Home Blog Page 1273

বিশ্বকাপৰ মেচত বাংলাদেশৰ বিৰুদ্ধে ৭ উইকেটত জয়ী পাকিস্তান

অৱশেষত জয়ৰ মুখ দেখিলে পাকিস্তানে।

মঙলবাৰে পাকিস্তানে বাংলাদেশক সাত উইকেটত পৰাস্ত কৰি ক্ৰিকেট বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ ক্ষীণ আশা জীয়াই ৰাখিছে।

জয়ৰ বাবে ২০৫ ৰানসহ ১৯৯২ চনৰ চেম্পিয়ন দলটোৱে ১০৫ টা বল বাকী থকা অৱস্থাত আৰু সাতটা উইকেট অক্ষত ৰাখি তেওঁলোকৰ লক্ষ্যত উপনীত হয়।

ফখৰ জামানে ৮১ ৰাণ কৰে আৰু সহযোগী অপেনাৰ আব্দুল্লাহ চফিকুৱে ৬৮ ৰাণ কৰে।

৬ মাহৰ বাবে ভিছা অবিহনে থাইলেণ্ডত প্ৰৱেশ কৰিব পাৰিব ভাৰতীয়ই

ভাৰত আৰু টাইৱানৰ যাত্ৰীসকলৰ বাবে ৬ মাহৰ বাবে ভিছাৰ প্ৰয়োজনীয়তা ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে থাইলেণ্ডে।

ভাৰত আৰু টাইৱানৰ পৰা অহা পৰ্যটকসকলে ২০২৩ চনৰ ১০ নৱেম্বৰৰ পৰা ২০২৪ চনৰ ১০ মে’ৰ ভিতৰত ভিছা অবিহনে থাইলেণ্ডত প্ৰৱেশ কৰিব পাৰিব।

এয়া পৰ্যটকক আকৰ্ষণ কৰাৰ প্ৰয়াস থাইলেণ্ডৰ।

চৰকাৰী তথ্য অনুসৰি চলিত বৰ্ষত এতিয়ালৈকে থাইলেণ্ডলৈ ২ কোটি ২০ লাখ দৰ্শনাৰ্থীক আদৰণি জনাইছে, যাৰ ফলত ২৫.৬৭ বিলিয়ন ডলাৰ ৰাজহ উপাৰ্জন হৈছে।

চিলাপথাৰ জিলা সমিতিৰ উদ্যোগত আৰু মাজৰবাৰী আঞ্চলিক সমিতিৰ সহযোগত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস…

পিছপৰা, অনুন্নত, অনগ্ৰসৰ অঞ্চলৰ সৰ্বাঙ্গীণ বিকাশ হ’বলৈ ঐক্যবদ্ধ সংগ্ৰামৰ বিকল্প নাই, মাজৰবাৰীত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

চিচি-চিলাপথাৰ জিলা সমিতিৰ উদ্যোগত আৰু মাজৰবাৰী আঞ্চলিক সমিতিৰ সহযোগত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি চিমেনমুখ মাজৰবাৰীৰ বুধবৰীয়া সাৰ্বজনীন ৰাস মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত কৰা হয়।প্ৰতিষ্ঠা দিৱসৰ পুৱা ৬-৩০ বজাত ৰবীন্দ্ৰনাথ মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ঘনকান্ত হাজঙৰ নেতৃত্বত স্বচ্ছতা অভিযান।পুৱা ৭-৩০ বজাত গছপুলি ৰোপণ কৰি চিচিবৰগাঁও আঞ্চলিক পঞ্চায়তৰ সদস্য সুজিত হাজঙে কয় গছপুলি ৰোপণ কৰি ইয়াৰ প্ৰতিপালন কৰিব লাগিব আৰু সমাজখন সেইজীয়াকৰণ কৰাৰ লগতে পৰিৱেশতন্ৰক ৰক্ষা কৰিব লাগিব বুলি উল্লেখ কৰি প্ৰদূষণমুক্ত সমাজ নিৰ্মাণত সকলোৱে আগবাঢ়িব লাগিব বুলি কয় । পুৱা ৯-৩০ বজাত পতাকা উত্তোলন কৰে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি জাৰিমিন নাৰ্জাৰীয়ে। পতাকা উত্তোলন কৰি দিয়া ভাষনত তেওঁ কয় এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে সংবিধান প্ৰদত্ত অধিকাৰ আৰু সুবিধা সমূহ প্ৰতিগৰাকী নাগৰিকে উপভোগ কৰাৰ ব্যৱস্থা আছে বুলি বক্তব্য ৰাখি চৰকাৰে সকলো শ্ৰেণীৰ ৰাইজৰ কল্যাণৰ বাবে দায়িত্ব-কৰ্তব্য পালন কৰা উচিত বুলি উনুকিয়াই দশক দশক ধৰি বিভিন্ন জ্বলন্ত সমস্যাৰে ভাৰাক্ৰান্ত হোৱা জনগণৰ জীৱন-সম্পত্তিৰ উত্তৰণ, বিকাশ, সুৰক্ষা আৰু নিৰাপত্তাৰ পাবৰ বাবে ঐক্যবদ্ধ সংগ্ৰামৰ বিকল্প নাই বুলি ভাষনত কয়। পুৱা ১০ বজাত স্মৃতি তৰ্পণ কৰে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ উপ সভাপতি গন্ধেশ্বৰ গগৈয়ে। দিনৰ ১১-৩০ বজাৰ পৰা জিএনএছএমৰ উপ সভাপতি গন্ধেশ্বৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন উদ্ধোধন কৰি ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয় উমৈহতীয়া,জ্বলন্ত আৰু বৃহৎ বৃহৎ সমস্যাৰ সমাধানৰ বাবে শক্তিশালী আৰু সাৰ্বজনীন সংগঠনৰ অতীব প্ৰয়োজন বুলি বক্তব্য ৰাখি পুনৰ কয় সৰু-বৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত দীৰ্ঘবছৰ ধৰি অব্যাহত থকা বিভিন্ন সমস্যা সমূহৰ আশু সমাধানৰ বাবে জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো ৰাইজক লৈ গঠন কৰা গণতান্ত্ৰিক সংগঠনৰ ভূমিকা যথেষ্ট আছে আৰু সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰাসংগিকতা বৃদ্ধি পাবলৈ লৈছে বুলি উল্লেখ কৰি গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চই জন্ম লগ্নৰে পৰাই নৈপৰীয়া, কৃষিজীৱী তথা গ্ৰাম্যঞ্চলৰ জনগণৰ সৰ্বাঙ্গীণ উন্নয়নৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি বক্তব্য আগবঢ়ায়। 

মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষনত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তোলন সোনোৱালে কয় বিশ্বায়ন আৰু প্ৰতিযোগিতামূলক যুগত নিজকে উচ্চ শিখৰত অৱতীৰ্ণ হ’বলৈ সকলো ক্ষেত্ৰতে প্ৰতিগৰাকী নাগৰিক স্ব-নিৰ্ভৰশীল হোৱাৰ অতীব প্ৰয়োজন। বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত বিশ্ব সমাজে ন ন চিন্তাৰে আগুৱাই যোৱাৰ সময়ত গুণগত মানদণ্ডৰ শিক্ষাৰে শিক্ষিত কৰি উঠি অহা প্ৰজন্মক উচ্চমানৰ মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ সমান্তৰালভাৱে কৃষিকৰ্ম আৰু অন্যান্য ক্ষেত্ৰত জড়িত সকলোৱে যাতে দক্ষতা বিকাশৰ জৰিয়তে বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ  কৰি কৰ্ম-সংস্কৃতি সৃষ্টি কৰিব লাগিব বুলি গুৰুত্বপূৰ্ণ ভাষন আগবঢ়ায়। নিৰ্দিষ্ট বক্তাৰ ভাষনত জিএনএছএমৰ সহকাৰী সাধাৰণ সম্পাদক ফনীধৰ দ্বাৰিকে কয় ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহে কেবাটাও দশক ধৰি সৃষ্টি কৰি অহা বান-খহনীয়াই হাজাৰ হাজাৰ জনবসতিপূৰ্ণ কৃষিজীৱী গাওঁ বিধ্বস্ত কৰি পেলালে আৰু হাজাৰ হাজাৰ পৰিয়াল গৃহহাৰা হ’ল বুলি বক্তব্য ৰাখি চৰকাৰে নৈপৰীয়া ৰাইজৰ জীৱন-সম্পত্তি সুৰক্ষাৰ ক্ষেত্ৰত চুড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি উনুকিয়াই অসমৰ জ্বলন্ত আৰু জাতীয় সমস্যা হিচাপে পৰিগণিত হোৱা বান-খহনীয়া সমস্যাৰ বিজ্ঞানসন্মত,দীৰ্ঘম্যাদী আৰু শক্তিশালীভাৱে নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনায়।

সভাত বিশিষ্ট অতিথিৰ ভাষনত ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সোমৰাজ পুৰীয়ে কয় যে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চ ই লোৱা কেতবোৰ দাবীৰ সমান্তৰালকৈ বাঙালী হিন্দু আৰু গোৰ্খা সকলৰ প্ৰতি চৰকাৰ খনে বাৰে বাৰে ডি ভোটাৰ, বিদেশী নোটিশ, ডিটেনচন কেম্প ৰ লগতে সিহতীয়াকৈ জলন্ত-সমস্যা বসুন্ধৰা আঁচনিত বহু খিলঞ্জীয়া বাঙালী-গোৰ্খা জনগোষ্ঠীৰ লোক সকলক বিভিন্ন কাৰণ দৰ্শোৱাই বিভাগীয় কতৃপক্ষই আবেদন সমূহ বাতিল কৰি আহিছে । যিয়েতো জি এন এছ এম ত বহুতো বাঙালী গোৰ্খা লোক আছে । গতিকে এই দুই জনগোষ্ঠীৰ এই জলন্ত-সমস্যা সমূহৰ ওপৰতো গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চত এটি পদক্ষেপ ল’বলৈ তেওঁ লাভ জনায়। কিয়নো ধেমাজি জিলাত যুগ যুগ ধৰি বসবাস কৰি আহিছে। কিন্তু চৰকাৰী বাবে বাঙালী আৰু গোৰ্খা সকলক কিয় চৰকাৰখনে কিয় মাই আই চকুৰে দেখে বুলি প্ৰশ্ন কৰে। আজিৰ সভাত

অসম হাজং জাতীয় পৰিষদৰ সভাপতি ৰঘুনাথ হাজং, সন্মানীয় অতিথিৰূপে  সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ধেমাজি জিলা সমিতিৰ সভাপতি ধৰ্মেন্দ্ৰ দাস,আক্ৰাছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি দিগেন ৰায়ে পিছপৰা, অনগ্ৰসৰ আৰু অনুন্নত অঞ্চলৰ সৰ্বাঙ্গীণ উন্নয়নৰ বাবে সকলো জাতীয়-জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধ আৰু উমৈহতীয়া প্ৰচেষ্টাত সমাধানৰ পোষকতা কৰি ভাষন আগবঢ়ায়।সভাত  বিশিষ্ট অতিথি হিচাপে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ উপদেষ্টা কালু দাস,বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম,ৰবীন্দ্ৰ পাণ্ডে, অধ্যক্ষ লালবাবু যাদৱ,এমএচিৰ ইএম মলেন্দ্ৰ নাৰ্জাৰী,অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰী,সদৌ অসম ভোজপুৰী পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি সুৰেন্দ্ৰ যাদৱ,ধেমাজি জিলা অনুসূচীত জাতি উন্নয়নৰ পৰিষদৰ উপ সভাপতি প্ৰদীপ দাস,চিচিবৰগাঁও আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্য বীৰেশ নমঃশূদ্ৰ, বিশিষ্ট সমাজকৰ্মী ভূষণ ৰাজবংশী, জিএনএছএমৰ জোনাই জিলা সমিতিৰ সভাপতি হেমকান্ত দৈমাৰী, চিচি-চিলাপথাৰ জিলা সমিতিৰ সভাপতি শৈলেশ দলে,সাধাৰণ সম্পাদক অমৰ্ত ৰাজবংশী,অধ্যক্ষ প্ৰতিনাথ দ্বাৰিক প্ৰমুখ্যে কেবাজনো বিশিষ্ট সমাজকৰ্মী উপস্থিত থাকিব।

শম্ভু দাস চিলাপথাৰ

ধেমাজি

চিমেন চাপৰিত  বিকেডব্লিউএচিৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন…

চিমেন চাপৰিত  বিকেডব্লিউএচিৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী লৌহ মানৱখ্যাত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম দিন উপলক্ষে আজি ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয়। ধেমাজি জিলাৰ সানজাৰি নৌগৌৰৰ চিমেন চাপৰিস্থিত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত অনুষ্ঠিত কৰা অনুষ্ঠানৰ পুৱা ৫-৩০ বজাত একতাৰ বাবে দৌৰ কাৰ্য্যসূচীৰ ফ্লেগ অফ্ কৰে বিকেডব্লিউএচিৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে।পুৱা ৭ বজাত গছপুলি ৰোপণ কৰে বিকেডব্লিউএচিৰ উপাধ্যক্ষ সৃজৌন বসুমতাৰীয়ে।পুৱা ৮ বজাত চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পণ কৰে সানজাৰাং লক্ষেশ্বৰ ব্ৰহ্ম আৰু জৌহৌলাও নীলেশ্বৰ ব্ৰহ্ম বঁটাপ্ৰাপ্ত বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্মই।

পুৱা ১০ বজাৰ পৰা ৰাষ্ট্ৰীয় একতা দিৱস বিষয়ত ৰচনা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ উদ্ধোধন কৰে বিকেডব্লিউএচিৰ অধ্যক্ষ অনিল বসুমতাৰীয়ে।ইয়াৰ পিছত ৰাষ্ট্ৰীয় একতা দিৱসৰ ওপৰত জ্যেষ্ঠ নাগৰিক আৰু ছাত্র-ছাত্ৰী সকলৰ বক্তব্য অনুষ্ঠানৰ উদ্ধোধন কৰে বিকেডব্লিউএচিৰ উপ মুখ্য কাৰ্য্যবাহী সদস্য ৰোমিয় নাৰ্জাৰীয়ে। অনুষ্ঠানত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী, ভাৰতৰত্ন তথা লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ কৰ্মজীৱন,দৰ্শন আৰু আদৰ্শৰ ওপৰত বক্তব্য ৰাখি দেশৰ অখণ্ডতা,সংহতি আৰু একতাৰ বাবে বলিষ্ঠভাৱে সেৱা আগবঢ়াই গৈছে বুলি উল্লেখ কৰি মহান নেতাগৰাকীয়ে আগবঢ়াই যোৱা দেশসেৱা আৰু আদৰ্শৰে নতুন প্ৰজন্মক আগবাঢ়ি যাবলৈ আহ্বান জনায়।

অনুষ্ঠানত  অতিথি হিচাপে ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, এবছুৰ সম্পাদক বডোছা ব্ৰহ্মই বল্লভ ভাই পেটেলৰ জীৱন, আদৰ্শ আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি কষ্ট, নিষ্ঠা আৰু একাগ্ৰতাৰে জীৱন গঢ়া ভাৰতৰত্ন চৰ্দাৰ বল্লভ ভাই পেটেল এগৰাকী সঁচা দেশপ্ৰেমিক আছিল বুলি ভাষনত কয়।অনুষ্ঠানত  বিকেডব্লিউএচিৰ  কাৰ্য্যবাহী অমিয় বসুমতাৰী, বিনোদ বসুমতাৰী, প্ৰণৱ বড়ো,মুহিপাল বড়ো,দশৰথ বড়ো,জয়কান্ত বড়ো,আমন্ত্ৰিত অতিথি হিচাপে বড়ো জাতীয় সংগঠনৰ নেতা, বিশিষ্ট সমাজকৰ্মী আৰু জ্যেষ্ঠ নাগৰিক সকল উপস্থিত থাকে।দিনৰ ১-৩০ বঁটা বিতৰণী সভা আৰু বিয়লি ২ বজাত বিকেডব্লিউএচিৰ শিক্ষা বিভাগৰ পৰা ৩০ খন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ মাজত ত্ৰিশ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰা হয়।

শম্ভু দাস চিলাপথাৰ

ধেমাজি

পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাকক্ষণত অসমবাসী ৰাইজলৈ নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী নীতিন গাডকাৰীৰ বিশেষ উপহাৰ…

কেন্দ্রীয় পথ পৰিবহন আৰু ঘাইপথ বিভাগৰ কেবিনেট মন্ত্রী নীতিন গাডকাৰীয়ে গুৱাহাটী পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত আজি অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত মুঠ ১৭,৫০০ কোটি টকা ব্যয় সাপেক্ষে ২২টা ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্পৰ শিলান্যাস আৰু ৪টা প্রকল্প মুকলি কৰে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

বলিষ্ঠ তথা দূৰদৰ্শী নেতৃত্বত “এক্ট ইষ্ট প’লিচী”ৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এতিয়া যাতায়াত-যোগাযোগ ব্যৱস্থা অতিকৈ সুগম হৈ পৰিছে, যাৰ যোগেদি সমগ্ৰ অসমত সূচনা হৈছে উন্নয়নৰ এক ন-দিগন্ত।

এই ছেগতে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৱল নেতৃত্বত অসমবাসী ৰাইজে যোগাযোগৰ সুবিধাৰ্থে এই সমগ্ৰ প্ৰকল্প সমূহ অতি নিয়াৰিকৈ সম্পন্ন কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গ্ৰহণ কৰা পদক্ষেপৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে বিজেপিৰ ৰাজ্য়িক সভাপতি ভৱেশ কলিতাই।

অভিনেত্ৰী ৰেঞ্জুশা মেননৰ আত্মহত্য়া…

অভিনেত্ৰী ৰেঞ্জুছা মেননৰ মৃত্যু। ৩৫ বছৰীয়া অভিনেত্ৰীগৰাকীৰ ফ্লেটত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ। মৃতদেহ উদ্ধাৰ হোৱা বাসগৃহতে স্বামীৰ সৈতে বাস কৰিছিল অভিনেত্ৰীগৰাকীয়ে। একাংশ খবৰ অনুসৰি কিছুদিন ধৰি আৰ্থিক সমস্যাৰ সৈতে যুঁজি আছিল অভিনেত্ৰীগৰাকী। অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰে চিনেমা জগতত শোকৰ ছাঁ পেলাইছে।


বৰ্তমান আৰক্ষীয়ে এই সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। অৱশ্যে প্ৰথম দৃষ্টিত এই গোচৰটো আত্মহত্যা যেন লাগে। বৰ্তমান মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব। এই সমগ্ৰ বিষয় তিৰুৱনন্তপুৰমৰ। খবৰ অনুসৰি এইগৰাকী অভিনেত্ৰী কোচিৰ বাসিন্দা। তেওঁ টিভি শ্ব’ৰ এংকৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ টিভিৰ পৰ্দাত ভৰি থয়।

ৰেঞ্জুছাই বহু ছবিত অভিনয় কৰিছে। এই ছবিসমূহৰ ভিতৰত আছে ‘চিটি অৱ গড’, ‘বম্বে মাৰ্চ’, ‘কাৰ্যস্থান’, ‘অন ৱে টিকট’, থভুথা দ্বীপু। এই সকলোবোৰ চৰিত্ৰই অভিনেত্ৰীগৰাকীক বিখ্যাত কৰি তুলিছিল আৰু ঘৰে ঘৰে চিনাকি হৈছিল।

খালী পেটত দৈনিক খাবলৈ আৰম্ভ কৰক এটাকৈ আপেল…

আপেল পুষ্টিকৰ উপাদানেৰে ভৰপূৰ এবিধ ফল। হজম শক্তিৰ পৰা আৰম্ভ কৰি ছালৰ পৰা চুলিলৈকে সকলোৰে বাবে আপেল অতি উপকাৰী। দৈনিক এটা আপেল খালী পেটত খোৱাটো অতি পুৰণি উপদেশ। এই উপদেশ ঘৰৰ বয়োজ্যেষ্ঠসকলে সদায় মানি আহিছে। আপেল খালে কি কি লাভ হয় জানো আহক-

আপেল ফাইবাৰৰ অতি উত্তম উৎস। ইয়াৰ উপৰিও ই সোনকালে হজম হয়। আপেলে আপোনাক কোষ্ঠকাঠিন্যৰ পৰা উপশম দিয়ে আৰু হজম শক্তি উন্নত কৰে।

উচ্চ কলেষ্টেৰল নিয়ন্ত্ৰণৰ বাবে আপেল অতি উত্তম। ই কলেষ্টেৰলৰ মাত্ৰা বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। অৰ্থাৎ ইয়াৰ দ্বাৰা যিকোনো হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

পুষ্টিকৰ উপাদান সমৃদ্ধ আপেলত কুইৰচেটিন আৰু ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে। যিয়ে ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়াত শৰীৰক বহুত সহায় কৰে। ইয়াৰ উপৰিও শৰীৰৰ পুৰণি ৰোগ নিৰাময় কৰে।

আপেলত ভিটামিন ডিও থাকে যি হাড়ৰ বাবে অতি উত্তম। আপেল খোৱাৰ পিছত হাড়বোৰ মজবুত হৈ পৰে।

আপেল খালে ডায়েবেটিছ নিয়ন্ত্ৰণত থাকে। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আৰু এন্টিঅক্সিডেন্ট থাকে। ডায়েবেটিছ ৰোগীৰ বাবে আপেল অতি উত্তম।

আপেলত পোৱা ভিটামিন চিয়ে শৰীৰত সুস্থ কলাজেনক প্ৰসাৰিত কৰে।


শতাধিক ৰোগৰ মহৌষধী ডালিমৰ বিষয়ে জানক…

গুণাগুণ –

১। ডালিম ৰক্ত বৃদ্ধিকাৰক । সেয়ে ৰক্তহীনতাত ভোগা সকলো ৰোগীৰ বাবে উত্তম পথ্য । যিকোনো ৰোগত শাৰিৰীক দুৰ্বলতা গুচাবলৈ ডালিম খুবেই উপকাৰী ।
২। ডালিমৰ ৰস বা জুচ উৎকৃষ্ট শীতল পানীয় । গৰমত ইয়াৰ ৰসে দেহ জুৰ পেলোৱাই নহয় ই শক্তি বৰ্ধক, স্মৃতি শক্তি তথা হিমোগ্লোবিন বৃদ্ধিকাৰক, বায়ু ,পিত্ত,কফ জনীত ৰোগ নাশক ।
৩। ডালিমে পাচন ক্ৰিয়া মজবুত কৰে।
পেটৰ যিকোনো ৰোগ – অৰুচি,অজীৰ্ন,আমাশয়, অতিসাৰ ,হাগনি , তেজহাগনি , গেছ বা অম্লতা(acidity) পিত্তৰোগ , অৰ্শ(pilse), ভগন্দৰ আদিৰ বাবে ডালিমৰ ৰস, বীজ পাত,কলি, চাল আদি সকলো অংশই মহৌষধী ।

৪। পেটৰ কৃমি নাশ কৰাৰ বাবে ডালিম ফল , ফলৰ বাকলি , পাত,কলি, গাগছ বা শিপাৰ চাল ,, আদি সকলো অংশই মহৌষধ ।


৫। যকৃত(liver) , হৃদপিন্ড(heart) বৃক্ক(kidney) আদিৰ সুৰক্ষাৰ বাবে ডালিম উত্তম ফল ।
৬। সৰু বা ডাঙৰ লৰাছোৱালীৰ নাকেৰে তেজ যোৱা ৰোগ হলে ডালিমৰ এটা ৰঙা কলি (অভাৱত ডালিমৰ ৰস) আৰু কিছু দুবৰিবনৰ ৰস উলিয়াই কাপোৰেৰে চেকি নাকত দিব আৰু ১০টা পাত থেতেলাই গৰমপানী মিহলাই দিনটোত ২বাৰ খুৱাব। নিয়মিত ডালিম ফলৰ ৰস খুৱাব। গৰমৰ বাবে তেজ ওলালে উক্ত দিহাৰ উপৰি ডালিমৰ পাত বা ডালিমৰ বাকলি আৰু দুবৰি থেতেলাই তালুত লেপ দিব । সঘনাই তেজ গলে ৫০ -১০০মি:লি: ডালিমৰ ৰসত কিছু দুবৰিৰ ৰস, নাৰ্জীফুলৰ পাত আৰু ধনিয়া পাতৰ ৰস একেলগে মিহলাই দিনে দুবাৰ খুৱাব।
৭।গৰ্ভৱতী মহিলা আৰু গৰ্ভস্থ সন্তানৰ স্বাস্থ্য সুৰক্ষাৰ বাবে ডালিম অতিকে সুষম ফলাহাৰ ।
৯। মহিলাৰ অধিক ঋতুস্ৰাৱ সমস্যাত উপকাৰী ।
১০। পুৰুষ মহিলাৰ যৌন দুৰ্বলতাৰ বাবে নিয়মিত এটাকৈ ডালিম সেৱন অতি ফলপ্ৰদ ।
১১। স্বপ্নদোষ বা ধাতুদুৰ্বলতাৰ সমস্যাত ডালিম খোৱাৰ লগতে বাকলিৰ শুকান চুৰ্ন এচামুচ এগিলাচ ঠাণ্ডা পানীৰে শোৱাৰ আগতে খাব ।
১২। শৰীৰত বগাদাগ পৰিলে ডালিম খাব আৰু ৰস + লাল চন্দন লেপ দিব ।
১৩। ঘা,ফোহোৰা,পোৰা ঘা, খজুৱতি আদিত ডালিমৰ পাত বতি লেপ লগাব ।


১৪। মুৰ বিষ ,আধকপালি বিষ,মাইগ্ৰেন পেইন , উচ্চ ৰক্তচ্চাপৰ বাবে হোৱা মুৰৰ বিষ আদিত ডালিমৰ চাল থেতেলাই মুৰত লেপ দিব । নাইবা ডালিম ফুল,আমৰ বেৰী থেতেলাই নাকেৰে শুঙিব পাৰে । ডালিম ফলে উচ্চ ৰক্তচাপ কৰায়।
১৫। চুলি সৰা বন্ধ কৰিবলৈ ডালিমৰ পাত ২৫ গ্ৰাম ১০০ মিলি: সৰিয়হ তেলত ভাজি সেই তেল কিছুদিন মুৰত লগাব ।
১৬। দাঁতেৰে তেজ ওলোৱা , পায়েৰীয়া বা দাঁতৰ অন্যান্য সমস্যাত ডালিমৰ কলি শুকান গুড়িৰে দিনত ৩বাৰ মঞ্জন কৰিব ।
১৭। মুখৰ দুগন্ধ গুচাবলৈ ডালিমৰ বাকলি বা পাত সিজোৱা পানীৰে কুলকুলিয়াব আৰু দিনে দুবাৰ সেই পানী এঢোককৈ খাব ।
১৮। বাৰে বাৰে প্ৰস্ৰাৱ কৰা (বহুমূত্ৰ) ৰোগত বাকলিৰ এক চামুচ চুৰ্ণ পানীত মিহলাই দিনে
তিনি বাৰ খাব ।
১৯ । চকুৰ বিষ আৰু ৰাতি নেদেখা (কুকুৰিকণা) ৰোগীয়ে ডালিম খোৱাৰ উপৰি ডালিমৰ পাত থেতেলি চকুৰ পতাৰ ওপৰত পাতল কাপোৰ দি লেপ দিলে উপসম হয়।
২০। কানেৰে কম শুনা ব্যক্তিয়ে ডালিমৰ ৰস+ বেলপাতৰ ৰস+ ঘি+মিচিৰি মিহলাই দিনে ২বাৰ খালে শ্ৰবন শক্তি বৃদ্ধি হয় ।
ইয়াৰোপৰি হিষ্টিৰীয়া, মৃগী ,ৰক্ত বিকাৰ,মুৰ্চাৰোগ, টায়েফয়েড, ৰক্ত বমন , মেদ বহুলতা, হাড়ৰ বিষ ,গাথি বিষ আদি নানাবিধ ৰোগৰ উপৰি ৰোগজনীত শাৰিৰীক দুৰ্বলতাৰ বাবে ডালিম উত্তম ফল ।

লেখক : যতীন দাস

শিৱসাগৰত সংকল্পিত মহা পাল নাম শুভাৰম্ভ


ওঁ নমো ভগৱতে বাসুদেৱায় !! জয় গুৰু শংকৰ , এই অমৃত বাক্য ফাকিৰে মঙলবাৰৰ পৰা শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত সংকল্গিত মহা পাল নাম অনুষ্ঠিত কৰা হৈছে।

সদৌ অসম কৃষ্ণ সূয্য নাম সমাজৰ সৈাজন্যত অসমবাসী ৰাইজৰ সহযোগত আৰু শিৱসাগৰ বাসীৰ আতিথ্যত অনুষ্ঠিত হোৱা মহা পালনামৰত শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱে আৰু আই মাতৃ সকলে নামেৰে শিৱসাগৰ নগৰৰ আকাশ বতাহ ভক্তিময় কৰি তোলে ।

ঘোলাঘাট ,ডিব্ৰুগৰ , মৰাণ আদি ঠাইৰ পৰাও ভক্তি প্ৰাণ ৰাইজৰ আগমন ঘটে ।ৰন্ধন শালত মাজুলী আৰু টীয়কৰ ভক্ত প্লাণ ৰাইজে সেৱা আগবঢ়াই ।

-সমুদ্ৰ জিৎ গগৈ, শিৱসাগৰ ।

ৰে’ল ষ্টেচনত অঘটন! চলন্ত ৰে’ল ইঞ্জিনৰ আগত পৰিল যুৱক…

নাজিৰা ৰে’ল ষ্টেচনত অঘটন।

সোমবাৰে নিশা লাইন পৰিভ্ৰমণ কৰা চলন্ত ৰে’ল ইঞ্জিনৰ আগত পৰিল যুৱক!

শিমলুগুৰি ৰে’ল জংচনৰ সমীপতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়!

যুৱকজনৰ নাম লাঠু আলী (২৬)!

শিমলুগুৰি ৰে’ল আৰক্ষীৰ তৎপৰতাত যুৱকজনৰখত মৃতদেহটো উদ্ধাৰ।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত ক্ষণত যুৱকজন সুৰাসক্ত হৈ ৰে’ল লাইনৰ কাষত অনাই বনাই ঘূৰি ফুৰাৰ অভিযোগ উঠিছে যদিও ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে!