Home Blog Page 1257

শীতকালত কল খোৱাটো কিয় প্ৰয়োজনীয় স্বাস্থ্যৰ বাবে…

  • জুই বা আন গৰম বস্তুৱে পুৰিলে পকা কল পিটিকি পোৰা অংশত লগাই বান্ধি থব লাগে। জ্বলা-পোৰা কমি অহাৰ লগতে জোলাও নাবান্ধে।
  • ২৫০ মি:লি: গাখীৰ আৰু এচামুচ বিশুদ্ধ মৌ মিহলাই নিয়মীয়াকৈ এসপ্তাহ খালে কাম শক্তি বৃদ্ধি পায়।
  • নিয়মীয়াকৈ কল খালে শৰীৰত তেজ আৰু চৰ্বি বৃদ্ধি পায়। হিম’গ্লোবিনো বৃদ্ধি পায়।
  • নাকেৰে তেজ ওলালে আৰু এঁৱা ভাগিলে পকা কলৰ লগত চেনি আৰু গাখীৰ মিহলাই ফেটি লৈ একেৰাহে কেইবাদিনো খালে এই ৰোগ ভাল হয়।

  • নিয়মীয়াকৈ পকা কল খালে ৰক্তস্ৰাৱী অৰ্শ ৰোগ নিয়ন্ত্ৰণত থাকে।
  • শৰীৰে পৰ্য্যাপ্ত প্ৰ’টিন আৰু শক্তি লাভ কৰিবলৈ হ’লে গাখীৰৰ লগত কল খাব লাগে।
  • পেট চিকুট মাৰি ধৰি সঘনাই পাতল পায়খানা হ’লে গাখীৰৰ লগত কল খাব লাগে।
  • কলে চকুৰ ৰোগ হোৱাত বাধা দিয়ে।
  • কলে অন্ত্ৰত কৃমি মাৰে।
  • কল খালে শৰীৰৰ গাঁঠিৰ বিষো নিয়ন্ত্ৰণত থাকে।

  • পকা কলৰ লগত জিৰা গুড়ি মিহলাই খালে পুৰণি গ্ৰহণী ৰোগ ভাল হয়।
  • থেতেলা খাই বা বিষ হৈ উখহি থকা অংশত পকা কল, আটা পানীৰ লগত মিহলাই পিটিকি জুইৰ ওপৰত গৰম কৰা লেপ বান্ধিব লাগে।
  • পেটত কৃমি বেছি হ’লে কাঁচ কল খাব লাগে।
  • কল গছৰ ভিতৰত কোমল অংশৰ ৰস আধা কাপ উলিয়াই নিয়মীয়াকৈ ৰাতিপুৱা খালী পেটত খাব লাগে।

‘Lachit The Warrior’লৈ শ্ৰেষ্ঠ এনিমেটেড চুটি ছবিৰ সন্মান…

‘Lachit The Warrior’লৈ আন এক সন্মান।

ইন্দো-ফ্ৰান্স আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনে লাভ কৰে শ্ৰেষ্ঠ এনিমেটেড চুটি ছবিৰ সন্মান।

DIG পাৰ্থসাৰথি মহন্তৰ ছবি ‘Lachit The Warrior’।

কাইলৈ ​​পত্নীক লগ কৰিব মনীষ ছিছ’দিয়াই, আদালতে দিলে অনুমতি…

দিল্লী আবকাৰী নীতিৰ গোচৰঃ দিল্লী সুৰা নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ২৬ ফেব্ৰুৱাৰীৰ পৰা কাৰাগাৰত বন্দী হৈ আছে প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া। আদালতে ছিছ’দিয়াক শনিবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ পত্নীক সাক্ষাৎ কৰিবলৈ অনুমতি দিছে।

আম আদমি পাৰ্টিৰ নেতা ছিছ’দিয়াৰ পত্নীৰ অসুস্থতাৰ বাবে এই অনুমতি প্ৰদান কৰা হৈছে। ২৬ ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল ছিছ’ডিয়াক। তাৰ পিছত জেলত জেৰা কৰাৰ পিছত ইডিয়ে ৯ মাৰ্চত গ্ৰেপ্তাৰ কৰে। এই গোচৰত জেলত আছে আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং।

ইডিয়ে চিছ’দিয়াই দিল্লী লিকুৰ পলিচিৰ পৰা ধন লৈ ব্যৱসায়ীসকলৰ লাভৰ বাবে অভিযোগ উত্থাপন কৰিছে। এই অভিযোগ নাকচ কৰাৰ সময়ত আপে কৈ আহিছে যে এই সকলোবোৰ ৰাজনৈতিক প্ৰতিশোধৰ মনোভাৱেৰে কৰা হৈছে।


অটোমোবাইল কোম্পানী হিৰ’ মটোক’ৰ্পৰ কাৰ্যবাহী অধ্যক্ষ পৱন মুঞ্জালৰ সম্পত্তি বাজেয়াপ্ত…

অটোমোবাইল কোম্পানী হিৰ’ মটোক’ৰ্পৰ কাৰ্যবাহী

অধ্যক্ষ পৱন মুঞ্জালৰ সম্পত্তি বাজেয়াপ্ত।

ধন জালিয়াতি গোচৰৰ তদন্তৰ বাবে ২৪.৯৫ কোটিৰ সম্পত্তি বাজেয়াপ্ত EDৰ।

বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে পুৰণি সাজ-পাৰ পৰিধানেৰে ছলমানৰ সৈতে কেটৰিনা…

বিগ বছ ১৭ৰ নিৰ্মাতাসকলে আগন্তুক খণ্ডৰ প্ৰমো মুকলি কৰিছে আৰু ইয়াৰ লগে লগে অনুৰাগীসকলে দীপাৱলীৰ পূৰ্বে লাভ কৰিছে এটা ডাঙৰ চমক। এটা ভিডিও’ চৰ্চালৈ আহিছে। এই ভিডিঅ’টোত আপোনালোকে দেখিব যে ‘টাইগাৰ ৩’ ছবিখনৰ প্ৰচাৰৰ বাবে ছলমানৰ সৈতে কেটৰিনা কাইফও আহিছে। কিন্তু অনুৰাগীয়ে ছলমান আৰু কেটৰিনাক তেওঁলোকৰ কাপোৰক লৈ ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিছে। আচলতে ছলমান খান আৰু কেটৰিনা কাইফক যোৱা বছৰ শ্ব’টোত দেখা গৈছিল যে তেওঁলোকে এই প্ৰ’ম’ত পিন্ধা কাপোৰৰ দৰেই হুবহু একে কাপোৰ পিন্ধিছিল। এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত অনুৰাগীয়ে যথেষ্ট মন্তব্য কৰিছে। ছলমান খানে ক’লা ৰঙৰ চাৰ্ট পিন্ধি থকাৰ বিপৰীতে কেটৰিনা কাইফে পিন্ধিছে হালধীয়া ৰঙৰ ধুনীয়া পোছাক।


ভিকি কৌশলৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত কেটৰিনা কাইফক ছলমানৰ সৈতে প্ৰথমবাৰৰ বাবে ডাঙৰ পৰ্দাৰ লগতে টেলিভিছনতো দেখা যাব। ছলমান খান আৰু কেটৰিনা কাইফৰ ছবি টাইগাৰ ৩ৰ মুক্তিৰ তাৰিখ ১২ নৱেম্বৰ। ছলমান-কেটৰিনাৰ লগতে এই ছবিখনত ইমৰাণ হাছমীয়েও অভিনয় কৰিছে। এই ছবিখনত শ্বাহৰুখ খান আৰু হৃতিক ৰোশনক কেমিঅ’ ৰ’লত দেখা যাব।


‘মোৰ মাটি, মোৰ দেশ’ অভিযানৰ অধীনত সৰ্বাধিক অনলাইন চেলফিৰ বিশ্ব অভিলেখ ভাৰতৰ…

‘মোৰ মাটি, মোৰ দেশ’ অভিযানৰ অধীনত সৰ্বাধিক অনলাইন চেলফিৰ বিশ্ব অভিলেখ গঢ়িলে ভাৰতে।

মুঠ ২৫ লাখ চেলফিৰ ১০,৪২,৫৩৮খন চেলফিক কেন্দ্ৰৰ স্বীকৃতি।

গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰমাণপত্ৰ প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছ।

দীপাৱলী উদযাপন আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ, ইজৰাইল-হামাছ যুদ্ধ সন্দৰ্ভতো দিলে বাৰ্তা…

কমলা হেৰিছৰ দীপাৱলী উদযাপন: মঙলবাৰে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে ৱাশ্বিংটনস্থিত নিজৰ বাসগৃহত দীপাৱলী উদযাপন কৰে। এই সময়ত তেওঁ ইজৰাইল-হামাছ যুদ্ধৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে ইজৰাইল আৰু হামাছৰ যুদ্ধৰ বাবে আজি বিশ্বই এক কঠিন আৰু অন্ধকাৰ মুহূৰ্তৰ সন্মুখীন হৈছে। অতিথিসকলক সম্বোধন কৰি ৫৯ বছৰীয়া হেৰিছে কয়, ‘যি সময়ত আমাৰ পৃথিৱীত বহু কথাই ঘটি আছে, সেই সময়ত আমি দীপাৱলী উদযাপন কৰিছো। বিশেষকৈ ইজৰাইল আৰু গাজাৰ পৰা এই খবৰ অহা দেখি বৰ দুখ লাগে। মই ভাবো আমি দীপাৱলী উদযাপন কৰাটো অতি প্ৰয়োজনীয়। এই উৎসৱটো পোহৰৰ।”

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু কয় যে আমি আমেৰিকাৰ পণবন্দীসকলক ঘৰলৈ অনাটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সেই অঞ্চলত উত্তেজনা বৃদ্ধি হোৱাত বাধা দিয়াটো অত্যন্ত গুৰুত্বপূৰ্ণ। উল্লেখযোগ্য যে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু তেওঁৰ স্বামী ডাগ ইমহফে প্ৰতি বছৰে দীপাৱলী উদযাপন কৰে। এইবাৰ ভাৰতত ১২ নৱেম্বৰত দীপাৱলী উদযাপন কৰিব। আনহাতে ভাৰতৰ লগতে বিশ্বৰ বহু দেশত ইতিমধ্যে এই পোহৰৰ উৎসৱৰ উপলক্ষে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।


গৰ্ভাৱস্থাত হালধি দিয়া গাখীৰ খোৱা উচিত নে…

হালধি গাখীৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ৰাতি হালধিৰ লগত মিহলি গাখীৰ খালে বহু উপকাৰ পোৱা যায়। ইয়াৰ ফলত স্বাস্থ্য ভালে থাকে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। হালধি আয়ুৰ্বেদিক ঔষধ, যি বহু গুণেৰে ভৰপূৰ। ইয়াত এন্টিচেপ্টিক, এন্টি-ফাংগেল আৰু এন্টি-বেক্টেৰিয়েল উপাদান থাকে, যিয়ে স্বাস্থ্যৰ বাবে অতি উপকাৰী। আনহাতে গৰ্ভাৱস্থাত মহিলাসকলে হালধিৰ গাখীৰ খোৱা উচিত নে? জানো আহক এই বিষয়ে-

হালধি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাম কৰে। একে সময়তে গাখীৰক সম্পূৰ্ণ খাদ্য বুলি গণ্য কৰা হয়। হালধিত পোৱা কাৰকুমিন নামৰ যৌগ গাখীৰত দ্ৰৱীভূত হোৱাৰ পিছত সক্ৰিয় হৈ স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে গৰ্ভাৱস্থাত হালধি আৰু গাখীৰ উপকাৰী হ’ব পাৰে। গৰ্ভৱতী মহিলাৰ বাবে হালধিৰ গাখীৰ খোৱাটো সম্পূৰ্ণ নিৰাপদ বুলি বিবেচিত যদিও কিছুমান কথা মনত ৰখা উচিত। যেনে হালধি গাখীৰ দিনটোত এবাৰহে খাব লাগে। গাখীৰত অধিক পৰিমাণে হালধি যোগ কৰিলেও ক্ষতিকাৰক হ’ব পাৰে।

যদি গৰ্ভৱতী মহিলাই হালধিৰ গাখীৰ খায় তেন্তে তাত হালধি সীমিত পৰিমাণেহে ৰাখিব লাগে। এনে কৰিলে আপুনি ‘প্ৰিক্লেম্পচিয়া’ৰ অৱস্থাৰ পৰা হাত সাৰিব পাৰিব। কিন্তু ভুলবশতঃ অত্যধিক হালধি থকা গাখীৰ খালে গৰ্ভাৱস্থাত ৰক্তক্ষৰণ হ’ব পাৰে। গতিকে হালধি গাখীৰ চিকিৎসকৰ পৰামৰ্শৰ পিছতহে খাব লাগে।

শুই উঠাৰ আগতে হালধিৰ গাখীৰ সেৱন কৰিলে বহু উপকাৰ পোৱা যায়। ইয়াৰ ফলত মানসিক চাপ কমি যায় আৰু ৰাতি ভাল টোপনি পোৱা যায়, যাৰ বাবে আপুনি গোটেই দিনটো সক্ৰিয় হৈ থাকে। ৰাতি হালধিৰ গাখীৰ খালে পাচন শক্তি বৃদ্ধি পায় আৰু পেট ফুলা বা পেটৰ গেছৰ সমস্যা হ্ৰাস পায়। কেৱল এয়াই নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতাও দ্ৰুতগতিত বৃদ্ধি পায়।


আজি বিশ্বকাপত আফগানিস্তান বনাম দক্ষিণ আফ্ৰিকা…

আজি আহমেদাবাদত অনুষ্ঠিত হ’ব দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানৰ মাজত বিশ্বকাপৰ খেলখন। এই বিশ্বকাপত তিনিখন মেচ অনুষ্ঠিত হৈছে আৰু ইয়াৰে কোনো এখনতে ৩০০ ৰানৰ স্ক’ৰ কৰা হোৱা নাই। আজি দিনৰ ২ বজাত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত দুয়োটা দল মুখামুখি হ’ব। দক্ষিণ আফ্ৰিকাৰ বাবে এই মেচখন ১৬ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া ছেমি ফাইনেল খেলখনৰ বাবে এক অনুশীলনৰ দৰে হ’ব।

এই বিশ্বকাপত আফগানিস্তানে ৮খন মেচৰ ভিতৰত ৪খন খেলত জয়লাভ কৰি উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। ইংলেণ্ড, পাকিস্তান, শ্ৰীলংকাৰ দৰে দলক পৰাস্ত কৰিছিল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেওজয়ৰ ওচৰ চাপিছিল যদিও মেক্সৱেলে হৰুৱাই দিলে। আনহাতে দক্ষিণ আফ্ৰিকাই এই বিশ্বকাপত চেম্পিয়নৰ দৰে খেলিছিল। তেওঁৰ ৮ খন মেচৰ ভিতৰত ৬ খনত জয়লাভ কৰে।

আফগানিস্তানঃ ৰহমানুল্লাহ গুৰবাজ, ইব্ৰাহিম জাদ্ৰান, ৰহমত শ্বাহ, হাছমাতুল্লাহ শ্বাহিদী (অধিনায়ক), আজমাতুল্লাহ উমৰজাই, মহম্মদ নবী, ইক্ৰাম আলী খিল (wk), ৰছিদ খান, ফজলহাক ফাৰুকী/মুজিব উৰ ৰেহমান, নূৰ আহমেদ, নবীন-উল-হক।

দক্ষিণ আফ্ৰিকা : কুইণ্টন ডি কক (wk), টেম্বা বাভুমা (অধিনায়ক), ৰাছি ভান ডেৰ ডাচেন, আইডেন মাৰ্ক্ৰাম, হাইনৰিচ ক্লাচেন, ডেভিদ মিলাৰ, মাৰ্কো য়ানচিন, কেশ্বভ মহাৰাজ, টাব্ৰাইজ শ্বামচি, জেৰাল্ড কোটজি, এণ্ডিলে ফেহলুকৱায়ো।


অমিতা খোৱাৰ পিছত ইয়াৰ গুটি পেলাই দিয়ে নেকি? নিদিব, ৪ উপায়েৰে লাভ কৰিব উপকাৰ…

অমিতা গুটিৰ উপকাৰিতা: অমিতা খোৱাৰ ফলত স্বাস্থ্যৰ বহু উপকাৰ হয়, কিন্তু আপুনি জানেনে যে ইয়াৰ গুটিৰো কম উপকাৰী নহয়? অমিতাৰ গুটিৰ সোৱাদ অলপ টেঙা আৰু ক’লা জলকীয়াৰ দৰে। সঠিকভাৱে ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ বাবে বহু উপকাৰ হ’ব পাৰে। আপুনি এই গুটিবোৰ ৰ’দত শুকুৱাই গুড়িলৈ পৰিণত কৰিব। এই গুড়ি খাদ্যত মিহলাই ল’ব পাৰে বা জুতি হিচাপে ব্যৱহাৰ কৰিব পাৰে।

অমিতা গুটি খোৱাৰ উপকাৰিতা-


১/ হজম শক্তি ভাল
অমিতা গুটিত এক বিশেষ ধৰণৰ এনজাইম থাকে যাক পেপেইন বুলি জনা যায়, ইয়াৰ সহায়ত হজম শক্তি উন্নত কৰিব পাৰি। খাদ্য খোৱাৰ পিছত এচামুচ অমিতাৰ গুটি খাব লাগে। এনে কৰিলে কোষ্ঠকাঠিন্য, গেছ আৰু পেট ফুলাৰ দৰে সমস্যাৰ সৃষ্টি নহ’ব।

২/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব
অমিতা গুটিক ভিটামিন চিৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, এইটো এটা পুষ্টিকৰ উপাদান যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে বিখ্যাত।এই গুটিবোৰ খালে চৰ্দি, কাহ আৰু ভাইৰাছজনিত ৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব।

৩/ ওজন কম হব
অমিতাৰ গুটি খালে ওজন বৃদ্ধি নিয়ন্ত্ৰণত সহায় হয়, আচলতে ইয়াত থকা আঁহৰ পৰিমাণ অতি বেছি। সেইবাবে অমিতাৰ গুটিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে।

৪/ কৰ্কট ৰোগ প্ৰতিৰোধ
কৰ্কট ৰোগ এটা অতি বিপজ্জনক ৰোগ যিয়ে কেতিয়াবা মানুহৰ প্ৰাণ কাঢ়ি লৈ ​​যায়, ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি নিয়মিতভাৱে অণিতাৰ গুটি খাব লাগিব। বহু গৱেষণাত প্ৰমাণিত হৈছে যে ইয়াৰ বীজত কেন্সাৰ প্ৰতিৰোধী গুণ পোৱা যায়, যাৰ ফলত কিছুমান কেন্সাৰ কোষৰ বৃদ্ধি বন্ধ হৈ পৰে।