Home Blog Page 1289

নিশা শ্ৰদ্ধাঞ্জলি উৰণসেতুত দুৰ্ঘটনা…

নিশা শ্ৰদ্ধাঞ্জলি উৰণসেতুত দুৰ্ঘটনা।

গীতানগৰ সংযোগী পইণ্টৰ অসমৰ মানচিত্ৰৰ স্মাৰকত খুন্দা মাৰে তীব্ৰবেগী বাহনে।

সুৰামত্ত অৱস্থাত আছিল বাহনখনৰ চালক।

ঘটনাস্থলীৰ পৰা সুৰামত্ত চালকজনক আটক।

দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ চালকজন হিমাচল প্ৰদেশৰ।

দুৰ্ঘটনাত আহত এগৰাকী গৃহৰক্ষী জোৱান।

ফটো তুলি থকা অৱস্থাত এগৰাকী পথাচাৰীও আঘাতপ্ৰাপ্ত।

দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি এশিঙীয়া গড়ৰ ৰম্যভূমি মায়ঙৰ পবিতৰা অভয়াৰণ্য…

আজি দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰে এশিঙীয়া গড়ৰ ৰম্যভূমি মায়ঙৰ পবিতৰা অভয়াৰন্য ৷ ফিতা কাটি মুকলি কৰিলে পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

বহু প্ৰতীক্ষাৰ অন্তত আজি মুকলি কৰে মায়ঙৰ পবিতৰা অভয়াৰণ্য।দেশী-বিদেশী পৰ্যটকৰ বাবে এই বৰ্ষত সাজু কৰি তোলা হৈছে ২৫ খন জীপ ছাফাৰী আৰু ৯ টাকৈ বিভাগীয় হাতী ছাফাৰী । এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰন্যত ফিতা কাটি হাতী ছাফাৰীৰ আমেজ লয় বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাই।

বহু প্ৰতীক্ষাৰ অন্তত আজি এক উখল-মাখল পৰিবেশৰ মাজতে মুকলি কৰে অভয়াৰন্যখন ৷ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সংগ দিয়ে জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকা,

মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ, বন বিভাগৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া আৰু জিলা প্ৰশাসনৰ লোকসকল ৷ আজিলৈকে পবিতৰা অভয়াৰণ্যত পয্যাটক সকলে স্থানীয় ৰাইজৰ পৰা কোনো অসুবিধা পোৱা নাই, আনকি মায়ঙৰ ৰাইজ অতিথি পৰায়ণ বুলি ভূয়সী প্ৰশংসা কৰে মাননীয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

কলডিলৰ পুষ্টিকাৰক আৰু ঔষধি গুণসমূহ জানক…

কলডিল যথেষ্ট পুষ্টিকাৰক আৰু ঔষধি গুণসম্পন্নও। ইয়াৰ এশ গ্ৰাম দ্ৰব্যত পোৱা মুখ্য উপাদানবোৰ এনে-

  • কাৰ্ব’হাইড্ৰেট ৫ গ্ৰাম,
  • প্ৰ’টিন ১.৫ গ্ৰাম,
  • খনিজ লৱণ ৫.৮ গ্ৰাম আৰু প্ৰচুৰ ফাইবাৰ।

খনিজ লৱণৰ সামান্য পৰিমাণে কেলছিয়াম, ছ’ডিয়াম, পটাছিয়াম আৰু আয়োডিনো পোৱা যায়। ইয়াত নিহিত হৈ থকা শক্তিৰ পৰিমাণ হৈছে ২৮ কেলৰি/১০০ গ্ৰাম। উল্লেখ্য যে কলডিলৰ প্ৰকাৰভেদে পুষ্টিগুণৰ পৰিমাণো ভিন্ন ভিন্ন হয়।

ঔষধি গুণ –

  • কলডিলৰ আঞ্জা খালে মানুহৰ তেজ পৰিষ্কাৰ হয়।
  • কলডিলৰ আঞ্জা মধুমেহ ৰোগীয়ে খালে তেজৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত হয়।
  • ই লৌহ পদাৰ্থৰ ভাল উৎস হোৱাত গৰ্ভৱতী মহিলা আৰু ৰক্তাল্পতাত ভোগা লোকৰ বাবে অতি উত্তম পথ্য।

  • ইয়াৰ প্ৰচুৰ পৰিমাণে(আঁহ) থকাৰ হেতুকে কোষ্ঠ-কাঠিন্যত ভোগা লোকৰ বাবে বৰ উপকাৰী।
  • ভীমকলৰ ডিল নিম্ন ৰক্তচাপত ভোগা ৰোগীৰ বাবে মহৌষধ বুলি কোৱা হয়। ইয়াৰ বিপৰীতে কিন্তু উচ্চ ৰক্তচাপত ভোগা লোকৰ বাবে ইয়াক অপথ্য বুলি কোৱা হয়।
  • পেটচলা অথবা গ্ৰহণীৰ সময়ত কলডিলৰ আঞ্জা খালে বেচ সুফল পোৱা যায়।
  • কলডিলৰ আঞ্জা কলাখাৰযুক্ত কৰি খালে এচিডিটী হ্ৰাস পায়।

লেখক: অৰ্পণ দত্ত

তামুলপুৰ জিলাৰ গোৰেশ্বৰ সমবায় সমিতিৰ অধীনস্থ ঔগুৰি গাৱত খাদ্য সুৰক্ষাৰ চাউলৰ নামত ব্যাপক অনিয়মৰ অভিযোগ…

তামুলপুৰ জিলাৰ গোৰেশ্বৰ সমবায় সমিতিৰ অধীনস্থ ঔগুৰি গাৱত খাদ্য সুৰক্ষাৰ চাউলৰ নামত ব্যাপক অনিয়মৰ অভিযোগ—-

সমবায় এজেণ্টে কাৰ্ডৰ নামত ধন সংগ্ৰহৰ অভিযোগ

তামুলপুৰ জিলাৰ ,গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোৰেশ্বৰ সমবায় সমিতিৰ অধীনস্থ ঔগুৰি গাৱৰ সমবায় এজেণ্ট জনৰ বিৰুদ্ধে বিভিন্ন অনিয়মৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ মতছ সমবায় এজেণ্ট দনৈক নবীউল্লা আলীয়ে বিভিন্ন সময়ত হিতাধীকাৰী সকলক সুলভ মূল্যৰ চাউলৰ পৰা বঞ্চিত কৰি আহিছে। আনকি নতুনকৈ সুলভ মূল্যৰ কাৰ্ড বনাই দিয়াৰ নামত হিতাধীকাৰী সকলৰ পৰা ১৫০০ৰ পৰা ৩,০০০ টকা পৰ্যন্ত দাবী কৰাৰো কভিযোগ উত্থাপন হৈছে।

আজি বাক্সা জিলা উত্তৰ পূৰ্বাঞ্চল সংখ্যা লঘু ছাত্ৰ সন্থা ৰ হাফিজুল ইছলামৰ নেতৃত্বত অহা এটি সজাতি দলে তামুলপুৰ জিলাৰ আয়ুক্ত আৰু মহকুমা অসামৰিক যোগান বিভাগৰ ওচৰত এই সম্পৰ্কে এখন স্মাৰক পত্ৰ প্ৰদান কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায় সংগঠনটোৱে।

তামুলপুৰৰ পৰা প্ৰসাদ দাস

মিছামাৰী আৰক্ষী থানাত স্কুলীয়া ছাত্ৰীৰ ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ দাবীত আছা-আটছাৰ তীব্ৰ প্ৰতিবাদ…

মিছামাৰী আৰক্ষীথানাত সাত বছৰীয়া স্কুলীয়া ছাত্ৰীৰ ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত আছা-আটছাৰ তীব্ৰ প্ৰতিবাদ

মিছামাৰীৰ কেন্দ্ৰীয় বিদ্যালয়ত কন্যা শিশু ধৰ্ষণ কৰা ধৰ্ষণকাৰীক কঠোৰ শাস্তিৰ প্ৰদানৰ দাবীত আজি মিছামাৰী আৰক্ষীথানাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তোলে৷উল্লেখ্য যে যোৱা ১২ অক্টোবৰত শোণিতপুৰৰ মিছামাৰীৰ কেন্দ্ৰীয় বিদ্যালয়ত সংঘটিত হোৱা কন্যা শিশুৰ ধৰ্ষণৰ ঘটনাৰ আজিও প্ৰতিক্ৰিয়া মাৰ যোৱা নাই।

মিছামাৰীৰ কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়নৰত এগৰাকী সাত বছৰীয়া কন্যা শিশুক এজন নৰপিশাচে দিন দুপৰতে বিদ্যালয়ৰ ভিতৰত ধৰ্ষণ কৰাৰ ঘটনাৰ বিৰুদ্ধে মিছামাৰীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে।আজি মিছামাৰী আৰক্ষী থানাৰ সন্মুখত আছা আৰু আটছাই ধৰ্ষণকাৰীক চিনাক্ত কৰি ফাঁচী দিয়াৰ দাবীত বিভিন্ন শ্লগানেৰে দিয়ে।

ইফালে মিছামাৰী আৰক্ষীয়ে আটক কৰা নিৰ্দোষী নিৰেন গড়ক আৰক্ষীৰ জিম্মাত থকাৰ সময়ত একাংশ লোকে মাৰপিট কৰা আৰু নিৰেন গড়ৰ ফটো তুলি ধৰ্ষণকাৰী বুলি সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ ঘটনাক উচিত তদন্ত কৰিবলৈ আছা আৰু আটছাই দাবী জনায়।উল্লেখ্য যে মিছামাৰীৰ কেন্দ্ৰীয় বিদ্যালয়ত বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত হেমাহিৰ বাবে মানৱ সমাজত লজ্বানিত কৰা ঘটনাটি সংঘটিত হৈছিল।
প্ৰশান্ত বৈশ্যঃঢেকীয়াজুলি

শৰীৰত প্ৰটিনৰ অভাৱ হয় নেকি? খাওক এই ৪টা খাদ্য…

সুস্থ শৰীৰৰ বাবে সকলো পুষ্টিকৰ উপাদানৰে সমৃদ্ধ খাদ্য গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে খাদ্য তালিকাত ভিটামিন আৰু খনিজ পদাৰ্থ থকা খাদ্য অন্তৰ্ভুক্ত কৰাটো বাঞ্ছনীয়। আজি আমি আপোনালোকক কম কোনবোৰ খাদ্য ব্যৱহাৰ কৰি কণী সেৱন নকৰাকৈ শৰীৰত প্ৰটিন যোগান ধৰিব পাৰি। শৰীৰক সুস্থ কৰি ৰাখিবলৈ সকলো পুষ্টিকৰ উপাদানৰ প্ৰয়োজন। সকলো পুষ্টিকৰ উপাদানৰ ভিতৰত প্ৰটিনে আমাৰ শৰীৰক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে এজন ব্যক্তিয়ে এনে কিছুমান খাদ্য গ্ৰহণ কৰিব লাগিব যিয়ে শৰীৰত পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন প্ৰদান কৰে।


নিৰামিষ প্ৰটিন সমৃদ্ধ খাদ্যৰ নাম-

১/ মাহজাতীয় শস্য
নিৰামিষভোজী সকলে প্ৰটিন লাভ কৰিবলৈ কণীৰ সলনি বীন, বুট আৰু বিভিন্ন ধৰণৰ দালি সেৱন কৰিব লাগে। বিশেষকৈ কপৌৰ মটৰত প্ৰচুৰ পৰিমাণে প্ৰটিন পোৱা যায়। মুগু দালিও তিয়াই চালাড কৰি খাব পাৰে। অথবা মচুৰ দাইলৰ চূপ বনাইও খাব পাৰে।

২/ দৈ
যদি শৰীৰত প্ৰটিনৰ অভাৱ হয়, তেন্তে আপুনি খাদ্য তালিকাত দৈ অন্তৰ্ভুক্ত কৰিব পাৰে। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে। সেয়ে নিৰামিষভোজী লোকে কণীৰ সলনি দৈ খায়। গ্ৰীক দৈ শ্ৰেষ্ঠ প্ৰটিন।

৩/ কাঠফুলা
কাঠফুলা প্ৰটিনৰ এক উত্তম উৎসও। ইয়াত পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন পোৱা যায়। কাঠফুলা খালে আপোনাৰ শৰীৰে পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন লাভ কৰিব।

৪/ এভোকেডো
প্ৰটিন পাবলৈ কণীৰ পৰিৱৰ্তে খাদ্যত এভোকেডো অন্তৰ্ভুক্ত কৰক। ইয়াত উল্লেখ কৰা সকলোবোৰ খাদ্যই উদ্ভিদৰ উত্তম প্ৰটিন যিবোৰ নিৰামিষভোজীয়ে আৰামত খাব পাৰে। এভোকেডোতো স্বাস্থ্যকৰ চৰ্বি আৰু প্ৰটিন পোৱা যায়। সেয়েহে স্বাস্থ্যৰ বাবে ইহঁত অতি উপকাৰী।

শুভমান গিলৰ অৰ্ধশতকত আনন্দিত ছাৰা টেণ্ডুলকাৰ…

ভাৰত আৰু বাংলাদেশৰ মাজত হোৱা খেলখনত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল শুভমান গিলে। এই সময়ছোৱাত তেওঁ ৫৭ ৰান সংগ্ৰহ কৰে। গিলৰ প্ৰদৰ্শনক লৈ ছাৰা টেণ্ডুলকাৰৰ প্ৰতিক্ৰিয়া ভাইৰেল হৈ পৰিছে। কালি পুনেত ভাৰত আৰু বাংলাদেশৰ মাজত দেখা গ’ল বিশ্বকাপ ২০২৩ৰ খেলখন। শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা টেণ্ডুলকাৰেও এই খেলখন চাবলৈ ষ্টেডিয়ামত উপস্থিত হয়। য’ত তেওঁ নিজৰ প্ৰতিক্ৰিয়াৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

আচলতে এই মেচখনত শ্বুবমান গিলে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল। ৫৭ ৰান সংগ্ৰহ কৰি অৰ্ধশতক অৰ্জন কৰে। ষ্টেডিয়ামত শ্বুবমানক তেওঁৰ উজ্জ্বল প্ৰদৰ্শনৰ বাবে উল্লাস কৰা দেখা গৈছিল ছাৰাক। এই ভিডিঅ’টো চোৱাৰ পিছত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলেও অতি আমোদজনক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

আপোনালোকক কওঁ যে বহুদিন ধৰি ছাৰা টেণ্ডুলকাৰ আৰু শুভ্মান গিলে ইজনে সিজনৰ লগত ডেটিং কৰাৰ খবৰ ওলাইছিল। দুয়োকে বহুবাৰ একেলগে দেখা গৈছিল। একে সময়তে এবাৰ গিলক চাৰা আলী খানৰ সৈতেও দেখা গৈছিল, তাৰ পিছত অনুৰাগীসকল বিভ্ৰান্ত হৈ পৰিছিল। কিন্তু এই মেচত ছাৰা টেণ্ডুলকাৰে গিলৰ হৈ উল্লাস কৰা দেখি অনুৰাগীৰ বিভ্ৰান্তি দূৰ হৈছে।


নাৰীৰ হাড় দুৰ্বল কিয় হয় জানো আহক…

৪০ বছৰ বয়সৰ পিছত মহিলাৰ স্বাস্থ্যৰ অৱনতি ঘটে। বাৰ্ধক্য, ৰজোনিবৃত্তি, খাদ্যাভ্যাস বেয়া, ধূমপান আৰু মদ্যপান আদি কাৰণতো নাৰীৰ হাড় দুৰ্বল হ’ব পাৰে। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব লাগে আৰু ৪০ বছৰ বয়সৰ পিছত নিয়মিতভাৱে হাড় পৰীক্ষা কৰাব লাগে।


হাড়বোৰ দুৰ্বল হোৱাৰ লগে লগে ফাটিবলৈ আৰম্ভ কৰে। ঘনত্বও কমি যায়। এই সমস্যাত মনোক্ল’নেল এন্টিব’ডি ফলপ্ৰসূ। জি এছ ভি এম মেডিকেল কলেজৰ অৰ্থপেডিক বিভাগে ২২ জন ৰোগীৰ ওপৰত ডেন’ছুমাভ নিমখৰ মনোক্ল’নেল এন্টিব’ডিৰ চাৰিটা থেৰাপী পৰীক্ষা হিচাপে দিছিল, ইয়াৰ কাৰ্যকাৰিতা ৭৬% পোৱা গৈছিল। হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপীক অগ্ৰাধিকাৰ দিয়া হৈছিল। যোগ আৰু ব্যায়ামৰ লগতে ঔষধৰ তিনিটা পদ্ধতিৰে ইয়াক নিৰাময়ৰ প্ৰয়াস কৰাত আধা সংখ্যক মহিলাই সকাহ পাইছিল।


২০২৩-২৪ পর্যটন বর্ষ আৰম্ভ হোৱাৰ লগে লগে কাজিৰঙাত বাঢ়িছে পর্যটকৰ ভিৰ…

২০২৩-২৪ পর্যটন বর্ষ আৰম্ভ হোৱাৰ লগে লগে কাজিৰঙাত বাঢ়িছে পর্যটকৰ ভিৰ।ঋতু পৰিবৰ্তনৰ লগে লগে কাজিৰঙাইও লৈছে দৃষ্টিনন্দন ৰূপ।

প্রকৃতিৰ শ্যামলী শোভাৰ মাজত বন্যপ্রাণীৰ বিচৰণে দৃষ্টি কাঢ়িছে পর্যটকৰ।

কেতিয়াবা যদি গঁড়ে পথ ভেটি ধৰিছে আন কেতিয়াবা হাতীৰ জাকে পথ অতিক্ৰম কৰা সুন্দৰ দৃশ্যই আপ্লুত কৰিছে দেশী বিদেশী পৰ্যটকক।

তামুলপুৰৰ উপৰচৰীয়াত উপৰচৰীয়া শ্ৰী শ্ৰী দুৰ্গা পূজাৰ ৰূপালী জয়ন্তী আৰম্ভ…

তামুলপুৰৰ উপৰচৰীয়াত উপৰচৰীয়া শ্ৰী শ্ৰী দুৰ্গা পূজাৰ ৰূপালী জয়ন্তী আৰম্ভ। অসমৰ অন্যান্য প্ৰান্তৰ লগতে তামুলপুৰ জিলাৰ ঐতিহ্য মণ্ডিত উপৰচৰীয়াত উপৰচৰীয়া শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ প্ৰাঙ্গণত এইবাৰ ছয়দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। আজি পুৱা ৮:০০ বজাত ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচী মুকলি কৰে দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ এমচিএল এ বিজিৎ গৌৰা নাৰ্জাৰীয়ে। আন পচিশখন পতাকা বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা উত্তোলন কৰা হয়।

ইয়াৰ পিছত বলেন ৰাভাৰ দ্বাৰা মন্দিৰৰ মুখ্য দ্বাৰ উন্মোচন, ৰাফেল দৈমাৰী আৰু ভূপেন ৰাভাৰ দ্বাৰা স্মৃতি তৰ্পণ আৰু স্থায়ী মঞ্চ উদ্বোধন কৰে তামুলপুৰৰ যুৱ বিধায়ক জলেন দৈমাৰীয়ে। আজিৰ দিনটোৰ অন্যান্য কাৰ্যসূচী সমূহ হ’ল শান্তিৰ পাৰ চৰাই উৰণ,বন্তি প্ৰজ্বলন, আটচবাজী প্ৰদৰ্শন, আৰতী, ছোৱালীৰ নাগাৰা নাম ইত্যাদি।