ইজৰাইল-পেলেষ্টাইন যুদ্ধৰ মাজতে চীনত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিন।
আজি চীনত উপস্থিত হ’ল ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিন।
চীনৰ ৰাষ্ট্ৰপতি ঝী জিনপিঙক ‘সুহৃদ’ আখ্যা পুটিনৰ।
ইজৰাইল-পেলেষ্টাইন যুদ্ধৰ মাজতে চীনত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিন।
আজি চীনত উপস্থিত হ’ল ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিন।
চীনৰ ৰাষ্ট্ৰপতি ঝী জিনপিঙক ‘সুহৃদ’ আখ্যা পুটিনৰ।
সঠিক সময়ত আহাৰ গ্ৰহণ কৰিব, দুপৰীয়া আৰু ৰাতিৰ আহাৰ খোৱাৰ সঠিক সময় জানি লওক। সঠিক সময়ত খাদ্য নাখালে আপোনাৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি হ’ব পাৰে। স্বাস্থ্যসন্মত খাদ্য সঠিক সময়ত খালেহে স্বাস্থ্যৰ বাবে উপকাৰী হ’ব। খাদ্য খোৱাৰ সঠিক সময়ৰ বিষয়ে জানি লওক-
ভাৰতৰ বেছিভাগ মানুহেই দিনটোত তিনিবাৰকৈ আহাৰ গ্ৰহণ কৰে। ইয়াৰ ভিতৰত ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰ অন্তৰ্ভুক্ত। বিশেষজ্ঞসকলৰ মতে কমেও চাৰি ঘণ্টা খোৱাৰ পিছতহে খাদ্য খাব লাগে। কাৰণ খাদ্য হজম কৰিবলৈ ইমান সময় লাগে। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আৰু ৰাতিৰ ডিনাৰৰ মাজত কমেও ১২ ঘণ্টাৰ ব্যৱধান থাকিব লাগে। যিহেতু সকলোৰে ৰাতিপুৱা সাৰ পোৱাৰ সময় বেলেগ বেলেগ, গতিকে খাদ্য খোৱাৰ নিয়মবোৰো সলনি হয়। ৰাতিপুৱা সাৰ পোৱাৰ অন্ততঃ তিনি ঘণ্টাৰ ভিতৰত ব্ৰেকফাষ্ট খাব লাগে।
ৰাতিপুৱাৰ ব্ৰেকফাষ্ট স্বাস্থ্যৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ব্ৰেকফাষ্টৰ বাবে পুৱা ৭ বজাৰ পৰা ৯ বজালৈ সৰ্বোত্তম সময় বুলি ধৰা হয়। বহুতে ৰাতিপুৱা ব্ৰেকফাষ্ট আৰু দুপৰীয়া দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। ইয়াৰ ফলত গেষ্ট্ৰাইটিছ, এচিডিটি আৰু পেট ফুলাৰ দৰে সমস্যা হ’ব পাৰে।
উপযুক্ত সময়ত ব্ৰেকফাষ্ট কৰাৰ পিছত দুপৰীয়াৰ আহাৰ দিনৰ ১২.৩০ বজাৰ পৰা দুপৰীয়া ২ বজাৰ ভিতৰত খাব লাগে। এই সময়ত বিপাকীয় ক্ৰিয়াই আটাইতকৈ বেছি দ্ৰুত কাম কৰে। এই সময়ত খোৱা খাদ্য সঠিকভাৱে হজম হয়। যদি আপুনি ব্যস্ত থাকে তেন্তে ৩ বজালৈকে দুপৰীয়াৰ আহাৰ খাব পাৰে, কিন্তু তাৰ বাহিৰে যিকোনো পলম হ’লে সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াতকৈ বেছি দেৰিকৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলে আপোনাৰ ওজন দ্ৰুতগতিত বৃদ্ধি পাব পাৰে আৰু পেটৰ সমস্যাও হ’ব পাৰে। ইয়াৰ বাবে খাদ্যও সঠিকভাৱে হজম নহয়। সেয়ে দুপৰীয়াৰ আহাৰ সঠিক সময়ত খাব লাগে।
ৰাতি শুৱাৰ কমেও দুই-তিনি ঘণ্টা আগতে খাদ্য খাব লাগে। ইয়াৰ অৰ্থ এইটো নহয় যে ৰাতি ২ বজাত শুলে ১১ বজাত ৰাতিৰ আহাৰ গ্ৰহণ কৰিব লাগে। কিবা কাৰণত শুবলৈ পলম হ’লেও সন্ধিয়া ৭ বজাৰ পৰা ৮ বজাৰ ভিতৰত খাদ্য খাব লাগে। এই সময়খিনি সৰ্বোত্তম সময় বুলি গণ্য কৰা হয়। গভীৰ নিশা খাদ্য গ্ৰহণ কৰিলে হজম শক্তি নষ্ট হ’ব পাৰে। ইয়াৰ উপৰিও খাদ্য পলমকৈ খালে ষ্ট্ৰেছ হৰম’নও উৎপন্ন হ’ব পাৰে। ইয়াৰ ফলত টোপনি বেয়া হয় আৰু পেটৰ চৰ্বিও বৃদ্ধি পাব পাৰে।
ইজৰাইল হামাছ যুদ্ধঃ ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ বন্ধ কৰাৰ প্ৰস্তুতি এতিয়া আৰম্ভ হৈছে। ইৰাণৰ ভাবুকিৰ মাজতে ইজৰাইল আৰু জৰ্ডান ভ্ৰমণ কৰিবলৈ ওলাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। যোৱা ১১ দিন ধৰি ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ চলি আছে। এফালে হামাছে মুকলিকৈ প্ৰত্যাহ্বান জনাইছে, আনহাতে ইজৰাইলেও স্পষ্ট কৰি দিছে যে হামাছৰ ধ্বংস নোহোৱালৈকে যুদ্ধ চলি থাকিব।
এই সকলোবোৰৰ মাজতে লাখ লাখ পেলেষ্টাইনী শৰণাৰ্থীক লৈ বিশ্ব পৰ্যায়ত উদ্বেগ বৃদ্ধি পাইছে। এই ভয়ানক পৰিস্থিতিৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কিছুমান বিশেষ দেশ ভ্ৰমণ কৰিবলৈ ওলাইছে য’ত ইজৰাইল, জৰ্ডান, আম্মান আদি অন্তৰ্ভুক্ত। এফালে ইৰাণেও ভাবুকি দিছে যদিও আনফালে হিজবুল্লাইও ফ্ৰণ্ট মুকলি কৰিছে। এই সকলোবোৰৰ মাজতে ইজৰাইলে স্পষ্ট কৰি দিছে যে এইবাৰ যুঁজখন চূড়ান্ত হ’ব।
ঘাম শৰীৰৰ এটা স্বাভাৱিক অংশ, ঘামে শৰীৰক তাপ মুক্ত কৰাত সহায় কৰে আৰু শৰীৰৰ উষ্ণতা অনুকূল বজাই ৰাখে। কিন্তু নিয়মিতভাৱে ৰাতি অত্যধিক ঘামত তিতি সাৰ পোৱাটো ভাল কথা নহয়। ইয়াৰ বাহিৰেও আন কোনো ক্লান্তিকৰ কাম কৰাৰ সময়ত শৰীৰ গৰম হৈ ঘাম ওলাবলৈ আৰম্ভ কৰে, সেয়া এক সাধাৰণ কথা। কিন্তু, বহু সময়ত ৰাতি শুই থকাৰ সময়ত হঠাতে মানুহৰ ঘাম ওলাবলৈ আৰম্ভ কৰে আৰু সম্পূৰ্ণ শৰাৰ তিতি যায় ঘামত। উষ্ণতা নিয়ন্ত্ৰণ আৰু ঘাম ওলোৱা কাৰণ সমূহ হৈছে-
মগজুত অৱস্থিত হাইপ’থেলামাছ অন্তঃস্ৰাৱী তন্ত্ৰৰ অংশ আৰু ই শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কেন্দ্ৰ। ইয়াত উষ্ণতা সংবেদক থাকে যিয়ে ছালৰ কেন্দ্ৰীয় (অংগত) আৰু পেৰিফেৰেলভাৱে অৱস্থিত স্নায়ুকোষ (thermoreceptors)ৰ পৰা তথ্য লাভ কৰে। থাৰ্মোৰিচেপ্টৰবোৰে শৰীৰৰ উষ্ণতাৰ পৰিৱৰ্তন ধৰা পেলায়, যাৰ ফলত হাইপ’থেলামাছলৈ সংকেত ঘূৰাই পঠিয়ায়। এই সংকেতবোৰে হয় শৰীৰ শীতল কৰিবলৈ ঘাম সক্ৰিয় কৰি তুলিব নহয় শৰীৰটো গৰম কৰিবলৈ শিহৰিত হ’ব।
বয়স বা লিংগ নিৰ্বিশেষে যিকোনো ব্যক্তিয়েই ৰাতি ঘামৰ অনুভৱ কৰিব পাৰে। কিন্তু, পুৰুষতকৈ মহিলাসকলৰ ৰাতি বেছি ঘাম ওলায়, মূলতঃ ৰজোনিবৃত্তি আৰু ইয়াৰ লগত জড়িত হৰম’নৰ মাত্ৰা সলনি হোৱাৰ বাবে। প্ৰায় ৮০ শতাংশ মহিলাই ৰজোনিবৃত্তিৰ পিছত (যেতিয়া ঋতুস্ৰাৱ ১২ মাহ বন্ধ হয়) আৰু পেৰিমেনোপজৰ সময়ত (তাৰ আগৰ সময়) গৰমত বা ৰাতি ঘাম ওলায়। গৰম আৰু ৰাতিৰ ঘাম দুয়োটাই অত্যন্ত গৰমৰ অনুভৱৰ সৃষ্টি কৰে যদিও ৰজোনিবৃত্তিৰ সৈতে জড়িত বিভিন্ন অভিজ্ঞতা। দিনত হঠাৎ গৰম অনুভৱ কৰাটো গৰমৰ এক ক্ষণিক পৰিঘটনা আৰু ইয়াৰ লগত ঘাম ওলোৱাও জড়িত হ’ব পাৰে।
ৰাতি ঘাম ওলোৱা হয় আৰু ইয়াৰ লগত অত্যধিক ঘাম ওলোৱাৰ সময় থাকে। ইষ্ট্ৰজেনৰ মাত্ৰাৰ পৰিৱৰ্তনে হাইপ’থেলামাছত উষ্ণতা নিয়ন্ত্ৰণক প্ৰভাৱিত কৰা দুটা স্নায়ুসংবহনকাৰী ন’ৰেপিনেফ্ৰিন আৰু চেৰ’টনিনৰ মাত্ৰাত প্ৰভাৱ পেলায় বুলি ভবা হয়। বিশেষকৈ পুৰুষৰ ৰাতিৰ ঘামত হৰম’নে প্ৰভাৱ পেলায়, বিশেষকৈ টেষ্টষ্টেৰনৰ মাত্ৰা কম থকা পুৰুষৰ ক্ষেত্ৰত, যাক হাইপ’গ’নাডিজম বুলি জনা যায়। ৪৫ বছৰ বা তাতকৈ অধিক বয়সৰ প্ৰায় ৩৮ শতাংশ পুৰুষৰ টেষ্টষ্টেৰনৰ মাত্ৰা কম যদিও যিকোনো বয়সতে পুৰুষৰ এই ৰোগ হ’ব পাৰে।
উদ্বিগ্নতাত ভুগি থকা লোকসকলৰ সাধাৰণতে ৰাতি ঘাম ওলোৱাই। মানসিক চাপে শৰীৰৰ যুঁজ বা উৰণ ব্যৱস্থা সক্ৰিয় কৰে যিয়ে নিউৰ’ট্ৰান্সমিটাৰ নিৰ্গত কৰে, যাৰ ফলত হৃদস্পন্দন, শ্বাস-প্ৰশ্বাস আৰু ৰক্তচাপ বৃদ্ধি পায়। ইয়াৰ ফলত শৰীৰটো অতিমাত্ৰা গৰম হৈ পৰে, তেতিয়া শৰীৰে ঘাম ওলাই আহি নিজকে পুনৰ ঠাণ্ডা কৰিবলৈ আৰম্ভ কৰে। ৰাতি ঘামেও উদ্বেগ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত অধিক ঘাম ওলোৱাৰ ফলত কম টোপনি আৰু অধিক উদ্বেগ হয়।
অবৈধ প্ৰেম, তন্ত্ৰ–মন্ত্ৰ, তাৰ পিছত হত্যাকাণ্ড । শাহুমাই Serial Killer বিচাৰিছিল জোৱাঁই হত্যা কৰাৰ বাবেমহানগৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড ।

বিহাৰ পৰা চাতু গুৰিৰ সৈতে অশ্ৰ আনিছিল অসমলৈ তাৰ পিছত প্ৰশিক্ষণ লয় অসমত

নিজৰ স্বামীক হত্যা কৰিলে প্ৰেমিকে । গীতাশ্ৰীৰ প্ৰেমিক সৌৰভ গোবেংকাই হত্যা কৰিছিল অঞ্জন নাথক
বাক্সাৰ গধূলি গাওঁত পাঁচ গৰাকীকৈ জুৱাৰীক আটক।
আটকাধীন জুৱাৰী কেইগৰাকী ক্ৰমে গধূলি গাওঁ আৰু ভূটান্ত সাদেৰীৰ বুলি জানিব পৰা গৈছে।
আটকাধীন জুৱাৰী কেইগৰাকী ক্ৰমে পংকজ মেধি(৪২), ৰিংকু বড়ো(৩৯),বিজু তালুকদাৰ (৪৬), বিষ্ণুৰাম দাস (৫০) আৰু ৰাফিকুল আলি(৩৮)।

জালাহ আৰক্ষী আৰু শিমলা আৰক্ষীৰ যুতিয়া অভিযানত আটক কৰা হয় জুৱাৰ এই বৃহৎ দ’লটো।
দলটোৰ পৰা এখন চাৰিচকীয়া বাহন, এখন স্কুটি আৰু এখন বাইক জব্দ কৰাৰ লগতে নগদ ধন ৬৭ হাজাৰ টকা জব্দ কৰে ।
জব্দ কৰা চাৰিচকীয়া বাহন এখনৰ নম্বৰ -AS15 R 9959 আৰু স্কুটি খনৰ নম্বৰ -AS28 A 8195
শিমলা আৰক্ষীয়ে উক্ত জুৱাৰী কেইগৰাকীক জেৰা অৱ্যাহত ৰাখিছে।
বাতৰি সংগ্ৰহত বাধা প্ৰদানৰ চেষ্টা কৰে একাংশ দুষ্ট চক্ৰয়।
বাক্সাৰ পৰা গোলাপ নাথৰ ৰিপোৰ্ট
১৬/১০/২৩
চৰকাৰে শিক্ষকক স্কুটি দিব, যোগীঘোপাত প্ৰতিবাদ । যোগীঘোপাত বিজেপি চৰকাৰৰ বিৰুদ্ধে একাংশ যুৱকৰ প্ৰতিবাদ । চৰকাৰী বিদ্যালয়ৰ শিক্ষকক স্কুটি প্ৰদান কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ।যোগীঘোপাৰ চলন্তাপাৰা বজাৰত একাংশ সচেতন যুৱকৰ, এই প্ৰতিবাদ ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা চৰকাৰী শিক্ষকক স্কুটি প্ৰদান কৰিব বুলি সিদ্ধান্তৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

স্কুটিৰ পৰিৱৰ্তে ভেঞ্চাৰ স্কুল সমুহ চৰকাৰীকৰণ কৰক, বিজেপি চৰকাৰ হায় হায়, শিক্ষক সকলক হিতাধিকাৰী নহয় প্ৰাপ্য অধিকাৰ দিয়ক আদি বিভিন্ন শ্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে প্ৰতিবাদকাৰী সকলে ।
যোগীঘোপাৰ পৰা জাহিৰুল ইছলাম
বিপদত মহম্মদ ৰিজৱান! পাকিস্তানী বেটাৰ মহম্মদ ৰিজৱানৰ বিৰুদ্ধে নিয়ম উলংঘনৰ অভিযোগ।

ICCত অভিযোগ দাখিল উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ।

বিশ্বকাপত নেডাৰলেণ্ডচৰ বিৰুদ্ধে খেলৰ সময়ত খেলপথাৰত প্ৰাৰ্থনা কৰিছিল ৰিজৱানে।
ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে যোৱা নিশা প্ৰায় ১ মান বজাত অভিযান চলাই ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। নিশা মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় সিং ডুবেৰ নেতৃত্বত লালপানী আৰক্ষী চকীৰ আই চি প্ৰনৱ বৰুৱা,মাজবাট আৰক্ষী থানাৰ এছ আই কুশল চন্দ্র নাথ,

এছ আই চিত্রনীল দাসৰ লগত যোৱা এটা আৰক্ষীৰ দলে গোপন সুত্ৰৰ খবৰৰ ভিত্তিত অসম – অৰুণাচল সীমান্ত এলেকাৰ ৰৌতা গাওঁৰ ৰৌতা নদীৰ কাষত ঘন জংঘলৰ মাজত অভিযান চলাই ১২২ কেজি ভাং জব্দ কৰিবলৈ সমৰ্থ হয়।

উল্লেখ্য যে উক্ত অঞ্চলত আৰক্ষী প্ৰৱেশৰ উমান পায় ভাং ব্যৱসায়ী সকল আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। পিছত মাজবাট আৰক্ষীয়ে ভাংখিনি মাজবাট থানালৈ লৈ আহে আৰু ৭৬/২৩ নম্বৰত কেচ এটা ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। ভাং খিনিৰ আনুমানিক মূল্য ১২ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
মাজবাটৰ পৰা যতীন নাথৰ ৰিপোৰ্ট
বিশ্বনাথত অসম মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় শ্ৰেণীৰ অধীনত উপকৃত হ’ব ২৭১৩ গৰাকী হিতাধিকাৰী
বিশ্বনাথ ১৬ অক্টোবৰ অসম চৰকাৰে ৰাজ্যখনৰ মাইক্ৰ’ফাইনেন্স খণ্ডৰ ঋণী সকলে সম্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অসম মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ অধীনত আৰ্থিক সকাহ প্ৰদান কৰি আহিছে । এই সকাহ আঁচনিৰ তৃতীয় শ্ৰেণীৰ (CATEGORY – III) অধীনত বিশ্বনাথ জিলাতো আজি ঋণ গ্ৰহণ কাৰীক ঋণ মুক্ত প্ৰমাণ পত্ৰ (No Dues Certificate) আনুষ্ঠানিকভাৱে বিতৰণ শুভাৰম্ভ কৰা হয়।
বিশ্বনাথ চাৰিআলিৰ আৱৰ্ত ভৱনৰ সমিপৰ খেল পথাৰত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত হিতাধিকাৰী সকলৰ মাজৰে পাঁচ গৰাকীক ঋণ মুক্ত প্ৰমাণ পত্ৰ প্ৰদান কৰি এই বিতৰণ প্ৰক্ৰিয়াৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প, ৰেচম আৰু ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই । তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ প্ৰমুখ্যে গণ্য মান্য ব্যক্তি সকলৰ উপস্থিতিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই প্ৰমাণ পত্ৰ বিতৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি প্ৰদান কৰা ভাষণত কয় যে, এই তৃতীয় পর্যায়ত চৰকাৰে ২৫,০০০ টকালৈকে ঋণ লোৱাসকলক অগ্ৰাধিকাৰ দিছো।

চৰকাৰে ২৫,০০০ৰ পৰা ৫০,০০০ টকালৈকে ঋণগ্রহণকাৰীসকলকো এই সুবিধা প্ৰদানৰ কথা সক্রিয়ভাৱে বিবেচনা কৰি আছে, যাৰ ফলত তেওঁলোক পুনৰবাৰ ঋণ লোৱাৰ বাবে যোগ্য হৈ উঠিব ।মন্ত্ৰী গৰাকীয়ে জিলাখনৰ সকলো মাইক্ৰ’ফাইনেন্স ঋণ গ্রহণকাৰীকে তেওঁলোকৰ বকেয়া ঋণসমূহ সময়মতে পৰিশোধ কৰিবলৈ আহ্বান জনাই প্রতিষ্ঠানসমূহে যিদৰে প্ৰয়োজনৰ সময়ত আইমাতৃ সকলক ঋণ প্ৰদান কৰি সহায় কৰিছে, তেওঁলোককো ঋণ পৰিশোধ কৰি সহায় কৰাটো সকলোৰে দায়িত্ব বুলি উল্লেখ কৰে ।
উল্লেখযোগ্য যে, বিশ্বনাথ জিলাখনত এই আঁচনিৰ অধীনত মুঠ ২৭১৩ গৰাকী হিতাধিকাৰী আইমাতৃ উপকৃত হ’ব। উল্লেখ্য যে অসম মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ দ্বিতীয় পৰ্যায়ৰ অধীনত বিশ্বনাথ জিলাত মুঠ ১২,৫৯০ গৰাকী প্ৰথম শ্ৰেণীৰ হিতাধিকাৰী উপকৃত হৈছে। সেইদৰে জিলাখনত দ্বিতীয় শ্ৰেণীৰ ৩০৯৯ গৰাকী হিতাধিকাৰীও উপকৃত হৈছিল।

অনুষ্ঠানটিত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰি মাইক্ৰফাইনেন্স প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰি বিভিন্ন কাৰণত সমস্যাৰ সন্মুখীন হোৱা ৰাজ্যখনৰ আই-মাতৃ সকলৰ বাবে বৰ্তমান চৰকাৰখনে এই অভিলাষী আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি এনে অভিলাষী আঁচনিৰে আইমাতৃ সকলক উপকৃত কৰাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে।তেওঁলোকে লগতে ইয়াকো কয় যে, প্ৰতিগৰাকী আইমাতৃ আত্ম নিৰ্ভৰশীল হ’বৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে ।
ভাস্কৰজ্যোতি বৰাই আঁত ধৰা আৰু জিলাখনৰ কেইবাহাজাৰ হিতাধিকাৰী আইমাতৃ উপস্থিত থকা এই অনুষ্ঠানত বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে আদৰনি ভাষন প্ৰদান কৰে। নাতিদীৰ্ঘ অনুষ্ঠানটিত বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী লাবণ্য চাৰেঙীয়া, পিছপৰা জাতি পৰিষদৰ উপাধ্যক্ষ ডা:ৰঞ্জন গগৈ, সমাজকৰ্মী পংকজ বৰা, দিগন্ত ঘাটোৱাৰ, আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, অতিৰিক্ত জিলা আয়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমনি বৰা আদিৰ লগতে কেইবাহাজাৰ হিতাধিকাৰী, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু জিলা প্ৰশাসনৰ কৰ্মচাৰীসকল উপস্থিত আছিল ।