Home Blog Page 1226

বিশ্ব এইডছ দিৱস উপলক্ষে বৰপেটাৰোড গণেশ লাল চৌধুৰী মহাবিদ্যালয়ত সজাগতা সভা…

বিশ্ব এইডছ দিৱস উপলক্ষে বৰপেটাৰোড গণেশ লাল চৌধুৰী মহাবিদ্যালয়ত সজাগতা সভা।

আজি ১ ডিচেম্বৰ, বিশ্ব এইডছ দিৱস। প্ৰতি বছৰে ডিচেম্বৰ মাহৰ এক তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰাৰ লগতে এইডছৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰা হয়।

আজি বিশ্ব এইডছ দিৱস উপলক্ষে বৰপেটাৰোডৰ গণেশ লাল চৌধুৰী মহাবিদ্যালয়তো 48 ASSAM NAVAL UNIT NCC , 60 ASSAM GIRLS BN NCC আৰু NSS & EXTENTION EDUCATION CEEL আৰু RIBBON CLUB ৰ সহযোগত এক সজাগতা ৰেলি উলিওয়া হয়।

ইয়াৰ পিছতে মহাবিদ্যালয়খনৰ সভাকক্ষত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় । সভাত এইডছ পৰা কেনেকৈ আঁতৰত থাকিব পাৰি বা ইয়াৰ বাবে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ বিষয়ে সভাত আলোচনা কৰা হয়। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।

গুৱাহাটীৰ দবা একাডেমীৰ প্ৰশিক্ষাৰ্থী নিভৃতি গোস্বামীৰ ফিডে ৰেটিং লাভ…

গুৱাহাটী দবা একাডেমীৰ প্ৰশিক্ষাৰ্থী নিভৃতি গোস্বামীৰ ফিডে ৰেটিং লাভ।

গুৱাহাটী দবা একাডেমিৰ প্ৰশিক্ষাৰ্থী নিভৃতি গোস্বামীৰ নাম আন্ত:ৰাস্ত্ৰীয় দবা মহাসংঘই ১ডিচেম্বৰত, ২০২৩ ত প্ৰকাশ কৰা ৰেটিং তালিকাত অন্তৰ্ভুক্ত হৈছে। ১ ডিচেম্বৰ, ২০২৩ ৰেটিং তালিকা অনুসৰি নিভৃতিয়ে ১০২৩ ৰেটিং পইণ্ট লাভ কৰিছে।


নিভৃতিক ১৪ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰ, ২০২৩ত, গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সৰ্ব ভাৰতীয় ফিডে ৰেটিং স্কুল দবা প্ৰতিযোগিতাত কৰা প্ৰদৰ্শনৰ ভিত্তিত ৰেটিং প্ৰদান কৰা হৈছে।

বৰ্তমান নিভৃতিয়ে গুৱাহাটী দবা একাডেমীত ফিডে ইন্ষ্ট্ৰাক্টৰ প্ৰণৱ কুমাৰ নাথৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।এই কৃতিত্বৰ বাৱে একাডেমিৰ মূখ্য প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথে অভিনন্দন জনাইছে।

কিয় দৈনিক বগৰী খাব লাগে, বগৰীৰ ৫টা উপকাৰ বিষয়ে জানক…

বগৰীৰ উপকাৰীতা: স্বাস্থ্যকৰ ফলৰ তালিকাত প্লামও অন্তৰ্ভুক্ত, যাৰ বাবে বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই বগৰী খাবলৈ পৰামৰ্শ দিয়ে। বগৰী বহু দিশত স্বাস্থ্যৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে-

বগৰীত পুষ্টিকৰ উপাদানৰ অভাৱ নহয়। আমি যদি বগৰী খাওঁ তেন্তে শৰীৰে ভিটামিন চি, ভিটামিন এ, আৰু আঁহ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়, যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী।

ভাৰতত হৃদৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, এনে পৰিস্থিতিত আমিও সজাগ হোৱা উচিত। আমি আমাৰ দৈনন্দিন খাদ্য তালিকাত বগৰী অন্তৰ্ভুক্ত কৰিব পাৰো। ইয়াত পটাছিয়াম আৰু ভিটামিন চি পোৱা যায়, যিবোৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী।


বগৰীত ভাল পৰিমাণৰ আঁহ থাকে, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। ভোক কমাই ওজন কমাবলৈ আৰু ৰক্ষা কৰাত সহায়ক হ’ব পাৰে।

বগৰীত থকা ভিটামিন চি ছালৰ বাবে উপকাৰী, যিয়ে বীজাণু আৰু মনোভাৱৰ বিৰুদ্ধে যুঁজি ইয়াক সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে।

বগৰীত থকা মেগনেছিয়াম আৰু পটাছিয়ামে শাৰীৰিক আৰু মানসিক চাপ কমোৱাত সহায় কৰিব পাৰে। ইয়াৰ ফলত মানসিক চাপ, উত্তেজনা আৰু হতাশা দূৰ কৰাত সহায় কৰে।

ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বিশ্ব AIDS দিৱস পালন…

ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বিশ্ব AIDS দিৱস পালন, উপস্থিত থাকে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা ড: অংকুমনি শইকীয়া। সমগ্ৰ বিশ্বৰ লগতে আজি ধুবৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় প্ৰাংগণত বিশ্ব AIDS দিৱস পালন কৰে। চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে AIDS’ৰ পৰা সাত সাৰি থাকিবলৈ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেই বিভিন্ন ধৰণৰ বাটৰ নাট আদি প্ৰদৰ্শন কৰে, AIDS আক্ৰান্ত ৰোগী সকলৰ লগত কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে, এই ব্যাধীৰ পৰা বাচি থাকিবলৈ কৰণীয় বিষয় বস্তুৰ ওপৰত বিভিন্ন ধৰণৰ সজাগতা মূলক ব্যাখ্যা দাঙি ধৰে চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে।

সেই সন্দৰ্ভত উপস্থিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষা ড: অংকুমনি শইকীয়াৰ ভাষ্য।

মহানায়কঃ উত্তৰাখণ্ডৰ সুৰংগত আবদ্ধ শ্ৰমিকক ‘নিগনি-গহ্বৰ’ খান্দি উদ্ধাৰ কৰিছিল মুন্না কুৰেশ্বীয়ে…

এজন তেনেই সাধাৰণ শ্ৰমিক। উত্তৰাখণ্ডৰ সুৰংগত ১৬ দিন ধৰি আবদ্ধ হৈ থকা ৪১ জনকৈ শ্ৰমিকক উদ্ধাৰ কৰাৰ আঁৰৰ মহানায়কগৰাকী হৈছে মুন্না কুৰেশ্বী। মুন্নাই মৃত্যুক হাতৰ মুঠিত ৰাখি শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ বাবে ৰেট হ’ল অৰ্থাৎ নিগনি গহ্বৰ খান্দিছিল। অৱশেষত সেই পথেৰেই শ্ৰমিকসকলক উদ্ধাৰ কৰা হৈছিল। নিগনিৰ দৰে গাঁত খান্দি খান্দি মুন্না উপস্থিত হৈছিল আবদ্ধ শ্ৰমিকসকলৰ প্ৰায় কাষত ।ইয়াৰ পিছতে আৰম্ভ হৈছিল উদ্ধাৰৰ পৰ্ব।
কুৰেশ্বীৰ এনে সাহসী প্ৰচেষ্টাৰ বাবেই শ্ৰমিকসকলৰ প্ৰাণ ৰক্ষা পৰিছিল। মুন্না ১২ জন খনিকৰ্মীৰ মাজৰে এজন আছিল, যিয়ে সুৰংগটোত এটা ‘নিগনি-গহ্বৰ’ খান্দিছিল। কাম সফল হোৱাৰ পিছত মুন্নাই সংবাদ মাধ্যমক কৈছে যে সুৰংগটোত প্ৰৱেশ কৰোঁতে তেওঁৰ মৃত্যু হ’লেও, একো ক্ষতি নহ’লহেঁতেন। যিহেতু ৪১ জনৰ জীৱনৰক্ষাৰ বাবেহে তেওঁ নিগনিৰ দৰে গাঁত খান্দি সুৰংগটোত প্ৰৱেশ কৰিছিল।


মুন্না কুৰেশ্বী আৰু তেওঁৰ ১১ জন সহযোগীয়ে যন্ত্ৰই যি কৰিব পৰা নাছিল , সেয়া কৰিছিল। ১৭ দিনৰ পিছত ৪১ জন শ্ৰমিকক অন্ধকাৰ সুৰংগৰ পৰা মুকলি কৰাৰ আঁৰত মুন্না আৰু তেওঁৰ সহযোগীসকলৰ অবদানেই মূল। হৈছে। সংবাদমাধ্যমক দিয়া এক সাক্ষাৎকাৰত মুন্নাই কয় যে মানুহৰ জীৱনৰক্ষা কৰাতকৈ পৃথিৱীত আৰু কোনো ডাঙৰ কাম নাই। এনে কৰিবলৈ যাওঁতে কেতিয়াবা নিজৰ জীৱনো বিপদত পোেলাবলগীয়া হ’ব পাৰে। তেওঁ এতিয়া বহুত সুখী।মুন্নাই কয় “মই শেষ শিলটো আঁতৰ কৰাৰ লগে লগে তেওঁলোকক দেখিছিলো। সকলোৱে আমাক আলিঙ্গন কৰিছিল। আনকি ৪১ জন লোকক বচাবলৈ চেষ্টা কৰোতে এজন ব্যক্তিৰ মৃত্যু হ’লেও সেয়া গুৰুত্বপূৰ্ণ নহয়। কাৰণ ৪১ টা জীৱনৰ ওপৰত নিৰ্ভৰশীল হৈ আৰু বহু কেইটা জীৱন আছে।”


গাঁত খান্দি খান্ধি আবদ্ধ শ্ৰমিকৰ কাষ পোৱাৰ পিছতে হুকহুকাই কান্দি দিছিল মুন্নাই। সেয়া আনন্দৰ কান্দোন। উত্তৰকাশীত উদ্ধাৰ অভিযানৰ অন্যতম নায়ক মুন্না আৰু আন ১১ গৰাকী শ্ৰমিকক চৰকাৰে উপযুক্ত পুৰস্কাৰ প্ৰদান কৰিব লাগে বুলি বহুতে কৈছে। মন কৰিকৰিবলগীয়া কথাটো হ’ল আমেৰিকাৰ পৰা অনা অগাৰ মেচিনটো সুৰংগৰ ভিতৰতে ভাঙি যোৱাৰ পিছত ১২ জন খনি কৰ্মীক ‘নিগনি-গহ্বৰ’ খনন কৰিবলৈ মাতি অনা হৈছিল। তেওঁলোকে ২৬ ঘণ্টাৰ নিৰন্তৰ শ্ৰমৰ পিছত ১০ মিটাৰ গাঁত খান্দিছিল । সেই এক ডজন মানুহৰ কঠোৰ পৰিশ্ৰমেই সুৰংগটোত আৱদ্ধ হৈ থকা ৪১ জন লোকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।

শীতকালত খাব লাগে ব্ৰকলি, ব্ৰকলি খালে শৰীৰ শক্তিশালী হয়…

ব্ৰকলিৰ উপকাৰ: দেখাত কবিৰ দৰে ব্ৰকলি অতি উপকাৰী। ব্ৰকলিত প্ৰটিন প্ৰচুৰ পৰিমাণে পোৱা যায়। ব্ৰকলি খালে স্বাস্থ্য সুস্থ হৈ থাকে। নিৰামিষভোজী লোকৰ বাবে ব্ৰকলিয়ে সমানেই প্ৰটিন যোগান ধৰে। সুস্বাস্থ্য বজাই ৰখাত প্ৰটিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ব্ৰকলি কিয় ইমান উপকাৰী বুলি কোৱা হয় জানো আহক-

ব্ৰকলিৰ উপকাৰিতা-

ব্ৰকলিত ২.৬ গ্ৰাম ডায়েটাৰী ফাইবাৰ থাকে, যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে। ব্ৰকলি খালে ওজন কমি যায় আৰু মেদবহুলতাও বৃদ্ধি নহয়।

ব্ৰকলি হৈছে এক প্ৰকাৰৰ ক্ৰুচিফেৰাছ শাক, য’ত বহু ধৰণৰ এন্টিঅক্সিডেন্ট পোৱা যায়। এই সকলোবোৰে কেন্সাৰ সৃষ্টিকাৰী কোষবোৰৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰিবলৈ কাম কৰে। ইয়াৰ ফলত কেন্সাৰ হোৱাৰ সম্ভাৱনা কম হয়।

ব্ৰকলিয়ে কেলচিয়াম আৰু কলাজেনে হাড় শক্তিশালী কৰাৰ কাম কৰে। ইয়াৰ উপৰিও ব্ৰকলিত ভিটামিন কেও পোৱা যায়। যাৰ নিয়মিত সেৱনে অষ্টিঅ’পৰ’ছিছ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।

ব্ৰকলিত ভাল পৰিমাণৰ ভিটামিন চি থাকে, যিটো এন্টিঅক্সিডেন্ট আৰু ইমিউন চিষ্টেম শক্তিশালী কৰাৰ কাম কৰে। ইয়াক সেৱন কৰিলে শীতকালত বহু ধৰণৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি আৰু ৰোগবোৰ আঁতৰত থাকে।


মহাৰাষ্ট্ৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহক আৰ এছ এছ নেতাৰ জন্ম শতবাৰ্ষিকী পালনৰ নিৰ্দেশ ইউজিচিৰ…

মহাৰাষ্ট্ৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহক আৰ এছ এছ নেতাৰ জন্ম শতবাৰ্ষিকী পালনৰ নিৰ্দেশ ইউজিচিৰ ।ইউজিচিয়ে সমগ্ৰ মহাৰাষ্ট্ৰৰ বিশ্ববিদ্যালয় আৰু অনুমোদিত মহাবিদ্যালয়সমূহক আৰ এছ এছৰ নেতা আৰু এবিভিপিৰ প্ৰতিষ্ঠাপক সদস্য দত্তজী দিডলকাৰৰ জন্ম শতবাৰ্ষিকী উদযাপনত কৰিবলৈ কৈছে। শিৱসেনাৰ (ইউবিটি) যুৱ শাখাই ইউজিচিৰ পত্ৰখনত আপত্তি দৰ্শাইছে আৰু ইয়াক প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। বিশ্ববিদ্যালয় অনুদান আয়োগে সমগ্ৰ মহাৰাষ্ট্ৰৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) নেতা দত্তজী দিডলকাৰৰ জন্ম শতবাৰ্ষিকী বৰ্ষ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ শিক্ষাৰ্থীসকলক উৎসাহিত কৰিবলৈ আহ্বান জনাইছে।

২১ নৱেম্বৰৰ এখন পত্ৰত ইউজিচিয়ে কয়, “স্বৰ্গীয় দত্তজী দিডলকাৰ ভাৰতৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী আৰু যুৱসকলৰ বাবে এক অনুপ্ৰেৰণা আছিল। তেওঁ বহু সামাজিক আৰু অন্যান্য সংগঠনৰ প্ৰতিষ্ঠাপক আছিল। এই বছৰটো তেওঁৰ জন্ম শতবাৰ্ষিকী বৰ্ষ। এই ক্ষেত্ৰত কোৱা হৈছে যে ৭ আগষ্ট ২০২৩ ৰ পৰা ৭ আগষ্ট ২০২৪ লৈ জন্ম শতবাৰ্ষিকী উদযাপন কৰাৰ বাবে বিভিন্ন কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে। মহাৰাষ্ট্ৰৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক যুৱ আৰু শিক্ষাৰ্থীসকলক কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিবলৈ অনুৰোধ জনোৱা হৈছে।” কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানলৈ এখন পত্ৰ লিখাৰ পিছত ইউজিচিৰ এনে নিৰ্দেশনা আহে। য’ত কোৱা হৈছে যে দিডলকাৰক স্মৰণ কৰিবলৈ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হ’ব। তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰো (এবিভিপি) প্ৰতিষ্ঠাপক সদস্য আছিল। গাডকাৰীয়ে লিখিছিল যে এ তেওঁৰ স্মৃতিত খন স্মাৰক পুস্তিকা প্ৰকাশ কৰা হ’ব। শিৱসেনাৰ (ইউবিটি) যুৱ সেনাৰ মুম্বাই বিশ্ববিদ্যালয়ৰ চিনেটৰ প্ৰাক্তন সদস্য প্ৰদীপ সাৱন্তে কয়, “আমি জন্ম শতবাৰ্ষিকী উদযাপন কৰাৰ বিৰোধী নহয়। কিন্তু এই কামটো ৰাজনৈতিক দল আৰু আৰ এছ এছে তেওঁলোকৰ নিজা পুঁজিৰে কৰা উচিত। ইয়াক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ওপৰত আৰোপ কৰা উচিত নহয়।”

তেওঁ লগতে প্ৰশ্ন কৰে “অনুষ্ঠানটো নাগপুৰত অনুষ্ঠিত হ’ব। কিন্তু মহাৰাষ্ট্ৰৰ সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানলৈ কিয় পত্ৰ জাৰী কৰা হৈছে?” এবিভিপিৰ কোঙ্কন অঞ্চলৰ মুৰব্বী অমিত ধোমছে কয়, “দত্তজী দিডলকাৰে সামাজিক আৰু শিক্ষা খণ্ডত যথেষ্ট অৱদান আগবঢ়াইছে। তেওঁ বিবেকানন্দ স্মাৰক নিৰ্মাণ সংগ্ৰামৰ শীৰ্ষত আছিল। এনে সমাজকৰ্মীৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰাটো আমাৰ সংস্কৃতি। যুৱ সেনাই ৰাজনীতিক টানি অনাৰ পৰিৱৰ্তে দিডলকাৰৰ শৈক্ষিক আৰু সামাজিক অৱদান অধ্যয়ন কৰা উচিত।”

নিলম্বন হ’ব APSCৰ কেলেংকাৰীত জড়িত সকলো বিষয়া ! ৩৭ গৰাকী ৰাজপত্ৰিত বিষয়াক শীঘ্ৰে কৰিব নিলম্বন…

????????????????????????????????????

নিলম্বন হ’ব APSCৰ কেলেংকাৰীত জড়িত সকলো বিষয়া। ৩৭ গৰাকী ৰাজপত্ৰিত বিষয়াক শীঘ্ৰে কৰিব নিলম্বন। আজি ১১ গৰাকীক কৰা হৈছে নিলম্বন। বিষয়াসকলৰ ক্ষেত্ৰত কঠোৰ হৈছে ৰাজ্য চৰকাৰ।

SITয়ে অভিযুক্ত বিষয়াসকলক নিলম্বন কৰাৰ বাবে চৰকাৰলৈ প্ৰেৰণ কৰিছিল প্ৰস্তাৱ। নিকা তদন্তৰ খাতিৰতে নিলম্বন কৰাৰ পোষকতা SITৰ। যাৰ বাবে সকলো অভিযুক্তকে নিলম্বনৰ যো-জা চৰকাৰৰ।

????????????????????????????????????

এইপৰ্যন্ত মুঠ ১৫ গৰাকী বিষয়াক নিলম্বন কৰা হৈছে। নিলম্বন কৰা হৈছে APS নন্দিনী কাকতি, APS ছাহজাহান সৰকাৰ, APS ফাৰুক আহমেদ, APS কল্যাণ কুমাৰ দাস, APS কুল প্ৰদীপ ভট্টাচাৰ্য, APS নীলাঞ্জল গগৈ, APS অনলজ্যোতি দাস, APS ঐশ্বৰ্য জীৱন বৰুৱা, APS নীতুমণি দাস, APS ৰুমীৰ তেৰণপী, APS দীপাংকৰ দত্ত লহকৰ, APS হীতেশ মজুমদাৰ, ACS ধ্ৰুৱজ্যোতি হাতীবৰুৱা, ACS আকাশী দুৱৰা আৰু ACS ধীৰাজ কুমাৰ জৈন।

নহ’ল শেষ দেখা! উত্তৰকাশীৰ সুৰংগত আবদ্ধ পুত্ৰৰ চিন্তাতে মৃত্যুক সাৱটিলে পিতৃয়ে…

নহ’ল পুত্ৰৰ সৈতে শেষ দেখা। পুত্ৰ উদ্ধাৰ হ’ল নে নাই সেয়াও নাজানিলে তেওঁ। পুত্ৰ সুৰংগৰ ভিতৰত আবদ্ধ হৈ আছে। খবৰটো পোৱাৰ পিছৰে পৰা পুত্ৰৰ চিন্তাতে উজাগৰী নিশা কটাইছিল এগৰাকী পিতৃয়ে। কিন্তু শেষ মুহূৰ্তত পুত্ৰৰে দেখা নহ’ল পিতৃৰ। ১৭ দিনৰ পিছত উত্তৰকাশীৰ সুৰংগৰ পৰা ৪১ জন আৱদ্ধ শ্ৰমিকক উদ্ধাৰ কৰা হৈছিল। আবদ্ধ শ্ৰমিকৰ পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। কিন্তু এজন শ্ৰমিকৰ পিতৃয়ে তেওঁৰ পুত্ৰক দেখা পোৱাৰ আগতেই শেষ নিশ্বাস ত্যাগ কৰিলে। পুত্ৰৰ বাবে অত্যাধিক চিন্তা কৰি থকাৰ ফলতে লোকজনৰ মৃত্যু ঘটা বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰিছে। মৃতব্যক্তিজনৰ নাম বাছেট ওৰফে বৰচা মুৰ্মু । ঝাৰখণ্ডৰ পূব সিংভূম জিলাৰ বাহাদা গাঁৱৰ বাসিন্দা আছিল তেওঁ। তেওঁ উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগত আৱদ্ধ শ্ৰমিক ১৮ বছৰীয়া বাকটুৰ পিতৃ। মঙলবাৰে পুৱা প্ৰায় ৮ বজাত বাছেটৰ মৃত্যু হয়। পৰিয়ালৰ মতে, বাছেট তেওঁৰ পুত্ৰক লৈ যথেষ্ট চিন্তিত আছিল। তেওঁ তেওঁৰ পুত্ৰৰ স্বাস্থ্যৰ বিষয়ে দিনে-ৰাতি ভাবি আছিল। তেওঁ ভাল খবৰৰ বাবে অপেক্ষা কৰি আছিল । কিন্তু ভাল খবৰটো পোৱাৰ পূৰ্বেই পুত্ৰৰ চিন্তাত বাছেটৰ মৃত্যু ঘটে।

মৃত্যুৰ পূৰ্বে লোকজনে পৰিয়ালৰ সৈতে পুত্ৰৰ বিষয়ে কথা পাতি আছিল। হঠাতে তেওঁ বিচনাৰ পৰা বাগৰি পৰে আৰু মৃত্যুক সাৱটি লয়।অৱশ্যে, স্থানীয় প্ৰশাসনে বাছেটৰ মৃত্যুৰ সঠিক কাৰণ প্ৰকাশ কৰা নাই। বহুতে ধাৰণা কৰিছে যে বাছেট হৃদৰোগত আক্ৰান্ত হৈছিল। উল্লেখনীয় যে বাকটুৰ দৰে ঝাৰখণ্ডৰ আন ১৪ জন শ্ৰমিক সুৰংগটোত আৱদ্ধ হৈ আছিল। মঙলবাৰে তেওঁলোকক উদ্ধাৰ কৰাৰ পিছত শ্ৰমিকসকলক অস্থায়ী চিকিৎসা শিবিৰলৈ প্ৰেৰণ কৰা হৈছিল। প্ৰাৰম্ভিক পৰীক্ষাৰ পিছত তেওঁলোকক সেউজ কৰিডৰৰ জৰিয়তে ৩০ কিলোমিটাৰ দূৰত থকা চিনিয়ালিচাউৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাৰ পিছত শ্ৰমিকসকলক চিনুক হেলিকপ্টাৰৰ জৰিয়তে ঋষিকেশৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (এইমছ)লৈ লৈ যোৱা হৈছিল। তেওঁলোকৰ বিভিন্ন শাৰীৰিক পৰীক্ষা কৰোৱা হৈছিল। ঋষিকেশৰ এইমছৰ কাৰ্যবাহী সঞ্চালক মীনু সিঙে কয় যে প্ৰতিজন শ্ৰমিক সুস্থ হৈ আছিল।

সোণৰ পদক অৰ্জন গুৱাহাটীৰ কুশল কলিতাৰ…

২৫ আৰু ২৬ নবেম্বৰত পাটায়াত অনুষ্ঠিত হোৱা WFF দক্ষিণ-পূব এছিয়ান বডি বিল্ডিং আৰু ফিটনেছ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ অসমৰ গুৱাহাটীৰ কুশল কলিতাই ৭৫ কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই।

ইয়াৰ পূৰ্বে ২০২২ চনত বেংককত অনুষ্ঠিত হোৱা মিষ্টাৰ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ৭০ কেজি শাখাত সোণৰ পদক অৰ্জন কৰিছিল।