ধেমাজি জিলাৰ ঐতিহাসিক চিলাপথাৰৰ চিলাসূঁতিস্হিত শ্ৰী শ্ৰী তাম্ৰেশ্বৰী আই থানে পালে ন-ৰূপ। ১৯০৫ চনতে স্থাপিত হোৱা এই তাম্ৰেশ্বৰী আই থানে এই বছৰত ভৰি থলে ১১৮ টা বছৰত। অন্য বছৰৰ দৰে এইবছৰতো থান পৰিচালনা সমিতিয়ে তীব্র গতিত চলাইছে শাৰদীয় দূৰ্গা পূজাৰ প্ৰস্তূতি। পূৰ্বে পূজা কৰা স্হান বর্তমান জৰাজীৰ্ণ হোৱাৰ বাবে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগুৰ নেতৃত্বত আৰু ৰাইজৰ দান বৰঙণিৰ ধনেৰে নিৰ্মিত কৰা নতুন ভৱন সোমবাৰে ফিটা কাটি শুভ উদ্বোধন কৰে এম এ চিৰ সাধাৰণ সদস্য কনক দলে।
আধ্যাত্মিক ৰীতি-নীতিৰ মাজেৰে পৌৰহিতৰ মন্ত্ৰচাৰণ আৰু আয়তীৰ উৰুলি শঙ্খ ঘন্টাৰ ধ্বনিৰে মুখৰিত এক ৰজনজনোৱা পৰিৱেশৰ মাজত গাঁওৰ ৰাইজে নতুন ভৱনত স্হানান্তৰ কৰা হয় দেৱীৰ প্ৰতিমূৰ্ত্তি। উল্লেখ্য যে জনবিশ্বাস অনুসৰি নিজৰ একচিত্ত মনেৰে তাম্ৰেশ্বৰী আই থানত পূজা কৰিলে পূৰ্ণ হয় মনোবাঞ্ছা।
থান খনত দৈনিক আগমন ঘটে বহু ভক্ত প্ৰাণ ৰাইজৰ। শাৰদীয় দূৰ্গা পূজাৰ এই তিনিওটা দিনত উত্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ পূজা অৰ্চনাৰ বাবে ব্যাপক সমাগম হয় দেখা যায়। পুৰনি ৰীতি-নীতি অনুসৰি বিজয়া দশমীৰ দিনা দেৱীক সন্তুষ্ট কৰিবলৈ মহ’ ছাগলী হাঁহ বলি দিয়া হয়। অতীজৰে পৰা অঞ্চলটোত বসবাস কৰা মিচিং, বড়ো, অসমীয়া, বাঙালী নেপালী কেধৰি জাতি জনগোষ্ঠী সকলোৱে একত্ৰিত বাবে পালন কৰি আহিছে পূজা।
৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান, আজি আলিয়া ভাট, আল্লু অৰ্জুন, কৃতি ছাননকে ধৰি সকলো বিজয়ীক বঁটা প্ৰদান কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। আজি নতুন দিল্লীত আলিয়া ভাট, কৃতি ছানন, আল্লু অৰ্জুনকে ধৰি বহু চলচ্চিত্ৰ ব্যক্তিত্বক ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত কৰা হ’ব। কৃতিয়ে তেওঁৰ ছবি মিমিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।
বগা শাৰী এখন পিন্ধি ৰেড কাৰ্পেটত উপস্থিত হোৱা কৃতি ছাননক বৰ ধুনীয়া দেখা গৈছিল। মিমি ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এই উপলক্ষে সুখ প্ৰকাশ কৰি তেওঁ কয় যে এই বঁটা লাভ কৰাটো মোৰ বাবে এক ডাঙৰ কথা। মোৰ ভাগ্য ভাল যে মিমিৰ দৰে এখন ছবিত কাম কৰাৰ সুযোগ পাইছো। কৃতি ছাননে কয় যে পৰিচালক লক্ষ্মণ উটেকাৰে ছবিখন নিৰ্মাণৰ সময়ত এই ছবিখনে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিব বুলি কৈছিল।
শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাটোক দুগুণ কৃতিত্ব বুলি অভিহিত কৰিছে আল্লু অৰ্জুনে। ‘পুষ্পা’ ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰা অভিনেতা আল্লু অৰ্জুনে কয় যে মই অতি সুখী কাৰণ মই এই বঁটা লাভ কৰিছো, ব্যক্তিগতভাৱে মোৰ বাবে ই এক দুগুণ কৃতিত্ব। আল্লুৱে ৰেড কাৰ্পেটত তেওঁৰ ছবিখনৰ চিগনেচাৰ ষ্টেপটোও পৰিবেশন কৰে।
ৰেড কাৰ্পেটত খোজ কাঢ়ি থাকোঁতে কৰণ জোহৰে পৰিচালনাৰ প্ৰথম ছবি ‘কুচ কুচ হোতা হায়’ৰ ২৫ বছৰীয়া সম্পূৰ্ণ হোৱাৰ কথা কয়। ইয়াৰ পিছত এই ছবিখনে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। তেওঁ কয়, ‘২৫ বছৰৰ পাছত মই ইয়ালৈ উভতি আহিছো ৰাষ্ট্ৰীয় বঁটাৰ বাবে।
শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ নতুন দিল্লীত উপস্থিত হৈছে বলীউডৰ অভিনেত্ৰী আলিয়া ভাটে। কিন্তু আশ্চৰ্যজনক কথাটো হ’ল আলিয়াই এই বিশেষ অনুষ্ঠানটোৰ বাবে এখন পুৰণি শাৰী বাছি লৈছে। হয়, আলিয়া ভট্টে এই বিশেষ অনুষ্ঠানৰ বাবে নিজৰ বিয়াৰ এখন শাৰী পিন্ধিছে, যদিও বিয়াৰ সাজ এখন প্ৰতিগৰাকী ছোৱালীৰ বাবে বিশেষ, হয়তো সেইবাবেই আলিয়াই ইমান ডাঙৰ সন্মানৰ বাবে এই শাৰীখন বাছি লৈছিল।