Breaking

যোগীঘোপাত চৰকাৰী বিদ্যালয়ৰ শিক্ষকক স্কুটি প্ৰদান কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ…

0 86

চৰকাৰে শিক্ষকক স্কুটি দিব, যোগীঘোপাত প্ৰতিবাদ । যোগীঘোপাত বিজেপি চৰকাৰৰ বিৰুদ্ধে একাংশ যুৱকৰ প্ৰতিবাদ । চৰকাৰী বিদ্যালয়ৰ শিক্ষকক স্কুটি প্ৰদান কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ।যোগীঘোপাৰ চলন্তাপাৰা বজাৰত একাংশ সচেতন যুৱকৰ, এই প্ৰতিবাদ ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা চৰকাৰী শিক্ষকক স্কুটি প্ৰদান কৰিব বুলি সিদ্ধান্তৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

স্কুটিৰ পৰিৱৰ্তে ভেঞ্চাৰ স্কুল সমুহ চৰকাৰীকৰণ কৰক, বিজেপি চৰকাৰ হায় হায়, শিক্ষক সকলক হিতাধিকাৰী নহয় প্ৰাপ্য অধিকাৰ দিয়ক আদি বিভিন্ন শ্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে প্ৰতিবাদকাৰী সকলে ।

যোগীঘোপাৰ পৰা জাহিৰুল ইছলাম

Leave A Reply