চিলাপথাৰ টাউন কলেজ আৰু টাউন চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ৰূপালী জয়ন্তী সমাৰোহখন অহা ৪ আৰু ৫ নৱেম্বৰত দুদিনকৈ যৌথভাৱে অনুষ্ঠিত কৰা হ’ব। ইয়াৰ উপলক্ষত আজি মাংগলিক নিয়মৰ মাজেৰে স্থাপিত কৰা হয় ৰূপালী জয়ন্তী সমাৰোহৰ লাইখুটা। লাইখুটা স্থাপন কৰে চিলাপথাৰ টাউন কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ শিৱনাথ পেগুৱে।

জনাকীৰ্ন অনুষ্ঠানলৈ অহা অতিথি সকলক কলেজৰ মূল প্ৰবেশদ্বাৰৰ পৰাই গায়ন বায়ন আৰু গুমৰাগ নৃত্যৰে উসৱমুখৰ পৰিৱেশৰ মাজেৰে আদৰি নিয়া হয়। অনুষ্ঠান দুখনৰ অধ্যক্ষ তথা উদযাপন সমিতিৰ সম্পাদকদ্বয় ড০ দিব্য দলে আৰু ইন্দ্ৰেশ্বৰ দলেই আতধৰা অনুষ্ঠানত নন্দেশ্বৰ কছাৰী,ৰঞ্জিত পেগু, বিষ্টুৰাম কোঁৱৰ,তুলেশ্বৰ গগৈ, যোগেশ্বৰ কুটুম,সুভনাথ ৰেগণ,ভদ্ৰনাথ পেগু,দীনেশ দলে আদি আয়োজক সমিতিৰ বিষয় ববীয়া,

বিশিষ্ট শিক্ষাবিদ,সমাজ সেৱকৰ লগতে কলেজৰ সকলো ছাত্ৰ ছাত্ৰী কৰ্মচাৰী,শুভাকাংক্ষী আৰু প্ৰাক্তন ছাত্ৰ সমাৰোহৰ কৰ্মকৰ্তা উপস্থিত থাকে। লাইখুটা স্থাপন কৰি উদযাপন সমিতিৰ সভাপতি ড০ শিৱনাথ পেগুৱে যৌথভাৱে আয়োজিত বিশাল সমাৰোহখন সফল কৰি তুলিবলৈ সকলোৰে সহযোগিতা কামনা কৰি সংক্ষেপে বক্তব্য প্ৰদান কৰে।
শম্ভু দাস চিলাপথাৰ
ধেমাজি অসম

