Home Blog Page 1302

৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, আলিয়া, আল্লু অৰ্জুন, কৃতি ছাননকে ধৰি সকলো বিজয়ীক বঁটা প্ৰদান কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে…

৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান, আজি আলিয়া ভাট, আল্লু অৰ্জুন, কৃতি ছাননকে ধৰি সকলো বিজয়ীক বঁটা প্ৰদান কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। আজি নতুন দিল্লীত আলিয়া ভাট, কৃতি ছানন, আল্লু অৰ্জুনকে ধৰি বহু চলচ্চিত্ৰ ব্যক্তিত্বক ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত কৰা হ’ব। কৃতিয়ে তেওঁৰ ছবি মিমিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।

বগা শাৰী এখন পিন্ধি ৰেড কাৰ্পেটত উপস্থিত হোৱা কৃতি ছাননক বৰ ধুনীয়া দেখা গৈছিল। মিমি ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এই উপলক্ষে সুখ প্ৰকাশ কৰি তেওঁ কয় যে এই বঁটা লাভ কৰাটো মোৰ বাবে এক ডাঙৰ কথা। মোৰ ভাগ্য ভাল যে মিমিৰ দৰে এখন ছবিত কাম কৰাৰ সুযোগ পাইছো। কৃতি ছাননে কয় যে পৰিচালক লক্ষ্মণ উটেকাৰে ছবিখন নিৰ্মাণৰ সময়ত এই ছবিখনে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিব বুলি কৈছিল।


শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাটোক দুগুণ কৃতিত্ব বুলি অভিহিত কৰিছে আল্লু অৰ্জুনে। ‘পুষ্পা’ ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰা অভিনেতা আল্লু অৰ্জুনে কয় যে মই অতি সুখী কাৰণ মই এই বঁটা লাভ কৰিছো, ব্যক্তিগতভাৱে মোৰ বাবে ই এক দুগুণ কৃতিত্ব। আল্লুৱে ৰেড কাৰ্পেটত তেওঁৰ ছবিখনৰ চিগনেচাৰ ষ্টেপটোও পৰিবেশন কৰে।


ৰেড কাৰ্পেটত খোজ কাঢ়ি থাকোঁতে কৰণ জোহৰে পৰিচালনাৰ প্ৰথম ছবি ‘কুচ কুচ হোতা হায়’ৰ ২৫ বছৰীয়া সম্পূৰ্ণ হোৱাৰ কথা কয়। ইয়াৰ পিছত এই ছবিখনে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। তেওঁ কয়, ‘২৫ বছৰৰ পাছত মই ইয়ালৈ উভতি আহিছো ৰাষ্ট্ৰীয় বঁটাৰ বাবে।


শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ নতুন দিল্লীত উপস্থিত হৈছে বলীউডৰ অভিনেত্ৰী আলিয়া ভাটে। কিন্তু আশ্চৰ্যজনক কথাটো হ’ল আলিয়াই এই বিশেষ অনুষ্ঠানটোৰ বাবে এখন পুৰণি শাৰী বাছি লৈছে। হয়, আলিয়া ভট্টে এই বিশেষ অনুষ্ঠানৰ বাবে নিজৰ বিয়াৰ এখন শাৰী পিন্ধিছে, যদিও বিয়াৰ সাজ এখন প্ৰতিগৰাকী ছোৱালীৰ বাবে বিশেষ, হয়তো সেইবাবেই আলিয়াই ইমান ডাঙৰ সন্মানৰ বাবে এই শাৰীখন বাছি লৈছিল।


ছয়মাইলত STFৰ অভিযানত জব্দ ৬০ হাজাৰ য়াবা টেবলেট…

ছয়মাইলত STFৰ অভিযানত জব্দ ৬০ হাজাৰ য়াবা টেবলেট৷

টেবলেট সৰবৰাহকাৰী ৩জন যুৱকক গ্ৰেপ্তাৰ৷ ‘মণিপুৰী ৰাইচ’ হোটেলৰ পৰা গ্ৰেপ্তাৰ যুৱক ৩জনক৷

হবিবুৰ ৰহমান, আলিমুদ্দিন, ইদ্ৰিছ আলীক আটক৷

মিজোৰামত দ্বিতীয় দিনা নিৰ্বাচনী জনসভাত অংশগ্ৰহণ ৰাহুল গান্ধীৰ…

মিজোৰাম বিধান সভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ দুদিনীয়া কাৰ্যসূচীৰে আইজললৈ অহা গান্ধীৰ মিজোৰাম ভ্ৰমণৰ অন্তিম দিন। সোমবাৰে পদযাত্ৰা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠানত অংশ লোৱা গান্ধীয়ে নিশাটো আইজল ক্লাৱত কটায়।

মঙলবাৰে পুৱা ০৯.৩০ বজাত কংগ্ৰেছ নেতা-কৰ্মীসকলৰল সৈতে গান্ধীয়ে এক বৈঠকত অংশ ল’য়। মিজোৰামৰ নিৰ্বাচনত প্ৰাৰ্থীত্ব লাভ কৰা কংগ্ৰেছৰ প্ৰাৰ্থীসকলো এই বৈঠকত উপস্থিত থাকে।

প্ৰায় এঘন্টা এই বৈঠকত অংশ লোৱাৰ অন্তত ৰাহুল গান্ধীয়ে আইজল ক্লাবতে এক সংবাদমেল সম্বোধন কৰে তাৰপাছত হেলিকপ্টাৰেৰে ৰাহুল গান্ধী যায় লুংলেইৰ অভিমুখে। তাত দুপৰীয়া ১২.৩৫ বজাত এখন নিৰ্বাচনী জনসভাত অংশ ল’য় গান্ধীয়ে।

ধূমপানৰ পৰা আমাৰ কেনেধৰণৰ অপকাৰ হয় আৰু ধূমপান কেনেকৈ এৰিব পাৰি জানক…

ধূমপান নৱপ্ৰজন্মৰ পৰা ধৰি ডাঙৰ সকলেয়ো সেৱন কৰা দেখা পোৱা যায় আজিৰ দিনত । দিনক – দিনে ইমানেই ধূমপান সেৱন বৃদ্ধি পাব ধৰিছে । ই স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক । এই কথা জানিও সেৱন কৰাটো বন্ধ নকৰে আন একাংশই । এই ধূমপান সেৱনে যে কিমান এটা ডাঙৰ বিপদ ঘটাব পাৰে তাৰ প্ৰতি অলপো সচেতন নহয় জনসাধাৰণ আজিৰ দিনত । কিমান ডাঙৰ ডাঙৰ বেমাৰৰ সন্মুখীন হ’ব লগা হ’ব পাৰে এই কথা লক্ষ্য নকৰে । বিড়ি , চিগাৰেট , গুটখা জাতীয় বস্তু অতিমাত্ৰা সেৱন কৰি কৰি নিজৰ দেহলৈ বেমাৰ নিজেই চপাই লোৱা ধৰণৰ হ’ব ধৰিছে । সকলো জানি বুজিও  চিগাৰেট সেৱনৰ বদ অভ্যাস ত্যাগ কৰিব পৰা নাই । ধূমপান অত্যন্ত বিষাক্ত পদাৰ্থ । ধূমপানৰ অপকাৰিতাৰ বিষয়ে মানুহে জানে যদিও ধূমপান কমি যোৱা নাই । 

ধূমপান বন্ধ হ’ব লাগে , বিভিন্ন ধৰণৰ ধঁপাত , গুটখা , বিড়ি , চিগাৰেট , জৰদা আদিৰ বিপনীসমূহ বন্ধ হ’বৰ বাবে প্ৰতিবাদ হ’ব লাগে এই বিষয়ত । এইবোৰৰ নিচা ইমানেই লগাই লৈছে যে ভাত – পানী , খোৱা – বোৱাৰ কথা মনলৈকে নাহে সেৱন কৰা লোক সকলৰ । ইমানেই বেছিকৈ আসক্ত হৈ পৰিছে এইবোৰ সেৱন কৰা প্ৰতি , যিয়েই নিকি খাব নাপালে ঘৰত হূলস্থূল লগাই , চিঞৰ বাখৰ লগাই মানুহ মাৰিবলৈকো কুণ্ঠাবোধ নকৰা ধৰণৰ । ড্ৰাগছ , মদ , নিচা জাতীয় এইবোৰ সেৱন কৰাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ ! যেনে :– ডায়েবেটিছ , 

কৰ্কট ৰোগ , হৃদৰোগ , হাঁওফাঁওৰ ৰোগ আদি হোৱাৰ আশংকা থাকে । চিগাৰেট সেৱনৰ ফলত হাওঁফাঁওৰ কেন্সাৰ , হৃদৰোগ , ষ্ট্ৰ’ক , এজমা আদি হয় । এইবোৰ সেৱনৰ ফলত কিমান মানুহ মৃত্যুৰ মুখত পৰিছে । ধূমপান নকৰোঁ বুলি নিজেই নিজক প্ৰতিজ্ঞা কৰিব লাগে । নিজৰ মনটোক ডাঠ কৰি কওঁক নিজেই নিজক এইবোৰ ত্যাগ কৰিলোঁ বুলি । ধূমপান সেৱন কৰিলে যে সেৱন কৰাজনৰ হে ক্ষতি বুলি কথা নহয় কাষত থকাজনৰো বিপদ আহিব পাৰে অকস্মাৎতে । দৃঢ় প্ৰতিজ্ঞা কৰিব লাগে নিজেই নিজক । আৰু আনকো ক’ব লাগে যে ধূমপান এৰিছে বুলি ।

গতিকে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক এইবোৰ সেৱন কৰাটো বন্ধ কৰিব লাগে , আৰু এবাৰলৈয়ো নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱা উচিত । এইবোৰ সেৱন কৰি কি পায় ! বৰঞ্চ নিজলৈ বিপদ মাতি অনাৰ বাহিৰে আন একো নাই  । নিজৰ বেমাৰ নিজেই চপাই লোৱাৰ সলনি যদি নিজেই নিজৰ স্বাস্থ্যটোৰ প্ৰতি সজাগ হৈ এই ধূমপান জাতীয় বস্তুৰ বিৰোধিতা কৰি ত্যাগ কৰি ধূমপান মুক্ত কৰিবলৈ আগবাঢ়িব লাগে । তেতিয়াহে ধূমপান নোহোৱা হ’ব আমাৰ সমাজত । 

 নাম :— লখিমী শৰ্মা

ঠিকনা :— যোৰহাট

মৃণাল শইকীয়া বনাম বিশ্বজিৎ ফুকনৰ মাজত গৃহযুদ্ধ…

‘তদন্তৰ নামত হৈছে ভেঁকো-ভাওনা৷ ব্ৰাঞ্চ মেনেজাৰক সজোৱা হৈছে বলিৰ পঠা৷ ব’ৰ্ডৰ অনুমোদন অবিহনে ১০ লাখ টকা ঋণ লোৱাটো অসম্ভৱ৷

এপেক্স বেংকৰ পুৰণি গ্ৰাহক হিচাপে এই কথা মই জানো’৷ এপেক্স বেংকৰ কেলেংকাৰিক লৈ সমুখ সমৰত বিজেপিৰ দুই বিধায়ক৷ মৃণাল শইকীয়া

বনাম বিশ্বজিৎ ফুকনৰ মাজত গৃহযুদ্ধ৷ কেলেংকাৰি সন্দৰ্ভত Xত মৃণাল শইকীয়াৰ টুইট৷

বাৰে বাৰে মিঠা খাবলৈ মন যায় নেকি, লগে লগে তেজৰ পৰীক্ষা কৰাওক…

যদি আপুনি বাৰে বাৰে মিঠাই খাবলৈ মন যায়, তেন্তে বুজি লওক যে শৰীৰৰ ভিতৰত কিবা এটা সমস্য়া হৈছে, লগে লগে তেজৰ পৰীক্ষা কৰাওক। বহু গৱেষণাৰ পৰা জানিব পৰা গৈছে যে কেতিয়াবা মিঠা খাবলৈ মন যায়। কিন্তু যদি আপোনাৰ বাৰে বাৰে মিঠা খাবলৈ মন যায় তেন্তে চিকিৎসকৰ ওচৰলৈ যোৱা উচিত। বেছিকৈ চেনি খোৱাৰ ফলত মানসিক চাপ, টোপনিৰ অভাৱ আৰু বেয়া জীৱনশৈলী বৃদ্ধি পায়। দিনক দিনে চেনিৰ সেৱন বাঢ়িছে। বেছিকৈ চেনি খালে দাঁতৰ ক্ষয় হয়।

যদি বাৰে বাৰে চেনি খাবলৈ মন যায় তেন্তে সেয়া ভাল কথা নহয়। বেছিকৈ চেনি খোৱাটো মগজুৰ বাবে অতি ক্ষতিকাৰক। ইয়াৰ বাহিৰেও দাঁতৰ গহ্বৰ, টাইপ-২ ডায়েবেটিছ, হৃদৰোগ ইত্যাদিকে ধৰি বহু শৰীৰৰ লগত জড়িত ৰোগ।

যদি চকলেট খাবলৈ মন যায়। গতিকে ইয়াৰ অৰ্থ হ’ব পাৰে যে আপোনাৰ শৰীৰত মেগনেছিয়ামৰ অভাৱ, যিটো সাধাৰণ অভাৱ। চকলেটৰ প্ৰতি থকা হেঁপাহৰ এটা প্লাছ চাইডো আছে। গৱেষণাৰ মতে, ডাৰ্ক চকলেটত আচলতে প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে যিয়ে আপোনাৰ স্বাস্থ্য উন্নত কৰাৰ লগতে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। ই আপোনাৰ স্বাস্থ্যৰ ক্ষতি নকৰাকৈ নিশ্চিতভাৱে সুবিধা প্ৰদান কৰিব পাৰে।

যদি আপুনি ফল-মূল খাবলৈ মন যায় তেন্তে ইয়াৰ অৰ্থ স্পষ্ট যে আপোনাৰ শৰীৰত আইৰণ, ভিটামিন আৰু এন্টিঅক্সিডেন্টৰ অভাৱ। সেইবাবেই বাৰে বাৰে ফল-মূল খাবলৈ মন যায়।

যদি আপুনি হঠাতে মিঠাই খাবলৈ মন যায়, তেন্তে ইয়াৰ অৰ্থ স্পষ্ট যে আপোনাৰ বি পি ওপৰলৈ তললৈ গৈ আছে। বি পি কম হ’লে মিঠাই খাবলৈ মন যায়। এনে পৰিস্থিতিত চিকিৎসকে সদায় পৰামৰ্শ দিয়ে যে যদি আপোনাৰ এনেকুৱা হেঁপাহ থাকে তেন্তে খাদ্যত প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু আঁহ খাব লাগে। যিমান পাৰি মাহজাতীয় শস্য আৰু বীন খাব।

অজানিতে হোৱা ভুলৰ বাবে মই নতশিৰে ক্ষমা বিচাৰিছো – ভূপেন বৰা…

অজানিতে হোৱা ভুলৰ বাবে মই নতশিৰে ক্ষমা বিচাৰিছো’৷

মিচিং জনগোষ্ঠী ৰিবি গাচেঙক ভূপেন বৰাই ভৰিৰে গচকাৰ পাছতেই ৰাজ্যত অব্যাহত প্ৰতিক্ৰিয়া ৷

এই প্ৰতিক্ৰিয়াৰ মাজতেই সমগ্ৰ ঘটনা সন্দৰ্ভত অৱশেষত ক্ষমা খুজিলে APCCৰ সভাপতি ভূপেন বৰাই৷

মেথিৰ বনৌষধি গুণবোৰৰ বিষয়ে জানক…

মেথিৰ বনৌষধি গুণবোৰ

গাঁঠিবাত বেমাৰত মেথি শাকৰ উপকাৰিতা মন কৰিবলগীয়া| যিসকল লোকে সামান্য ঠাণ্ডা বস্তু খালেই গাঁঠিবাদৰ বেদনা অনুভৱ কৰে, হাত-ভৰিৰ গাঁঠিবোৰত বিষ অনুভৱ কৰে| সেই ক্ষেত্ৰত মেথি চুৰ্ণ আধা গ্ৰাম মাত্ৰাত পুৱা আৰু আবেলি গৰম পানীৰ সৈতে খাব লাগে| এইদৰে ১০-১৫ দিন ব্যৱহাৰ কৰিলে গাঁঠিৰ বাতবিষ কমি যায়| ৰোগীয়ে সদায় গৰম পানী বা কুমুহীয়া ব্যৱহাৰ কৰা উচিত| গৰম পানীৰে গা ধুৱাটো অতি প্ৰয়োজনীয়| অনিয়মিত ঋতুস্ৰাৱ ৰোগত বিশেষকৈ যিসকল মহিলাৰ মাহেকীয়া ঋতুৰ সময়ত স্ৰাৱ আহিছে আৰু কেতিয়াবা নাইকিয়া হয়| কেতিয়াবা পুৱা ৰক্তস্ৰাৱ হয়, আবেলি কমি যায় বা নহয়, পিছদিনা পুনৰ পুৱা ৰক্তস্ৰাৱ হয়, ৰক্ত ক’লা হয়, টুকুৰা-টুকুৰ বা চকলা-চকল হয়, যন্ত্ৰণা বেছি হয়-এইদৰে দীৰ্ঘদিন ভুগি থাকিলে ৰক্ত প্ৰদৰ হ’বগৈ|

এইক্ষেত্ৰত মেথি গুটি ৩ গ্ৰাম আৰু ধনীয়া গুটি ৩/৪ গ্ৰাম একেলগে আগৰাতি ১ গিলাচ পৰিস্কাৰ চেঁচা পানীত তিয়াই থৈ পিছদিনা পুৱা সেইখিনি চেকি সেই পানীখিনি শুদাপেটত পুৱা আৰু আবেলি দুবাৰকৈ ১ সপ্তাহ কাল খালে বেমাৰটো নিৰাময় হয়| প্ৰসৱৰ পাছত হোৱা দুৰ্বলতাত প্ৰসূতিৰ অলপতে ক্লান্তি আৰু ভাগৰ লাগিলে ৫ গ্ৰাম মেথি গুটি থেতালি আধাসেৰ পানীত ভিজাই থৈ পিছদিনা পুৱাই চেকি গোটেই দিনটোত অলপ অলপ কৰি খাই শেষ কৰিব লাগে| পুনৰ ঋতু নোহোৱালৈকে মাজে মাজে মেথি তিওৱা পানী খাই থাকিব লাগে| গ্ৰহণী ৰোগ হ’লে মেথি চুৰ্ণ ১০ গ্ৰাম, গাখীৰ ১০ গ্ৰামত ২০ গ্ৰাম পানী দি উতলাই আধাত ৰাখি তাতে চেনি ১ চামুচ মিহলাই দিনে ২ বাৰকৈ তিনিদিন খালে গ্ৰহণী ভাল হয়|

বসন্ত ৰোগত মেথি তিওৱা পানী পানী খালে-হাত-ভৰি পোৰনি, বমি বমি ভাৱ, শৰীৰত হোৱা খজুৱতী ভাল হয়| উচ্চ ৰক্তচাপ হ’লে ৫/৬ গ্ৰাম মেথি গুটি পানীত ৫ ঘণ্টা তিয়াই থৈ সেই পানী দিনটোৰ ভিতৰত ২/৩ বাৰ খাব লাগে| ৫/৬ দিন খাব লাগে| ৰক্তচাপ নিয়মীয়া হ’ব| মূৰ হুৰণি, বুকু ধপধপনি লক্ষণত মেথি তিওৱা পানী ( ৩০০ গ্ৰাম পানীত ৫ গ্ৰাম মেথি গুটি) দিনটোত ২/৩ বাৰকৈ খালে এনেবোৰ সমস্যা দূৰ হয়| ৩/৪ দিন খাব লাগে| অৰুচি বা ভোক নলগা লক্ষণত ডায়েবেটিছ বা বহুমুত্ৰ ৰোগত আগৰাতি ১ কাপ পানীত এমুঠি মেথি গুটি তিয়াই থৈ পিছদিনা শুদা পেতত সেই পানীখিনি কিছুদিন খাব লাগে| বহুমুত্ৰ অসুখত মেথি গুটি তিওৱা পানী ১/২ মাহ পৰ্যন্ত খাব লাগে|

লিখক: উপেন দত্ত

ড্ৰাগছমুক্ত কৰিব পঞ্জাৱক, অক্টোবৰতে আৰম্ভ হ’ব মেগা অভিযান….

ৰাজ্যখনক ড্ৰাগছমুক্ত কৰাৰ বাবে পঞ্জাৱ চৰকাৰে ১৮ অক্টোবৰৰ পৰা অৰ্থাৎ বুধবাৰৰ পৰা মেগা অবিযান চলাবলৈ ওলাইছে। এই বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী ভগৱন্ত মানেও অংশগ্ৰহণ কৰিব। ড্ৰাগছৰ বিৰুদ্ধে এক বৃহৎ অভিযানত গুৰুত্ব আৰোপ কৰিছে ভগৱন্ত মান চৰকাৰে। ইয়াৰ বাবে ১৮ অক্টোবৰৰ ১১:০০ বজাত মুখ্যমন্ত্রী ভগৱন্ত মানে ৩৫ হাজাৰ শিশুৰ সৈতে হাৰমাইন্দৰ চাহাবত পঞ্জাবক ড্ৰাগছমুক্ত কৰাৰ বাবে প্ৰাৰ্থনা কৰিব। পঞ্জাৱ চৰকাৰে আৰম্ভ কৰিবলৈ ওলাইছে আশাৰ পদক্ষেপ।


প্ৰাৰ্থনা প্ৰতিজ্ঞা আৰু খেলৰ বিষয়বস্তুৰ জৰিয়তে ড্ৰাগছ স্বাধীনতাৰ বাবে এক ভয়ংকৰ অভিযান আৰম্ভ হ’ব। যুৱক সকলক শ্বহীদ ভগত সিঙৰ দৰে সাহসী যোদ্ধাৰ ত্যাগৰ কথা সোঁৱৰাই দিয়া হ’ব আৰু ৰাজপথত ক্ৰিকেটৰ জৰিয়তে ড্ৰাগছ আসক্তিৰ বিৰুদ্ধে প্ৰতিশ্ৰুতি দিয়া হ’ব আৰু অমৃতসৰৰ ষ্টেডিয়ামত সজাগ কৰা হ’ব যুৱক-যুৱতীসকলক। প্ৰায় ১ মাহ ধৰি চলিব Hope Initiative আৰু দীপাৱলীৰ পূৰ্বে শেষ হ’ব।অমৃতসৰৰ NGO আৰু সামাজিক সমাজে অংশগ্ৰহণ কৰিব।


ৰঙিয়াত আৰক্ষীৰ অভিযানত ৪ কেজি নিষিদ্ধ গাঞ্জা সহ নগদ দুই লাখ টকা জব্দ…

ৰঙিয়াত আৰক্ষীৰ অভিযানত ৪ কেজি নিষিদ্ধ গাঞ্জা সহ নগদ দুই লাখ টকা জব্দ । উদ্ধাৰ হোৱা আফিংখিনিৰ বজাৰ মূল্য ২৪ লাখ ৬০ হাজাৰ বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । পাঞ্জাবৰ পৰা PB 10 FF 4025 নম্বৰৰ ট্ৰাকখনত প্ৰায় ৪ কেজি ৩৪ গ্ৰাম নিষিদ্ধ আফিং সৰবৰাহ কৰি থকা মূহুৰ্তত ৰঙিয়াৰ উৰণীয়া সেঁতুৰ ওপৰত আৰক্ষীৰ হাতত কৰায়ত্ব হ’ল আফিং সহ দুজন ।

এক গোপন খবৰৰ ভিত্তিত সোমবাৰে নিশা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান ৰঙিয়া আৰক্ষীৰ অভিযান । ট‌্ৰাকখনত তালাচী চলাই ট্ৰাকখনৰ বিশেষ ঠাইত লুকুৱাই কঢ়িয়াই আনিছিল নিষিদ্ধ আফিংখিনি লগতে আছিল পাঁচশ টকীয়া চাৰিটা বান্দুল ।

লগে লগে আৰক্ষীয়ে আফিং সৰবৰাহ কৰা ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনক গ্ৰেপ্তাৰ কৰে ।ধৃত দুই সৰবৰাহকাৰী হৈছে পাঞ্জাবৰ লুধিয়ানা জিলাৰ আখাৰা গাঁওৰ জাচউইন্দাৰ সিং আৰু লুধিয়ানা গাঁৱৰ দালজিত সিংক । ধৃত দুয়োজনকে অধিক তথ্যৰ বাবে আৰক্ষীয়ে ৰঙিয়া থানাৰ জেৰা অব্যহত ৰাখিছে ।