Home Blog Page 1270

চিমেন নদীত অবৈধ শিল-বালি খননকাৰ্য্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী…

অসম অৰুণাচল সীমান্তত চিমেন নদীত অবৈধভাৱে শিল,বালি খনন কৰি চিমেন নদীৰ নামনি অংশত থকা ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি কঢ়িয়াই অনাৰ আশংকা ব্যক্ত কৰি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বৃহত্তৰ চিমেন চাপৰি,চংকঙ অঞ্চলৰ ৰাইজৰ লগতে সদৌ তাই আহোম ছাত্র সন্থাৰ চিমেন চাপৰি আঞ্চলিক সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিমেন চাপৰি আঞ্চলিক সমিতি, 

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চিমেন চাপৰি আঞ্চলিক সমিতি, অপৰাধ মুক্ত সমন্বয় সমিতিৰ  আদি  সংগঠনৰ কৰ্মী সকলে উপস্থিত থাকি প্ৰতিবাদী সকলে চিমেন নদীৰ অবৈধ শিল,বালি খনন বন্ধ কৰক, 

মাফিয়াৰ  ময়মতালি  নচলিব, চিমেন নদীৰ নামনি অংশৰ জনগণৰ জীৱন-সম্পত্তি নিৰাপত্তা দিয়ক, শিল বালিৰ ছিণ্ডিকেট বন্ধ হ’ব লাগিব, আমাৰ দাবী মানিব লাগিব  আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে চিমেন চাপৰিৰ পৰিৱেশ। প্ৰতিবাদীস্থলীত জোনাই মহকুমা প্ৰসাশনৰ তৰফৰ পৰা জোনাই মহকুমা নিৰ্ভাচনী বিষয়া আহি পৰিস্থিতি বুজ লোৱাৰ লগতে স্মাৰক পত্ৰ গ্ৰহণ কৰে।

শম্ভু দাস চিলাপথাৰ

ধেমাজি অসম

বজালীৰ বৰভালুকী(ভৰালীপাৰা)ত ৮৪ সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী পূজা মহোৎসৱৰ সফল সামৰণি…

প্ৰতি বছৰৰ দৰে এইবাৰো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বজালী জিলাৰ বৰভালুকী(ভৰালীপাৰা)বাসী ৰাইজৰ উদ্যোগত আঞ্চলিক ৰাইজৰ সহায়- সহযোগত (২৮ অক্টোবৰৰ পৰা ১ অক্টোবৰলৈ) ঐতিয্যমণ্ডিত লক্ষ্মী মন্দিৰ প্ৰাংগণত ৫ দিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে ৮৪ সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী পূজা মহোৎসৱৰ আয়োজন কৰা হৈছিল। শিক্ষাবিদ, সাহিত্যিক পেঞ্চনাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামীয়ে পূজাৰ মুখ্য দ্বাৰ মুকলি কৰে। ইয়াৰ পিছতে অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত গাঁওখনৰ কেইবাজনো বয়োজ্যেষ্ঠ লোকৰ উপৰি মেধাবী ছাত্র ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

পূজাৰ লগত সংগতি ৰাখি ধৰ্মীয় কাৰ্যসূচীৰ উপৰি স্থানীয় আয়তিৰ দ্বাৰা নাম পৰিবেশন, পতাকা উত্তোলন ,কাৰ্যালয় উদ্বোধন,স্মৃতি তৰ্পণ, গছপুলি ৰোপণ,চিত্ৰাংকণ প্ৰতিযোগিতা,কুইজ প্ৰতিযোগিতা , ভেশসন প্ৰতিযোগিতা, নাগাৰা নাম পৰিবেশন, ভোগ বিতৰণ , নটৰাজ এমেচাৰ গ্ৰুপৰ দ্বাৰা নাট প্ৰদৰ্শন, একক নৃত্য প্ৰতিযোগিতা আদিৰ লগতে বিভিন্ন কাৰ্যসূচী সুকলমে সম্পন্ন হৈ যায় ।

লগতে সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকর্ষণৰূপে গীত পৰিবেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী ময়ুৰী শইকীয়া, জিয়ান জোনাক আৰু অপৰ্ণা ৰয়ে।সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাসে। লক্ষ্মী পূজাৰ প্ৰতিটো কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতাৰ বাবে সকলোকে ধন্যবাদ জনায় লক্ষ্মী পূজা পৰিচালনা সমিতিৰ সভাপতি হেমন্ত ভৰালী আৰু সম্পাদক তপেন্দ্ৰ ভৰালীয়ে।

৪ আৰু ৫ নবেম্বৰত চিলাপথাৰ টাউন কলেজ আৰু চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰূপালী জয়ন্তী সমাৰোহ…

চিলাপথাৰ টাউন কলেজ আৰু চিলাপথাৰ টাউন চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰূপালী সমাৰোহৰ প্ৰস্তুতি তুঙত উঠিছে। জনাই সমষ্টিৰ বিধায়ক ভূবন পেগুক সভাপতি আৰু অনুষ্ঠান দুখনৰ অধ্যক্ষ দ্বয় ড দিব্য দলে আৰু ইন্দ্ৰেশ্বৰ দলেক সম্পাদক ৰূপে লৈ গঠিত উদযাপন সমিতিৰ নেতৃত্বত প্ৰায় সম্পূৰ্ণ হৈ উঠিছে সমাৰোহৰ কাম। অঞ্চলটোত মানদ সম্পদ গঢ় দিয়াত নিৰন্তৰভাৱে আত্মনিয়োগ কৰি অহা অনুষ্ঠান দুখনৰ গৌৰৱোজ্জল ৰূপালী জয়ন্তী সমাৰোহৰ প্ৰথম দিনা বিস্তৃত কাৰ্য্যসূচী অনুষ্ঠিত হব। পূৱা দুয়োখন শিক্ষানুষ্ঠানৰ পৰিচালনা সমিতিৰ সভাপতি দ্বয় তুলেশ্বৰ গগৈ আৰু দীনেশ দলেই গছৰ পুলি ৰোপন কৰি শুভাৰম্ভ কৰিব কাৰ্যসূচী।  ৰূপালী জয়ন্তীৰ মুল পতাকা উত্তোলন কৰিব আয়োজক সমিতিৰ সভাপতি বিধায়ক ভূৱন পেগু আৰু সমিতিৰ দুই সম্পাদকে। ইয়াৰ পিছতে ২৪ খনকৈ পতাকাৰ উত্তোলক হিচাপে উপস্থিত থাকিব অঞ্চলটোৰ ২৪ গৰাকীকৈ বিশিষ্ট শিক্ষাবিদ,বৰেণ্য ব্যক্তি আৰু সমাজকৰ্মীয়ে। চিলাপথাৰ টাউন কলেজৰ প্ৰাক্তন সভাপতি নন্দেশ্বৰ কাছাৰী আৰু তুলেশ্বৰ গগৈয়ে শ্বহীদ তৰ্পণ কৰিব।

প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নৰ পিছতে কলেজৰ প্রতিস্থাপক সভাপতি শংখ নাথ দলে আৰু প্ৰতিষ্ঠাপক অধ্যক্ষ ড ; শিৱনাথ পেগুৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব মাখন কামান কুলি আৰু ভিষ্মকান্ত মিলিয়ে। দুপৰীয়া মিছিং পৰিষদৰ উপাধ্যক্ষ যোগেশ্বৰ কুটুমে উদ্বোধন কৰা মঞ্চত অঞ্চলটোৰ বহু বৰেন্য ব্যক্তিক সম্বৰ্ধনা জনাব। উদীয়মান লেখিকা সৃষ্টিৰাণী টাইদে উদ্ধোধন কৰা আৰু ড: শিৱনাথ পেগুৱে সঞ্চালনা কৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড: প্ৰাঞ্জল বুঢ়াগোহাঁই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বিয়লি মৰিধল মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ ড: কমল গগৈয়ে উদ্ধোধন আৰু ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক ড: চন্দন শৰ্মাৰ সঞ্চলানত অনুষ্ঠিত হব লগা ” সফল জীৱনৰ বাবে সহজাত শক্তিক আৱিষ্কাৰ কৰাৰ প্ৰয়োজনীয়তা ” আৰু ” নতুন শিক্ষা নীতি__২০২০ প্ৰত্যাহ্বান আৰু সম্ভাৱনীয়তা ” শীৰ্ষক আলোচনা সত্ৰত মিছিং পৰিষদৰ মুখ্য কাৰ্যবাহী পৰমানন্দা চায়েঙীয়া আৰু মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড: দীপক দলে উপস্থিত থাকিব।

ইয়াৰ পিছতে কুইজ প্ৰতিযোগিতাৰ বঁটা বিতৰণী পৰ্ব আৰম্ভ হব। সন্ধিয়া মিছিং পৰিষদৰ সদস্য কনক দিলেই উদ্বোধন কৰা সংস্কৃতিক মঞ্চত স্বনামধন্য শিল্পী তৰাৱতি বৰি মিলিৰ লগতে  চৈতন্য চান গগৈ,নৱ নৰেশ পেগু,খগেন পেগু,অতুল টায়ে,চয়নিকা জীমে আৰু দেৱ পেগুৱে অনুষ্ঠান পৰিবেশন কৰিব। অন্তিম দিনটোত চিচি বৰগাঁও আঞ্চলিক পঞ্চায়তৰ সভাপতি দেৱ পেগুৱে উদ্ধোধন কৰিব সংস্কৃতিক শোভাযাত্ৰা। ইয়াৰ পিছতে বিধায়ক ভূৱন পেগুৰ সভাপতিত্বত আৰু সাংসদ প্ৰদান বৰুৱাই উদ্বোধন কৰা মুকলি সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব মুৰ্কংচেলেক কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: হৰকান্ত পেগুৱে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ড : ৰিনোজ পেগু মুখ্য অতিথি,প্ৰাক্তন বিধায়ক ফণিৰাম তায়েং,ড: দেবিৰাম পেগও, ড: বুদ্ধিন্দ্ৰ বৰুৱা,ভূপেন্দ্ৰ নাথ পেগু,ভব কান্ত দলে,নন্দেশ্বৰ কছাৰী, চাৰু চন্দ্ৰ দলে,নৰেন কুটুম, ড : লক্ষী নাথ প্ৰগো,ড: ৰঞ্জিত শইকীয়া, ড : শচীন দলে,কবিতা  ডেকা,ড: ৰৌজ কুমাৰ কুটুম,টিপেশ্বৰ গগৈ আদি বহু বিশিষ্ট লোক অতিথি হিচাপে উপস্থিত থাকিব। অন্তিম দিনটোৰ সাংস্কৃতিক সন্ধিয়াৰ অতিথি সকলক হ’ল__জনপ্ৰিয় শিল্পী পাপৰি গগৈ,দুৰ্লভী দলে আৰু লি: বাং দ্যা বেণ্ড পাৰ্টীৰ সদস্য সকলক। বিশাল অনুষ্ঠান সফল কৰি তুলিবলৈ সকলোকে সহযোগ কৰিবলৈও আয়োজক সমিতি যে আহ্বান জনাইছে।

শম্ভু দাস চিলাপথাৰ

ধেমাজি অসম

অসমবাসীৰ বাবে গৌৰৱৰ খবৰ ! মোম্বাইত ধৃতিমান কাকতিয়ে কৰণ জোহৰৰ ‘ধৰ্মা প্ৰডাকচনচ’ৰ এখন মূখ্য ধাৰাৰ হিন্দী ছবিত সহকাৰী সম্পাদক হিচাপে যোগদান…

💐💐অসমবাসীৰ বাবে গৌৰৱৰ খবৰ।💐💐 মোম্বাইত অসম সন্তান ধৃতিমান কাকতিয়ে আজি প্ৰযোজক কৰণ জোহৰৰ ‘ধৰ্মা প্ৰডাকচনচ’ৰ ( Dharma Productions ) এখন মূখ্য ধাৰাৰ (Main stream) হিন্দী ছবিত Assistant Editor হিচাপে যোগদান কৰিছে।

ছবিখনৰ মূখ্য অভিনেত্ৰী আলিয়া ভাট( Alia Bhatt), পৰিচালক ৱচন বালা ( Vasan Bala) ৷

এসময়ত নিজাকৈ এখন চলচিত্ৰ নিৰ্মাণৰ লক্ষ্যও আছে৷

আন্তৰিকতাৰে অভিনন্দন জনালোঁ। ধৃতিমান কাকতি গ্ৰন্থ প্ৰেমী তথা লেখক অলকানন্দ কাকতি আৰু লেখিকা ডঃ গায়ত্ৰী বৰা কাকতি বাইদেউৰ সুযোগ্য সন্তান।

ভগৱান বিষ্ণুৰ এই ৪টা নিয়ম মানি চলক, জীৱনত কেতিয়াও পৰাজয়ৰ সন্মুখীন নহ’ব…


গৰুড় পুৰাণত ভগৱান বিষ্ণুৱে জীৱনত সফলতা লাভ কৰাৰ বিষয়ে উল্লেখ কৰিছে। কেৱল এয়াই নহয়, মৃত্যুৰ পিছত আত্মাৰ যাত্ৰাৰ বিষয়েও গৰুড় পুৰাণত বৰ্ণনা কৰা হৈছে। গতিকে জীৱনত কোৱা হয় যে গৰুড় পুৰাণ পঢ়ি তাত উল্লেখ কৰা কথাবোৰ জীৱনত আত্মসাৎ কৰিব লাগিব। গৰুদ পুৰাণ মূলতঃ তিনিটা ভাগত (আচাৰখণ্ড, ধৰ্মকাণ্ড আৰু ব্ৰহ্মকন্দ) বিভক্ত। ইয়াত গৰুড় পুৰাণৰ প্ৰথম খণ্ড আচাৰাখণ্ড বা পূৰ্বখণ্ড যিকোনো সময়তে পাঠ কৰিব পাৰি।


আপোনালোকক কওঁ যে শাস্ত্ৰ অনুযায়ী গৰুড় পুৰাণৰ প্ৰথম খণ্ডত বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তি, মেৰুৰ চৰিত্ৰ, গ্ৰহৰ মন্ত্ৰ, পূজা পদ্ধতি, জ্ঞান, ত্যাগ, ভক্তি, দান, তপস্যা, জপ, তীৰ্থ আৰু সৎ আচৰণ, যজ্ঞ, সৎকৰ্ম। মানুহে নিজৰ জীৱনত পঢ়িব লাগিব আৰু তাত উল্লেখ কৰা কথাবোৰ জীৱনত আত্মসাৎ কৰিব লাগিব বুলি এটা বিশ্বাস আছে। ইয়াৰ ফলত ব্যক্তিজন বেয়া কামৰ পৰা আঁতৰি থাকে। জীৱনত সুখ লাভ কৰে আৰু মৃত্যুৰ পিছত মানুহ মোক্ষলৈ যায়।

গৰুদ পুৰাণৰ মতে ভগৱান বিষ্ণুৱে এনে ৪টা কামৰ কথা কৈছে, যিয়ে মানুহক জীৱনৰ সফলতাৰ পথত লৈ যায়। যদি কোনো ব্যক্তিয়ে এই ৪ টা কামেৰে দিনটো আৰম্ভ কৰে, তেতিয়া আপুনি জীৱনত বহুত লাভ পাব।

এই ৪টা কামেৰে দিনটো আৰম্ভ কৰক-

  • গৰুড় পুৰাণৰ মতে নিয়মিতভাৱে স্নান কৰাৰ পিছত এজন ব্যক্তিয়ে ঈশ্বৰৰ আৰাধনা কৰিব লাগিব। বিশ্বাস কৰা হয় যে যদি দিনটো পূজাৰে আৰম্ভ কৰা হয়, তেন্তে ব্যক্তিজনে দেৱ-দেৱী আৰু পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভ কৰে। কেৱল এয়াই নহয়, ব্যক্তিজনে প্ৰতিটো কামতে সফলতা লাভ কৰে।
  • ৰাতিপুৱা খাদ্য খোৱাৰ আগতে ভগৱানক অৰ্পণ কৰাটো নিশ্চিত কৰক। ইয়াৰ পিছতহে খাদ্য গ্ৰহণ কৰক। যদি আপুনি এনে কৰে তেন্তে মাতৃ অন্নপূৰ্ণাৰ আশীৰ্বাদ পায় আৰু ব্যক্তিজনৰ কেতিয়াও সুখ আৰু সমৃদ্ধিৰ অভাৱ নহয়।

  • ভগৱান বিষ্ণুৱে গৰুদ পুৰাণত কৈছে যে প্ৰতিজন ব্যক্তিয়ে দিনটোত এবাৰ অন্তৰ্দৃষ্টি কৰিব লাগিব। ইয়াৰ দ্বাৰা আপুনি সঠিক আৰু ভুলৰ পাৰ্থক্য জানিব পাৰে আৰু ব্যক্তিজনৰ মনত নতুন চিন্তাৰ সৃষ্টি হয়।
  • ভগৱান বিষ্ণুৰ মতে এজন ব্যক্তিয়ে প্ৰতিদিনে কোনোবা আৰ্তজনক সহায় কৰিব লাগে। ভোকাতুৰ মানুহক আপোনাৰ সামৰ্থ্য অনুসৰি খাদ্য খুৱাব পাৰে। যিকোনো গৰুক ৰুটি খুৱাব পাৰে। কেৱল এয়াই নহয়, কুকুৰ, চৰাইৰ খাদ্য বা আনকি ৰুটিও দিব পাৰি। যদি কোনো ব্যক্তিয়ে এইবোৰৰ কোনো এটা কাম নিয়মিতভাৱে কৰে তেন্তে তেওঁ বহু গুণ লাভ কৰে।

৩৭ নং ৰাষ্ট্ৰীয় খেলৰ সাঁতোৰ প্ৰতিযোগিতাত গল্ডেন গাৰ্ল আস্থা চৌধুৰীৰ চমকপ্ৰদ প্ৰদৰ্শনৰে সোণৰ পদক অৰ্জন…

৩৭ নং ৰাষ্ট্ৰীয় খেলৰ
সাঁতোৰ প্ৰতিযোগিতা গল্ডেন গাৰ্ল আস্থা চৌধুৰীয়ে চমকপ্ৰদ প্ৰদৰ্শনৰে সোণৰ পদক, বিক্ৰম চেঙমাই ৰূপ পদকৰে উজ্জ্বলিল অসম

গোৱাত অনুষ্ঠিত হৈ থকা ৩৭ নং ৰাষ্ট্ৰীয় খেলৰ সাঁতোৰ প্ৰতিযোগিতাৰ আজি চতুৰ্থ দিন। আজি অনুষ্ঠানত হোৱা সাঁতোৰ প্ৰতিযোগিতাত অসমৰ উদীয়মান সন্তৰণবিদ আস্থা চৌধুৰীয়ে ২০০ মিটাৰ মহিলাৰ বাটাৰ ফ্লাইত ২:২৯:১৯ ছেকেণ্ডত নিজৰ শ্ৰেষ্ঠতম প্ৰদৰ্শনৰে অসমৰ বাবে সাঁতোৰ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰে।

অসম সাঁতোৰ সংস্হাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাস আৰু প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী জানিবলৈ দিয়ামতে আন এগৰাকী খেলুৱৈ বিক্ৰম চাংমায়ে পুৰুষৰ বাটাৰ ফ্লাইত ২:০৪:১৮ ছেকেণ্ডত ৰূপৰ পদক অৰ্জন কৰে।

আজিৰ দুটা পদক সহ বৰ্তমানলৈ ৩৭ নং ৰাষ্ট্ৰীয় খেলৰ সাঁতোৰত অসমে মুঠ ৫ টা অৰ্জন কৰিছে। ৰাষ্ট্ৰীয় খেলৰ সাঁতোৰ প্ৰতিযোগিতা ৪ নৱেম্বৰত অন্ত পৰিব।

বৃদ্ধি পাইছে পিঁয়াজৰ মূল্য, পিঁয়াজৰ সলনি খোৱাৰ আৰম্ভ কৰক এই সমূহ বস্তু…

বৰ্তমান সময়ত পিঁয়াজৰ দাম আকাশলংঘী হৈছে, সেয়েহে বহু লোকে কিনিব পৰা নাই পিঁয়াজে। এনে পৰিস্থিতিত যদি আপুনি পিঁয়াজ নোহোৱাকৈ গ্ৰেভি প্ৰস্তুত কৰিব বিচাৰে তেন্তে কেনেকৈ বনাব বিচাৰে। বৰ্তমান সময়ত পিঁয়াজৰ দাম বিপুলভাৱে বৃদ্ধি পাইছে। দিল্লীকে ধৰি দেশৰ বহু ঠাইত প্ৰতি কেজিৰ দাম ৮০ টকা অতিক্ৰম কৰিলে। কি কি বস্তুৰ সহায়ত গ্ৰেভি প্ৰস্তুত কৰিব পাৰি জানো আহক…

১/যদি আপুনি পিঁয়াজৰ ক্ৰিস্পিনেছ হেৰুৱাইছে, তেন্তে চিন্তাৰ প্ৰয়োজন নাই। আপোনাৰ গ্ৰেভি ডাঠ কৰিবলৈ কিছুমান বাদাম লৈ পিহি মসৃণ পেষ্ট কৰি আপোনাৰ খাদ্যত সুস্বাদু আৰু পুষ্টিকৰ সোৱাদ যোগ কৰক। আপুনি নিশ্চয় দেখিছে যে বহু সময়ত বাদাম ব্যৱহাৰ কৰি পনিৰৰ গ্ৰেভি তৈয়াৰ কৰা হয়।

২) দৈ আৰু গাখীৰৰ ক্ৰীম যেতিয়া আপুনি দৈ আৰু ক্ৰীমৰ সোৱাদযুক্ত সংমিশ্ৰণৰ সহায়ত পিঁয়াজৰ অভাৱৰ ক্ষতিপূৰণ দিব পাৰে। ইয়াৰ ফলত পৰীক্ষাতো বিশেষ পাৰ্থক্য নাথাকিব। ইয়াৰ ফলত খাদ্যৰ গ্ৰেভি ডাঠ হৈ পৰে। ইয়াৰ উপৰিও দৈৰ সোৱাদে খাদ্য আৰু অধিক সুস্বাদু কৰি তোলে।

৩/ বিলাহীৰৰ দাম এতিয়া যথেষ্ট কমিছে, গতিকে পিঁয়াজৰ কথা আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই। ইয়াৰ বাবে পকা বিলাহীৰ সুস্বাদু পেষ্টত মিহলাই লওক। তাত আপোনাৰ প্ৰিয় মছলা মিহলাই লওক। ইয়াৰ দ্বাৰা এনে সোৱাদ পোৱা যাব যে আঙুলি চেলেকিবলৈ বাধ্য হ’ব।

৪/ যেতিয়া পিঁয়াজ ব্যয়বহুল হৈ পৰে তেতিয়া তাৰ ঠাইত বেচন দিব পাৰি। যদি আপুনি ৰেচিপিবোৰত ৰোষ্ট কৰা বেচন যোগ কৰে তেন্তে সেই গ্ৰেভি কোমল আৰু সোৱাদযুক্ত হ’ব।

মাজুলীত ‘বেটী বচাও, বেটী পঢ়াও’ আঁচনিৰ অধীনত আধাতে বিদ্যালয় এৰা (ড্ৰপ আউট) ছাত্ৰী সন্দৰ্ভত সজাগতা সভা…

পূব মাজুলীৰ  বনগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি মহিলা আৰু শিশু বিকাশ বিভাগ, জিলা মহিলা সবলীকৰণ কেন্দ্ৰ আৰু ‘বেটী বচাও, বেটী পঢ়াও’ আঁচনিৰ অধীনত মাজুলী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় আৰু সমগ্ৰ শিক্ষা অভিযান, মাজুলীৰ সহযোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। মাজুলী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ কুশদীপ হাটীমতাই আঁত ধৰা সভাত জিলা সমাজ কল্যাণ বিষয়া উত্তম অধিকাৰীয়ে সভাৰ উদ্দেশ্য বাখ্যা কৰে।

সমল ব্যক্তি তথা নেপচিডৰ অৱসৰপ্ৰাপ্ত সঞ্চালক বন্দনা ভূঞাই প্ৰজেক্টৰৰ জৰিয়তে আধাতে বিদ্যালয় এৰা (ড্ৰপ আউট) ছাত্ৰ-ছাত্ৰী, শিশু সৰবৰাহ আদিৰ বিষয়ে বিস্তাৰিতভাৱে আলোকপাত কৰে। শিশু-কিশোৰৰ অপৰাধজনিত বিষয়ত বক্তব্য দাঙি ধৰি কৈশোৰ ন্যায়িক পৰিষদৰ মাজুলী জিলাৰ সদস্য ৰমেশ চন্দ্ৰ শ‌ইকীয়াই বিস্তৃত বাখ্যা আগবঢ়ায়।

আধাতে বিদ্যালয় এৰা ছাত্র-ছাত্ৰীৰ সন্দৰ্ভত বাখ্যা কৰি সহকাৰী আয়ুক্ত তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক সংগীতা বৰুৱাই ড্ৰপ আউট শূণ্য কৰাৰ ক্ষেত্ৰত সমাজৰ প্ৰতিগৰাকী সচেতন ব্যক্তিৰ সহযোগিতা কামনা কৰে। বনগাঁও উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক মঞ্চজ্যোতি বৰাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি বক্তব্য প্ৰদান কৰে। সভাখনত অঞ্চলৰ বহুকেইজন গণ্য-মান্য ব্যক্তি, ড্ৰপ আউট বিদ্যালয়ৰ প্ৰধান শিক্ষক, অভিভাৱক, ছাত্ৰ-ছাত্ৰী, অংগনবাদী কৰ্মী, গাঁওপ্ৰধান আৰু গাঁওৰক্ষী বাহিনীৰ সদস্যসকল উপস্থিত থাকে। উল্লেখযোগ্য যে আজিৰ সভাতে দুগৰাকী ড্ৰপ আউট ছাত্ৰ-ছাত্ৰীক পুনৰ বিদ্যালয়মুখী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

শীতকালত কেতিয়াও নাখাব শুকান ফল…

শীতকালত শুকান ফল সঘনাই খোৱাটো বাঞ্ছনীয়, যিহেতু কাজু, আখৰোট, আলমণ্ড আৰু বাদামৰ দৰে শুকান ফলৰ গৰম প্ৰকৃতি থাকে, সেয়েহে শীতকালত নিয়মিতভাৱে খোৱাটো বাঞ্ছনীয়। কিন্তু ঠাণ্ডা বতৰত যদি আমি অত্যাধিক শুকান ফল খোৱাৰ ফলত বহু ধৰণৰ ক্ষতি হ’ব পাৰে। শীতকালত কিয় বেছিকৈ শুকান ফল খাব নালাগে জানো আহক-

১/ উচ্চ কেলৰিযুক্ত খাদ্য শুকান ফলত স্বাস্থ্যকৰ চৰ্বি পোৱা যায় যদিও ইয়াত কেলৰিৰ পৰিমাণ অতি বেছি। সীমিত পৰিমাণতকৈ বেছিকৈ খালে ওজন বৃদ্ধিৰ আশংকা থাকিব। বিশেষকৈ ওজন কমাবলৈ চেষ্টা কৰা লোকসকলে নিশ্চিতভাৱে ডায়েটিচিয়ানৰ পৰামৰ্শ ল’ব লাগে।

২/ শুকান ফলত অধিক পৰিমাণে প্ৰাকৃতিক চেনি থাকে, যেনে কিচমিচ আৰু খেজুৰ। এইবোৰ প্ৰচুৰ পৰিমাণে খালে চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে। যদিও ডায়েবেটিছ ৰোগীয়ে ইয়াক খাব পাৰে, তথাপিও সাৱধান হোৱাটো অতি প্ৰয়োজনীয়, নহ’লে তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।

৩/ পেটৰ সমস্যা শুকান ফলত অধিক আঁহ থাকে, যিটো বেছিভাগ মানুহৰে বাবে ভাল, কিন্তু কিছুমান মানুহৰ বাবে ই পেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, আচলতে কেতিয়াবা হজম কৰাত কঠিন হৈ পৰে, যাৰ ফলত কোষ্ঠকাঠিন্য, গেছ আৰু বদহজমৰ দৰে সমস্যা হ’ব পাৰে।

কচুৱাৰ জুৰিৰপাৰত পুৱাই বনৰীয়া হাতীৰ মুক্ত বিচৰণ…

কচুৱাৰ জুৰিৰপাৰত পুৱাই বনৰীয়া হাতীৰ মুক্ত বিচৰণ।

পাহাৰৰ পৰা নামি অহা এটা প্ৰকাণ্ড হাতীয়ে জুৰিৰপাৰৰ কেইবাখনো ঠাইত মুক্ত বিচৰণ কৰে।

হাতিটো কিছু পৰিমাণে আঘাতপ্ৰাপ্ত বুজি জানিব পৰা গৈছে।