Home Blog Page 1397

২০ বছৰীয়া কেৰিয়াৰত ৪১খন ছবি, কিন্তু হিট ছবি কেইখন? আজি জনপ্ৰিয় অভিনেত্ৰী নেহা ধুপীয়াৰ ৪৩ সংখ্যক জন্মদিন…

আজি বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী নেহা ধুপীয়াৰ ৪৩ সংখ্যক জন্মদিন। নেহাই ২০ বছৰীয়া চলচ্চিত্ৰ জীৱনত ৪১খন ছবি নিৰ্মাণ কৰিছে। বলীউডৰ অভিনেত্ৰী নেহা ধুপীয়াই আজিও স্বীকৃতি লাভ কৰিছে তেওঁৰ শক্তিশালী চৰিত্ৰৰ বাবে। কিন্তু আপুনি জানেনে দীৰ্ঘদিনীয়া চলচ্চিত্ৰ কেৰিয়াৰ থকাৰ পিছতো অভিনেত্ৰীগৰাকীৰ মাত্ৰ এখন বা দুখনহে হিট ছবি আছে। ২০০২ চনত নেহা ধুপিয়াই মিছ ইণ্ডিয়া হয় আৰু তাৰ পিছত সেই বছৰতে ভাৰতক মিছ ইউনিভাৰ্ছত প্ৰতিনিধিত্ব কৰে। ইয়াৰ পিছত নেহা ধুপিয়া ফিল্মছে টিভি অভিনেত্ৰী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ২০০৩ চনত বলীউডত অভিষেক ঘটোৱাৰ পিছত অভিনেত্ৰীগৰাকীৰ ভাগ্য উজ্বলি উঠিছিল যদিও প্ৰথমখন ছবিয়ে হিট কেটেগৰীত প্ৰৱেশ কৰিব নোৱাৰিলে।

আজি বলিউদ তথা টি ভি জগতৰ জনপ্ৰিয় অভিনেত্ৰী নেহা ধুপীয়াই ৪৩ বছৰত ভৰি দিলে।

আকাশ বিজ্ঞান কেন্দ্ৰত আনেৰ্ষ্ট ৰাডাৰফ’ৰ্ডৰ জন্মতিথি পালন…

বিশ্বনাথ চাৰিআলিৰ আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰৰ উদ্যোগত আৰ্ণেষ্ট ৰাডাৰ্ফৰ্ডৰ ৩০ আগষ্টত হ’বলগীয়া জন্মদিন আগতীয়াকৈ উদযাপন কৰা হয়। আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি ক্ষীৰধৰ বৰুৱাই পৰিচালনা কৰা সভাখনৰ আঁত ধৰে সম্পাদক ৰিপুঞ্জয় বৰদলৈয়ে। তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ উৎপল বৰাই ছাত্ৰ-ছাত্ৰীৰ মাজত পৰমাণুৰ গঠনৰ ওপৰত সুন্দৰ সাৱলীলভাৱে মডেলৰ লগতে দৃশ্য-শ্ৰব্য মাধ্যমৰে বুজায় দিয়ে।

ক্ষীৰধৰ বৰুৱাই ছাত্ৰ-ছাত্ৰীৰ আগত আৰ্ণেষ্ট ৰাডাৰ্ফৰ্ডৰ ব্যক্তিত্ব আৰু তেওঁৰ জীৱনৰ আমোদজনক ঘটনাৰ বিষয়ে অৱগত কৰি সকলোকে অভিভূত কৰে। অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ সম্পাদক ড০ সঞ্জীৱ উপাধ্যায়ে আকাশ বিজ্ঞান কেন্দ্ৰই ৰাডাৰ্ফৰ্ডৰ দিৱস উপলক্ষে অনুষ্ঠিত কৰা বক্তৃতা অনুষ্ঠানৰ বাবে আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰক ধন্যবাদ জনাই বক্তব্য ৰাখে। আজিৰ সভাত বিশ্বনাথ জিলাৰ বিভিন্ন বিদ্যালয়ৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে বিশ্বনাথ আঞ্চলিক মইনা পাৰিজাতৰ প্ৰাক্তন সম্পাদক যতীন শৰ্মা, শিক্ষক হিৰণ্য বৰঠাকুৰ, মামুদ আহমেদ, পৰ্জন্য বৰদলৈ , ববিতা হাজৰিকা, টিকেন্দ্ৰজিত বৰাৰ দৰে ব্যক্তিসকলো উপস্থিত থাকে।

ভাৰতৰ চন্দ্ৰযান-৩ ৰ সফলতাক লৈ সুখী এগৰাকী পাকিস্তান এংকৰ…


২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ য়ে মসৃণ অৱতৰণ কৰে। ইতিমধ্যে চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান ৩ য়ে দুটাকৈ মিছন সম্পূৰ্ণ কৰিছে আৰু এতিয়া তৃতীয়টো মিছনৰ কাম আৰম্ভ কৰিছে চন্দ্ৰযান৩এ। চন্দ্ৰপৃষ্ঠত ভাৰতৰ চন্দ্ৰযান৩ৰ অৱতৰণক লৈ সুখ প্ৰকাশ কৰিছে পাকিস্তানৰ এগৰাকী টি ভি এংকৰে। ভাৰতৰ সফলতাৰ বাবে পাকিস্তানী টিভিৰ এংকৰগৰাকীয়ে সুখ প্ৰকাশ কৰি কয় যে ‘মই অতি সুখী’। পাকিস্তানী নিউজ শ্ব’ৰ সময়ত এগৰাকী মহিলা এংকৰৰ সৈতে এজন পুৰুষ এংকৰও উপস্থিত আছিল। তেওঁ কয় যে ভাৰত চন্দ্ৰত উপনীত হৈছে। চন্দ্ৰযান-৩ সফলতাৰে চন্দ্ৰৰ উপৰিভাগত অৱতৰণ কৰাৰ পিছত সমগ্ৰ দেশতে কেৱল আনন্দৰ ঢৌ নহয়, চুবুৰীয়া দেশ পাকিস্তানেও এই বিষয়েও সুখী অনুভৱ কৰিছে। পাকিস্তানী মহিলা এংকৰে সুখ প্ৰকাশ কৰি কয় যে ভাৰত চন্দ্ৰত উপনীত হৈছে। এই বিষয়ে মই বহুত সুখী। লাইভ শ্ব’ৰ সময়ত পাকিস্তানী মহিলা এংকৰগৰাকীয়ে এই কথা কয়। কয় যে ভাৰত চন্দ্ৰত উপনীত হ’লেও কিন্তু আমি এতিয়াও আগবাঢ়িব পৰা নাই। আমাৰ সংস্কৃতি সকলো একে, কিন্তু ভাৰতে এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। শ্ব’ৰ সময়ত তেওঁ কয় যে যদি আমি ভাৰতৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব লাগে, তেন্তে আমি এনে কৰা উচিত, য’ত ভাৰত আগবাঢ়িছে।


অৱতৰণৰ সময়ত ইছৰো কেন্দ্ৰৰ ছবিৰ কথা উল্লেখ কৰি তেওঁ কয় যে যেতিয়া ভাৰতে চন্দ্ৰযান-৩ সফলতাৰে চন্দ্ৰত অৱতৰণ কৰিছিল তেতিয়া বায়ুমণ্ডল কেনে আছিল।ইছৰো চেণ্টাৰত উপস্থিত থকা সকলো মানুহক অতি সুখী যেন লাগিছিল। আমি একে ভাষা কওঁ, দেখাত একে, কিন্তু তথাপিও ভাৰতে সফলতা লাভ কৰিছে। ভাৰত বিশ্বৰ চতুৰ্থখন দেশত পৰিণত হৈছে, যিয়ে চন্দ্ৰত উপনীত হোৱাৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে। ইয়াৰ পূৰ্বে কেৱল আমেৰিকা, ৰাছিয়া আৰু চীন চন্দ্ৰত উপনীত হোৱাত সফল হৈছে। অৱশ্যে এই বিষয়ত এখোজ আগুৱাই গৈ ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুৰ ফালৰ পৰা অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে বুলিও তেওঁলোকে মন্তব্য কৰে।


পশ্চিমবংগত ফটকা কাৰখানাত বিষ্ফোৰণত ৬গৰাকী ব্যক্তিৰ মৃত্যু…

পশ্চিমবংগত ফটকা কাৰখানাত বিষ্ফোৰণ।

দুৰ্ঘটনাত মৃত্যু হয় ৬গৰাকী ব্যক্তিৰ।

পশ্চিমবংগৰ জগন্নাথপুৰত অৱস্থিত ফটকা কাৰখানাত হয় বিষ্ফোৰণ।

চন্দ্ৰ, মংগল আৰু শুক্ৰ ভ্ৰমণ কৰাৰ ক্ষমতা আছে ভাৰতৰ…

চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত দেশবাসী মাজত আনন্দৰ জোৱাৰ। চন্দ্ৰৰ দক্ষিণ মেৰুত ভাৰতৰ অভিযান অব্যাহত আছে। এই বৃহৎ সফলতা লাভ কৰাৰ পিছতেই এই বক্তব্য আগবঢ়াইছে ইছৰোৰ মুৰব্বী এছ সোমনাথে। চন্দ্ৰ, মংগল আৰু শুক্ৰ ভ্ৰমণ কৰাৰ ক্ষমতা আছে ভাৰতৰ কিন্তু তাৰ বাবে আামি আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব লাগিব। ইয়াৰ লগতে মহাকাশ খণ্ডৰ বাবে আমাক আৰু কিছু বিনিয়োগৰ প্ৰয়োজন। কাৰণ মহাকাশ খণ্ডৰ উন্নয়ন দ্ৰুত হ’ব লাগে আৰু এই কথাটোও সমগ্ৰ দেশৰ উন্নয়নৰ লগত জড়িত। এয়াই আমাৰ মিছন।

ইছৰোৰ মুৰব্বীগৰাকীয়ে যুৱক-যুৱতীসকলক পঢ়া-শুনা কৰি জাতিৰ বাবে কাম কৰিবলৈও পৰামৰ্শ দিছে।

শেহতীয়াকৈ এক আছুতীয়া সাক্ষাৎকাৰত ইছৰোৰ কৃতিত্বৰ কথা উল্লেখ কৰি সোমনাথে কৈছিল যে বিগত ১০ বছৰত প্ৰায় ৩০০টা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে। ইছৰোৰ দলে সূৰ্য মিছনৰ কাম কৰি থকা বুলিও তেওঁ কয়। পৰৱৰ্তী মাৰ্ছ মিছনৰ বাবেও কাম চলি আছে বুলিও কয়।

ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ আমেৰিকা, চীন আৰু অন্যান্য অৰ্থনীতিৰ সৈতে তুলনা কৰি চৰকাৰে প্ৰকাশ কৰিলে গ্ৰাফ

দেওবাৰে চৰকাৰে ভাৰতৰ জিডিপি বৃদ্ধিৰ সৈতে অন্যান্য ডাঙৰ অৰ্থনীতিৰ সৈতে তুলনা কৰি এটা গ্ৰাফ শ্বেয়াৰ কৰে।

চৰকাৰে কয় যে, “ভাৰতৰ অৰ্থনীতি শীৰ্ষ ১০ খনৰ ভিতৰত ওখকৈ থিয় দিছে, যিয়ে বিশ্বৰ মঞ্চত নিজৰ উল্লেখযোগ্য স্থিতিস্থাপকতা আৰু বৃদ্ধি প্ৰদৰ্শন কৰিছে।”

গ্ৰাফত ভাৰতক ৫.৯% জিডিপি বৃদ্ধিৰ হাৰেৰে শীৰ্ষত দেখুওৱা হৈছে, তাৰ পিছতে আছে চীন (৫.২%), আমেৰিকা (১.৬%), কানাডা (১.৫%) আৰু জাপান (১.৩%)

২টা মিছন সম্পূৰ্ণৰে তৃতীয়টো মিছনৰ কাম আৰম্ভ চন্দ্ৰযান-৩ৰ…

২টা মিছন সম্পূৰ্ণ চন্দ্ৰযান-৩ৰ। তৃতীয়টো মিছনৰ কাম আৰম্ভ।

ISRO এ দিছে নতুন খবৰ।

৩ টা মিছনৰ ভিতৰত ২ মিছন সম্পূৰ্ণ চন্দ্ৰযান-৩ৰ।

অন্তিমটো মিছনত কাম আৰম্ভ ৰ’ভাৰ প্ৰজ্ঞানৰ।

চন্দ্ৰযান-৩ ৰ তিনিটা মিছনৰ ভিতৰত প্ৰথমটো আছিল চন্দ্ৰপৃষ্ঠত সুৰক্ষিত আৰু মসৃণ অৱতৰণ।

দ্বিতীয়টো মিছন আছিল চন্দ্ৰপৃষ্ঠত ৰ’ভাৰ প্ৰজ্ঞানৰ ভ্ৰমণ।

তৃতীয়টো মিছন হৈছে চন্দ্ৰপৃষ্ঠত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰা।

ইছৰোৰ মুৰব্বীগৰাকীয়ে কয় যে, “বৈজ্ঞানিক অভিযানৰ বেছিভাগ লক্ষ্য এতিয়া পূৰণ হ’বলৈ গৈ আছে। লেণ্ডাৰ আৰু ৰভাৰ সকলো কাৰ্যক্ষম।

ইছৰোৰ টুইটাৰত প্ৰকাশ পাইছে যে যে “চন্দ্ৰযান-৩ অভিযানৰ তিনিটা উদ্দেশ্যৰ ভিতৰত চন্দ্ৰপৃষ্ঠত নিৰাপদ আৰু মসৃণ অৱতৰণৰ প্ৰদৰ্শন সম্পন্ন হ’ল।


সকলো পেলোডে স্বাভাৱিকভাৱে কাম কৰি আছে।

২৩ আগষ্টৰ সন্ধিয়া ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত মসৃণ অৱতৰণ কৰি ইতিহাসৰ সৃষ্টি কৰিলে।

চন্দ্ৰৰ বুকুত পানীও সন্ধান কৰিছে ৰোভাৰে।

প্ৰজ্ঞানে শিলৰ পৰীক্ষা কৰিছে।

ইছৰোৰ মতে ২৩ আগষ্টৰ পৰা অহা ১৪ দিন অতি গুৰুত্বপূৰ্ণ হ’ব।

অধিক তথ্য লাভ কৰিব দেশে।

গতিকে অহা ১৩-১৪ দিনৰ বাবে আগ্ৰহী বৈজ্ঞানিকসকল।

দুৰ্গা পূজালৈ মাথোঁ এটা মাহ ! এইবাৰ দুৰ্গাদেৱীয়ে কি বাৰ্তা লৈ আহিব জানক…

দেৱতাৰ বাসভূমি ভাৰতত মানুহৰ আশা-আকাংক্ষা, কামনা বাসনা পূৰণৰ কাৰণে দেৱ-দেৱীক পূজা উপাসনা কৰা, দেৱ-দেৱীৰ আশীর্বাদ লাভ কৰিবৰ কাৰণে মহা তপস্যাত ব্ৰতী হােৱাৰ উদাহৰণ অক্ষয় অপাৰ। দুর্গাদেৱী শক্তিৰ অধিষ্ঠাত্রী দেৱীৰূপে যুগে যুগে এক শ্রেণীৰ ভক্তৰ দ্বাৰা পূজিতা হৈ আহিছে। বর্তমান যুগত দুর্গাপূজা বংগদেশ জাতীয় উৎসৱৰূপে পৰিগণিত হৈছে।

সেইবাবে এই পূজা বংগদেশত ব্যাপক আৰু সার্বজনীনভাৱে মহাসমাৰহেৰে অনুষ্ঠিত হৈ আহিছে। আমাৰ ব’হাগ বিহুৰ যি আনন্দ-উচ্ছ্বাস, উলহ মালহ, প্রীতি আৰু মিলনৰ মধুৰ সমাবেশ, অপৰিমেয় উৎসাহ-উদ্দীপনাৰ স্বতঃস্ফূর্ত আৰু জীৱন্ত প্রকাশ, সেই সকলােখিনিয়েই দুর্গাপূজাৰ ক্ষেত্ৰতাে প্রযোজ্য। জাতীয় উৎসৱৰ যােগেদি একোটা জাতিৰ সাংস্কৃতিক জীৱনৰ একোটা সামগ্রিক পৰিচয় স্পষ্টভাৱেই প্রকাশিত হয়, দৈনন্দিন জীৱনৰ সাংস্কৃতিক জীৱনৰ একোটা সামগ্রিক পৰিচয় স্পষ্টভাৱেই প্রকাশিত হয়, জীৱনৰ ব্যথা-বেদনা, সুখ-দুখ আদি পৰিহাৰ কৰি মনৰ কলুষ কালিমা, সংকীর্ণতা আতৰাই মানুহে জাতীয় বৃহৎ কল্যাণৰ উদ্দেশ্যেৰে জাতীয় উৎসৱসমূহত মিলিত হয়।

দুর্গাদেৱী দশভুজা। দশ হস্তে দহ পাত শাণিত অস্ত্র, সিংহৰ পিঠিত আৰােহণ কৰি তেওঁ পৰম পৰাক্ৰমী মহিষাসুৰক নিধন কৰিবৰ কাৰণে উদ্যতা। তেওঁৰ সাে কাষত ঐশ্বর্য বিভূতিৰ অধিষ্ঠাত্রী দেৱী লক্ষ্মী আৰু সিদ্ধিদাতা গণেশ, বাও কাষত বিদ্যাৰ অধিষ্ঠাত্রী দেবী সর্ব শুক্লা আই সৰস্বতী আৰু বীর্যৱান দেৱতাসকলৰ সেনাপতি কার্তিক। একেখন বেদীতে এইসকল দেৱ-দেৱীৰ স্থাপনত এক বিশেষ অর্থ নিহিত আছে। অসুৰ জগতৰ সকলাে অশুভ শক্তিৰ প্রতীক। এই অশুভ শক্তিয়ে দশােদিশৰপৰা মানুহক আক্রমণ কৰি জীৱন দুর্বিষহকৰি তােলে,জগতত দুর্যোগৰ সৃষ্টি কৰে। জগতৰ আদ্যাশক্তি দুর্গাইদহহস্তে দহঅস্ত্র লৈ দশেদিশৰ এই মহাবীর্যৱন্ত অসুৰৰূপী অশুভ শক্তিক দমন কৰি, নির্মুল কৰি ঐশ্বর্যবিভূতি, শিক্ষা দীক্ষাৰে জগত জোনালী-সােণালী কৰি বিশ্ববাসীৰ মাজত মহাশান্তি প্রতিষ্ঠা কৰিব।

পূজাৰ সময় আৰু অনুষ্ঠান

আহিন মাহৰ শুক্লা ষষ্ঠী তিথিত (এই তিথি কোনাে কোনাে বছৰত কাতি মাহতাে পৰেগৈ) দেৱীৰ বােধন কার্য আৰম্ভ কৰি আৱাহন আৰু অধিবাস কার্য সম্পন্ন কৰে। সপ্তমী, অষ্টমী আৰু নৱমী এই তিনিটা তিথিত দেৱীৰ ভক্তসকলে পুৰােহিতৰ পৰিচালনাত ষােড়শােপচাৰে দেৱীক পূজা কৰি ভক্তি অঞ্জলি প্রদান কৰে। অষ্টমী আৰুনৱমী তিথিৰ সন্ধিক্ষণত যি বিশেষ পূজা অনুষ্ঠিত হয়, তাক সন্ধি পূজা বােলে। দশমী তিথিত দেৱী বন্দনা আৰু আৰাধনাৰ সকলাে কাম সমাপ্ত হয় আৰু দেৱীক বিসর্জন দিয়া হয়।নানা বাদ্য-ভাণ্ডাৰে শােভাযাত্রা কৰি কোনাে নদীত বা জলাশয়ত প্রতিমা উটুৱাই দিয়া হয়।

পূজাৰ এই পৱিত্ৰ অনুষ্ঠানত ধূপ-ধূনা আৰু হােমৰ গন্ধই,ডবা,কাহ, শংখ, ঘণ্টাৰ সন্মিলিত সময়ে মানুহৰ অন্তৰে অন্তৰে স্বৰ্গীয় পৱিত্ৰতা সানি দিয়েহি।হিংসা, দ্বেষ, কপটতা বিসর্জন দি ভক্তসকলে দেৱীৰ চৰণত মূৰদোৱাই শক্তি, বিদ্যা বুদ্ধি, ঐশ্বর্যবিভূতি কামনা কৰে। মানুহেৰে উদুলি-মুদুলি পূজামণ্ডপ যেন বৈকুণ্ঠধামত পৰিণত হয়। ভাওনা, থিয়েটাৰ আদিয়ে পূজাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

মাজুলীৰ চেলেক চাপৰিত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত…

মাজুলীৰ চেলেক চাপৰিত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল চাৰিটাকৈ বাসগৃহ।

অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত। চৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ। যাতায়াতৰ

দুৰৱস্থাৰ বাবে সময়মতে উপস্থিত হ’ব নোৱাৰিলে অগ্নিনিৰ্বাপক বাহিনী।

টাইৱানত মুকলি হ’ল প্ৰথমটো হিন্দু মন্দিৰ…

টাইৱানত মুকলি হ’ল প্ৰথমটো হিন্দু মন্দিৰ। টাইৱানৰ ৰাজধানী টাইপেইত প্ৰথম হিন্দু মন্দিৰ নিৰ্মাণ কাম সম্পূৰ্ণ হৈছে। এই মন্দিৰৰ নাম দিয়া হৈছে সবকা মন্দিৰ, যাৰ বাবেই হিন্দু সমাজত সুখৰ জোৱাৰ উঠিছে। টাইৱানৰ এই হিন্দু মন্দিৰটো আলোচনাৰ বিষয় হৈ পৰিছে। এই মন্দিৰটো টাইৱানৰ ৰাজধানী টাইপেইত অৱস্থিত। এই মন্দিৰটো টাইৱান আৰু ভাৰতৰ সম্পৰ্কৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। ইয়াৰ দ্বাৰা দুয়োখন দেশৰ সাংস্কৃতিক সম্পৰ্কত গভীৰ প্ৰভাৱ পৰিব বুলি ধাৰণা কৰা হৈছে।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি টাইৱানৰ এই একমাত্ৰ হিন্দু মন্দিৰৰ নাম ‘সবকা মন্দিৰ’ ৰখা হৈছে। WION ৰ সৈতে হোৱা কথা-বতৰাত টাইৱানত বাস কৰা ভাৰতীয় নাগৰিকে কয় যে ‘এই মন্দিৰ প্ৰতিষ্ঠাটোৱে ভাৰতত ভাৰতীয় সম্প্ৰদায়ৰ সৈতে আন্তৰিক সম্পৰ্ক গঢ়ি তোলাৰ বাবে টাইৱানৰ গভীৰ দায়বদ্ধতাক আলোকপাত কৰিছে। ভাৰত-টাইৱান সম্পৰ্কৰ সাংস্কৃতিক কাহিনীৰ এক ঐতিহাসিক মুহূৰ্ত এই মন্দিৰ উদ্বোধন।

“সবকা মন্দিৰ”ত ভগৱান শংকৰ, শ্ৰীৰাম আদি দেৱতাৰ মূৰ্তি স্থাপন কৰা হয়। যাৰ বাবে টাইৱানত বসবাস কৰা হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ মাজত সুখৰ জোৱাৰ উঠিছে। টাইৱানত বসবাস কৰা একাংশ ভাৰতীয়ই এই খবৰ পাই আশ্চৰ্য্য প্ৰকাশ কৰিছে। বিশ্বাস কৰা হয় যে ই টাইৱানৰ প্ৰথমটো মন্দিৰ য’ত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে একত্ৰিত হ’ব পাৰিব, সেই ঠাইত ইতিমধ্যে এটা “ISKCON মন্দিৰ” আৰু এটা ভগৱান গণেশ মন্দিৰ আছিল। শেহতীয়াকৈ টাইৱানে মুম্বাইত টাইপেই অৰ্থনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰিছিল।