- কাজিৰঙাত অঘটন৷ বাগৰি বনাঞ্চলত গঁড়ৰ আক্ৰমণত আহত বনকৰ্মী৷

- বাগৰি বনাঞ্চলৰ ভৈচামাৰী এলেকাত কৰ্তব্যৰত অৱস্থাত সংঘটিত হয় এই ঘটনা৷

- আহত বনকৰ্মী জনৰ নাম নাৰায়ন দাস ৷


ভূপেন বৰাই কংগ্ৰেছ শূণ্য কৰিব – বদৰুদ্দিন আজমল

লোকসভাত তিনিখন আসনৰ বিজয় লাভ কৰাৰ লক্ষ্য AIUDF
নগাঁও, কৰিমগঞ্জ আৰু ধুবুৰী লোকসভাত বিজয় লাভ কৰিব AIUDF

‘I.N.D.I.A. ৰ লগত সংযোগ হ’ব AIUDF’ বদৰুদ্দিন আজমল
কালি ৰবিবাৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহম্মদ আলী খলিফাৰ নেতৃত্বত এটি সজাতি দলে অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ বিভিন্ন প্ৰান্তত উচ্ছেদ হোৱা লোক সকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰে বুলি আজি সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আবু বক্কৰ ছিদ্দিকে জুৰীয়াত সাংবাদিকৰ আগত কয়।

বিশেষকৈ বুঢ়াচাপৰিত উচ্ছেদ হোৱা ভুমিহীন লোক সকল ধিং আৰু ৰূপহী ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত প্ৰায় ১০০০, এক হাজাৰোতকৈ অধিক পৰিয়ালৰ তালিকা প্ৰস্তুত কৰি উক্ত বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে।

ইফালে দৰং জিলাৰ গৰখুটিত প্ৰায় ১৪০০ পৰিয়াল আৰু হোজাই জিলাৰ লামডিংত প্ৰায় ৩৫০ জন উচ্ছেদিত পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হয়। এই সন্দৰ্ভত নগাঁও হোজাই দৰং জিলাৰ লগত উচ্ছেদ হোৱা জিলা সমূহৰ জিলা উপায়ুক্ত লগত আলাপ আলোচনা কৰি অতি শীঘ্ৰে সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে
এইবাৰৰ ৪৫ তম” প্ৰি ইউৰোপিয়ান লেসাই” পুৰস্কাৰ লাভ কৰিছে ভাৰতীয় জনপ্ৰিয় সাহিত্যিক অৰুনদ্ধতী ৰায়ে।ভাৰতীয় লেখক সকলৰ ভিতৰত অৰুনদ্ধতী ৰায়ে ১ম বাৰৰ বাবে এই পুৰস্কাৰ লাভ কৰিছে।

তেওঁ লিখা “আজাদি, ফ্ৰিডম, ফেচিজিম, ফিকচন কিতাপ খনৰ বাবে এই পুৰস্কাৰ লাভ কৰে। যোৱা জুন মাহত পুৰস্কাৰৰ নাম ঘোষনা কৰা হয় আৰু চেপ্তেম্বৰত চুইজাৰলেণ্ডত এই বটা প্ৰদান কৰা হয়।

বিছাৰক সকলে মত প্ৰকাশ কৰে যে বৰ্তমান সময়ৰ এক বৃহৎ সমস্যা ফেচিজিমৰ স্বৰূপ অৰুনদ্ধতী ৰায়ে নানান স্তৰত উদ্ঘাটন কৰিছে। বহু মানুহৰ বাবে তেওঁৰ প্ৰবন্ধ , কিতাপ এতিয়া সকাহৰ দৰে। ফৰাচীলৈ অনুবাদ হোৱা এই কিতাপৰ পুৰস্কাৰৰ মূল্য ভাৰতীয় হিচাপত ১৮ লাখ টকা।
ভাৰতবাসীয়ে আগন্তুক বৰ্ষত লাভ কৰিব বহু চৰ্চিত অযোধ্যাৰ ৰাম মন্দিৰ। এতিয়া পূৰ্ণ গতিতত চলি আছে ৰাম মন্দিৰ নিৰ্মাণৰ কাম। কিন্তু সুবিশাল এই মন্দিৰ নিৰ্মাণত এতিয়ালৈকে কিমান টকা খৰচ হৈছে বাৰু? এই বছৰৰ মাৰ্চ মাহলৈকে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৯০০ কোটি টকা ব্যয় হৈছে। শ্ৰী ৰামজন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে এই কথা প্ৰকাশ কৰিছে। ৰাম মন্দিৰৰ নিৰ্মাণ ২০২০ চনৰ ৫ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল। তেতিয়াৰে পৰা ২০২৩ চনৰ ২৩ মাৰ্চলৈকে মন্দিৰ নিৰ্মাণৰ বাবে ৯০০ কোটি টকা ব্যয় কৰা হৈছে।পৃথিৱীৰ সৰ্ববৃহৎ ৰাম মন্দিৰটো অযোধ্যাৰ বহু চৰ্চিত ভূমিত নিৰ্মাণ কৰি থকা হৈছে। এই মন্দিৰ ৩৮০ ফুট দীঘল আৰু ২৫০ ফুট বহল। উচ্চতা ১৬১ ফুট। বিশাল মন্দিৰটো থাকিব ৩৯২ টা স্তম্ভত ।
মন্দিৰৰ ৪৬ খন দুৱাৰ চেগুনৰ কাঠেৰে নিৰ্মাণ কৰা হৈছে। গৰ্ভগৃহৰ দুৱাৰখন হ’ব সোণৰ । এই মন্দিৰ নিৰ্মাণৰ সামগ্ৰী পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অনা হৈছে। মন্দিৰ নিৰ্মাণৰ বাবে ধনো ভক্তসকলৰ দানৰ পৰা আহিছে।শ্ৰী ৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই কয় যে মন্দিৰটো অহা বছৰৰ ২২ জানুৱাৰীত উদ্বোধন কৰা হ’ব।
ৰাম মন্দিৰৰ নিৰ্মাণ চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। মন্দিৰৰ উদ্বোধনী অনুষ্ঠানটো ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব। শ্ৰী ৰামজন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ মুৰব্বীগৰাকীয়ে কয় যে ৰাম মন্দিৰ সমিতিৰ একাউণ্টত এতিয়াও ২,০০০ কোটি টকা জমা আছে।উল্লেখ্য লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিৰোধীৰ ইণ্ডিয়া মিত্ৰাৰ সৈতে ফেৰ মাৰিবলৈ বিজেপিয়ে ৰাম মন্দিৰৰ বিষয়টো অস্ত্ৰ হিচাবে ল’ব পাৰে। ৰাম মন্দিৰ নিৰ্মাণৰ সাফল্যৰ কথাৰে বিজেপি নেতৃত্বই আগন্তুক লোকসভা নিৰ্বাচনত হিন্দু ভোটৰ মেৰুকৰণ কৰাৰ লক্ষ্য কৰি লৈছে বুলিও বহুতে মন্তব্য কৰিছে।
এক চাইকেল ৰেলীৰ ফ্লেগ অফ কৰে শ. আৰ কে ভূমিবলাই, এই ৰেলী আই জি, ফ্ৰন্টিয়াৰ Hqrs SSB গুৱাহাটীৰ পৰা 1ST Bn SSB, সোণাপুৰৰ লৈ। এই চাইকেল ৰেলীৰ উদ্দেশ্য হৈছে “পৰিৱেশৰ ঐক্য আৰু সুৰক্ষা” বাৰ্তা প্ৰচাৰ কৰা। এই অনুষ্ঠানত সমগ্ৰ ভাৰতৰ পৰা এছ এছ বিৰ মুঠ ৩৪ গৰাকী চাইকেল আৰোহীয়ে অংশগ্ৰহণ কৰে।

এই সমাৱেশে ঐক্যৰ প্ৰতীক আৰু আমাৰ পৰিৱেশ ৰক্ষাৰ প্ৰচেষ্টা আৰম্ভ কৰে। ইয়াৰ উপৰিও জনসাধাৰণক চাইকেল গ্ৰহণ কৰিবলৈ উদ্বুদ্ধ কৰে, যিয়ে পৰিৱেশ ৰক্ষা কৰা আৰু বায়ু প্ৰদূষণ ৰোধ কৰাই নহয়। সুস্থ জীৱনশৈলী গ্ৰহণ কৰাত সহায় কৰিব। 1st Bn SSB Sonapur ৰ পৰা প্ৰায় 1000 মান দূৰত্ব অতিক্ৰম কৰি এই ৰেলী আৰম্ভ কৰে। ৪ দিনৰ ভিতৰত ২৮৫ কি.মি. অতিক্ৰম কৰিব।

গুৱাহাটী প্ৰেছ ক্লাৱত সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ গোস্বামী স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত ০৯ অক্টোবৰ, ২০২৩ তাৰিখে “সোঁৱৰণীৰ সুবাস” শীৰ্ষক গ্ৰন্থ এখনিৰ শুভ উন্মোচনী অনুষ্ঠানৰ সম্পন্ন কৰা হয় । বহু আগৰে পৰা বিভিন্ন কাকত আলোচনীত মাজে সময়ে দুই এটা লিখনি লিখি জীৱনৰ শেষ বয়সত হ’লেও স্থায়ী ভাবে সমাজত কিবা এটা থৈ যোৱাৰ মানসেৰে কলম তুলি লোৱা লেখিকা দিব্যৰেখা গোস্বামীৰ “সোঁৱৰণীৰ সুবাস” প্ৰথম খন মৌলিক গ্ৰন্থ। গ্ৰন্থখন উন্মোচন কৰে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সভানেত্ৰী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী মাননীয়া শ্ৰীযুতা মৃণালিনী দেৱী লগতে অৱসৰ প্ৰাপ্ত কেন্দ্ৰীয় কৰ বিষয়া তথা অসমৰ বিশিষ্ট নাগৰিক,চিন্তাশীল ব্যক্তি, বিশিষ্ট লেখক শ্ৰীযুত হেমন্ত বিজয় মহন্ত দেৱে।গ্ৰন্থখন উন্মোচন কৰি ভাষণ প্ৰসঙ্গত বিশিষ্ট সমাজ সেৱিকা মৃণালিনী দেৱীয়ে কয় যে, “লেখিকাৰ লিখনিত প্ৰচুৰ সম্ভাৱনা সোমাই আছে।কাৰণ বিদেশ ভ্ৰমণ কৰি দেখি শুনিয়ে তেখেতে বহু কথা শিকিছে।গোস্বামী আইৰ এই কাৰ্য্য প্ৰসংশনীয় তথা নবীন লেখক লেখিকা সকলৰ বাবে এক প্ৰেৰণা।” আনহাতে আন জন উন্মোচক সত্ৰীয়া সংস্কৃতিৰ সাধক হেমন্ত বিজয় মহন্তই কয় “যি সময়ত লেখিকাই জন্ম গ্ৰহণ কৰিছিল তেনে সময়ত মহিলাই ঘৰৰ ভিতৰতেই ওৰণীৰ তলত নিজকে আবদ্ধ কৰি ৰাখিছিল । কিন্তু তেনে সময়তো লেখিকাই নিজৰ জীৱনটো প্ৰত্যাহ্বান হিচাপে লৈ বিভিন্ন ঠাই ঘূৰি আহৰণ কৰা শিক্ষাৰে পাঠক সমাজৰ বাবে গ্ৰন্থ এখন আগবঢ়াই দিয়াটো বহু ডাঙৰ কথা।”
উক্ত গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট ব্যক্তি কেই গৰাকীৰ লগতে লেখিকা দিব্যৰেখা গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰে। সত্ৰ সংস্কৃতিৰ বাহক পৱিত্ৰ খোল বাদনেৰে অনুষ্ঠানটোৰ শুভ আৰম্ভণি কৰা হয়। তাৰ পাছতে সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ গোস্বামী স্মৃতি ৰক্ষা সমিতিৰ সাধাৰণ সম্পাদিকা মিতালী গোস্বামী ট্ৰচিনে এটি আদৰণী ভাষণেৰে অনুষ্ঠানটিত উপস্থিত আটাইকে উষ্ম আদৰণী জনাই। উল্লেখ্য যে “সোঁৱৰণীৰ সুবাস” গ্ৰন্থখন লেখিকাই তেওঁৰ প্ৰয়াত স্বামী তথা অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি, শ্ৰী শ্ৰী জকাই সত্ৰৰ সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ গোস্বামীৰ নামত উৎসৰ্গা কৰে। শেষত সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ গোস্বামী স্মৃতি ৰক্ষা সমিতিৰ যুটিয়া সম্পাদিকা মৃণালী চৌধাৰীয়ে অনুষ্ঠানটিত উপস্থিত আটাইলৈ শলাগৰ শৰাই আগবঢ়াই। যুৱ লেখিকা তথা উন্মোচিত গ্ৰন্থখনৰ সম্পাদনাৰ দায়িত্ব লোৱা পাৰিজাত সন্দিকৈয়ে আঁত ধৰা অনুষ্ঠানটিত অৰ্ধশতাধিক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ মাতৃক এটা কুকুৰ উপহাৰ দিছে। ইয়াৰ পাছতে এতিয়া এই কুকুৰটোক লৈ বিবাদ আৰম্ভ হৈছে। ৰাহুল গান্ধীয়ে মাতৃ ছোনিয়া গান্ধীক উপহাৰ দিয়া কুকুৰটোৰ নাম ‘নুৰী’ ৰাখিছে। যাৰ বাবে ইয়াৰ বিৰোধিতা কৰিছে একাংশই।

এআইএমআইএম-ৰ অধ্যক্ষ আছাদুদ্দিন ওৱেছীয়ে ইয়াৰ বিৰোধিতা কৰা দেখা যায়। দলটোৰ উত্তৰ প্ৰদেশৰ মুখপাত্ৰ মহম্মদ ফাৰহানে কুকুৰৰ নামক লৈ ৰাহুল গান্ধীক কটাক্ষ কৰা দেখা যায়। তেওঁ কৈছে যে ইছলাম ধৰ্মৰ লাখ লাখ ছোৱালীৰ নাম নুৰী।
তেওঁ কয় যে, ইছলামত নুৰী মানে পোহৰ বা কিবা জ্বলি থকা। তেওঁৰ মতে, যেতিয়া এজনী ছোৱালীয়ে জন্মৰ পিছত পৰিয়ালটোক সুখেৰে ভৰাই তোলে, তেতিয়া তাইৰ নাম নুৰী ৰখা হয়।

তেওঁ কয় যে, ইছলাম ধৰ্মৰ লোকক অৱমাননা কৰিবলৈ ৰাহুল গান্ধীয়ে তেওঁৰ কুকুৰটোৰ নাম নুৰী ৰাখিছে । তেওঁ অভিযোগ কৰিছে যে এয়া ইছলাম ধৰ্মৰ লাখ লাখ যুৱতীক কৰা অপমান।তেওঁ লগতে ৰাহুল গান্ধীক ক্ষমা খুজিবলৈ আহ্বান জনায়। উল্লেখ্য যে, ৱাৰ্ল্ড এনিমেল ডেৰ দিনা ৰাহুল মাতৃক গোৱাৰ পৰা আনি কুকুৰটো উপহাৰ দিছিল।
শীত কালৰ অন্য এক চিনাকি বজাৰ ভৰি পৰা কমলা বা সুমথিৰা। সুগন্ধ, সুস্বাদু, সুস্বাস্থ্যৰ আকৰ কমলা টেঙাই শিশুৰ পৰা বৃদ্ধলৈ সকলোকে আকৰ্ষণ কৰে। নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ নানা আকাৰৰ কমলা অসমৰ বজাৰত ভৰি পৰে। কমলাত যথেষ্ট পৰিমাণে বিভিন্ন খাদ্যপ্ৰাণ থকাৰ উপৰি ৰোগ প্ৰতিৰোধ আৰু সৌন্দৰ্য ৰক্ষা কৰিব পৰা গুণ থাকে। সেয়ে শীতকালৰ সময়ত প্ৰচুৰ পৰিমাণে কমলা খাই স্বাস্থ্য আৰু সৌন্দৰ্য ৰক্ষা কৰিব পাৰি। বৈজ্ঞানিক বিশ্লেষণ অনুসৰি প্ৰতি ১০০ গ্ৰাম কমলা ৰসত ০.৭ গ্ৰাম প্ৰ’টিন, ২৬ মিলিগ্ৰাম কেলচিয়াম , ১,১০৪ মাইক্ৰ’গ্ৰাম ভিটামিন এ আৰু ৩০ মিলিগ্ৰাম ভিটামিন চিৰ উপৰি থাকে যথেষ্ট পৰিমাণে কেলৰি, পেকটিন, গ্লাইকোছাইড, পেনটোছেনছ, চাইট্ৰিক এচিড, ফাইবাৰ , মিনাৰেল আদি।

কমলা টেঙা মানুহৰ ছালৰ বাবে মহৌষধ। কমলাত থকা কেইবাটাও উপাদানে ছালৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ উপৰি ছাল মিহি আৰু উজ্জ্বল কৰি তোলে। কমলা যিকোনো ধৰণে খালে ছালৰ কামত আহে। তেজত কলেষ্টেৰল অতিৰিক্তভাৱে বৃদ্ধি পালে শৰীৰটো নানা ৰোগ আৰু ৰোগৰ উপসৰ্গৰ ভাণ্ডাৰ হৈ পৰে। শৰীৰৰ কলেষ্টেৰল হ্ৰাস কৰাৰ উপায় হ’ল কমলা খোৱা। কমলাৰ ৰসে তেজত কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰি শৰীৰটো বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে। তেনেদৰে শৰীৰৰ বিভিন্ন ৰোগৰ কাৰক হ’ল কোষ্ঠকাঠিন্য। পেটৰ এচিডিটিকে ধৰি বিভিন্ন ৰোগ, অৰ্শ, মুখৰ ব্ৰণ আদিৰ কাৰক হ’ল কোষ্ঠকাঠিন্য । কমলা খালে কোষ্ঠকাঠিন্য দুৰ হয় আৰু সংশ্লিষ্ট ৰোগবোৰৰ পৰা হাত সাৰিব পাৰি। পাকস্থলীৰ হজম ক্ষমতা বৃদ্ধিকে ধৰি পেটৰ বিভিন্ন ৰোগ নিয়ন্ত্ৰণ আৰু হজম ক্ষমতা বৃদ্ধিৰ বাবে কমলা টেঙাই মহৌষধৰ কাম কৰে। নিতৌ পুৱা কমলাৰ ৰস খালে যথেষ্ট উপকাৰ পোৱা যায়। সাধাৰণ পানী লগা অসুখত প্ৰতিদিনে দুটাকৈ কমলা তিনি দিনমান খালে উপশম পোৱা যায়।

শেহতীয়া গৱেষণাৰ তথ্য অনুসাৰে কমলাৰ ৰসে ৰক্ত সঞ্চালন প্ৰক্ৰিয়া স্বাভাৱিক হৈ থকাত সহায় কৰে আৰু ষ্ট্ৰোক আদিকে ধৰি বিভিন্ন স্নায়ৱিক ৰোগ প্ৰতিৰোধ কৰিব পাৰে। নিয়মিত কমলা খোৱাৰ অভ্যাস কৰিলে এনে ৰোগৰ আশংকা বহু পৰিমাণে কম হয়। ভাৰতীয় সমাজত আজিও এনিমিয়া বা ৰক্তাল্পতা এক ডাঙৰ সমস্যা হৈ আছে। কমলাৰ ৰস নিয়মিত খালে এনিমিয়াৰ পৰা হাত সাৰিব পাৰি। বিশেষকৈ গৰ্ভৱতী মহিলাক যথেষ্ট পৰিমাণে কমলা খাব দিব লাগে। কমলাৰ ৰসে মুখ-জিভাৰ ঘাৰ উপৰি শৰীৰৰ বিভিন্ন অংশত হোৱা ঘা নিৰাময় কৰিব পাৰে। বৰ্তমান প্ৰায় ৫০ শতাংশ প্ৰাপ্তবয়স্ক লোকে ৰক্তচাপজনিত বিকাৰত ভোগা দেখা যায়। কমলাৰ ৰস নিয়মিত সেৱন কৰি ৰক্তচাপ নিয়ন্ত্ৰণ ৰাখিব পাৰি বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। হৃদৰোগতো কমলা যথেষ্ট উপকাৰী বুলি স্বাস্থ্য সম্পৰ্কীয় গৱেষণাত প্ৰমাণিত হৈছে। পেশী দুৰ্বলতা প্ৰতিৰোধৰ ক্ষেত্ৰতো কমলা অতি উপকাৰী। শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে আৱশ্যকীয় বিভিন্ন উপাদান কমলাত পোৱা যায়। অৰ্থাৎ শিশুৰ বাবে কমলা হ’ব পাৰে অন্যতম খাদ্য। শিশুক সেয়ে নিয়মিত কমলাৰ ৰস খুৱাব লাগে।
লেখক: উৎপল কুমাৰ কলিতা
আৰক্ষীৰ বাবে নিশ্চিত ভাৱেই ভাল খবৰ। সাংস্কৃতিক মহাসভা অসমৰ দ্বাৰা আয়োজিত পঞ্চম ৰাজ্যিক বঁটা আৰু উপাধি প্ৰদান অনুষ্ঠান আজি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত আয়োজিত বৰ্ণাঢ্য অনুষ্ঠান অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী আফজাল আলী খণ্ডকৰক ৰাজ্যিক যুব প্ৰেৰণা বটাৰে সন্মানীত কৰা হয় । অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীযুত গোলাপ চান্দ কাটাৰিযাই আফজাল আলী খণ্ডকৰক ফুলাম গামোচা, ফুলৰ টোৰা সম্বৰ্ধনা, পত্ৰ ফুলাম জাপি, কিতাপৰ টোপোলা, সাংস্কৃতিক মহাসভাৰ প্ৰতিক আদিৰে উস্ম সম্বৰ্ধনা জনাই। সৰুৰেপৰাই লিখা মেলা কৰা খণ্ডকৰে ব্যস্ততাপূৰ্ণ আৰক্ষীত কৰ্মৰত থাকিও পেপাৰে পত্ৰৰ লগতে বিভিন্ন আলোচনী মেগাজিনত লিখাৰ লগতে বৰ্তমান লৈ পাচখন উপন্যাস এইখন কবিতা পুথি আৰু এখন ধৰ্মীয় পুথি প্ৰকাশ কৰি উলিয়াছে । আনহাতে বিভিন্ন সামাজিক কাম কাজত আগৰণুৱা আফজাল খণ্ডকৰে এগৰাকী গীতিকাৰ নাট্যকাৰ হিচাপেও মনোনিৱেশ কৰিছে ।
ইয়াৰ পুৰ্বেই তেওঁৰ কৰ্মৰাজিৰ বাবে 2021 চনত এম এচ এচ এফে ৰাষ্ট্ৰীয় গৌৰৱ বঁটা, নৰ্থ ইষ্ট আৰ্টিষ্টক টেলেন্ট ক্লাবে সাহিত্য সূৰ্য্য বটাঁৰ লগতে অসম সাহিত্য সভা অসম নাট্য সন্মিলন সাংস্কৃতিক মহাসভা অসমৰ দ্বাৰাও সন্মানিত হৈছিল।