Home Blog Page 1304

দুলীয়াজান আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত তিনিটাকৈ ড্ৰাগছ সৰ্বৰাহকাৰী আটক…

👉Slug—— দুলীয়াজান আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত তিনিটাকৈ ড্ৰাগছ সৰ্বৰাহকাৰী আটক ।
👉 দুলীয়াজান আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত তিনিটাকৈ ড্ৰাগছ সৰ্বৰাহকাৰী আটক ।
👉অভিযানত ASO6 R 0751 এখন ছুইফট ডিজাইয়াৰ গাড়ী সহ AS06 Y 4340 নম্বৰৰ স্কুতি জব্দ কৰিছে আৰক্ষীয়ে ।


👉গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অইল কলনিত অভিযান চলাই প্ৰথমে বৰুৱা তিনিআলিৰ ঋতুপণ বৰবৰাক আটক কৰে ।
👉ঋতুপণ বৰবৰাৰ চিকাউক্তিৰ ভিত্তিত দুলিয়াজান থাপা বস্তিৰ চাহিল বাল্মীকি আৰু বিজুলীৰৰ প্ৰিয়ংছোঁ বড়োক আটক কৰিছে ।


👉তিনিওটা ড্ৰাগছ সৰ্বৰাহকাৰী জিমাৰ পৰা দুলীয়াজান আৰক্ষীয়ে ২.২৮ গ্ৰাম হেৰইন জব্দ কৰিছে ।
👉ইফালেদি এই সন্দৰ্ভত দুলিয়াজান আৰক্ষীয়ে 260/23 u/s279/427 IPC R/W Sec21(a)/27 NDPS Act পঞ্জীয়ন কৰি অনুসন্ধান অব্যাহত ৰাখিছে ।

‘বিগ বছ ১৭’ত প্ৰাক্তন দম্পতী, ছলমান খানৰ সন্মুখতে কাজিয়া ঈশা অভিষেকৰ; বিগ বছত কেনেকৈ সহ্য কৰিব ইজনে সিজনক…

বিগ বছ ১৭: ‘বিগ বছ ১৭’ত এইবাৰ প্ৰাক্তন দম্পতী ঈশা মালভিয়া আৰু অভিষেক কুমাৰ উপস্থিত। দুয়োজনে এসময়ত ইজনে সিজনক ভাল পাইছিল, জানেনে তেওঁলোকৰ ব্ৰেকআপৰ কাৰণ কি আছিল? আৰম্ভ হৈছে টিভিৰ আটাইতকৈ বিতৰ্কিত অনুষ্ঠান ‘বিগ বছ ১৭’। কালি প্ৰিমিয়াৰ নাইটত শ্ব’টোৰ আয়োজক ছলমান খানে এজন এজনকৈ ছিজন ১৭ৰ প্ৰতিযোগীসকলৰ মুখ প্ৰকাশ কৰে। উদাৰিয়ানৰ ফেম তাৰকা ঈশা মালভিয়া আৰু অভিষেক কুমাৰও শ্ব’টোত উপস্থিত হৈছে। আমোদজনক কথাটো হ’ল দুয়োজনেই প্ৰাক্তন দম্পতী।

বিগ ১৭ৰ প্ৰতিযোগী ঈশা মালভিয়া আৰু অভিষেক কুমাৰৰ মাজত এসময়ত সম্পৰ্ক আছিল। উদাৰীয়াৰ চেটত দুয়োৰে বন্ধুত্ব গঢ়ি উঠিছিল আৰু লাহে লাহে তেওঁলোকৰ বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হৈছিল। অৱশ্যে কিছুদিনৰ পিছত দুয়োৰে মাজত বিচ্ছেদ ঘটিল।

এতিয়া লক্ষণীয় হ’ব ছলমান খানৰ সন্মুখত বিগবছৰ মঞ্চত ইজনে সিজনৰ ওপৰত খং কৰা প্ৰাক্তন দম্পতী ঈশা মালভিয়া আৰু অভিষেক কুমাৰে বিগ বছৰ ভিতৰত ইজনে সিজনক কিদৰে সহ্য কৰিব।


আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ যোগদান ভাৰতীয় জনতা যুৱ মৰ্চাত…

দেওবাৰে গুৱাহাটী মহানগৰীৰ এখন আগশাৰী মহাবিদ্যালয় আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় (স্বায়ত্বশাসিত) ৰ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ভাৰতীয় জনতা যুৱ মৰ্চাত আনুষ্ঠানিক ভাৱে যোগদান কৰে। আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি তথা মধ্য গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰাক্তন উপদেষ্টা গৌৰৱ বৰ্মন, আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় আছু গোটৰ প্ৰাক্তন উপদেষ্টা সত্যব্ৰত কলিতা, সাধাৰণ সম্পাদক তৃণয়ন বৰুৱা, সহকাৰী সাধাৰণ সম্পাদক দেবাংশুজ্যোতি দাস, মধ্য গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শংকুমণি দাস, অখিল ভাৰতী বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা তথা ছাত্ৰ ৰাজনীতিত জড়িত ৰাজ দাস, নুনমাটি ছাত্ৰ সন্থাৰ প্ৰাক্তন বিত্ত সম্পাদক বিশাল দত্ত, দিপ্ৰজিৎ গোষাল, দিপাঞ্জন দত্ত, কুশল চুব্বা আদিকে প্ৰমুখ্য কৰি কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে ভাৰতীয় জনতা যুৱ মৰ্চাত যোগদান কৰে।

যোগদান কাৰ্য্যসূচীত ভাৰতীয় জনতা যুৱ মৰ্চাত ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা ডাঙৰীয়া, অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যোগীকৰণ আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, ৰাজ্যিক বিজেপিৰ মুখ্য সাংগঠনিক সম্পাদক জি. আৰ. ৰবীন্দ্ৰ ৰাজু, অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধক্ষ্য প্ৰণৱ লহকৰ ডাঙৰীয়া, ৰাজ্যিক বিজেপিৰ কাৰ্যবাহী সদস্য ৰাতুল শৰ্মা ডাঙৰীয়াৰ লগতে কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

দুৰ্গা পূজাৰ প্ৰাকক্ষণত মহানগৰীৰ বেলতলাত তীব্ৰবেগী ডাম্পাৰে মহটিয়ালে পূজা কমিটীৰ মূল তোৰণ…

দুৰ্গা পূজাৰ প্ৰাকক্ষণত মহানগৰীৰ বেলতলাত অঘটন। তীব্ৰবেগী ডাম্পাৰে মহটিয়ালে পূজা কমিটীৰ মূল তোৰণ। বেলতলা লক্ষ্মী মন্দিৰ সাৰ্বজনীন দুৰ্গা পূজাৰ আছিল তোৰণখন।

চাৰিদিন পূৰ্বে নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল তোৰণখনৰ। ডাম্পাৰখনে খুন্দিয়াই মহটিয়াই নিলে পদপথৰ দুখনকৈ দোকানো।

দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন ডাম্পাৰ চালকৰ। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS 01 KC 9789।

ওখ হ’ব বিচাৰে নেকি? উচ্চতা বৃদ্ধি কৰাত এই ৮টা ছুপাৰফুড ফলপ্ৰসূ…

উচ্চতা বৃদ্ধি কৰা খাদ্য: যদি আপোনাৰ শিশুৰ উচ্চতা বৃদ্ধি হোৱা নাই তেন্তে ইয়াৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই। উচ্চতা এনেকুৱা এটা বস্তু যে যদি কম হয় তেন্তে ই ব্যক্তিত্বত পাৰ্থক্য আনে। বহু পৰিমাণে ই জিনীয় অৰ্থাৎ পিতৃ-মাতৃৰ উচ্চতাৰ ওপৰতো নিৰ্ভৰ কৰে। যি শিশুৰ উচ্চতা বৃদ্ধি নহয়, তেওঁলোকৰ পিতৃ-মাতৃয়েও বহু ধৰণৰ ঔষধ খুৱাই। কিন্তু আপুনি জানেনে যে কিছুমান ছুপাৰফুড আছে যিবোৰ খালে উচ্চতা বৃদ্ধি পায়। উচ্চতা বৃদ্ধি কৰা ৮টা ছুপাৰফুড হৈছে-


গাখীৰ- গাখীৰত কেলচিয়াম আৰু ভিটামিন ডি প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াত সেই সকলোবোৰ বস্তু থাকে যিয়ে শৰীৰক শক্তিশালী কৰে আৰু হাড়ক শক্তিশালী কৰে। প্ৰতিদিনে ল’ৰা-ছোৱালীক এগিলাচ গাখীৰ খুৱাব লাগে।

দৈ- দৈও এটা ছুপাৰফুড। শিশুৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় কেলচিয়াম আৰু প্ৰটিন ইয়াত পোৱা যায়। দৈত থকা প্ৰ’বায়’টিকে পাচনতন্ত্ৰকো শক্তিশালী কৰে।

সেউজীয়া পাচলি- যদি আপুনি শিশুৰ উচ্চতা বৃদ্ধি কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে তেওঁলোকক সেউজীয়া শাক-পাচলি খুৱাব। কচু, বন্ধাকবি, কলাৰ্ড গ্ৰীণ আদি শাক-পাচলি নিয়মিতভাৱে খাবলৈ দিয়ক। ইয়াত ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে পোৱা যায়।


কণী- কণীও এটা ছুপাৰফুড। বৃদ্ধিৰ বাবে প্ৰয়োজনীয় প্ৰটিন ইয়াত পোৱা যায়। ইয়াত এমিনো এচিডো থাকে, গতিকে ই কলা মেৰামতি আৰু নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কণীত ভিটামিন ডিও পোৱা যায় যিয়ে কেলচিয়াম শোষণত সহায় কৰে।

ওটচ- ওটচ খোৱাটোও উপকাৰী বুলি প্ৰমাণিত। ইয়াত আঁহ, ভিটামিন আৰু খনিজ পদাৰ্থৰ উত্তম উৎস। শিশুৰ পুষ্টিৰ ক্ষেত্ৰত ই বহুখিনি সহায় কৰে।

বাদাম- শিশুৰ বৃদ্ধিৰ বাবে নিয়মিতভাৱে আলমণ্ড, আখৰোট, বীচ আৰু শণৰ গুটি খুৱাব লাগে। ইয়াত স্বাস্থ্যকৰ চৰ্বি, ভিটামিন আৰু প্ৰটিন পোৱা যায়। এইবোৰে শিশুৰ উচ্চতা বৃদ্ধি কৰাত সহায় কৰে।

ফলমূল- শিশুৰ খাদ্য তালিকাত ফল-মূল অন্তৰ্ভুক্ত কৰিব লাগিব। কল, অমিতা, আম আৰু বতৰৰ ফল খুৱাব। ফলমূলত ভিটামিন আৰু প্ৰটিন থাকে। যেতিয়া কলাজেন সৃষ্টি আৰু হাড় শক্তিশালী কৰিবলৈ ব্যৱহাৰ কৰা হয়।

মিঠা আলু- মিঠা আলুও এটা ছুপাৰফুড। খাবলৈও সোৱাদযুক্ত আৰু ইয়াত বিটা কেৰটিন আৰু ভিটামিন এৰ উত্তম উৎস। এনেকৈ খালে হাড়, দাঁত আৰু ছাল সুস্থ হৈ থাকে।


কচুৱা এম ই স্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ছামচুদ্দিন আহমেদৰ পৰলোক…

আজি পূৱা দহ বজাত কচুৱা এম ই স্কুলৰ প্ৰতিষ্ঠাপক তথা অৱসৰ প্ৰাপ্ত প্ৰধাণ শিক্ষক ছামচুদ্দিন আহমেদৰ নগাঁও চহৰৰ এখন ব্যক্তিগত নাৰ্চিং হস্পিটালত মৃত্যু হয় ৷ প্ৰয়াত শিক্ষক গৰাকী ১৯৫৮ চনত কচুৱাএম ই স্কুল প্ৰতিষ্ঠা কৰি ১৯৯০ চনলৈ সুদীৰ্ঘ ৩২ বছৰ কাল শিক্ষকতা কৰি এইখন বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷ তেওঁ কচুৱাত ১৯৭২চনত” কচুৱা হাই স্কুল “ৰো প্ৰতিষ্ঠাপক উদ্যোক্তা আছিল ৷

কামপুৰ নগৰ সমিতিৰ বাসিন্দা হৈয়ো সুদুৰ দহ কিলোমিটাৰ দূৰত্বৰ কচুৱাত বিদ্যালয়খন প্ৰতিষ্ঠা কৰি শিক্ষাৰ পোহৰ বিলোৱাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল ৷ শিক্ষক গৰাকী ইহ সংসাৰত দুই পুত্ৰ তিনি গৰাকী জীয়ৰীৰ লগতে নাতি নতিনীয়েকক এৰি থৈ যায় ৷ শিক্ষক গৰাকীৰ মৃত্যুত কচুৱা অঞ্চলত এক শোকৰ ছাঁ পৰিছে ৷

দুলীয়াজান আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, আটক তিনি সৰবৰাহকাৰীক…

নিশা দুলীয়াজান আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক।


অভিযানত ASO6 R 0751 এখন ছুইফট ডিজাইয়াৰ গাড়ীসহ AS06 Y 4340 নম্বৰৰ স্কুতি জব্দ কৰিছে আৰক্ষীয়ে।


গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অইল কলনিত অভিযান চলাই প্ৰথমে বৰুৱা তিনিআলিৰ ঋতুপণ বৰবৰাক আটক কৰে।


ঋতুপণ বৰবৰাৰ চিকাউক্তিৰ ভিত্তিত দুলিয়াজান থাপা বস্তিৰ চাহিল বাল্মীকি আৰু বিজুলীৰৰ প্ৰিয়ংছোঁ বড়োক আটক কৰিছে।


তিনি ড্ৰাগছ সৰবৰাহকাৰীক জিমাৰ পৰা দুলীয়াজান আৰক্ষীয়ে ২.২৮ গ্ৰাম হেৰইন জব্দ কৰিছে ।


এই সন্দৰ্ভত দুলিয়াজান আৰক্ষীয়ে 260/23 u/s279/427 IPC R/W Sec21(a)/27 NDPS Act পঞ্জীয়ন কৰি অনুসন্ধান অব্যাহত ৰাখিছে ।


মুখখনৰ সৌন্দর্য লুকাই থাকে ওঁঠযুৰিত ! শীতকালত ওঁঠৰ পৰিচর্যা কেনেকৈ ল’ব জানক…

আমাৰ মুখখনৰ গোটেই সৌন্দর্য লুকাই থাকে ওঁঠযুৰিত। গতিকে ইয়াৰ পৰিচৰ্য্যৰ খুবেই প্রয়োজন। বিশেষকৈ এই শীতৰ সময়ছোৱাত। এই সময়ত ওঁঠযুৰিৰ যতন নল’লে ওঁঠযুৰু ফাটি যায়। কিছুমান ওঁঠ ক’লা পৰি সৌন্দর্য স্নান হোৱা দেখা যায়। গতিকে শীতকালত ওঁঠৰ পৰিচর্যা কৰাটো খুবেই প্রয়োজন।

  • শীতকালত ৰাতি শোৱাৰ আগতে কেঁচা গাখীৰেৰে কপাহৰ সহায়ত সদায় পৰিষ্কাৰ কৰিব। কেঁচা গাখীৰ খুবেই কাৰ্যকৰী। কেইটোপালমান গ্লিচাৰিণ আৰু সম পৰিমাণৰ গোলাপজল মিহলি কৰি ওঁঠত লগাওক। ওঁঠ ফটাৰ পৰা মুক্তি পাব।

  • শীতকালত সপ্তাহত দুদিন গুলপীয়া ৰঙৰ গোলাপৰ পাহিৰ লগত গাখীৰ মিহলাই এটা লেপন তৈয়াৰ কৰি ১৫/২০ মিনিটমানৰ বাবে ওঁঠৰ লগাবচোন। গোটেই শীতকালত আপোনাৰ ওঁঠযুৰি নিমজ আৰু উজ্জ্বল হৈ থাকিব।
  • এই সময়ত বহুতৰে ওঁঠ ক’লা পৰা দেখা যায়। এনেকুৱা হ’লে নিয়মীয়াকৈ কেইটোপালমান নেমুৰ ৰসৰ লগত মৌজোল মিহলাই লগালে ওঁঠৰ ৰং স্বাভাৱিক হ’ব।
  • শীতকালত ওঁঠত বাদামৰ তেল লগালে ওঁঠৰ ছাল ভালে থাকে।
  • শীতৰ সময়ছোৱাত ওঁঠত ভাল কোম্পানীৰ ময়শ্বাৰাইজাৰ লগাব লাগে। অথবা ঘৰুৱাভাৱে যদি আপুনি মইষ্ট কৰি ৰাখিব বিচাৰে, তেন্তে ওঁঠত মৌজোল লগাব।

দিনৰ ভাগত যেতিয়া লিপ্‌ষ্টিক লগাব, ছান প্রটেকচন ফেক্টৰ চমুকৈ এছ পি এফ যুক্ত লিপ্‌ষ্টিকহ ব্যৱহাৰ কৰিব। ভাল কোম্পানীৰ লিপষ্টিক, লিপবাম, লিপপেঞ্চিল ব্যৱহাৰ কৰিব লাগে।

শৰীৰৰ অন্যান্য অংশৰ ছালৰ তুলনাত ওঁঠৰ ছাল পাতল হয়। ওঁঠৰ একাধিক ছালৰ তৰপ নথকা হেতুকে শীতকালত বিশেষ যতন ৰখা দৰকাৰ।

ভাৰত পাকিস্তানৰ মেচ উপভোগ কৰিবলৈ গৈ ২৪ কেৰেট সোণৰ আইফোন হেৰুৱালে উৰ্বশী ৰাউটেলাই…

ভাৰত আৰু পাকিস্তানৰ মেচ উপভোগ কৰিবলৈ গৈ ২৪ কেৰেট সোণৰ আইফোন হেৰুৱালে উৰ্বশী ৰাউটেলাই।
ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে উৰ্বশী ৰাউটেলাৰ শেহতীয়া পোষ্ট। এই পোষ্টটোত উৰ্বশীয়ে কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত খেলখন চাই থাকোঁতে ষ্টেডিয়ামত তেওঁৰ ২৪ কেৰেট সোণৰ আইফোনটো হেৰাই।এই পোষ্টটোৰ জৰিয়তে উৰ্বশীয়েও ৰাইজক সহায় কৰিবলৈ আহ্বান জনায় উৰ্বশীয়ে। উৰ্বশীৰ এই পোষ্টটো ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে আৰু মানুহে এই পোষ্টটোত অহৰহ মন্তব্য কৰিছে।

উৰ্বশীৰ এই পোষ্টটোৰ প্ৰতি সঁহাৰি জনাইছে আহমেদাবাদ আৰক্ষীয়ে। অভিনেত্ৰীগৰাকীৰ এই পোষ্টটোৰ ওপৰত মন্তব্য কৰি আহমেদাবাদ আৰক্ষীয়ে তেওঁৰ ফোনটোৰ সৈতে জড়িত সকলো তথ্য বিচাৰিছে যাতে তেওঁলোকে ফোনটোৰ তদন্ত আৰম্ভ কৰিব পাৰে। অৱশ্যে ইয়াৰ পূৰ্বে বহু তাৰকাই মেচৰ সময়ত নিজৰ ফোন হেৰুৱাইছে। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ ফোন এই ষ্টেডিয়ামত হেৰাইল।

এই মেচৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে মেচখনৰ বাবে ৫টা টিকট কিনিছিল আৰু এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল যিটো শিৰোনামত থাকি গ’ল। উৰ্বশী ৰাউটেলা অভিনয়তকৈ ছ’চিয়েল মিডিয়াত ফটো আৰু ভিডিঅ’ৰ বাবেই বেছি লাইমলাইটত আছে। অনুৰাগী আৰু চেলিব্ৰিটিসকলে তেওঁৰ ভিডিঅ’ত অবিৰতভাৱে মন্তব্য কৰি থাকে।


আজি প্ৰদান কৰা হ’ব মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফৰ প্ৰমাণ-পত্ৰ…

আজি প্ৰদান কৰা হ’ব মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফৰ প্ৰমাণ-পত্ৰ।

ৰাজ্যৰ ভিন্ন স্থানত আয়োজন কৰা হৈছে প্ৰমাণ-পত্ৰ বিতৰণ অনুষ্ঠানৰ। ডিব্ৰুগড়ত অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মানকটা খেলপথাৰত সম্বোধন কৰিব বিশাল জনসভাক। সন্ধিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক, শিক্ষাৰ্থীৰে কৰিব মত বিনিময়।