Home Blog Page 1199

বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এঘাৰ মাহত ৫৬৯৫ টা গৰু জব্দ, ১৮৬ জন ভাৰতীয় আৰু ৪৭ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ

ভাৰত – পাকিস্তান আৰু ভাৰত – বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তা আৰু পহৰাৰ দায়িত্বত নিয়োজিত সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফে পহিলা ডিচেম্বৰত ৫৮ টা বৰ্ষ অতিক্ৰম কৰি ৫৯ টা বৰ্ষত ভৰি দিছে। ১৯৬৫ চনৰ পহিলা ডিচেম্বৰত গঠন কৰা বাহিনিটোৰ বৰ্তমান বেটেলিয়ানৰ সংখ্যা হল ১৯৬ টা । যাৰ বাবে বি এছ এফ বিশ্বৰ অন্যতম সৰ্ববৃহৎ সীমান্ত নিৰাপত্তা বাহিনী হিচাপে পৰিগণিত হৈছে । এই মন্তব্য বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহাপৰিদৰ্শক দীনেশ কুমাৰ যাদৱৰ। বি এছ এফৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৩০ নবেম্বৰৰ দিনা সন্ধিয়া গুৱাহাটী ফ্ৰন্টিয়াৰৰ আজাৰা পাটগাওঁস্থিত মুখ্য কাৰ্যালয়ৰ সভাগৃহত আয়োজিত বাৰ্ষিক সংবাদ মেলত বি এছ এফৰ গঠনৰ লগতে চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰ পৰ্যন্ত এঘাৰ মাহত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ে তেওঁলোকৰ পৰিসীমাত থকা বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত কেনে ধৰণৰ কাৰ্য সম্পাদন কৰিছে তাৰ বিশদ ব্যাখ্যা দাঙি ধৰে। সংবাদ মেলত মহাপৰিদৰ্শক দীনেশ কুমাৰ যাদৱে কয় – বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ে অসম আৰু পশ্চিমবঙ্গৰ মুঠ ৫০৯ কিঃমিঃ বাংলাদেশৰ সীমান্তৰ পহৰা কাৰ্য অাৰু নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈ আছে । চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নবেম্বৰ পৰ্যন্ত এঘাৰ মাহত বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ৩ টা চেক্টৰ কার্যালয়ে সীমান্তত বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত ৫,৬৯৫ টা গৰু চোৰাং সৰবৰাহকাৰীৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে । একে সময়তে ১,৫১৬.৯৬৫ গ্ৰাম সোণ , ২৭,১৬৫ টা বটল ফেন্সিডাইল , ২,৮০৪ কেজি ভাং , ৪০,২০২ টা য়াবা টেবলেট , ৫,৭৮৫ টা সুৰাৰ বটল, ৩,৩৯,০০০ টকাৰ নকল ভাৰতীয় টকা বা জাল নোট জব্দ কৰিবলৈ সক্ষম হৈছে ।

আনহাতে অভিযানত বি এছ এফে সীমান্তত ১৮৬ জন ভাৰতীয় আৰু ৪৭ জন বাংলাদেশী চোৰাং কাৰবাৰী – সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । বৰ্তমান গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অধীনত থকা অসম আৰু পশ্চিমবঙ্গৰ বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৫০৯ কিঃমিঃ অংশত ৩ টা চেক্টৰৰ অধীনত ১১ টা বেটেলিয়ান নিয়োজিত হৈ আছে । ইয়াৰে ধুবুৰী চেক্টৰত প্ৰায় ৯১.৭২৬ কিঃমিঃ নদী সীমান্তত কাৰিকৰী কাৰণতে কাটাতাৰৰ বেৰ বা ফেনসিং দিব নোৱাৰাৰ বাবে তাত অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰা নিৰীক্ষণ কৰি থকা হৈছে । এঘাৰ মাহত যিখিনী চোৰাং সামগ্ৰী বি এছ এফে সীমান্তত উদ্ধাৰ কৰিছে তাৰ মূল্য হব প্ৰায় ১২ কৌটি টকা । একে সময়তে সীমান্তত থকা ভাৰতীয় নাগৰিকৰ কল্যাণৰ বাবে বি এছ এফে সামাজিক দায়বদ্ধতা আঁচনিৰ অংশহিচাপে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ , চাফাই অভিযান , গছপুলি ৰোপণ , কৃষক ৰাইজৰ মাজত কৃষি কাৰ্যত ব্যৱহৃত সামগ্ৰী বিতৰণ , বিদ্যালয়ৰ লগতে যুৱ সমাজৰ মাজত ক্ৰীড়া সামগ্ৰী বিতৰণ , মহিলাক চিলাই মেচিন বিতৰণ কৰি আহিছে । ইয়াৰ উপৰিও ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ৰ লগতে ছেক্টৰ আৰু বেটেলিয়ান মুখ্য কাৰ্যালয় সমূহতো গণৰাজ্য দিৱস, সন্ত্ৰাসবাদ বিৰোধী দিৱস, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, বিশ্ব পৰিবেশ দিৱস , আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী অাৰু মাদক দ্ৰব্য প্ৰতিৰোধী দিৱস , ৰাষ্ট্ৰীয় স্বস্ছতা দিৱস, আৰক্ষী স্মৃতি দিৱস, তদাৰকী সজাগতা সপ্তাহ পালন কৰা হৈছিল। তেনেদৰে মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অধীনত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ গাঁৱত ৰাইজৰ সহযোগত অমৃত কলহত মাটি সংগ্ৰহ কৰি সেই মাটি নতুন দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল।

ইফালে সীমান্তৰ সিপাৰৰ পৰা ভাৰতলৈ যাতে কোনো চোৰাং সামগ্ৰী বা অনুপ্ৰৱেশকাৰী আহিব নোৱাৰে তাৰ বাবে বাংলাদেশৰ ফালত সীমান্তত পহৰাৰ দায়িত্বত নিয়োজিত বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ ( বি জি বি ) সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি অহা হৈছে। বি এছ এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰা কার্যত কোনোদিনে আপোচ নকৰে আৰু প্ৰত্যাহ্বান যিমানেই কঠিন নহওঁক কিয় তাক সদায় সাহসৰে মোকাবিলা কৰি আহিছে বুলি মহাপৰিদর্শক দীনেশ কুমাৰ যাদৱে সদৰি কৰে । আনহাতে গুৱাহাটী ফ্ৰন্টিয়াৰৰ ভাৰপ্ৰাপ্ত প্ৰিন্সিপাল ষ্টাফ অফিচাৰ তথা উপ মহাপৰিদৰ্শক কুলবন্ত ৰায় শৰ্মাই আঁত ধৰা সংবাদ মেলখনত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ছেকেণ্ড – ইন – কমাণ্ড মনোজ কুমাৰ যাদৱ , ডেপুটী কমাডেণ্ট সুবোধ ৰকধেকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে।

দহদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে আৰম্ভ অসম গ্ৰন্থমেলা, শিলচৰত অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’বঃ অনুৰাধা শৰ্মা পূজাৰী

গ্ৰন্থ হ’ল প্ৰজ্ঞা সাধনাৰ ইতিহাসঃ তিলোত্তমা মজুমদাৰ। শিলচৰত অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’বঃ অনুৰাধা শৰ্মা পূজাৰী। গুৱাহাটী-শিলচৰৰ লগতে কলকতা-দিল্লীৰ বহু কেইটা প্ৰকাশন গোষ্ঠীৰ যোগদান। বৰাক উপত্যকাৰ প্ৰাণকেন্দ্ৰ শিলচৰত ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে আজিৰে পৰা আৰম্ভ হ’ল অসম গ্ৰন্থমেলা ৷অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ ২০২৩-২৪ বৰ্ষৰ নিৰ্ধাৰিত কাৰ্যক্ৰমণিকা অনুসৰি দহদিনীয়া অসম গ্ৰন্থমেলা, শিলচৰ আজি বিয়লি ৩ বজাত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ ইয়াৰ পুলিচ পেৰেড গ্ৰাউন্ডত আয়োজন কৰা অসম গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথিৰ আসন শুৱনি কৰে পশ্চিমবংগৰ প্ৰসিদ্ধ সাহিত্যিক তিলোত্তমা মজুমদাৰে ৷ গ্ৰন্থমেলা উদ্বোধন কৰি তেওঁ কয়—“ শিলচৰত অনুষ্ঠিত অসম গ্ৰন্থমেলা অসমৰ বৌদ্ধিক আন্দোলনত নতুন আৰু ইতিবাচক সংযোজন ৷ অসমীয়া আৰু বাংলা ভাষাৰ মাজত প্ৰচুৰ মিল আছে ৷

উভয়ভাষী মানুহৰ চিন্তাৰো বহু মিল আছে ৷ দুয়োটা ভাষাৰে সাহিত্য অতি সমৃদ্ধিশালী ৷ ব্যৱসায়ৰ লগতে এই গ্ৰন্থমেলাই ঐক্যৰ বতৰা প্ৰেৰণ কৰিব ৷” তেওঁ লগতে কয় যে গ্ৰন্থ হ’ল প্ৰজ্ঞা সাধনাৰ ইতিহাস ৷ সভ্যতাৰ আৰম্ভনি তথা মানুহৰ জ্ঞান চক্ষু মুকলি হোৱাৰে পৰা এই ইতিহাসৰ ধাৰাবাহিকতা অক্ষুণ্ণ আছে ৷ গ্ৰন্থ নাথাকিলে পৃথিৱীখন অজ্ঞানতাৰ অন্ধকাৰে আৱৰি ধৰিব ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গ্ৰন্থমেলাক সম্প্ৰসাৰিত কৰি জ্ঞানৰ পোহৰ বিলাইছে ৷ এই প্ৰচেষ্টা সকলোৰে বাবে আদৰণীয় ৷ আন এগৰাকী সন্মানীয় অতিথি তথা উদ্বোধক,সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক,সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে কয়—“ বৰ্তমানৰ ভোগবাদী যুগত বৈষয়িক সম্পত্তিৰ প্ৰতিযোগিতাই সুখ আৰু শান্তি সততে কাঢ়ি নিয়ে ৷ কিন্তু গ্ৰন্থই আত্মাৰ ভোক নিবাৰণ কৰিব পাৰে ৷ আমি আমাৰ ভোগবাদী প্ৰতিযোগিতাৰ দৌৰ ক’ত শেষ কৰিম?— এই প্ৰশ্নৰ উত্তৰ দিব পাৰে গ্ৰন্থৰ জ্ঞানে ৷” তেওঁ প্ৰসংগক্ৰমে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাৰ উদ্ধৃতি দি কয়—“ ঐশ্বৰ্য-বিভূতি , বল-বুদ্ধি সকলো মানুহৰে কম বেছি পৰিমাণে থাকেই ৷ কিন্তু মানৱতাৰ অনুভূতি নিজে নিজে গঢ়ি তোলা দৰকাৰ ৷ গ্ৰন্থৰ জৰিয়তে অৰ্জন কৰা জ্ঞানে এই পোহৰৰ বাট দেখুৱাই দিব পাৰে ৷ সেয়ে সৰুৰে পৰাই ল’ৰা-ছোৱালীৰ হাতত কিতাপ তুলি দিব লাগে ৷ কিতাপে কোনো দিনে আমনি নকৰে ৷ কিতাপৰ স’তে গঢ়ি উঠা বন্ধুত্বই জীৱন সমৃদ্ধ কৰে ৷” শৰ্মা পূজাৰীয়ে লগতে কয় যে শিলচৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰি ভাষা-সংস্কৃতিৰ যি সম্প্ৰীতিৰ বাৰ্তা দিলে এয়া অনাগতত দিনত আদৰ্শনীয় ইতিহাস হৈ ৰ’ব ৷ তেওঁ প্ৰসংগক্ৰমে কালিকা প্ৰসাদ ভট্টাচাৰ্যৰ এটি গীতৰ কিয়দংশ গুনগুনাই সকলোকে মুগ্ধ কৰে ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে পাব্লিছাৰ্ছ গীল্ড, কলকতাৰ সভাপতি ত্ৰিদিব কুমাৰ চেটাৰ্জীয়ে ৷ তেওঁ ভাষণত কয়—“ অসম গ্ৰন্থমেলাৰ প্ৰতি আমাৰ এক আৱেগ জৰিত হৈ ৰৈছে ৷ শিলচৰৰ দৰে প্ৰান্তীয় অঞ্চলত চৰকাৰীভাৱে গ্ৰন্থমেলা অনুষ্ঠিত কৰাটো অতি গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ ইয়াত অসমীয়া ভাষা আৰু বাংলা ভাষাৰ ঐতিহ্য চৰ্চা হ’ব আৰু দুয়োটা ভাষাৰ মাজত সমন্বয় শক্তিশালী হ’ব ৷” তেওঁ লগতে কয় যে গ্ৰন্থসংস্কৃতিয়ে সমাজ-জীৱনক সুন্দৰ কৰি ৰাখে ৷ গ্ৰন্থ অধ্যয়নৰ জৰিয়তে মানুহ বিশ্বমুখী হ’ব পাৰে ৷ গ্ৰন্থ যে কেৱল জ্ঞানৰে ভাণ্ডাৰ এনে নহয়; গ্ৰন্থই মানুহক বিশাল মনৰ অধিকাৰী কৰি তোলে ৷ সেয়ে গ্ৰন্থমেলাৰ আয়োজন মানেই স্থানীয় সমাজক জগত সভালৈ আগবঢ়াই দিয়া ৷ আন এগৰাকী বিশিষ্ট অতিথি পাব্লিছাৰ্ছ গীল্ড, কলকতাৰ সম্পাদক সুধাংশু শেখৰ দে’ই কয় যে এখন ৰাজ্যৰ জিলাই জিলাই ধাৰাৱাহিকভাৱে গ্ৰন্থমেলা অনুষ্ঠিত কৰি অহাটো অভিনৱ কাৰ্যসূচী ৷ ইয়াৰ জৰিয়তে বৌদ্ধিক পৰিৱেশ সমৃদ্ধ হোৱাৰ লগতে সুস্থ বিদ্যায়তনিক বাতাৱৰণ গঢ় দিয়াত সহায়ক হ’ব ৷ প্ৰতিখন গ্ৰন্থমেলাই জ্ঞান-বিশ্বৰ একোটা তাঙৰণ ৷ অসমত আৰম্ভ হোৱা গ্ৰন্থ আন্দোলনৰ সফলতা কামনা কৰে তেওঁ ৷

কছাৰ জিলাৰ আয়ুক্ত ৰোহন কুমাৰ ঝাই ইয়াত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি কয় যে গ্ৰন্থমেলাই বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তোলে ৷ অভিভাৱকসকলে সন্তানক গ্ৰন্থমেলা দেখুওৱাৰ সুযোগ এৰি দিব নালাগে ৷ কিয়নো গ্ৰন্থ এখন চুই চোৱা , গ্ৰন্থৰ সুবাস লোৱাৰ পৰাই কণমানি ল’ৰা-ছোৱালীবোৰে ভৱিষ্যতে অধ্যয়নৰ প্ৰতি ধাৱিত হ’ব পাৰে ৷ তেওঁ সাহিত্য অবিহনে জীৱন পৰিপূৰ্ণ নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কছাৰ জিলাৰ প্ৰাণকেন্দ্ৰ শিলচৰত অসম গ্ৰন্থমেলাৰ আয়োজন কৰা বাবে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাক ধন্যবাদ জ্ঞাপন কৰে আৰু শিলচৰবাসীক এই গ্ৰন্থমেলা সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনায় ৷ একেদৰেই সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয় যে শিলচৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হোৱাটো কাছাৰবাসীৰ বাবে শুভ বাৰ্তা ৷ ইয়াৰ জৰিয়তে এই অঞ্চলৰ বৌদ্ধিক বিকাশ লক্ষ্যনীয় হ’ব ৷ বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকল উপকৃত হ’ব ৷ এই অঞ্চলৰ সমাজ অতি অধ্যয়নপ্ৰিয় ৷ এই কথাটো আন আন ঠাইৰ মানুহেও জনাৰ প্ৰয়োজন আছে ৷ গ্ৰন্থমেলাই এই ক্ষেত্ৰত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব ৷ তেওঁ শৃংখলাৱদ্ধতাৰে গ্ৰন্থমেলা সফল কৰিবলৈ আহ্বান জনায় শিলচৰবাসীক৷ অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰীয়ে অংশগ্ৰহণ কৰে ৷ সৰস্বতী বিদ্যা নিকেতন, মালুগ্ৰামৰ ছাত্ৰ-ছাত্ৰীসকলে এটি সৰস্বতী বন্দনাৰে আৰম্ভ কৰা সভাখনৰ আঁত ধৰে প্ৰবোধ দাস আৰু ড° ইন্দ্ৰানী ভট্টাচাৰ্যই ৷ উল্লেখ্য যে অসম গ্ৰন্থমেলা, শিলচৰত গুৱাহাটী-শিলচৰৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠীৰ লগতে বাংলাদেশৰ ১৫ টা, কলকতাৰ ১২টা, নতুন দিল্লীৰ আৰু আগৰতলাৰ কেইবাটাও অভিজাত প্ৰকাশন গোষ্ঠীয়ে যোগদান কৰিছে ৷ কলকতাৰ প্ৰকাশন গোষ্ঠীসমূহৰ ভিতৰত আছে দেব সাহিত্য কুটীৰ, দে’জ পাব্লিছিং, চক্ৰবৰ্তী চেটাৰ্জী, অক্সফৰ্ড বুক, ইউনাইটেড বুক এজেঞ্চি, চিত্ৰলেখা, চাইমন এণ্ড কাষ্টাৰ ইণ্ডিয়া, পত্ৰ ভাৰতী, পাব্লিছাৰ্ছ গীল্ড, অমৰ চিত্ৰলেখা, উডপেকাৰ আৰু নিউ ডলফিন ৷

ইপিনে নতুন দিল্লীৰ প্ৰকাশন গোষ্ঠী দুটা হৈছে বুক ফ’ৰ্ড পাব্লিকেশ্যন, চিল্ড্ৰেন বুক ট্ৰাষ্ট ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অসম গ্ৰন্থমেলা, শিলচৰলৈ সকলো পক্ষৰে সহযোগিতা কামনা কৰিছে ৷ প্ৰতি সন্ধিয়া গ্ৰন্থমেলা প্ৰাংগণত অনুষ্ঠিত হ’ব আকৰ্ষণীয় সাংস্কৃতিক প্ৰতিযোগিতা ৷

সাৱধান! ডায়েবেটিছৰ ফলতো চুলি সৰে…

ডায়েবেটিছঃ ডায়েবেটিছৰ ফলত হোৱা কিছুমান সমস্যাৰ বাবে চুলি সৰিব পাৰে। ডায়েবেটিছত তেজত চেনিৰ পৰিমাণ বেছি হোৱা, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ লগতে ৰক্ত সঞ্চালনত সমস্যাৰ বাবে চুলি সৰাব পাৰে। ডায়েবেটিছত উচ্চ তেজত চেনি, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল আৰু ৰক্ত সঞ্চালনত সমস্যাৰ বাবে চুলি সৰাব পাৰে। মানসিক চাপ বা গৰ্ভাৱস্থাত হৰম’নৰ পৰিৱৰ্তন হ’লে অত্যধিক চুলি সৰিব পাৰে। স্বাস্থ্য বিশেষজ্ঞৰ মতে চুলি সৰা টাইপ ১ আৰু টাইপ ২ ডায়েবেটিছ দুয়োটাৰে লক্ষণ হ’ব পাৰে। ইয়াৰ ফলত এলোপেচিয়াও হ’ব পাৰে, য’ত মূৰৰ চুলি সম্পূৰ্ণৰূপে সৰি পৰে। গতিকে জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হোৱা উচিত-

টাইপ ১ ডায়েবেটিছত অটো-ইমিউন ডিছঅৰ্ডাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যাৰ বাবে এলোপেচিয়া এৰিয়েটাৰ আশংকা থাকিব পাৰে। ইয়াত ৰোগ প্ৰতিৰোধ ক্ষমতাই চুলিৰ গুৰিটোক আক্ৰমণ কৰিব পাৰে। যাৰ বাবে মূৰৰ ছাল আৰু শৰীৰৰ অন্যান্য অংশত চুলি পৰিবলৈ আৰম্ভ কৰে।

হাইপাৰগ্লাইচেমিয়া অৰ্থাৎ উচ্চ তেজৰ চেনি ইনচুলিনৰ অভাৱ, ইনচুলিন প্ৰতিৰোধ ক্ষমতা বা দুয়োটাৰে বাবে হ’ব পাৰে। ইয়াত মাইক্ৰ’ভেছকুলাৰ আৰু মেক্ৰ’ভেছকুলাৰ অৰ্থাৎ সৰু আৰু ডাঙৰ নাড়ীবোৰ ক্ৰমান্বয়ে ক্ষতিগ্ৰস্ত হয়। যাৰ ফলত ভৰিৰ ৰক্তবাহী নলীৰ ক্ষতি হয়। ইয়াৰ ফলতো চুলি সৰাব পাৰে।

ডায়েবেটিছৰ বাবে থাইৰয়ডৰ বিকাৰ হয়। থাইৰয়ড হৰম’নৰ মাত্ৰাত ব্যাঘাত জন্মাৰ বাবেও চুলিত প্ৰভাৱ পৰে। ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰতো ষ্ট্ৰেছ হৰম’ন কৰ্টিছলৰ মাত্ৰা অধিক হ’ব পাৰে। ইয়াৰ ফলত ইনচুলিন প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু অতিৰিক্ত কৰ্টিছলে চুলিৰ গুৰিৰ ক্ষতিসাধন কৰি চুলি সৰাব পাৰে।

ডায়েবেটিছত চুলি সৰা কেনেকৈ প্ৰতিৰোধ কৰিব-

ব্লাড চুগাৰ মেনেজ কৰি চুলি সৰা ৰোধ কৰিব পাৰি
যোগাসন আৰু ব্যায়ামৰ দ্বাৰা চুলি সৰা ৰোধ কৰিব পাৰি


ৰূপেশ্বৰ বেজবৰুৱাৰ বিয়োগঃ দল সংগঠনৰ গভীৰ শোক প্ৰকাশ…

ৰূপেশ্বৰ বেজবৰুৱাৰ বিয়োগঃ দল সংগঠনৰ 

গভীৰ শোক প্ৰকাশ চিলাথাৰৰ অঞ্চলৰ কৰফুলনি গাঁও নিবাসী বিশিষ্ট সমাজ হিতৈষী ৰুপেশ্বৰ বেজবৰুৱাৰ (৯১) যোৱা নিশা বাৰ্ধক্য জনিত কাৰণত পৰলোক প্ৰাপ্তি ঘটে। প্ৰাপ্ত খবৰ মতে বয়োজ্যেষ্ঠ সমাজ কৰ্মী ৰূপেশ্বৰ বেজবৰুৱাই কিছুদিনৰ পৰা শাৰিৰীকভাৱে অসুস্থ হৈ আছিল

আৰু যোৱা নিশা প্ৰায় ১’৩০ বজাত নিজা বাস ভৱনতে দেহাৱসান ঘটে। লক্ষ্যনীয় যে প্ৰয়াত লোকজনে পিছপৰা অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ ভূমিষ্ঠ হোৱাত বিশেষ অৰিহণা আগবঢ়াই থৈ গৈছে। সকলো সময়তে সাধ্য মতে অৰ্তজনক সহায় কৰি আত্মতুষ্টি  লভা লোক জনে মৃত্যুৰ পৰত বহু নিকট আত্মিয়ক ইহলোক এৰি থৈ গৈছে।

আজি বহু গুণমুগ্ধৰ উপস্থিতিত নিজা ঘৰৰ চৌহদতে লোকজনৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান আৰু সংগঠনৰ লগতে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ  মুখ্য উপদেষ্টা দুলাল বৰুৱা, বিশিষ্ট ব্যৱসায়ী তিলক ফুকন, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক ভাস্কৰ দুৱৰাই গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ আত্মাৰ সদগতিৰ কামনা কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰিছে।

শম্ভু দাস চিলাপথাৰ

ধেমাজি

ৰঙিয়াত বানেশ্বৰ দেৱ শৰ্মা সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন…

ৰঙিয়াত বানেশ্বৰ দেৱ শৰ্মা সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন।
“কন্ঠশিল্পী ড° অণিমা চৌধুৰীলৈ কন্ঠ সৰস্বতী বঁটা”।
ৰঙিয়াৰ জনপ্ৰিয় সামাজিক সাংস্কৃতিক অনুষ্ঠান সংগীত গ্রুপ অৱ ক্রিয়েচনৰ উদ্যোগত ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত বাণেশ্বৰ দেৱশৰ্মা ৰাজ্যিক শিক্ষাগুৰু বঁটা প্রদান অনুষ্ঠান ২০২৩ অনুষ্ঠিত হৈ যায়।
বিশিষ্ট সংস্কৃত পণ্ডিত বাণেশ্বৰ দেৱশৰ্মাৰ সোঁৱৰণত বিগত চাৰি বছৰে ৰঙিয়াৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান সংগীত গ্রুপ অৱ ক্রিয়েচনে অনুষ্ঠিত কৰি অহা ‘প্রয়াত বাণেশ্বৰ দেৱশৰ্মা ৰাজ্যিক শিক্ষাগুৰু বঁটা’ শীর্ষক বঁটা প্রদান অনুষ্ঠান শুভ উন্মোচন কৰে নৰ্থ ইষ্ট কেঞ্চাৰ ইনষ্টিটিউটৰ পৰিচালন অধ্যক্ষ গণেশ তামুলীয়ে‌।সভা উদ্ধোধন কৰি গণেশ তামুলীয়ে‌ কয়,সাম্প্ৰতিক সময়ত পিতৃ-মাতৃৰ প্ৰতি সন্তানৰ অৱজ্ঞা কেঞ্চাৰতকৈও ভয়াৱহ বেমাৰ হিচাপে পৰিগণিত হোৱাৰ সময়তে সংস্কৃতিৰ পুজাৰী পংকজ পল্লৱ শৰ্মা এনে সন্তানৰ আদৰ্শ হ’ব পাৰে।বানেশ্বৰ দেৱ শৰ্মাৰ প্ৰতিচ্ছৱিলৈ শ্ৰদ্ধাঞ্জলি জনায় বিশিষ্ট সাহিত্যিক গোপাল জালানে।আন এগৰাকী সাহিত্য কৰ্মী ডাঃ বিপিন কলিতাই প্ৰয়াত মুনীন্দ্ৰ নাথ শৰ্মা,প্ৰয়াত উমেশ কলিতা,প্ৰয়াত খগেন্দ্ৰ নাথৰ প্ৰতিচ্ছবি লৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াই।

বিশিষ্ট সাহিত্যিক গোপাল জালানে সঙ্গীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ মহান প্ৰয়াসক প্ৰশংসা কৰে।সংস্থাটোৰ সম্পাদক পংকজ পল্লৱ শৰ্মাই সঞ্চালনা কৰা বঁটা প্ৰদান অনুষ্ঠানত নাগাৰা নামৰ পাঠক অচ্যুত ডেকাক ৰঙিয়া ৰত্ন, যশস্বী সাহিত্যিক পুতলী কায়স্থক সুঅনি বঁটা,বিশিষ্ট কণ্ঠশিল্পী ড° অণিমা চৌধুৰীক কণ্ঠ সৰস্বতী বঁটা,আন এগৰাকী প্রবীণ কণ্ঠশিল্পী নীলিমা খাতুনক বাণেশ্বৰ দেৱশৰ্মা জীবনজোৰা সাধনা বটা,ডাঃ স্বাগতা বৈশ্যক গণহিতৈষী বটা,ইলিয়াছ আলিক শ্ৰেষ্ঠ সমাজ সেৱকৰ বঁটা,হিৰন্ময়ী বৰুৱাক কাব্য কংকনা,অনিতা গোস্বামীক কাব্য শিৰোমনি,মজহাৰুল ইছলামক ক্ৰীড়াপ্ৰাণ বঁটা,হেমন্ত কুমাৰ ৰাভাক উমানাথ কৰ্মযোগী বঁটা, তৰণী চৰণ কলিতাক উমানাথ সংবাদ শিড়োমনি বঁটা,ডাঃ স্বাগতা বৈশ্যক গণহিণতৈসি বঁটা,দূৰ্গা কীংকৰ ভট্টাচাৰ্য,ৰিংকু দাসক শিক্ষা উদ্যমিতা সবিতা দেৱীক খাদ্য প্ৰস্তুত কৰণ শ্ৰেষ্ঠ প্ৰশিক্ষক বঁটা,জুনু কলিতাক শ্ৰেষ্ঠ কম্পিউটাৰ শিক্ষক বঁটা প্ৰদান কৰা হয়।ডোৰা কহৰা হাইস্কুলৰ সহ শিক্ষয়িত্ৰী দূৰ্গামনি বৰগোহাঞিক প্ৰয়াত বানেশ্বৰ দেৱ শৰ্মা ৰাজ্যিক শিক্ষাগুৰু বঁটা ২০২৩ প্ৰদান কৰা হয়।শিক্ষাবিদ ড০ নৰকান্ত অধিকাৰী,সবিতা বৰ্মন মজুমডাৰ,তীৰ্থমনি ডেকা,কল্যাণ দাস, কমলেশ্বৰ কলিতা,অনিল চন্দ্ৰ দাস,হৰেশ্বৰ চমুৱাক বছৰটোৰ শ্ৰেষ্ঠ শিক্ষক বঁটা প্ৰদানঢ়কৰা হয়।

লগতে ৰাজনীতি,সাহিত্য,সংস্কৃতি,কৃষি, বিজ্ঞান আদি ক্ষেত্রত উজলি উঠা বিশেষ লোককো বঁটাৰে সন্মানিত কৰা হ’য়। একেটা অনুষ্ঠানত পংকজ পল্লব শৰ্মাৰ সম্পাদনাত প্ৰকাশিত ‘দৈষ্টিক’ নামৰ স্মৃতিগ্রন্থ উন্মোচন কৰে সমাজৰত্ন তথা এমন্ত্ৰণৰ উপ প্ৰৱন্ধক দিনমনি ভাণ্ডাৰ কায়স্থই।উন্মোচনী ভাষণ প্ৰসঙ্গত দৈষ্টিক স্মৃতি গ্ৰন্থ জনৰ জৰিয়তে বৰেণ্য ব্যাক্তি বানেশ্বৰ দেৱ শৰ্মাৰ স্মৃতি চিৰসেউজ হৈ ৰব বুলি আশা ব্যাক্ত কৰে উন্মোচক দিনমনি ভাণ্ডাৰ কায়স্থই।সভাৰ আৰম্ভণিতে কণমানি সৃষ্টি ভৰদ্বাজৰ বেদবাক্য উচ্চাৰণেৰে বঁটা প্ৰদান অনুষ্ঠান শুভাৰম্ভ কৰা হয়।তেওঁক সহায় কৰে সাধনা শৰ্মাই‌।একেটা অনুষ্ঠানতে সৃষ্টিশীল নপুৰ দাঞ্চ একাডেমী,প্ৰণয় পাল দাঞ্চ একাডেমী আৰু দিক্ষীতা দাঞ্চ একাডেমীৰ শিল্পীসকলে নৃত্য প্ৰদৰ্শন কৰে‌।কণমানি হিমাশ্ৰী দাস,জনপ্ৰিয় কন্ঠ শিল্পী অমৰ কিৰণকে ধৰি কেইবাজনো শিল্পীয়ে গীত পৰিবেশন কৰে।দিক্ষিতা গৌতম আৰু ডিম্পী ভট্টাচাৰ্য্য ই ঘোষক হিচাপে দায়িত্ব পালন কৰা সভাখন কনকলতা নামতি দলৰ এটি দিহানামৰে সামৰণি কৰা হয়।

কুকুৰে দিলে চমকঃ মুম্বাইত স্নিফাৰ কুকুৰে বিচাৰি উলিয়ালে ৬ বছৰীয়া সন্ধানহীন শিশুক…

কুকুৰে দিলে চমকঃ মুম্বাইত স্নিফাৰ ডগে বিচাৰি উলিয়ালে ৬ বছৰীয়া সন্ধানহীন শিশুক

কুকুৰে দিলে চমক।এটি সন্ধানহীন হৈ পৰা শিশুৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে স্নিফাৰ ডগে। মুম্বাই আৰক্ষীৰ স্নিফাৰ ডগে ৬ বছৰীয়া সন্ধানহীন শিশুটিৰ সন্ধান উলিওৱাৰ পিছতে শিশুটিৰ পৰিয়ালৰ লোকসকলৰ মুখত হাঁহি বিৰিঙিছে। শিশুটিক ইতিমধ্যে সুৰক্ষিতভাৱে তেওঁৰ পৰিয়ালক গতাই দিয়া হৈছে।কুকুৰৰ আনুগত্য আৰু কৰ্তব্য পৰায়ণাতাৰ বিষয়ে সদায় আলোচনা হৈ আহিছে। মুম্বাইৰ পোৱাইৰ পৰা এটা ৬ বছৰীয়া শিশু সন্ধানহীন হৈছিল। এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল।

আন্ধেৰী ইষ্টৰ অশোক নগৰ অঞ্চলৰ ছয় বছৰীয়া শিশুটিয়ে তেওঁৰ বন্ধুবৰ্গৰ সৈতে খেলিবলৈ গৈছিল । কিন্তু তেওঁ ঘৰলৈ উভতি অহা নাছিল। পৰিয়ালৰ লোকে শিশুটিক বহু বিচাৰিও কোনো সন্ধান পোৱা নাছিল। পিছত পৰিয়ালটোৱে উপায়ন্তৰ হৈ আৰক্ষী থানাত উপস্থিত হৈছিল।

পোৱাই আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি এটা গোচৰ ৰুজু কৰিছিল আৰু শিশুটিৰ সন্ধান উলিয়াবলৈ এটা আৰক্ষীৰ দল গঠন কৰিছিল। অনুসন্ধান আৰম্ভ হৈছিল। বস্তি এলেকা হোৱাৰ বাবে সেই ঠাইত চিচিটিভি স্থাপন কৰা হোৱা নাছিল। সেয়া আৰক্ষীৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। পোৱাই আৰক্ষীয়ে গোপন সূত্ৰ আৰু স্থানীয় লোকসকলৰ সহায়ত তদন্ত চলাই আছিল।

আৰক্ষীয়ে সন্ধানহীন শিশুটোক বিচাৰি উলিয়াবলৈ এটা স্নিফাৰ ডগ নিয়োজিত কৰিছিল। স্নিফাৰ ডগে শিশুটোৱে পিন্ধা টি-চাৰ্টৰ গোন্ধৰ ওপৰত ভিত্তি কৰি অনুসন্ধান অভিযান আৰম্ভ কৰিছিল।স্নিফাৰ ডগ লিঅ’ক প্ৰথমে শিশুটিৰ ঘৰলৈ লৈ যোৱা হৈছিল । কিছু সময়ৰ পিছতে লিঅ’ই সেই ঠাইত উপস্থিত হৈছিল য’ত শিশুটো আছিল। শিশুটিক আম্বেদকাৰ উদিয়ান অশোক টাৱাৰ অঞ্চলত উদ্ধাৰ কৰা হয়। শিশুটিয়ে তাত কিদৰে উপস্থিত হ’ল সেই বিষয়ত আৰক্ষীয়ে অনুসন্ধান কৰি আছে।

বিশ্ব এইডছ দিৱস উপলক্ষে বৰপেটাৰোড গণেশ লাল চৌধুৰী মহাবিদ্যালয়ত সজাগতা সভা…

বিশ্ব এইডছ দিৱস উপলক্ষে বৰপেটাৰোড গণেশ লাল চৌধুৰী মহাবিদ্যালয়ত সজাগতা সভা।

আজি ১ ডিচেম্বৰ, বিশ্ব এইডছ দিৱস। প্ৰতি বছৰে ডিচেম্বৰ মাহৰ এক তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰাৰ লগতে এইডছৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰা হয়।

আজি বিশ্ব এইডছ দিৱস উপলক্ষে বৰপেটাৰোডৰ গণেশ লাল চৌধুৰী মহাবিদ্যালয়তো 48 ASSAM NAVAL UNIT NCC , 60 ASSAM GIRLS BN NCC আৰু NSS & EXTENTION EDUCATION CEEL আৰু RIBBON CLUB ৰ সহযোগত এক সজাগতা ৰেলি উলিওয়া হয়।

ইয়াৰ পিছতে মহাবিদ্যালয়খনৰ সভাকক্ষত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় । সভাত এইডছ পৰা কেনেকৈ আঁতৰত থাকিব পাৰি বা ইয়াৰ বাবে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ বিষয়ে সভাত আলোচনা কৰা হয়। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।

গুৱাহাটীৰ দবা একাডেমীৰ প্ৰশিক্ষাৰ্থী নিভৃতি গোস্বামীৰ ফিডে ৰেটিং লাভ…

গুৱাহাটী দবা একাডেমীৰ প্ৰশিক্ষাৰ্থী নিভৃতি গোস্বামীৰ ফিডে ৰেটিং লাভ।

গুৱাহাটী দবা একাডেমিৰ প্ৰশিক্ষাৰ্থী নিভৃতি গোস্বামীৰ নাম আন্ত:ৰাস্ত্ৰীয় দবা মহাসংঘই ১ডিচেম্বৰত, ২০২৩ ত প্ৰকাশ কৰা ৰেটিং তালিকাত অন্তৰ্ভুক্ত হৈছে। ১ ডিচেম্বৰ, ২০২৩ ৰেটিং তালিকা অনুসৰি নিভৃতিয়ে ১০২৩ ৰেটিং পইণ্ট লাভ কৰিছে।


নিভৃতিক ১৪ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰ, ২০২৩ত, গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সৰ্ব ভাৰতীয় ফিডে ৰেটিং স্কুল দবা প্ৰতিযোগিতাত কৰা প্ৰদৰ্শনৰ ভিত্তিত ৰেটিং প্ৰদান কৰা হৈছে।

বৰ্তমান নিভৃতিয়ে গুৱাহাটী দবা একাডেমীত ফিডে ইন্ষ্ট্ৰাক্টৰ প্ৰণৱ কুমাৰ নাথৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।এই কৃতিত্বৰ বাৱে একাডেমিৰ মূখ্য প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথে অভিনন্দন জনাইছে।

কিয় দৈনিক বগৰী খাব লাগে, বগৰীৰ ৫টা উপকাৰ বিষয়ে জানক…

বগৰীৰ উপকাৰীতা: স্বাস্থ্যকৰ ফলৰ তালিকাত প্লামও অন্তৰ্ভুক্ত, যাৰ বাবে বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই বগৰী খাবলৈ পৰামৰ্শ দিয়ে। বগৰী বহু দিশত স্বাস্থ্যৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে-

বগৰীত পুষ্টিকৰ উপাদানৰ অভাৱ নহয়। আমি যদি বগৰী খাওঁ তেন্তে শৰীৰে ভিটামিন চি, ভিটামিন এ, আৰু আঁহ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়, যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী।

ভাৰতত হৃদৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, এনে পৰিস্থিতিত আমিও সজাগ হোৱা উচিত। আমি আমাৰ দৈনন্দিন খাদ্য তালিকাত বগৰী অন্তৰ্ভুক্ত কৰিব পাৰো। ইয়াত পটাছিয়াম আৰু ভিটামিন চি পোৱা যায়, যিবোৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী।


বগৰীত ভাল পৰিমাণৰ আঁহ থাকে, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। ভোক কমাই ওজন কমাবলৈ আৰু ৰক্ষা কৰাত সহায়ক হ’ব পাৰে।

বগৰীত থকা ভিটামিন চি ছালৰ বাবে উপকাৰী, যিয়ে বীজাণু আৰু মনোভাৱৰ বিৰুদ্ধে যুঁজি ইয়াক সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে।

বগৰীত থকা মেগনেছিয়াম আৰু পটাছিয়ামে শাৰীৰিক আৰু মানসিক চাপ কমোৱাত সহায় কৰিব পাৰে। ইয়াৰ ফলত মানসিক চাপ, উত্তেজনা আৰু হতাশা দূৰ কৰাত সহায় কৰে।

ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বিশ্ব AIDS দিৱস পালন…

ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বিশ্ব AIDS দিৱস পালন, উপস্থিত থাকে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা ড: অংকুমনি শইকীয়া। সমগ্ৰ বিশ্বৰ লগতে আজি ধুবৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় প্ৰাংগণত বিশ্ব AIDS দিৱস পালন কৰে। চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে AIDS’ৰ পৰা সাত সাৰি থাকিবলৈ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেই বিভিন্ন ধৰণৰ বাটৰ নাট আদি প্ৰদৰ্শন কৰে, AIDS আক্ৰান্ত ৰোগী সকলৰ লগত কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে, এই ব্যাধীৰ পৰা বাচি থাকিবলৈ কৰণীয় বিষয় বস্তুৰ ওপৰত বিভিন্ন ধৰণৰ সজাগতা মূলক ব্যাখ্যা দাঙি ধৰে চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে।

সেই সন্দৰ্ভত উপস্থিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষা ড: অংকুমনি শইকীয়াৰ ভাষ্য।