৷

নগৰবেৰাৰ টুপামাৰীত প্ৰধান মন্ত্ৰী জল জীৱন মিছন আঁচনি শেহতীয়াকৈ ব্যৰ্থ হোৱা পৰিলক্ষিত…

কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ লক্ষ্যৰে কোটি কোটি টকাৰ আঁচনি প্ৰস্তুত কৰিছে যদিও গ্ৰাম্যঞ্চলৰত তাৰ ওলোটা ৰূপটোহে দেখিবলৈ পোৱা গৈছে। যি সময়ত চৰকাৰে প্ৰতিঘৰৰ প্ৰতিজন সদস্যৰ বাবে প্ৰতিদিন ৫৫ লিটাৰকৈ বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ অভিলাষী আঁচনি গ্ৰহণ কৰিছে, ঠিক তেনে সময়তে কামৰূপ জিলাৰ নগৰবেৰাৰ টুপামাৰীত বিশুদ্ধ খোৱা পানী যোগান আঁচনি কেন্দ্ৰই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফোপোলা স্বৰূটোহে উদঙাইছে।

টুপামাৰীত প্ৰধান মন্ত্ৰী জল জীৱন মিছন আঁচনি শেহতীয়াকৈ ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। প্ৰাপ্ত তথ্য মতে টুপামাৰী অঞ্চলৰ প্ৰতিঘৰ লোকক ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ উদ্দেশ্যে টুপামাৰী পানী যোগান আঁচনিৰ নামত চৰকাৰীভাৱে লাখ লাখ টকা ব্যয় কৰিলে যদিও আজিলৈকে যোগান ধৰিব নোৱাৰিলে বিশুদ্ধ খোৱা পানী। পানী যোগান কেন্দ্ৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ ১১ মাহ উকলি গ’ল যদিও আজিলৈকে পানী যোগান আঁচনি কেন্দ্ৰটোৰ পৰা ৰাইজে লাভ নকৰিলে এটোপাল বিশুদ্ধ খোৱা পানী। চৰকাৰৰ জলজীৱন আচঁনি উঠিছে ধোঁৱাচাঙত, মাহৰ পিছত মাহ বাগৰিল আঁচনি সম্পূৰ্ণ হোৱা স্বত্বেও টেপেৰে নোলায় পানী, পদূলিয়ে পদূলিয়ে দৃষ্টিকটু ভাবে থিয় হৈ থকা পানীৰ টেপৰ পোষ্টবোৰ এতিয়া ব্যৱহাৰ হৈছে গৰু বন্ধা খুটি হিচাপেহে।

বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে বুলি অঞ্চলবাসীয়ে গুৰুতৰ অভিযোগ কৰিছে। মুঠতে বহু গ্ৰামাঞ্চলত পানী যোগান আঁচনিৰ নামত চলিছে ভেল্কিবাজি। জলজীৱন আচঁনি আজি যেন ঠায়ে ঠায়ে চৰকাৰী ধন অপচয়ৰ কেন্দ্ৰস্থল হৈ পৰিছে। শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ তদন্তৰ জৰিয়তে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিয়মীয়াকৈ টুপামাৰী অঞ্চলত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ দাবী জনাইছে অঞ্চলবাসীয়ে। আমাৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত বিভাগীয় কতৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰা সেৱা হব লাখ-কোটি টকীয়া প্ৰশ্ন।

কাকপথাৰৰ কঁপাহতলি সেনা ছাউনিত চেপা উত্তেজনা, ১৪দিনৰ পূৰ্বে আলফাই নিক্ষেপ কৰা গ্ৰেণেড এটা অবিস্ফোৰিত অৱস্থাত উদ্ধাৰ…

দীৰ্ঘদিনৰ বিৰতিৰ পাছত জিলাখনত পুনৰ ২২নবেম্বৰত সংঘটিত উগ্ৰপন্থীৰ কূটাঘাতৰ এটা অবিস্ফোৰিত গ্ৰেনেড কালি সেনাই আলফাৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ কৰে । এই ঘটনাকলৈ কাকপথাৰৰ কঁপাহতলি সেনা ছাউনিত এক চেপা উত্তেজনাই বিৰাজ কৰে।ঘটনাৰ সবিশেষ মতে কাকপথাৰ অঞ্চলৰ সীমান্তৱৰ্তী ডিৰাক কঁপাহতলি সেনা চাউনীলৈ লক্ষ্য কৰি আলফাই যোৱা ২২ নবেম্বৰত নিক্ষেপ কৰিছিল দুটাকৈ গ্ৰেনেড । নিশা প্ৰায় ৭-৪০ বজাত এখন মটৰ চাইকেলেৰে বৰমেচাই দিশৰ পৰা ডিৰাক চাৰিআলি দিশে আহি থকা দুই আৰোহীয়ে সেনা চাউনীলৈ লক্ষ্য কৰি দুটাকৈ গ্ৰেণেড নিক্ষেপ কৰে যদিও তাৰে এটা গ্ৰেনেড লক্ষ্যভ্ৰষ্ট হৈ সেনা চাউনীৰ গাতে লাগি থকা বাসিন্দা কন্‌ঠেশ্বৰ চেতিয়াৰ বাসগৃহৰ সন্মুখত বিস্ফোৰিত হয় আৰু আনটো গ্ৰেনেড কণ্ঠস্বৰ চেতিয়াৰ গেৰেজৰ ওপৰত পৰি অবিস্ফোৰিত অৱস্থাতে ৰৈ যায় ।

এই কুটাঘাটৰ সন্দৰ্ভত কাকপথাৰ আৰক্ষীয়ে ৩ ডিচেম্বৰ তাৰিখে পৰাগ বড়া নামৰ এজন যুৱকক আটক কৰি চলোৱা জেৰাত উক্ত দিনা দুটা গ্ৰেনেড দলিওৱা হৈছিল বুলি মুখখোলাত তাৰ পিছৰে পৰা সেনা চাউনিত এক চেপা উত্তেজনা বিৰাজ কৰে ।কালি দিনৰ ভাগত সেনাই কন্‌ঠশ্বৰ চেতীয়াৰ চৌপাশ তন্ন তন্নকৈ পৰীক্ষা কৰাত চেতিয়াৰ গেৰেজৰ ওপৰৰ চালত গ্ৰেনেড এটা পৰি থকা প্ৰত্যক্ষ কৰি সেনাই বোমা বিশেষজ্ঞক খবৰ দিয়ে। সেনাৰ বোমা বিশেষজ্ঞৰ দল আহি নিশা গ্ৰেনেটো উদ্ধাৰ কৰি প্ৰায় ৯ বজাত বিস্ফোৰিত কৰাতহে এক দীৰ্ঘ সময়ৰ গ্ৰেনেড উত্তেজনাৰ যৱনিকা পৰে।

পৰিনীতি চোপ্ৰাৰ বাঢ়িল ১৫ কেজি ওজন, এতিয়া ঘণ্টাৰ পিছত ঘণ্টা সময় অতিবাহিত কৰিছে জিমত…

পৰিনীতি চোপ্ৰাৰ ওজন হ্ৰাসঃ শেহতীয়াকৈ ৰাঘৱ চাধাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা অভিনেত্ৰী পৰিনীতি চোপ্ৰাক আগন্তুক ছবি ‘চামকিলা’ত দেখা যাব। এই ছবিখনৰ বাবে পৰিনীতিৰ ওজন বৃদ্ধি পাইছিল ১৫ কেজি। কিন্তু এতিয়া তাই আকৌ ফিট দেখাবলৈ জিমত ঘণ্টাৰ পিছত ঘণ্টা সময় অতিবাহিত কৰিছে পৰিণীতিয়ে।


এটা ভিডিঅ’ শ্বেয়াৰ কৰি পৰিনীতিয়ে কেপচনত লিখিছে, “যোৱা বছৰ মই ৰহমান ছাৰৰ ষ্টুডিঅ’ত ৬ মাহ গান গাইছিলো আৰু তাৰ পিছত ঘৰলৈ উভতি আহি ‘চামকিলা’ৰ বাবে যিমান পাৰি জাংক ফুড খাই ১৫ কেজি ওজন বৃদ্ধি কৰিছিলো।”

পৰিনীতিয়ে আৰু লিখিছে যে সংগীত আৰু খাদ্য, এইটোৱেই আছিল মোৰ দৈনন্দিন কাম। এতিয়া ছবিখন সম্পূৰ্ণ হোৱাৰ পিছত কাহিনীটো সম্পূৰ্ণ বিপৰীত। ষ্টুডিঅ’টো মিছ কৰি আকৌ ফিট দেখাবলৈ জিমত ৱৰ্কআউট কৰিছোঁ।

জীৱনটো কিন্তু অভিনয় নহয়…

১৯৮৬ চনত কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ে এক বিশেষ প্ৰকল্পৰ আধাৰত গতানুগতিক অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ বিপৰীতে ছয় বছৰীয়া পাঠ্যক্ৰমৰে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ কাৰণে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ সমীপৰ নিৰজুলিত এখন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষা প্ৰতিষ্ঠান স্থাপিত কৰিছিল।আৰম্ভণিতে উত্তৰ পূৰ্ব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অধীনত থকা আৰু বৰ্তমান সময়ত বিবেচিত বিশ্ববিদ্যালয়ৰ মৰ্য্যদা প্ৰাপ্ত North Eastern Regional Institute of Science & Technology চমুকৈ NERIST এখন দেশৰ আগশাৰীৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান । উল্লেখযোগ্য যে সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বত খলকনিৰ সৃষ্টি কৰা চন্দ্ৰযান-৩ মিচনত এই নেৰিষ্টৰে পাঁচ জন উত্তৰ পূৰ্বাঞ্চলৰে প্ৰাক্তন ছাত্রই অংশগ্ৰহণ কৰি দেশৰ লগতে শিক্ষানুষ্ঠান খনলৈ সুনাম কঢ়িয়াই আনিছে ।

সাতভনীৰ সন্তানে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষা লাভ কৰিবলৈ অহা এই শিক্ষানুষ্ঠান খন কেৱল এখন অভিযান্ত্ৰিক প্ৰতিষ্ঠানেই নহয় । এইখন হৈছে এজন ছাত্ৰৰ বৌদ্ধিক, মানসিক আৰু সামাজিক দায়বদ্ধতাৰ বিকাশৰ অনুশীলনৰ থলী। তাৰ বাবেই আজি দেশ আৰু বিদেশৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত আগশাৰীৰ পদৱীত অধিস্থিত হোৱাৰ সুযোগ পাবলৈ সমৰ্থ হৈছে। কোনো ৰাজনৈতিক দল প্ৰতিষ্ঠানে ঢুকি নোপোৱা নেৰিষ্টত শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা নগা, মিজো, অৰুণাচলী, মণিপুৰী, খাছি, ত্ৰিপুৰী অসমীয়াৰ লগতে দেশৰ অন্য ঠাইৰ পৰা পঢ়িবলৈ অহা ছাত্ৰ-ছাত্ৰী সকলে আৰম্ভণিৰে পৰা বজাই ৰখা সমন্বয়ৰ কথা উল্লেখনীয়। তাৰ উদাহৰণ হৈছে নেৰিষ্টৰ কেম্পাছত ছাত্ৰ-ছাত্ৰী সকলে সমন্বয়ৰ বনোৱা শিৱ মন্দিৰ, নামঘৰ , গীৰ্জাঘৰৰ লগতে উদযাপন কৰা ৰঙালী বিহু , বৰদিন, বৈশাখী নিয়কুম, চাপচাৰ কুট,মপিন আৰু ড্ৰি আদি উৎসৱ । এই শিক্ষানুষ্ঠানৰ নেৰিষ্ট আৰু মিজোৰামৰ সততাৰ নিদৰ্শণ পৰম্পৰাগত বিক্রেতা বিহীন বজাৰ ‘ন্গাহ-ল’হ-ডৱৰ’ৰ পটভূমিতে লিখি উলিওৱা হৈছে মোৰ নৱতম উপন্যাস “বিক্রেতা বিহীন বজাৰ”।

২০২১ চনতে প্ৰকাশ পোৱা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষণাৰ বিষয়বস্তু হিচাপে বিবেচিত হোৱা মোৰ ” বিহংগম দৃষ্টিত মিজোৰাম” উপন্যাসখনৰ পৰিবৰ্ধিত সংস্কৰণ তথা নতুন ৰূপত প্ৰকাশ কৰিবলৈ ওলোৱা এই উপন্যাসখনে পাঠকৰ সমাদৰ লাভ কৰিব বুলি আশা কৰা হৈছে । উপন্যাসখনত অৰুণাচলৰ নিচি জনজাতিৰ কলা সংস্কৃতি আৰু কটকটীয়া সমাজ ব্যৱস্থাৰ লগতে লগতে মিজোৰামৰ মিজো সকলৰ শৃংখলাৱদ্ধ জীৱন শৈলী আৰু সততাৰ কথা প্ৰধান্য দিয়া হৈছে। মাক-দেউতাকৰ আশা আৰু ভৱিষ্যত জীৱনৰ সপোনলৈ পঢ়িবলৈ অহা ছাত্ৰ-ছাত্ৰী সকলে ঘৰ এৰি হোষ্টেললৈ অহাৰ পাছত নিজৰ জীৱনৰ ভৱিষ্যত নিজে সুৰক্ষিত কৰি ৰাখিব লাগিব। নিজৰ এটা ভুল সিদ্ধান্তই সকলো সৰ্বনাশ মাতি আনিব পাৰে । মানুহে নিজৰ জীৱনৰ পৰা পোৱা শিক্ষাই হৈছে সৰ্বোত্তম শিক্ষা । ভগৱান শ্ৰীকৃষ্ণই সকলো দৰ্শন উদ্ভাবন কৰিছিল নিজৰ জীৱনৰ বাস্তৱ ঘটনা -পৰিঘটনাৰ পৰা। জীৱনটো কিন্তু অভিনয় নহয় । কাৰণ অভিনয় নিজৰ নহয় আনৰ চৰিত্ৰৰ হে কৰা হয়। জীৱনত ভুল হৈ যোৱা অথৱা কৰাটো সাধাৰণ কথা । পাছে প্ৰায় সকলোবোৰ ভুলৰ কাৰণে সংশোধনৰ সুযোগ আহে। সেই সুযোগ ল’ব জনা জনেই সফলতাৰ মুখ দেখে। জীৱনত প্ৰতিষ্ঠা লাভ কৰিবলৈ সমক্ষ হয়।

অহা ২৬ ডিচেম্বৰ তাৰিখে অৰুণাচল প্ৰদেশৰ নেৰিষ্টত উন্মোচিত হ’ব লগীয়া মণিকূট প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ‘বিক্রেতাবিহীন বজাৰ”ৰ নায়ক অনুৰাগ, নিচি যুৱতী মৃগনয়ণী আৰু মিজো গাভৰু জুৱালীৰ ত্রিকোণীয় প্ৰেমৰ কাহিনীৰাজিয়ে পাঠকৰ হৃদয়ত স্থান পাব বুলি আশা কৰিলোঁ।

লেখকঃ চুমিন্দ্ৰ চৌধুৰী

৭০ বছৰীয়া মহিলাই জন্ম দিলে যমজ সন্তান…

উগাণ্ডাৰ ছাফিনা নামুকৱেয়া নামৰ এগৰাকী ৭০ বছৰীয়া মহিলাই যমজ সন্তান জন্ম দিয়ে। এইটো এটা আচৰিত কৃতিত্ব, কিয়নো সাধাৰণতে মহিলাৰ বাবে ৪০ বছৰ বয়সৰ পিছত গৰ্ভধাৰণ কৰাটো কঠিন। উগাণ্ডাৰ এগৰাকী ৭০ বছৰীয়া মহিলা ছাফিনা নামুকৱেয়াই শেহতীয়াকৈ যমজ সন্তান জন্ম দিয়ে। ছাফিনাই এটি ল’ৰা আৰু এটি ছোৱালী শিশু জন্ম দিয়ে।


ছাফিনাই ক’লে যে তেওঁ মাতৃ হ’ব বিচাৰিছিল, কিন্তু বয়সৰ বাবে তেওঁ এই সপোন পূৰণ কৰিবলৈ সক্ষম হোৱা নাছিল। তেওঁ ক’লে যে তেওঁ গ্ৰাম্য সমাজত গৰ্ভৱতী হ’ব নোৱাৰাৰ বাবে ‘অভিশপ্ত মহিলা’ ​​বুলি কোৱা হৈছিল। শেষত ছাফিনাই আইভিএফ (ইন-ভিট্ৰ’ ফাৰ্টিলাইজেচন) কৌশলৰ আশ্ৰয় লয়, তাৰ পিছত তেওঁৰ ৭০ বছৰ বয়সত যমজ সন্তান জন্ম হয়।

ছাফিনাৰ এই কৃতিত্ব এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। ইয়াৰ পৰা বুজা যায় যে বয়স যিয়েই নহওক কিয়, মহিলাই গৰ্ভধাৰণ কৰি মাতৃ হ’ব পাৰে। যিসকল মহিলাই কোনো কাৰণত গৰ্ভধাৰণ কৰিব নোৱাৰে তেওঁলোকৰ বাবেও ই এক প্ৰেৰণা।

বিজয় আৰু পৰাজয়! বন্ধুত্ব বজাই ৰখা উচিত, কংগ্ৰেছ নেতা কমল নাথে হাঁহিমুখে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক…

বিজয় আৰু পৰাজয়ৰ স্থান! বন্ধুত্ব বজাই ৰখা উচিত, কংগ্ৰেছ নেতা কমল নাথে হাঁহিমুখে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক। মধ্যপ্ৰদেশত বিজেপিৰ ব্যাপক বিজয়ৰ পিছত কংগ্ৰেছ নেতা কমলনাথে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰিবলৈ আহিছিল। দুয়োজন নেতাই ইজনে সিজনৰ লগত হাত মিলাই ফুলৰ থোপা দি হাঁহি হাঁহি গুচি গ’ল।

যাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত মানুহে শ্বেয়াৰ কৰিছিল। ইয়াৰ পিছত এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰি কয় যে জয় বা পৰাজয়ৰ ঠাইত বন্ধুত্ব ৰাখিব লাগে। বিধানসভাৰ নিৰ্বাচন ২৩০ খন আসনত যুঁজ দিয়া হৈছিল। ইয়াৰে ১৬৩খন আসনত বিজেপিয়ে জয় লাভ কৰিলে।​

মিচাং কোনখন দেশৰ শব্দ আৰু ইয়াৰ অৰ্থ কি, জানি লওক ঘূৰ্ণীবতাহৰ নাম কেনেকুৱা…

ঘূৰ্ণীবতাহ মিচাং, মিচাং হৈছে ম্যানমাৰৰ শব্দ। ম্যানমাৰ ভাষাত ইয়াক মিজোম বুলি কোৱা হয়। এইবাৰ ম্যানমাৰে তামিলনাডুত বিধ্বংসী ঘূৰ্ণীবতাহৰ নাম দিছে। বংগোপসাগৰৰ ওপৰত গঠিত ঘূৰ্ণীবতাহ মিচাং তীব্ৰ ঘূৰ্ণীবতাহৰ ধুমুহালৈ পৰিণত হৈছে। ইয়াৰ সৰ্বোচ্চ প্ৰভাৱ তামিলনাডু, ওড়িশা, পুডুচেৰী আৰু অন্ধ্ৰপ্ৰদেশত দেখা গৈছে। ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ বাবে পৰিস্থিতি বেয়া। ঘণ্টাত ১০০ কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বলিছে। তামিলনাডুৰ ৰাজধানী চেন্নাইত এতিয়ালৈকে বৰষুণৰ ফলত ৮ জন লোকৰ মৃত্যু হৈছে। তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশৰ উপৰিও ওড়িশাতো মিচঙৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে, সেয়েহে ইয়াকো সতৰ্ক অৱস্থাত ৰখা হৈছে। ধ্বংসলীলা সৃষ্টি কৰা এই ঘূৰ্ণীবতাহক দিয়া মিচং নামটোৰ অৰ্থ হৈছে শক্তি আৰু নমনীয়তা। এয়া ম্যানমাৰৰ শব্দ। বিশ্ব মেট্ৰ’লজিকেল অৰ্গেনাইজেচন (WMO)ৰ তথ্য অনুসৰি মিচাউং নামটো ম্যানমাৰে দিছে আৰু ম্যানমাৰ ভাষাত ইয়াক মিগজাউম বুলি কোৱা হয়, যাৰ অৰ্থ শক্তি আৰু নমনীয়তা।

WMO আৰু ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক আয়োগৰ (ESCAP) সদস্য দেশসমূহে বিশ্বজুৰি সংঘটিত হোৱা প্ৰতিটো ঘূৰ্ণীবতাহৰ বাবে নামৰ পৰামৰ্শ দিয়ে। ১৩খন দেশে পাল পাতি ধুমুহাৰ নাম দিছে। নাম এটাৰ নাম এবাৰ ৰখাৰ পিছত তাৰ পুনৰাবৃত্তি কৰিব নোৱাৰি। আমেৰিকাত ধুমুহাৰ নামকৰণ ১৯৫৩ চনৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে ভাৰত মহাসাগৰত ধুমুহাৰ নামকৰণৰ প্ৰক্ৰিয়া ২০০৪ চনৰ পৰা আৰম্ভ হৈছিল। এই ১৩খন দেশ হ’ল ভাৰত, য়েমেন, বাংলাদেশ, ম্যানমাৰ, শ্ৰীলংকা, পাকিস্তান, ইৰাণ, কাটাৰ, ইউ এ ই, থাইলেণ্ড, চৌদি আৰব, ওমান আৰু মালদ্বীপ। কেৱল সেই ধুমুহাবোৰৰ নাম উল্লেখ কৰা হৈছে যাৰ গতিবেগ প্ৰতি ঘণ্টাত কমেও ৬৩ কিলোমিটাৰ।

দেশৰ ২৮খন ৰাজ্যৰ ১২খনত বিজেপিৰ চৰকাৰ, ৩ খনতহে কংগ্ৰেছ…

কংগ্ৰেছৰ বাবে যেন বেয়া দিন আহিছে। দেশৰ পুৰণি দলটোৰ হাতত এতিয়া মাত্ৰ আছে তিনি খনহে ৰাজ্য।ভাৰতৰ ২৮খন ৰাজ্যৰ ভিতৰত ১২খন ৰাজ্যত বিজেপিয়ে শাসন কৰিব। কংগ্ৰেছ দলৰ হাতত মাত্ৰ তিনিখন ৰাজ্যহে আছে আৰু সেইকেইখন ৰাজ্য হ’ল তেলেংগানা,কৰ্ণাটক আৰু হিমাচল প্ৰদেশ। ২০১৪ চনৰ পৰা – য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল আৰু ২০২৩ চনৰ ৩ ডিচেম্বৰলৈকে সংগ্ৰহ কৰা তথ্যই বিজেপিৰ ৰাজনৈতিক মানচিত্ৰখন বছৰ বছৰ ধৰি দ্ৰুতগতিত সম্প্ৰসাৰণ হোৱাটো দেখুৱাইছে। ২০২৩ চনৰ ডিচেম্বৰ মাহলৈকে বিজেপি শাসিত অঞ্চলসমূহে ভাৰতৰ ৫৮ শতাংশ ভূমিৰ ভিতৰত ৫৭ শতাংশ জনসংখ্যাৰ সন্নিৱিষ্ট কৰিছে। ইফালে কংগ্ৰেছ শাসিত ৰাজ্যসমূহে ৪৩ শতাংশ জনসংখ্যাৰে দেশৰ ৪১ শতাংশ ভূমি সামৰি লৈছে।

বছৰ বছৰ ধৰি বিজেপিৰ দ্বাৰা সৃষ্ট ৰাজনৈতিক মানচিত্ৰ, আৰু ৰাজস্থান, ছত্তীশগড় আৰু মধ্যপ্ৰদেশত বিজেপিৰ ষ্টানাৰে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ মঞ্চ তৈয়াৰ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে কয় যে ৰাজ্যিক নিৰ্বাচনত বিজেপিৰ “হেট্ৰিক” দলৰ “২০২৪ চনৰ লোকসভা নিৰ্বাচনত হেট্ৰিক”ৰ নিশ্চয়তা বুলি বহু দাবী কৰিছে৷ দেওবাৰৰ এই জয়ৰ লগে লগে এতিয়া লোকসভাৰ ৫৪৩খন আসনৰ প্ৰায় আধা অংশ বিজেপিৰ। দিল্লী আৰু পঞ্জাৱত চৰকাৰ থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টীয়ে এতিয়া তৃতীয় বৃহত্তম ৰাষ্ট্ৰীয় দল হিচাপে আত্মপ্ৰকাশ কৰিছে। যদিও কংগ্ৰেছে তেলেংগানাত জয়লাভ কৰি এই বছৰ দ্বিতীয়টো জয় সন্নিৱিষ্ট কৰিছে তথাপিও দেওবাৰৰ ফলাফলক কংগ্ৰেছৰ বাবে বিপৰ্যয় হিচাপে দেখা গৈছে। কালি ফলাফল ঘোষণা কৰা চাৰিখন ৰাজ্য ১৬ কোটিতকৈ অধিক ভোটাৰৰ বাসস্থান আৰু ৫৪৩ জনীয়া সংসদত ৮২খন আসন আছে। বিজেপিৰ সভাপতি জগত প্ৰকাশ নাড্ডাই ৰয়টাৰক কয় যে আমি সদায় কৈছিলো যে আমি হাৰ্টলেণ্ড ৰাজ্যসমূহ জয়ী হ’ম। আমাৰ উত্তম ৰাজনৈতিক কৌশল আৰু ৰাজ্যসমূহত কাম কৰাৰ ফলাফল।

২০১৪ চনত কেন্দ্রত প্রধানমন্ত্রী মোদী নেতৃত্বাধীন চৰকাৰ যেতিয়া প্রথমবাৰৰ বাবে ক্ষমতালৈ আহিছিল তেতিয়া ৰাজস্থান, গুজৰাট, মধ্য প্রদেশ, গোৱা, ছত্তীশগড়কে ধৰি কেইখনমান ৰাজ্যত বিজেপি দলটোৱে শাসন কৰিছিল৷ তাৰ পাছৰে পৰা বিজেপিয়ে ১২খন ৰাজ্য নিজৰ বেল্টৰ অধীনলৈ লৈছে, আৰু দেশৰ আটাইতকৈ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰীসকলৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী মোদী।

লালডুহোমাঃ আইপিএছ বিষয়াৰ পৰা মিজোৰামৰ মুখ্যমন্ত্ৰী পদলৈ…

এগৰাকী প্ৰাক্তন আইপিএছ বিষয়া। নিজৰ ৰাজ্য খনক ভালপোৱা সেইগৰাকী প্ৰাক্তন আইপিএছ বিষয়াই এতিয়া মিজোৰামৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ব। ২০১৮ চনত তেওঁ মিজোৰামত দুটা দশকৰ দু-দলীয় ৰাজনীতিৰ পৰম্পৰা ভংগ কৰিছিল। কংগ্ৰেছক তৃতীয় স্থানলৈ ঠেলি দি তেওঁ বিৰোধী দলৰ নেতাৰ পদ দখল কৰে। এইবাৰৰ বিধানসভা নিৰ্বাচনত শাসকীয় মিজো নেচনেল ফ্ৰণ্টক পৰাস্ত কৰি মিজোৰামৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’বলৈ সাজু হৈছে যোৰাম পিপলছ মুভমেণ্টৰ নেতা লাল দুহোমা। সোমবাৰে দুপৰীয়ালৈ স্পষ্ট হৈ পৰিল যে প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দেহৰক্ষীৰ প্ৰাক্তন মুৰব্বী লালডুহোমা দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে আইজলৰ আসনত বহিবলৈ গৈ আছে। ৪০ আসনৰ মিজোৰাম বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে যাদুকৰী সংখ্যা ২১। জেড পি এম ২৭ ৰানত জয়লাভ কৰে। বিদায়ী মুখ্যমন্ত্ৰী জোৰামথাংগাৰ দল এম এন এফে ৯খন আসন লাভ কৰে। ১ ৰে আগুৱাই গৈছে। বিজেপিয়ে ২খন আৰু কংগ্ৰেছে ১খন বিধানসভা আসনত জয়লাভ কৰে।

আশীৰ দশকত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বত আছিল আই পি এছ বিষয়া লালডুহোমা। ১৯৮২ চনত অসমৰ পৰা দিল্লীলৈ বদলি হৈ ইন্দিৰাৰ নিৰাপত্তাৰক্ষীৰ দায়িত্ব দিয়া হয়। ইন্দিৰাই গম পালে যে ১৯৭৭ চনত আই পি এছ বিষয়া হোৱাৰ আগতে তেওঁ ৰাজ্যিক প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে মিজোৰামৰ প্ৰথম মুখ্যমন্ত্ৰী চি চুঙৰ সহায়ক আছিল। লালডুহোমাৰ ৰাজনৈতিক জ্ঞান দেখি ইন্দিৰায়াই ১৯৮৪ চনত পুনৰ মিজোৰামলৈ পঠিয়াই দিলে। লালডুহোমাই আৰক্ষী সেৱাৰ পৰা পদত্যাগ কৰি লোকসভাৰ সদস্য হয়। ৰাজ্যৰ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বও পালে। ৰাজীৱ গান্ধীৰ কাৰ্যকালত লালডেংগাৰ নেতৃত্বত বিদ্ৰোহীসকলৰ সৈতে হোৱা ঐতিহাসিক মিজো চুক্তিৰ জৰিয়তে উত্তৰ-পূবৰ ৰাজ্যখনলৈ শান্তি অনাত তেওঁ যথেষ্ট সহায় কৰিছিল। প্ৰসংগক্ৰমে জোৰামথাংগা সেই সময়ত মিজো বিদ্ৰোহীৰ অন্যতম নেতা আছিল। শান্তি সন্ধিৰ পিছতে মিজোৰামৰ মুখ্যমন্ত্ৰী হৈছিল লালডেংগা। ইয়াৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী লালথানহাউলাৰ সৈতে সংঘাতৰ বাবে লালডুহোমাই প্ৰথমে কংগ্ৰেছ ত্যাগ কৰি মিজো জাতীয় সংঘ গঠন কৰে। পিছত আন এজন প্ৰাক্তন মুখ্যমন্ত্ৰী টি চাইলোৰ নেতৃত্বত গণ সন্মিলনত যোগদান কৰে। পৰৱৰ্তী গন্তব্যস্থান আছিল লালডেংগাৰ দলৰ এম এন এফ। লালডেঙাৰ মৃত্যুৰ পিছত লালডুহোমাই উত্তৰাধিকাৰী জোৰামথাংগাৰ সৈতে সংঘাতৰ বাবে জোৰাম নেচনেলিষ্ট পাৰ্টি গঠন কৰে। ২০০৩ আৰু ২০০৮ চনত তেওঁ বিধায়ক হয়।

২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ জেড এন পি আৰু আন কিছুমান আঞ্চলিক দলৰ সৈতে জেড পি এম গঠন কৰিছিল। নৱগঠিত দলটোৱে ৮খন আসন লাভ কৰে। এটা দশক ক্ষমতাত থকাৰ পিছত কংগ্ৰেছক মূল বিৰোধী শক্তি হিচাপে তিনি নম্বৰলৈ ঠেলি দিয়া হ’ল। কিন্তু নিৰ্বাচন আয়োগে এতিয়াও তেওঁলোকক ‘দল’ হিচাপে স্বীকৃতি নিদিয়াৰ বাবে জেড পি এমৰ প্ৰাৰ্থীসকলে ‘স্বাধীন প্ৰাৰ্থী’ হিচাপে যুঁজিছিল। সেই ভোটত লালডুহোমাই চেৰচিপ আসনত কংগ্ৰেছৰ বিদায়ী মুখ্যমন্ত্ৰী লালথানহাউলাক পৰাস্ত কৰে। ইয়াৰ পিছত জেড পি এম আনুষ্ঠানিকভাৱে ‘ৰাজনৈতিক দল’ হিচাপে আত্মপ্ৰকাশ কৰে, লালডুহোমাক সভাপতি হিচাপে লৈ।