Breaking

ৰূপেশ্বৰ বেজবৰুৱাৰ বিয়োগঃ দল সংগঠনৰ গভীৰ শোক প্ৰকাশ…

0 39

ৰূপেশ্বৰ বেজবৰুৱাৰ বিয়োগঃ দল সংগঠনৰ 

গভীৰ শোক প্ৰকাশ চিলাথাৰৰ অঞ্চলৰ কৰফুলনি গাঁও নিবাসী বিশিষ্ট সমাজ হিতৈষী ৰুপেশ্বৰ বেজবৰুৱাৰ (৯১) যোৱা নিশা বাৰ্ধক্য জনিত কাৰণত পৰলোক প্ৰাপ্তি ঘটে। প্ৰাপ্ত খবৰ মতে বয়োজ্যেষ্ঠ সমাজ কৰ্মী ৰূপেশ্বৰ বেজবৰুৱাই কিছুদিনৰ পৰা শাৰিৰীকভাৱে অসুস্থ হৈ আছিল

আৰু যোৱা নিশা প্ৰায় ১’৩০ বজাত নিজা বাস ভৱনতে দেহাৱসান ঘটে। লক্ষ্যনীয় যে প্ৰয়াত লোকজনে পিছপৰা অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ ভূমিষ্ঠ হোৱাত বিশেষ অৰিহণা আগবঢ়াই থৈ গৈছে। সকলো সময়তে সাধ্য মতে অৰ্তজনক সহায় কৰি আত্মতুষ্টি  লভা লোক জনে মৃত্যুৰ পৰত বহু নিকট আত্মিয়ক ইহলোক এৰি থৈ গৈছে।

আজি বহু গুণমুগ্ধৰ উপস্থিতিত নিজা ঘৰৰ চৌহদতে লোকজনৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান আৰু সংগঠনৰ লগতে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ  মুখ্য উপদেষ্টা দুলাল বৰুৱা, বিশিষ্ট ব্যৱসায়ী তিলক ফুকন, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক ভাস্কৰ দুৱৰাই গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ আত্মাৰ সদগতিৰ কামনা কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰিছে।

শম্ভু দাস চিলাপথাৰ

ধেমাজি

Leave A Reply