Breaking

চিমেন নদীত অবৈধ শিল-বালি খননকাৰ্য্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী…

0 53

অসম অৰুণাচল সীমান্তত চিমেন নদীত অবৈধভাৱে শিল,বালি খনন কৰি চিমেন নদীৰ নামনি অংশত থকা ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি কঢ়িয়াই অনাৰ আশংকা ব্যক্ত কৰি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বৃহত্তৰ চিমেন চাপৰি,চংকঙ অঞ্চলৰ ৰাইজৰ লগতে সদৌ তাই আহোম ছাত্র সন্থাৰ চিমেন চাপৰি আঞ্চলিক সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিমেন চাপৰি আঞ্চলিক সমিতি, 

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চিমেন চাপৰি আঞ্চলিক সমিতি, অপৰাধ মুক্ত সমন্বয় সমিতিৰ  আদি  সংগঠনৰ কৰ্মী সকলে উপস্থিত থাকি প্ৰতিবাদী সকলে চিমেন নদীৰ অবৈধ শিল,বালি খনন বন্ধ কৰক, 

মাফিয়াৰ  ময়মতালি  নচলিব, চিমেন নদীৰ নামনি অংশৰ জনগণৰ জীৱন-সম্পত্তি নিৰাপত্তা দিয়ক, শিল বালিৰ ছিণ্ডিকেট বন্ধ হ’ব লাগিব, আমাৰ দাবী মানিব লাগিব  আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে চিমেন চাপৰিৰ পৰিৱেশ। প্ৰতিবাদীস্থলীত জোনাই মহকুমা প্ৰসাশনৰ তৰফৰ পৰা জোনাই মহকুমা নিৰ্ভাচনী বিষয়া আহি পৰিস্থিতি বুজ লোৱাৰ লগতে স্মাৰক পত্ৰ গ্ৰহণ কৰে।

শম্ভু দাস চিলাপথাৰ

ধেমাজি অসম

Leave A Reply