লক্ষ্মী-পূজা হিন্দু ধৰ্মাৱলম্বীসকলে পালন কৰা দেৱী লক্ষ্মীৰ প্ৰতি উছৰ্গিত পূজা। হিন্দু দিনপঞ্জী বিক্ৰম সংগবতৰ মতে কাৰ্তিক মাহৰ অমাৱস্যা তিথিত লক্ষ্মীপূজা অনুষ্ঠিত কৰা হয়। পূব ভাৰতৰ পশ্চিম বংগ, অসম, ওড়িশা, ত্ৰিপুৰা আদি অঞ্চলত প্ৰচলিত স্থানীয় দিনপঞ্জীমতে পাৰম্পৰিকভাৱে শাৰদ পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণমা তিথিত লক্ষ্মীপূজা পালন কৰে। কাৰ্তিক মাহত অনুষ্ঠিত লক্ষ্মীপূজা দেৱালীৰ তৃতীয়দিনা উদ্যাপিত হয়। ইয়াক দিপাৱলীৰ মুখ্য অনুষ্ঠান হিচাপেও গণ্য কৰা হয়। এইদিনা পূব ভাৰতৰ অঞ্চলসমূহত কালীপূজা অনুষ্ঠিত হয়।
শৰীৰৰ অন্যান্য অংশৰ ছালৰ তুলনাত ওঁঠৰ ছাল পাতল হয়। ওঁঠৰ একাধিক ছালৰ তৰপ নথকা হেতুকে শীতকালত বিশেষ যতন ৰখা দৰকাৰ।
শীতকাল আৰু ভৰিৰ গেৰুৱা ফটা এটা মুদ্রাৰ যেন ইপিঠি-সিপিঠি। শীতকালত প্রায় সকলোৰে ভৰিৰ গেৰুৱা ফটা দেখা যায়। কিছুমানৰ গেৰুৱা ইমান বেয়াকৈ ফাটে যে তেওঁলোকে গেৰুৱা লুকুৱাবলৈ চেষ্টা কৰিও বিফল হয়। যাৰ বাবে বহুতকে হীনমান্যতাত ভোগাও দেখা যায়। কিন্তু আমি যদি সাধাৰণ ঘৰুৱা যতন অলপ লওঁ, তেন্তে ভৰিৰ গেৰুৱা ফটা সমস্যাৰ পৰা হাত সাৰিব পাৰো।