Home Blog Page 1332

ডেংগু ৰোগৰ পৰা হাত সাৰিবলৈ এইসমূহ খাদ্য খোৱাৰ আৰম্ভ কৰক…

ডেংগু আৰু মেলেৰিয়াৰ দৰে ৰোগৰ প্ৰতি মানুহ ভয় কৰে। এই ৰোগত প্ৰথমে প্লেটলেট হ্ৰাস পায়। ইয়াৰ বাবে আপুনি কিছুমান খাদ্য গ্ৰহণ কৰিব লাগে যিয়ে শৰীৰত তেজ বৃদ্ধি কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব। য’ত ডেংগু আৰু মেলেৰিয়াৰ আশংকা সৰ্বাধিক। আজিকালি দ্ৰুতগতিত ডেংগু ৰোগ দ্ৰুতগতিত বিয়পি পৰিছে। জ্বৰ, চৰ্দি আৰু কাহ বহু দিনলৈ হয় ডেংগুত। লগতে যেতিয়া কোনো ব্যক্তি ডেংগু ৰোগত আক্ৰান্ত হয় তেতিয়া শৰীৰত ৰক্তহীনতা হয়। আটাইতকৈ বিপদজনক কথাটো হ’ল প্লেটলেটৰ সংখ্যা কমি যায়। চিকিৎসকে সদায় প্লেটলেটৰ সংখ্যা সুষম হৈ থাকিবলৈ পৰামৰ্শ দিয়ে। শৰীৰত প্লেটলেটৰ সংখ্যা বজাই ৰাখিবলৈ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। তদুপৰি এনেধৰণৰ খাদ্য খোৱাতো জৰুৰী যিয়ে শৰীৰত তেজ বৃদ্ধি কৰিব পাৰে। আজি আমি আপোনালোকক জনাম তেজ বৃদ্ধি কৰিবলৈ দৈনিক খাদ্য তালিকাত কি কি ফল অন্তৰ্ভুক্ত কৰিব….

যদি কোনো ব্যক্তি ডেংগু ৰোগত আক্ৰান্ত, তেন্তে সেই ৰোগীজনে ভিটামিন চি সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে। এইবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। শৰীৰত প্লেটলেটৰ সংখ্যা বৃদ্ধি কৰিবলৈ ছাইট্ৰাছ ফল সেৱন কৰক। যেনে কমলা, আমলখি, নেমু আৰু কেপচিকাম। ভিটামিন চি সমৃদ্ধ এই সকলোবোৰে শৰীৰত প্লেটলেটৰ সংখ্যা বৃদ্ধি কৰাত সহায় কৰিব।

যদি আপোনাৰ ঘৰত কোনো ডেংগু ৰোগী আছে তেন্তে চিকিৎসকে দিয়া ঔষধৰ বাহিৰেও ৰোগীক ডালিম খুৱাওক। প্লেটলেটৰ সংখ্যা বৃদ্ধি কৰা মৌল ডালিমত পোৱা যায়। ডালিম স্বাস্থ্যৰ বাবে অতি উপকাৰী। প্ৰচুৰ পৰিমাণে আইৰণ হোৱাৰ বাবে ই শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰে। ডালিমত পোৱা অত্যাৱশ্যকীয় খনিজ পদাৰ্থ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা পুষ্টিকৰ উপাদানে আপোনাক শক্তি প্ৰদান কৰে।

কিচমিচত আইৰণৰ ভাল উৎস। গতিকে ডেংগুৰ ক্ষেত্ৰত কিচমিচ খাব লাগে। ৰক্তহীনতাৰ দৰে ৰোগত কিচমিচ অতি উপকাৰী। একেদৰে ডেংগুতো ই অতি ফলপ্ৰসূ। শৰীৰত তেজ বৃদ্ধি কৰিবলৈ কিচমিচ এমুঠি এগিলাচ পানীত ৰাতিটো তিয়াই থ’ব লাগে। তাৰ পিছত ডেংগু ৰোগীক ৰাতিপুৱা খাবলৈ দিব। এইখিনি খালে শৰীৰত হ্ৰাস পোৱা প্লেটলেট দ্ৰুতগতিত বৃদ্ধি পাব।



দক্ষিণ মেক্সিকোৰ চিয়াপাছত শোকাৱহ পথ দুৰ্ঘটনা…

দক্ষিণ মেক্সিকোৰ চিয়াপাছত শোকাৱহ পথ দুৰ্ঘটনা।

ৰাজপথত বাগৰি পৰে যাত্ৰী কঢ়িয়াই নিয়া এখন ট্ৰাক।

দুৰ্ঘটনাত প্ৰায় ১০ গৰাকী কিউবাৰ প্ৰব্ৰজনকাৰী নিহত, গুৰুতৰভাৱে আহত ২৫গৰাকী।

দ্বিতীয় বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ পাকিস্তানী অভিনেত্ৰী মাহিৰা খান। মাহিৰাৰ দ্বিতীয় স্বামী চেলিম কৰিম কোন?

শ্বাহৰুখ খানৰ সৈতে ৰয়ছ ছবিত দেখা অভিনেত্ৰী মহিৰা খানৰ দ্বিতীয় বিবাহৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। অভিনেত্ৰীগৰাকীৰ দ্বিতীয় স্বামী কোন আৰু কি কৰে জানো আহক এই বিষয়ে। দেওবাৰে পাকিস্তানী অভিনেত্ৰী মাহিৰা খানে গোপনে প্ৰেমিক চেলিম কৰিমৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। পাকিস্তানী অভিনেত্ৰীগৰাকীৰ মেনেজাৰে শ্বেয়াৰ কৰা বিয়াৰ প্ৰথমটো ভিডিঅ’ই নিশ্চিত কৰিছে যে মাহিৰাই নিজৰ ছ’লমেট বিচাৰি পাইছে। পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুৰ উপস্থিতিত এই দম্পতীৰ বিবাহপাশত আৱদ্ধ হয়। কিন্তু মাহিৰাৰ স্বামী চেলিম কৰিম কোন?

অৱশেষত দীৰ্ঘদিনীয়া প্ৰেমিক চেলিমৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল মাহিৰা খান। বৰ্তমান অভিনেত্ৰীগৰাকীৰ বিয়াৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। আপোনালোকক কওঁ যে মাহিৰাৰ স্বামী পাকিস্তানী চলচ্চিত্ৰ জগতৰ অংগ নহয়। তেওঁ এজন ব্যৱসায়ী আৰু পাঁচ বছৰ ধৰি মাহিৰাৰ লগত ডেটিং কৰি আছিল। চেলিম মহিৰাৰ ভাল বন্ধুও। বলীউডশ্বাদিছ ডট কমকে ধৰি বহু বাতৰি অনুসৰি চেলিম হৈছে ছিম্পাইছা নামৰ এটা বিখ্যাত ষ্টাৰ্ট আপ কোম্পানীৰ চিইঅ’। এই কোম্পানীয়ে ১৫খনতকৈও অধিক দেশৰ বিভিন্ন খণ্ডৰ ব্যৱসায়ীসকলক সুবিধা প্ৰদান কৰে। চেলিমৰ কাম শ্ব’বিজৰ সৈতে জড়িত নহ’বও পাৰে, তথাপিও তেওঁ এজন পেছাদাৰী ডিজে বুলি দাবী কৰা হৈছে। খবৰ অনুসৰি চেলিম আৰু মাহিৰাৰ প্ৰথম সাক্ষাৎ হৈছিল এটা অনুষ্ঠানত। টেলিভিছন এপ্লিকেচন টাপমাড টিভিৰ দ্বাৰা প্ৰযোজনা কৰা এই অনুষ্ঠানটো।

গুৱাহাটী মহানগৰীত নিতৌ বৃদ্ধি চিলনী চোৰৰ উপদ্ৰৱ…

গুৱাহাটী মহানগৰীত নিতৌ বৃদ্ধি চিলনী চোৰৰ উপদ্ৰৱ। যুৱকৰ পৰা ম’বাইল কাঢ়ি পলায়নৰ চেষ্টা চিলনী চোৰৰ।

খেদি খেদি ৰাইজে কৰায়ত্ত কৰে চিলনী চোৰটোক। নিশা ঘোঁৰামাৰাত সংঘটিত হয় এই ঘটনা। মাতৃৰ সৈতে

যুৱকজন ঘৰলৈ গৈ থকা অৱস্থাতে এই ঘটনা। দুচকীয়া বাহনত আহিছিল দুটা চিলনী চোৰ। চিলনী চোৰ দুটাৰ পৰা জব্দ AS 01 FJ 6566 নম্বৰৰ এখন স্কুটাৰ।

গোৱালপাৰাৰ ধনুভাঙাত নিশা পথ দুৰ্ঘটনা…

গোৱালপাৰাৰ ধনুভাঙাত নিশা পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা বাহনৰ।

গছত খুন্দা মাৰি পথাৰত বাগৰি পৰে বাহনখন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৮জনকৈ লোক।

আহত আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি।

‘দুৰ্বল ব্যক্তিয়ে ক্ষমা কৰিব নোৱাৰে…’, মহাত্মা গান্ধীৰ এই বহুমূলীয়া বাক্যই আপোনাকো কৰিব অনুপ্ৰাণিত…

‘দুৰ্বল ব্যক্তিয়ে ক্ষমা কৰিব নোৱাৰে, ক্ষমা শক্তিশালী ব্যক্তিৰ গুণ’। মহাত্মা গান্ধীৰ এই বহুমূলীয়া বাক্যই আপোনাক অনুপ্ৰাণিত কৰিব। মহাত্মা গান্ধীয়ে ব্ৰিটেইনৰ ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ পৰা আইন অধ্যয়ন কৰিছিল। বহিঃৰাজ্যত অধ্যয়ন কৰিও মহাত্মা গান্ধীয়ে সমগ্ৰ জীৱন দেশ আৰু সমাজৰ কল্যাণৰ বাবে কামত উচৰ্গা কৰিছিল।প্ৰতি বছৰে ২ অক্টোবৰত সমগ্ৰ দেশত মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকী উদযাপন কৰা হয় আৰু এইবাৰ তেওঁৰ ১৫৪ তম জন্ম বাৰ্ষিকী। দেশৰ মুক্তিৰ বাবে আৰু সমাজৰ কল্যাণৰ বাবে তেওঁ কৰা কামৰ বিষয়ে দেশৰ প্ৰতিজন শিশুৱে জানে। বাপুৰ মহান কৰ্মৰাজি প্ৰতি বছৰে আজিৰ দিনটোত স্মৰণ কৰা হয়। ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পৰাবন্দৰত মহাত্মা গান্ধীৰ জন্ম হৈছিল। ইংলেণ্ডৰ পৰা আইন অধ্যয়ন কৰিও বাপুৱে সমগ্ৰ জীৱন দেশৰ সেৱাত কটালে। গুজৰাটৰ পৰা অধ্যয়ন কৰাৰ পিছত ইংলেণ্ডৰ ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ পৰা আইন অধ্যয়ন কৰে। ইয়াৰ পিছত তেওঁ ভাৰতলৈ উভতি আহি ব্ৰিটিছৰ পৰা দেশখনক মুক্ত কৰিবলৈ যুদ্ধ কৰে। অৱশ্যে তেওঁ সদায় অহিংসাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু তেওঁ মানুহক অহিংসাৰ পথ অনুসৰণ কৰিবলৈও পৰামৰ্শ দিছিল। তেওঁৰ নীতি আৰু মূল্যবোধক মানুহে এতিয়াও মনত ৰাখিছে যিয়ে লাখ লাখ লোকক দেশখনক মুক্ত কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।

মহাত্মা গান্ধীৰ গুৰুত্বপূৰ্ণ উক্তি-

‘প্ৰথমে তেওঁলোকে আপোনাক আওকাণ কৰিব, তাৰ পিছত আপোনাক হাঁহিব, তাৰ পিছত আপোনাৰ লগত যুঁজিব আৰু তাৰ পিছত আপুনি জয়ী হ’ব।’
‘নিজকে চিনি পোৱাৰ আটাইতকৈ উত্তম উপায় হ’ল নিজকে আনৰ সেৱাত ৰখা।’
‘শক্তি শাৰীৰিক ক্ষমতাৰ পৰা নহয়, অদম্য ইচ্ছাশক্তিৰ পৰাহে আহে।’
‘বেয়াক সমৰ্থন নকৰাটো ভালক সমৰ্থন কৰাৰ দৰেই গুৰুত্বপূৰ্ণ কৰ্তব্য।’
‘এটা চকুৰ বিপৰীতে চকুৱে সমগ্ৰ পৃথিৱীখনক অন্ধ কৰি পেলাব।’
‘অহিংসাই হৈছে চূড়ান্ত ধৰ্ম, যদি আমি ইয়াক গ্ৰহণ কৰিব নোৱাৰো তেন্তে আমি ইয়াৰ মনোভাৱ বুজিব লাগে আৰু যিমান পাৰি হিংসাৰ পৰা আঁতৰি থকা উচিত।’
‘এখন দেশৰ মহানতা আৰু নৈতিক অগ্ৰগতিৰ বিচাৰ তাত জীৱ-জন্তুৰ লগত যি ব্যৱহাৰ কৰা হয়।’
‘দুৰ্বল মানুহে কাকো ক্ষমা কৰিব নোৱাৰে, এইটোৱেই শক্তিশালীৰ বিশেষত্ব।’
‘মানৱতাৰ ওপৰত বিশ্বাস হেৰুৱাব নালাগে।’ মানৱতা এক সাগৰ, দুই এটা লেতেৰা টোপালে সমগ্ৰ সাগৰ প্ৰদূষিত কৰিব নোৱাৰে।


মহাত্মা গান্ধীৰ স্মৰণীয় শ্লোগান

‘ভগৱানৰ কোনো ধৰ্ম নাই।’
‘ভাৰত ত্যাগ’।
‘তৰা নহলে মৰা’
‘য’ত প্ৰেম আছে তাতেই জীৱন’।
‘হৃদয়ৰ ভাষা নাই, হৃদয়ৰ পৰা হৃদয়ে কথা কয়’।
‘য’ত পবিত্ৰতা আছে, তাতেই নিৰ্ভীকতা’।
‘কাণৰ অপব্যৱহাৰে মন প্ৰদূষিত আৰু বিচলিত কৰে’।
‘পাপক ঘৃণা কৰা, পাপীক প্ৰেম কৰা’।


গোৱালপাৰাৰ বহতীত অঘটন ! জলজলী নৈত পৰি সন্ধানহীন শিশু…

গোৱালপাৰাৰ বহতীত অঘটন। জলজলী নৈত পৰি সন্ধানহীন শিশু।

নাৱত উঠিবলৈ যাওঁতে পিছলি পানীত পৰে দুই শিশু। পানীত পৰে ৰাইহান আলী, ইয়ানুৰ ইছলাম। ওচৰতে থকা এজন যুৱকে উদ্ধাৰ কৰে ৰাইহান আলীক।

কিন্তু এতিয়াও সন্ধান নাই ইয়ানুৰ ইছলামৰ। আৰক্ষী-SDRF-এ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

পুনৰ অস্থিৰ হোৱাৰ দিশে মণিপুৰ ! আজিৰে পৰা অনিৰ্দিষ্ট কালৰ বাবে চূৰাচান্দপুৰ জিলা বন্ধ ঘোষণা…

পুনৰ অস্থিৰ হোৱাৰ দিশে মণিপুৰ। আজিৰে পৰা অনিৰ্দিষ্ট কালৰ বাবে চূৰাচান্দপুৰ জিলা বন্ধ ঘোষণা।

কুকি সংগঠন ITLFয়ে কৰিছে এই ঘোষণা। ২ শিক্ষাৰ্থীৰ অপহৰণ, হত্যাকাণ্ডক লৈ অগ্নিগৰ্ভা পৰিস্থিতি।

মণিপুৰ আৰক্ষী-CRPFৰ সহযোগত ৬ অভিযুক্তক গ্ৰেপ্তাৰ CBIৰ। অভিযুক্তৰ ভিতৰত আছে ৩গৰাকী নাবালিকাও।

প্ৰটিনৰ বাবে মাছ, মাংস আৰু কণী খোৱাৰ প্ৰয়োজন নাই, এই ৪ টা ফল খালেই যথেষ্ট…

প্ৰটিন সমৃদ্ধ খাদ্য কথা ক’লে প্ৰথমে মনলৈ আহে মাংস, মাছ আৰু কণীৰ কথা। কিন্তু সকলো লোকে নাখাই মাছ, মাংস, কণী। মাছ, মাংস, কণী নোখোৱা সকলে প্ৰটিনৰ বাবে কি খাব জানেনে? প্ৰটিন আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান যিয়ে আমাৰ পেশী শক্তিশালী কৰে। প্ৰটিনৰ বাবে বেছি মাংস খোৱাটো বিপদজনকহে হ’ব পাৰে। কাৰণ ইয়াত বহুত চৰ্বি থাকে যিয়ে পেট আৰু কঁকালত চৰ্বি জমা কৰিব পাৰে। ইয়াৰ বাবে আপুনি এনে খাদ্য বাছি ল’ব লাগিব য’ত চৰ্বি নাথাকে আৰু লগতে প্ৰচুৰ পৰিমাণে প্ৰ’টিন থাকে। আজি আমি আপোনালোকক এনে ৪ বিধ ফলৰ কথা কম য’ত প্ৰটিন থাকে…

অমিতা অতি সোৱাদযুক্ত ফল, অমিতা চালাডৰ দৰেও খাব পাৰি। ইয়াৰ সহায়ত ৰস আৰু জেলীও প্ৰস্তুত কৰা হয়। ১০০ গ্ৰাম অমিতা খালে প্ৰায় ২.৬ গ্ৰাম প্ৰটিন পোৱা যাব।

মধ্যপ্ৰাচ্যৰ দেশসমূহত যুগ যুগ ধৰি খেজুৰক প্ৰধান ফল হিচাপে সেৱন কৰা হয়। ভাৰততো ইয়াৰ খেতি কৰা হয়। ইয়াৰ সোৱাদে আমাৰ সকলোকে আকৰ্ষণ কৰে। বহু ধৰণে খাব পাৰে। আমেৰিকাৰ কৃষি বিভাগৰ তথ্য অনুসৰি ১০০ গ্ৰাম খেজুৰত ২.৪৫ গ্ৰাম প্ৰটিন আৰু ৮ গ্ৰাম আঁহ থাকে।

কিচমিচ বহু ধৰণৰ ৰেচিপি আৰু মিঠাইত ব্যৱহাৰ কৰা হয়, ইয়াক আঙুৰ শুকুৱাই প্ৰস্তুত কৰা হয়। আমেৰিকাৰ কৃষি বিভাগৰ মতে, প্ৰতি ১০০ গ্ৰাম কিচমিচত প্ৰায় ৩ গ্ৰাম প্ৰটিন থাকে।

যি সকল লোকে মাছ, মাংস, কণী খাই ভাল নাপাই, তেওঁলোকে প্ৰটিনৰ বাবে এই সমূহ ফল খাব পাৰে।​

নয়নজ্যোতি শৰ্মালৈ প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা প্ৰদান। অসমৰ সাহিত্য ক্ষেত্ৰত আশাৰ সঞ্চাৰ কৰি সমাপ্ত হ’ল প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ…

সাহিত্যানুৰাগীৰ অভূতপূৰ্ব বিপুল সঁহাৰিৰ মাজেৰে এক অক্টোবৰত সমাপন ঘটিল শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ উদ্যোগত আয়োজিত প্ৰথম প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ। নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° সমুদ্ৰ গুপ্ত কাশ্যপ আৰু বিশিষ্ট নিৱন্ধকাৰ দিগন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰা সমাপন অনুষ্ঠানত “প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা”ৰে বিভূষিত কৰা হয় বিশিষ্ট সাহিত্যিক নাহেন্দ্ৰ পাডু্ং আৰু যুৱ সাহিত্যিক নয়নজ্যোতি শৰ্মাক। অসমীয়া সাহিত্য জগতৰ অগ্ৰজ সাহিত্যিকৰ “প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা” সাহিত্যিক নাহেন্দ্ৰ পাডুঙক প্ৰদান কৰে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আয়োজক সমিতিৰ সভাপতি, সু-সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে । যুৱ সাহিত্যিকৰ “প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা” নয়নজ্যোতি শৰ্মাক প্ৰদান কৰে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি সৌম্যদ্বীপ দত্তই। বঁটা গ্ৰহণ কৰি সু-সাহিত্যিক নাহেন্দ্ৰ পাডু্ঙে নিজৰ সাহিত্যিক জীৱনৰ কথা ৰোমন্থন কৰি কয়- “মিচিং মোৰ মাতৃভাষা, অসমীয়া ধাত্ৰীভাষা”। অসমীয়া ভাষাত কবিতা লিখিও সমাজত মিচিং কবি হিচাপে পৰিচিত হ’বলৈ অস্বীকাৰ কৰা সুকবি পাডুঙে স্পষ্ট কৰি দিয়ে তেওঁ অসমীয়া ভাষাত লিখা-মেলা কৰা এজন অসমীয়া কবি।

তেওঁ অৱশ্যে আক্ষেপ প্ৰকাশ কৰে যে, ৰাজ্যৰ জনজাতীয় সাহিত্যিকসকলে অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰিলেও কোনো অসমীয়া ভাষী সাহিত্যিকে কিন্তু এতিয়ালৈকে কোনো জনজাতীয় ভাষাত সাহিত্য চৰ্চা কৰা নাই। যুৱ সাহিত্যিক শৰ্মাই বঁটা গ্ৰহণ কৰি কয়- এই বঁটাই তেওঁক সাহিত্য সৃষ্টিৰ প্ৰতি একাগ্ৰ চিত্তে যত্নপৰ হ’বলৈ অনুপ্ৰাণিত কৰিলে। সমাপন অনুষ্ঠানত অংশ লৈ বিশিষ্ট নিৱন্ধকাৰ দিগন্ত বিশ্ব শৰ্মাই পাশ্চাত্যত সৃষ্ট সাহিত্যৰ যুগ সমূহৰ আলোচনা কৰি উত্তৰ আধুনিক যুগৰ ধাৰণাক কঠোৰ ভাষাৰে সমালোচনা কৰে। এই ধৰণৰ পাশ্চাত্য ধ্যান-ধাৰণাই সনাতনী প্ৰমূল্যবোধৰ পৰা ভাৰতীয় সংস্কৃতিক আঁতৰাই নিছে বুলি অনুবাদ সাহিত্যৰ সাহিত্য অকাডেমী বঁটাৰে সন্মানিত, সু-লেখক শৰ্মাই আক্ষেপ প্ৰকাশ কৰে। উত্তৰ আধুনিক ধাৰণাই নৱ আসুৰিক সংস্কৃতিৰ জন্ম দিয়া বুলি উল্লেখ কৰি এই উত্তৰ আধুনিক বাদ পাশ্চাত্যৰ ভয়ংকৰ আৱিষ্কাৰ বুলিও তেওঁ অভিহিত কৰে। এনে পাশ্চাত্য ধাৰণাৰ বিপৰীতে সনাতনী সংস্কৃতিৰ আধাৰ বেদ-উপনিষদ-ৰামায়ণ-মহাভাৰতে স্পষ্ট কৰা সাহিত্যৰ ধাৰা আকোঁৱালি ল’বলৈ তেওঁ আহ্বান জনায়। এই ক্ষেত্ৰতে “শিপাৰ সন্ধানত” মুলমন্ত্ৰৰে আৰম্ভ হোৱা প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ গুৰুত্ব আছে বুলিও তেওঁ দোহাৰে।


নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° সমুদ্ৰ গুপ্ত কাশ্যপে তেওঁৰ ভাষণত উল্লেখ কৰে যে, যি সময়ত পশ্চিমীয়া সভ্যতাৰ দেশসমূহত মানুহৰ মুখৰ ভাষাই সৃষ্টি হোৱা নাছিল, সেই সময়তে পূণ্যভূমি ভাৰতত সাহিত্যৰ সৃষ্টি হৈছিল। অসমে বিগত ৭০০-৮০০ বছৰত বখতিয়াৰ খিলিজিৰ অসম আক্ৰমণ, আহোম সকলৰ অসম আগমন, দুৰ্যোগ, বিদ্ৰোহ, যুদ্ধৰ মাজেৰে বিভিন্ন অভিজ্ঞতাৰে পৰিপুষ্ট তথা অভিজ্ঞ হৈ উঠিছে। আচাৰ্য ড° সমুদ্ৰ গুপ্ত কাশ্যপৰ নৱ প্ৰজন্মলৈ আহ্বান, এই ধৰণৰ অভিজ্ঞতাৰ ভিত্তিত ৰচিত গ্ৰন্থ অধ্যয়ণেৰে মনবোৰ চহকী কৰিবলৈ। ইফালে, সাহিত্য উৎসৱৰ অন্তিম দিনাও এলানি মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয়। পুৱাৰ ভাগত বিশিষ্ট গল্পকাৰ অতনু ভট্টাচাৰ্যৰ পৰিচালনাত সৃষ্টিশীল লেখনিৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত সাহিত্য তথা সৃষ্টিশীল লেখনিৰ প্ৰতি আগ্ৰহী নৱ প্ৰজন্মৰ বহুসংখ্যক লেখক-লেখিকাই ভাগ লয়। “ভাৰতৰ নৱ-বৈষ্ণৱ ধৰ্ম আৰু শংকৰদেৱ” শীৰ্ষক “গীতাচাৰ্য” পুৰন্দৰ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত সত্ৰ আলোচনাত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ড° পীতাম্বৰ দেৱগোস্বামীয়ে অংশগ্ৰহণ কৰি প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ সৌষ্ঠৱ ভালেখিনি বৃদ্ধি কৰে।

এই আলোচনাত অংশগ্ৰহণকাৰী অন্যতম সমল ব্যাক্তি আছিল হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অমলেন্দু চক্ৰৱৰ্তী। বিয়লিৰ ভাগত অনুষ্ঠিত বহুভাষিক কবিতা সন্মিলনত ৰাজ্যৰ বিভিন্ন ভাষাৰ কেবাগৰাকীও জনপ্ৰিয় কবিয়ে অংশগ্ৰহণ কৰে। কবি-চলচ্চিত্ৰ সমালোচক অপৰাজিতা পূজাৰীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই কবি সন্মিলনীত ভাগ লয় কবিসকল সৌৰভ শইকীয়া, হান্ মিজি হান্সে, ড° ইন্দুপ্ৰভা দেৱী, মদাৰ জ্যোতি, ধীমান বৰ্মন আৰু ড° সঞ্জয় দাসে। কবি সন্মিলনীৰ পিছতে প্ৰসিদ্ধ লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ সৈতে এক অন্তৰংগ আলাপৰ অনুষ্ঠান অনুষ্ঠিত হয়। এই আলাপৰ আত ধৰে সোনাপুৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° নিজৰা হাজৰিকাই। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে সমাপ্ত হোৱা প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ সফলতাই সাহিত্যানুৰাগীৰ মাজত যথেষ্ট আশাৰ সঞ্চাৰ কৰিছে। বিশেষকৈ অসমত সাহিত্যৰ অনুষ্ঠানত দৰ্শকৰ উপস্থিতি সেমেকা হয় বুলি প্ৰচলিত ধাৰণাৰ বিপৰীতে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ তিনিওটা দিনৰ কাৰ্যসূচীত সাহিত্যানুৰাগীৰ ‌উপস্থিতি আছিল লক্ষ্যনীয়।