Home Blog Page 1289

‘হনুমান’ৰ চৰিত্ৰত অভিনয় কৰিবলৈ ৪৫ কোটি টকা লৈছে চানী দেউলে…

নীতিশ তিৱাৰীৰ ছবি ৰামায়ণত হনুমানৰ চৰিত্ৰত অভিনয় কৰিছে ছানী দেওলে। এই পৌৰাণিক ছবিখনত গাদাৰ ২ৰ অভিনেতাগৰাকীয়ে বিপুল পৰিমাণৰ মাচুল সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে। তিনি দশকৰো অধিক সময় ধৰি বলীউডত থকা অভিনেতাগৰাকীয়ে এই সময়ছোৱাত বহু ছবি আগবঢ়াইছে। বৰ্তমান ছানীয়ে তেওঁৰ ছবি ‘গাদাৰ ২’ৰ জৰিয়তে বহু সফলতা লাভ কৰিছে। এই ছবিখন তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হৈছে। শীঘ্ৰে নীতিশ তিৱাৰীৰ বহু প্ৰত্যাশিত ছবি ৰামায়ণত ৰণবীৰ কাপুৰৰ সৈতে দেখা যাব ছানী দেওলক। এই সকলোবোৰৰ মাজতে এতিয়া এটা নতুন খবৰ ওলাইছে যে পৌৰাণিক ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ছানীয়ে বিপুল পৰিমাণৰ ধন লৈছে।

নিতেশ তিৱাৰীৰ ছবি ৰামায়ণত ‘হনুমান’ৰ চৰিত্ৰত অভিনয় কৰিছে ছানী দেওলে। হনুমানৰ চৰিত্ৰত অভিনয় কৰিবলৈ ছানী দেউলে ৪৫ কোটি টকা মাচুল হিচাপে লৈছে। খবৰ অনুসৰি ৰামায়ণৰ বাবে শ্বুটিঙৰ মাজত ছানীয়ে কোনো প্ৰজেক্ট ল’ব নিবিচাৰে কাৰণ তেওঁ নিজৰ মনোযোগ স্থানান্তৰ কৰিব নিবিচাৰে। ভগৱান হনুমানৰ চৰিত্ৰ পৰ্দাত অভিনয় কৰাটো এটা ডাঙৰ দায়িত্ব আৰু ছানীয়ে ৰামায়ণৰ শ্বুটিঙৰ মাজত আন কোনো প্ৰজেক্ট গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে। তেওঁ সম্পূৰ্ণৰূপে নিজৰ ফালৰ পৰা মনোনিৱেশ কৰিব বিচাৰে।

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত ৰাইজৰ দলে অসমৰ কোনো এটা সমষ্টিতেই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পৰা বিৰত থাকিব…

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত ৰাইজৰ দলে অসমৰ কোনো এটা সমষ্টিতেই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পৰা বিৰত থাকিব। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সামাজিক মাধ্যমত এটা পোষ্ট, পোষ্টটোত তেওঁ কৈছে –

“২৬ অক্টোবৰ, ২০২৩ তাৰিখে গুৱাহাটীৰ হোটেল লিলিত অনুষ্ঠিত হোৱা ১২ টা বিৰোধী ৰাজনৈতিক দলৰ বৈঠকত ৰাইজৰ দলে আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ দৌৰৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত আনুষ্ঠানিকভাৱে অৱগত কৰি বিৰোধী ঐক্যমণ্চৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত কৰিবলৈ সৰ্বতোপ্ৰকাৰে জঁপিয়াই পৰাৰ বাবে প্ৰস্তাৱ দিয়ে। আমি জানো দলৰ কৰ্ণধাৰ সমিতিৰ এই ঐতিহাসিক সিদ্ধান্তত দলক আৱেগিকভাৱে ভাল পোৱা কৰ্মীসকলে মুঠেও ভাল নাপাব। সকলো দলৰ কৰ্মীয়ে নিজৰ দলৰ প্ৰাৰ্থিত্ব বিচাৰে। কিন্তু বিজেপিক পৰাভূত কৰাৰ ঐতিহাসিক প্ৰয়োজনত দলে এনে চৰম ত্যাগৰ সিদ্ধান্ত লৈছে।আশাকৰো দলৰ সন্মানীয় কৰ্মীসকলে বিষয়টো অনুধাৱন কৰিব পাৰিব।

আজিৰ সভাত ঐক্যৱদ্ধ বিৰোধী দলৰ নিৰ্বাচনী প্ৰস্তুতিত বিলম্ব হোৱা বাবে আমি উদ্বেগ প্ৰকাশ কৰি চাৰিটা পৰামৰ্শ আগবঢ়াও—-

১) অচিৰেই সচিবালয় স্থাপন কৰি এটা ঠাইৰ পৰা নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰা।

২) ন্যূনতম উমৈহতীয়া কাৰ্যসূচী তৈয়াৰ কৰা।

৩) যথাসম্ভৱ শীঘ্ৰে প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰা।

৪) পৃথক পৃথককৈ নহয়, সকলো দলে একেলগে প্ৰচাৰ অভিযান আৰম্ভ কৰা।

তলত দলৰ ঐতিহাসিক প্ৰস্তাৱটো উদ্ধৃত কৰা হ’ল:

ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিৰ প্ৰস্তাৱ:

আজি ইংৰাজী ২৫ অক্টোবৰ ২০২৩ তাৰিখে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত সভাপতি অখিল গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা দলৰ কৰ্ণধাৰ সমিতিৰ বৈঠকে অসমৰ ১২ দলীয় বিৰোধী ৰাজনৈতিক ঐক্যমঞ্চৰ বিষয়টো পুংখানুপুংখ আৰু গভীৰভাৱে আলোচনা কৰি নিম্নলিখিত প্ৰস্তাৱটি দলৰ কাৰ্যনিৰ্বাহক, সাধাৰণ পৰিষদ আৰু ১২ দলীয় বিৰোধী ৰাজনৈতিক ঐক্যমঞ্চলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

“২০২৪ চনৰ সাধাৰণ নিৰ্বাচনটো দেশৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ জটিল আৰু স্পৰ্শকাতৰ নিৰ্বাচন। এই নিৰ্বাচনে আমাৰ দেশৰ গণতন্ত্ৰ, দেশৰ সংবিধান, দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আৰু দেশৰ সম্পদ তথা বজাৰৰ অধিকাৰ দেশবাসীৰ হৈ থাকিবনে নাই এই মৌলিক বিষয় সমূহ নিৰ্ণয় কৰিব। ২০২৪ চনৰ এই সাধাৰণ নিৰ্বাচনত বিজেপি দল পুনৰবাৰ ক্ষমতাসীন হ’লে আমাৰ দেশখন একনায়কত্ববাদী আৰু ধৰ্মীয় মৌলবাদী ৰাষ্ট্ৰলৈ পৰ্যৱসিত হোৱাৰ প্ৰবল আশংকা থাকিব। এনেস্থলত সকলো গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু দেশৰ বিচিত্ৰতাৰ মাজত ঐক্যত বিশ্বাসী ৰাজনৈতিক দলে আগন্তুক ২০২৪ চনৰ নিৰ্বাচনটোক সৰ্বোচ্চ ত্যাগ কৰি হ’লেও বিজেপি নেতৃত্বাধীন চৰকাৰখনক ক্ষমতাচ্যুত কৰাটো সময়ৰ আহ্বান বুলি গণ্য কৰিব লাগিব। সেয়েহে আজি ২৫ অক্টোবৰ ২০২৩ তাৰিখে ৰাইজৰ দলৰ কৰ্ণধাৰ সভাই সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে যে আগন্তুক ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত ৰাইজৰ দলে অসমৰ কোনো এটা সমষ্টিতেই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পৰা বিৰত থাকি অসমৰ ১৪খন লোকসভা আসনত প্ৰতিদ্বন্দিতা আগবঢ়াব লগীয়া বিৰোধী ঐক্যৰ প্ৰাৰ্থীৰ বিজয় সু-নিশ্চিত কৰিবলৈ সৰ্বতোপ্ৰকাৰে জঁপিয়াই পৰিব। ৰাইজৰ দলৰ এই সিদ্ধান্তই অসমৰ বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহক দলীয় স্বাৰ্থৰ উৰ্দ্ধত গৈ ঐক্যৱদ্ধভাৱে দেশ, জাতি আৰু জনগণৰ হকে সৰ্বোচ্চ ত্যাগৰ বাবে উদ্বুদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে।”

ড্ৰাগছ ব্যৱসায়ীৰ ন ন কৌশল, ড্ৰাগছ ব্যৱসায়ত নমাইছে একাংশ কিশোৰক…

লাহৰীঘাটত ড্ৰাগছ ব্যৱসায়ীৰ ন ন কৌশল অৱলম্বন।ড্ৰাগছ ব্যৱসায়ত নমাইছে একাংশ শিশু-কিশোৰক।

লাহৰীঘাট বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বাইক সহ এজন কিশোৰ আটক।

লাহৰীঘাটৰ বৰবৰিত বৃহস্পতিবাৰে নিশা লাহৰীঘাট থানৰ আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ ভৰ্তি ৩৬ কণ্টেইনা,নগদ ৪,৩১০ টকা আৰু AS 21 L 5396 নম্বৰৰ এখন বাইক জব্দ।

আৰক্ষীৰ উমান পাই পলায়ন কিশোৰৰ দ্বাৰা ড্ৰাগছ সৰবৰাহকাৰী দুধৰ্ষ ড্ৰাগছ ব্যৱসায়ী আবজাৰুল।

ধেমাজি জিলাৰ মধ্য চিচিটঙানীত ভয়ংকৰ অঘটন !বাঁহৰ দলঙ ভাঙি গুৰুতৰভাৱে আহত স্কুলীয়া ছাত্ৰ-ছাত্ৰী…

ধেমাজি জিলাৰ জোনাই বিধান সভা সমষ্টিৰ অন্তৰ্গত  মধ্য চিচিটঙানীৰ চহবাৰীত এখন জৰাজীৰ্ণ বাহৰ দলং ভাঙি গুৰুত্বভাৱে আহত হৈছে কেবাগৰাকী স্কুলীয়া  ছাত্ৰ – ছাত্ৰী। দুৰ্ঘটনাত কুৰি গৰাকী ছাত্ৰ – ছাত্ৰী আহত হয় যদিও ইয়াৰে গুৰুতৰভাৱে আহত ৫  গৰাকী ছাত্ৰ – ছাত্ৰীক তাৎক্ষণিকভাৱে চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে  ৷ জানিব পৰা মতে অঞ্চলৰ চহবাৰী টঙানি নৈৰ ওপৰত এখন উপযুক্ত পকী দলঙ নথকাৰ বাবে ৰাইজে নিজৰ গাঁথিৰ ধন ভাঙি বাঁহৰ দলং নিৰ্মাণ কৰিছিল যদিও আজি পুৱাই বিদ্যালয়লৈ অহা কণ কণ ছাত্ৰ-ছাত্ৰী সকলে দলঙৰ ওপৰেদি  পাৰ হোৱাৰ সময়তে হঠাৎ জৰাজীৰ্ণ দলঙখন ভাঙি পৰাত কেবাগৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰী আঘাতপ্ৰাপ্ত হয়

আৰু তাৰে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মীনা পেগু,(১৪),মনালিছা পেগু(১৪),মপী পেগু(১৩),কৃৰ্তিনাথ কুলি(১৩),গমোদ পেগু(১৩)ক ততাতৈয়াকৈ চিলাপথাৰ আদৰ্শ চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে। ভাৰতবৰ্ষৰই স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ অতিক্ৰম কৰিছে যদিও টঙানি নদীৰ ওপৰত এখন পকী দলঙ নিৰ্মাণ নোহোৱাৰ ফলত যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগি আহিছে ভূক্তভোগী ৰাইজে।

চৰকাৰ প্ৰশাসন, জনপ্ৰতিনিধিৰ চূড়ান্ত অকৰ্মন্যতা আৰু অৱহেলাৰ ফলত আজি এই ভয়ংকৰ অঘটন সংঘটিত হোৱা বুলি সচেতন মহলে দাবী কৰে। বিভিন্ন সময়ত বিজেপি চৰকাৰৰ জনপ্ৰতিনিধি সকলে উন্নয়নৰ জয়ধ্বনি দি আহিছে যদিও বৰ্তমান সময়ত ৰাজ্যৰ গ্ৰাম্য অঞ্চলত কিমান পৰ্যায়ত উন্নয়ন হৈছে সেয়া আজিৰ এই ঘটনাই স্পষ্ট দেখা দিছে। উন্নয়নৰ ফোঁপোলা ঢাকঢোল বজাই অহা বিজেপি চৰকাৰ তথা স্হানীয় জনপ্ৰতিনিধি সকলক ৰাইজে আহ্বান জনাইছে যে আজিৰ ঘটনা দ্বিতীয়বাৰ যাতে তেনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰে বাবে  চহবাৰীৰ টঙানি নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ কৰিবলৈ ৰাইজে দাবী জনাইছে।

ফটো দিছো

শম্ভু দাস চিলাপথাৰ

ৰোগ প্ৰতিৰোধ ক্ষমতাৰ স্বাৰ্থত আদা বেছিকৈ নাখাব, হ’ব পাৰে পাঁচটা অসুবিধা…

আদাঃ আদা আমাৰ পাকঘৰৰ এক গুৰুত্বপূৰ্ণ অংশ, ইয়াৰ জৰিয়তে খাদ্যৰ সোৱাদ ভাল হয়। আদা আয়ুৰ্বেদিক ঔষধতকৈ কম নহয়, ইয়াৰ সহায়ত বহু ধৰণৰ ৰোগৰ পৰা সকাহ পাব পাৰি। কাৰণ ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ শক্তি আছে। আপুনি নিশ্চয় প্ৰায়ে লক্ষ্য কৰিছে যে চৰ্দি, কাহৰ পৰা সকাহ পাবলৈ মানুহে আদাৰ চাহ খায়। যদি আপুনি অতিমাত্ৰা আদা খায় তেন্তে আপুনি বহু ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

আদা বেছিকৈ খোৱাৰ অসুবিধা-

অতিৰিক্ত আদা সেৱন কৰিলে পেটৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে, গেছ, ডায়েৰিয়া আদিও হ’ব পাৰে। আদাৰ টেঙা প্ৰকৃতিয়ে গেষ্ট্ৰাইটিছৰ ক্ষতি কৰিব পাৰে।


আদাত তেজ পাতল কৰা গুণ থকা যৌগ থাকে। ইয়াক অত্যধিক পৰিমাণে সেৱন কৰিলে ৰক্তক্ষৰণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। ইতিমধ্যে তেজ পাতল কৰা ঔষধ গ্ৰহণ কৰা লোকৰ বাবে আদা খোৱাটো ভাল নহয়।

অতিমাত্ৰা আদা খোৱা লোকসকলে নিম্ন ৰক্তচাপত ভুগিব পাৰে, ইয়াৰ ফলত ব্যক্তিজন দুৰ্বল হৈ পৰে আৰু মূৰ্চ্ছা যোৱা বা মূৰ ঘূৰোৱা হ’ব পাৰে।

বহু লোক আদাৰ প্ৰতি সংবেদনশীল আৰু ইয়াৰ পৰিমাণ বেছিকৈ খালে ছালৰ ফোহা, খজুৱতি, উশাহ-নিশাহ লোৱাত অসুবিধা আদি এলাৰ্জিৰ প্ৰতিক্ৰিয়া হ’ব পাৰে।

মাজুলী মহাবিদ্যালয়লৈ প্ৰাক্তন অধ্যাপক অনিল চন্দ্ৰ হাজৰিকাৰ পঞ্চাশ হাজাৰ টকাৰ অনুদান…

মাজুলী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অনিল চন্দ্ৰ হাজৰিকাই মহাবিদ্যালয়খনিলৈ আগবঢ়াইছে পঞ্চাশ হাজাৰ টকাৰ আৰ্থিক অনুদান। নদীদ্বীপ মাজুলীৰ উচ্চ শিক্ষাৰ প্ৰথমটি অনুষ্ঠান হিচাপে মহাবিদ্যালখনে বিগত সাতটা বছৰে  ৰূপায়ণ কৰি অহা ‘গ্ৰন্থদান মহান দান’ নামৰ ব্যতিক্ৰমী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কালি মহাবিদ্যালয়খনৰ প্ৰাক্তন অৱসৰী অধ্যাপক, বৰ্তমান তিনিচুকীয়াৰ পৰ্বতীয়া নিবাসী বিশিষ্ট শিক্ষাবিদ অনিল চন্দ্ৰ হাজৰিকাই মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, গণিত বিভাগৰ মুৰব্বী বসন্ত বৰা, সহধৰ্মিণী তথা তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ মণিকা দাস হাজৰিকাৰ উপস্থিতিত অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ হাতত নিজৰ পেঞ্চনৰ সঞ্চিত পুঁজিৰ পৰা নগদ পঞ্চাশ হাজাৰ টকাৰ এখন চেক আগবঢ়ায়।

বিগত সময়ছোৱাত মহাবিদ্যালয়খনিয়ে সম্পন্ন কৰি অহা গ্ৰন্থ দান কাৰ্যসূচীত আন্তৰিকতাৰে ভাগ লৈ অনিল চন্দ্ৰ হাজৰিকাই আগ বঢ়োৱা দান গ্ৰহণৰ লগতে তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ উদ্দেশ্যে আজি বিয়লি ১ বজাৰ পৰা মহাবিদ্যালয়ৰ কাৰ্কচন্দ্ৰ দলে কক্ষত অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ সভাপতিত্বত এখন বিশেষ সভাৰ আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক প্ৰদীপ চন্দ্ৰ দাসে আঁত ধৰা সভাত অধ্যক্ষ ডঃ শইকীয়াই প্ৰাক্তন অধ্যাপকগৰাকীয়ে প্ৰদৰ্শন কৰা মহানুভৱতাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে আৰু অনাগত সময়তো মহাবিদ্যালয়খনিৰ উত্তৰণত তেওঁলোকে সৰ্বতোপ্ৰকাৰৰ সহযোগিতা আগবঢ়াব বুলি আশা কৰে। লগতে তেওঁৰ দানৰ অৰ্থেৰে ক্ৰয় কৰা বহুমূলীয়া গ্ৰন্থৰাজিয়ে মাজুলীৰ দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ উপকাৰ সাধন কৰিব বুলি মন্তব্য কৰে। সভাত মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া,

অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ডঃ দেৱজ্যোতি ভট্টাচাৰ্য, শিক্ষক গোটৰ সভাপতি ডঃ ৰাজেন চন্দ্ৰ বৰা, সম্পাদক তুলসী ৰাজখোৱা, জ্যেষ্ঠ অধ্যাপক অজয় প্ৰসাদ সিংহ, মায়াশ্ৰী ডেকা হাজৰিকা, গীতাৰাণী গোস্বামী, বিপুল ৰাজখোৱা, অপূৰ্বজ্যোতি হাজৰিকা, ডঃ ৰূপজ্যোতি বৰা, ডঃ দুলাল হাজৰিকা, বসন্ত বৰা, প্ৰণীতা ৰাজখোৱা, সুৰেন চন্দ্ৰ দাস, ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ মাজুলী মহাবিদ্যালয়ৰ সমন্বয়ক অধ্যাপক দেৱজ্যোতি খাটনিয়াৰ, ডঃ প্ৰফুল্ল বৰা, প্ৰণৱজ্যোতি বৰা, দীনেশ পেগু, বিজয় টিমুং, কৰ্মচাৰী গোটৰ সভাপতি পদ্মধৰ বৰুৱা, উৎপল বৰুৱা, দেৱজিৎ বৰুৱা প্ৰমুখ্যে ব্যক্তিসকল উপস্থিত থাকি গ্ৰন্থদাতাৰ এনে মহান পদক্ষেপক বিশেষভাৱে প্ৰশংসা কৰে। দাতা অনিল চন্দ্ৰ হাজৰিকাই তেওঁৰ জীৱনৰ বাট প্ৰশস্ত কৰা শিক্ষানুষ্ঠানটিলৈ যৎকিঞ্চিত অনুদান আগবঢ়াই ধন্য হোৱা কোৱাৰ লগতে তেওঁৰ দানেৰে পিতামহ সোমেশ্বৰ হাজৰিকা আৰু মাতামহ মাণিকী হাজৰিকাৰ সোঁৱৰণত ধৰ্মগ্ৰন্থ সংগ্ৰহ কৰিবলৈ মহাবিদ্যালয় পৰিয়ালক অনুৰোধ কৰে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ পৰীক্ষাৰ সময়সূচীক লৈ অসন্তুষ্ট মাজুলী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ পৰীক্ষাৰ সময়সূচীক লৈ অসন্তুষ্ট মাজুলী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতি । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা পৰিষদে শেহতীয়াকৈ প্ৰকাশ কৰা স্নাতক মহলাৰ প্ৰথম, তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ পৰীক্ষাসূচীক লৈ তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছে মাজুলী জিলা ছাত্র মুক্তি সংগ্রাম সমিতিয়ে। বিশেষকৈ এই পৰীক্ষা সূচীয়ে মাজুলীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত সমস্যাৰ সৃষ্টি কৰিছে । ইতিপূর্বে ২৮ আৰু ২৯ নৱেম্বৰত বিশ্ববিদ্যালয়খনে মেজৰ, নন অনাৰ্চ আৰু ডি এছ ই বিষয়ৰ গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়সূচী প্রকাশ কৰিছে। সেই দুয়োটা দিনতেই মাজুলীৰ আকাশ বতাহ পৱিত্ৰ ৰাসোৎসৱৰ উন্মাদনাত বিলীন হ’ব। তেনে পৰিৱেশত ছাত্র ছাত্রী সকলে পৰীক্ষাত বহাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হ’ব।

তাৰোপৰি মাজুলীৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰাণৰ উৎসৱ ৰাসোৎসৱৰ সময়ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ বাবে অসন্তুষ্টি প্রকাশ কৰি তীব্র প্রতিক্রিয়া প্ৰকাশ কৰিছে মাজুলীৰ ছাত্ৰ ছাত্ৰী সকলে। বিশ্ববিদ্যালয়খনে আন উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত যিদৰে সমস্যাৰ সৃষ্টি নোহোৱাকৈ ব্যৱধান অনুসৰি পৰীক্ষাৰ সময়সূচী তৈয়াৰ কৰিছে, ঠিক তেনেদৰে মাজুলীৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ কথা চিন্তা কৰি এই পৰীক্ষা সূচী তৈয়াৰ কৰিবলৈ আহ্বান জনাইছে। তদুপৰি মাজুলীৰ প্ৰায় কেইখন মহাবিদ্যালয়ৰ ওচৰে পাজৰে ৰাস মঞ্চ অথবা সত্রানুষ্ঠান আছে।

উক্ত দুয়োটা দিনতেই ৰাসোৎসৱৰ উন্মাদনাত দেশী বিদেশী পর্যটক, স্থানীয় ৰাইজৰ সমাগম, আৰু উচ্চ প্রাবল্যৰ শব্দ যন্ত্ৰৰ সমাহাৰৰ মাজত ছাত্ৰ ছাত্ৰীয়ে কিদৰে পৰীক্ষাত মনোনিৱেশ কৰিব তাক লৈ এতিয়া সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনেধৰণে কোনোধৰণৰ পৰিকল্পনা নোহোৱাকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰণ ব’ৰ্ডে দিয়া পৰীক্ষাৰ সময়সূচীয়ে এতিয়া ছাত্ৰ ছাত্ৰী সকলৰ মনত যথেষ্ট প্ৰভাৱ পেলাইছে। মাজুলীবাসীৰ আৱেগৰ উৎসৱ ৰাস মহোৎসৱত পূৰ্বৰে পৰাই জিলা প্ৰশাসনে এটা অতিৰিক্ত দিন স্থানীয় বন্ধ হিচাপে ঘোষণা কৰি আহিছে। তেনে স্থলত বিশ্ববিদ্যালয়খনে পৰীক্ষা অনুষ্ঠিত কৰি সমগ্ৰ মাজুলীৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক লৈ একপ্ৰকাৰ হেতালি খেলা পৰিলক্ষিত হৈছে। এই সমগ্ৰ বিষয়টো মাজুলী জিলা ছাত্র মুক্তি সংগ্রাম সমিতিয়ে বিবেচনা কৰি চাবলৈ বিশ্ববিদ্যালয় খনলৈ আহ্বান জনাইছে।

জম্মু-কাশ্মীৰত ভাৰত-পাক LoCত গুলীচালনাৰ ঘটনা…

বৃহস্পতিবাৰে জম্মু-কাশ্মীৰত ভাৰত-পাক LoCত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল।

নিশা প্ৰায় ৮ বজাত সীমান্ত সুৰক্ষা বাহিনীৰ ভাৰতীয় চকীত পাকিস্তানী সৈন্যই গুলীচালনা কৰিছিল।

আৰ্নিয়া ছেক্টৰ BSF কেম্পলৈ লক্ষ্য কৰি গুলীচালনা।

গুলীচালনাত আহত সেনাৰ দুই জোৱানসহ ৫জন লোক।

ক্ষতি হয় বহু কেইটা বাসগৃহ।

বহুকেইজন সাধাৰণ নাগৰিকো আঘাতপ্ৰাপ্ত।

ভাৰতীয় সৈন্যই পাকিস্তানৰ পৰা হোৱা গুলীচালনাপ যথাযথ প্ৰত্যুত্তৰ দিয়ে বুলি বি এছ এফৰ বিষয়াসকলে জনায়।

পশ্চিম বংগৰ মন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকক গ্ৰেপ্তাৰ…

পশ্চিমবংগৰ বনমন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকক গ্ৰেপ্তাৰ EDৰ৷
২০ ঘণ্টীয়া জেৰাৰ অন্তত মল্লিকক গ্ৰেপ্তাৰ৷


আঁচনিৰ খাদ্য সামগ্ৰী বিতৰণ কেলেংকাৰিৰ অভিযোগত গ্ৰেপ্তাৰ৷
জ্যোতিপ্ৰিয় মল্লিক খাদ্যমন্ত্ৰী থকাৰ সময়ত হৈছিল এই কেলেংকাৰি৷

দাম হ’লেও কিনি খাব ড্ৰেগন ফ্ৰুট, আপোনাৰ স্বাস্থ্যই লাভ কৰিব বহু উপকাৰ…

স্বাস্থ্যৰ বাবে ড্ৰেগন ফ্ৰুট: যদি আপুনি আপোনাৰ স্বাস্থ্য ভালকৈ ৰাখিব বিচাৰে তেন্তে নিশ্চিতভাৱে ড্ৰেগন ফ্ৰুট খাব, এই ফল শৰীৰৰ বাবে বহু উপকাৰী আৰু অতি সোৱাদযুক্ত। ইয়াৰ বৈজ্ঞানিক নাম হিলোচেৰাছ উণ্ডাছ, যাক ভাৰতত ‘কমলাম’ বুলিও জনা যায়। এই ফল প্ৰধানকৈ লেটিন আমেৰিকাৰ দেশত উৎপাদিত হয় আৰু তাৰ পৰাই ড্ৰেগন ফ্ৰুট ভাৰতলৈও ৰপ্তানি কৰা হয়।


ড্ৰেগন ফ্ৰুট দুই প্ৰকাৰৰ, এটাত বগা পাল্প আৰু আনটো ৰঙা পাল্প। ইয়াত ফেনলিক এচিড, এন্টিঅক্সিডেন্ট, ফ্লেভন’ইড, এছক’ৰবিক এচিড আৰু আঁহ আদি পুষ্টিকৰ উপাদান পোৱা যায়। ‘কমলাম’ৰ ৩ টা উপকাৰৰ বিষয়ে জানক-

১/ ডায়েবেটিছত সহায়ক

যদি আপুনি ডায়েবেটিছ ৰোগী তেন্তে ড্ৰেগন ফ্ৰুট আপোনাৰ বাবে ঔষধতকৈ কম নহয়। ডায়েবেটিছৰ কোনো স্থায়ী নিৰাময় নাই যদিও ‘কমলাম’ খোৱাৰ ফলত তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে।

২/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব

কৰ’নাৰ যুগত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ওপৰত সদায় গুৰুত্ব দিয়া হয়। ড্ৰেগন ফ্ৰুটত এন্টিঅক্সিডেন্ট আৰু এন্টিভাইৰেল গুণ পোৱা যায় যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ ফলত সংক্ৰমণৰ সম্ভাৱনাও হ্ৰাস পায়।

৩/ চুলি সুস্থ হৈ থাকিব

ড্ৰেগন ফ্ৰুটত থকা পুষ্টিকৰ উপাদান চুলি আৰু ছালৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ‘কমলাম’ত থকা ফেটি এচিডে চুলিক সুস্থ কৰি ৰাখে।

৪) হজম শক্তি ভাল

ৰাসায়নিক যৌগ অলিগোচেকাৰাইডৰ প্ৰিবায়টিক উপাদান ড্ৰেগন ফ্ৰুটত পোৱা যায় যিয়ে অন্ত্ৰত সুস্থ বেক্টেৰিয়া সৃষ্টি কৰাত সহায় কৰে। এই হজম শক্তি ভাল হয়।

৫) দাঁত মজবুত কৰা
যদি আপোনাৰ দাঁত বিষ হৈছে বা দাঁত দুৰ্বল হৈ পৰিছে তেন্তে আপুনি Dragon Fruit গ্ৰহণ কৰিব লাগিব। ইয়াত কেলচিয়াম আৰু ফছফৰাছৰ দৰে গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান পোৱা যায় যিয়ে দাঁতক মজবুত কৰি তোলে।