দেৱতাৰ বাসভূমি ভাৰতত মানুহৰ আশা-আকাংক্ষা, কামনা বাসনা পূৰণৰ কাৰণে দেৱ-দেৱীক পূজা উপাসনা কৰা, দেৱ-দেৱীৰ আশীর্বাদ লাভ কৰিবৰ কাৰণে মহা তপস্যাত ব্ৰতী হােৱাৰ উদাহৰণ অক্ষয় অপাৰ। দুর্গাদেৱী শক্তিৰ অধিষ্ঠাত্রী দেৱীৰূপে যুগে যুগে এক শ্রেণীৰ ভক্তৰ দ্বাৰা পূজিতা হৈ আহিছে। বর্তমান যুগত দুর্গাপূজা বংগদেশ জাতীয় উৎসৱৰূপে পৰিগণিত হৈছে।
সেইবাবে এই পূজা বংগদেশত ব্যাপক আৰু সার্বজনীনভাৱে মহাসমাৰহেৰে অনুষ্ঠিত হৈ আহিছে। আমাৰ ব’হাগ বিহুৰ যি আনন্দ-উচ্ছ্বাস, উলহ মালহ, প্রীতি আৰু মিলনৰ মধুৰ সমাবেশ, অপৰিমেয় উৎসাহ-উদ্দীপনাৰ স্বতঃস্ফূর্ত আৰু জীৱন্ত প্রকাশ, সেই সকলােখিনিয়েই দুর্গাপূজাৰ ক্ষেত্ৰতাে প্রযোজ্য। জাতীয় উৎসৱৰ যােগেদি একোটা জাতিৰ সাংস্কৃতিক জীৱনৰ একোটা সামগ্রিক পৰিচয় স্পষ্টভাৱেই প্রকাশিত হয়, দৈনন্দিন জীৱনৰ সাংস্কৃতিক জীৱনৰ একোটা সামগ্রিক পৰিচয় স্পষ্টভাৱেই প্রকাশিত হয়, জীৱনৰ ব্যথা-বেদনা, সুখ-দুখ আদি পৰিহাৰ কৰি মনৰ কলুষ কালিমা, সংকীর্ণতা আতৰাই মানুহে জাতীয় বৃহৎ কল্যাণৰ উদ্দেশ্যেৰে জাতীয় উৎসৱসমূহত মিলিত হয়।
দুর্গাদেৱী দশভুজা। দশ হস্তে দহ পাত শাণিত অস্ত্র, সিংহৰ পিঠিত আৰােহণ কৰি তেওঁ পৰম পৰাক্ৰমী মহিষাসুৰক নিধন কৰিবৰ কাৰণে উদ্যতা। তেওঁৰ সাে কাষত ঐশ্বর্য বিভূতিৰ অধিষ্ঠাত্রী দেৱী লক্ষ্মী আৰু সিদ্ধিদাতা গণেশ, বাও কাষত বিদ্যাৰ অধিষ্ঠাত্রী দেবী সর্ব শুক্লা আই সৰস্বতী আৰু বীর্যৱান দেৱতাসকলৰ সেনাপতি কার্তিক। একেখন বেদীতে এইসকল দেৱ-দেৱীৰ স্থাপনত এক বিশেষ অর্থ নিহিত আছে। অসুৰ জগতৰ সকলাে অশুভ শক্তিৰ প্রতীক। এই অশুভ শক্তিয়ে দশােদিশৰপৰা মানুহক আক্রমণ কৰি জীৱন দুর্বিষহকৰি তােলে,জগতত দুর্যোগৰ সৃষ্টি কৰে। জগতৰ আদ্যাশক্তি দুর্গাইদহহস্তে দহঅস্ত্র লৈ দশেদিশৰ এই মহাবীর্যৱন্ত অসুৰৰূপী অশুভ শক্তিক দমন কৰি, নির্মুল কৰি ঐশ্বর্যবিভূতি, শিক্ষা দীক্ষাৰে জগত জোনালী-সােণালী কৰি বিশ্ববাসীৰ মাজত মহাশান্তি প্রতিষ্ঠা কৰিব।
পূজাৰ সময় আৰু অনুষ্ঠান
আহিন মাহৰ শুক্লা ষষ্ঠী তিথিত (এই তিথি কোনাে কোনাে বছৰত কাতি মাহতাে পৰেগৈ) দেৱীৰ বােধন কার্য আৰম্ভ কৰি আৱাহন আৰু অধিবাস কার্য সম্পন্ন কৰে। সপ্তমী, অষ্টমী আৰু নৱমী এই তিনিটা তিথিত দেৱীৰ ভক্তসকলে পুৰােহিতৰ পৰিচালনাত ষােড়শােপচাৰে দেৱীক পূজা কৰি ভক্তি অঞ্জলি প্রদান কৰে। অষ্টমী আৰুনৱমী তিথিৰ সন্ধিক্ষণত যি বিশেষ পূজা অনুষ্ঠিত হয়, তাক সন্ধি পূজা বােলে। দশমী তিথিত দেৱী বন্দনা আৰু আৰাধনাৰ সকলাে কাম সমাপ্ত হয় আৰু দেৱীক বিসর্জন দিয়া হয়।নানা বাদ্য-ভাণ্ডাৰে শােভাযাত্রা কৰি কোনাে নদীত বা জলাশয়ত প্রতিমা উটুৱাই দিয়া হয়।
টাইৱানত মুকলি হ’ল প্ৰথমটো হিন্দু মন্দিৰ। টাইৱানৰ ৰাজধানী টাইপেইত প্ৰথম হিন্দু মন্দিৰ নিৰ্মাণ কাম সম্পূৰ্ণ হৈছে। এই মন্দিৰৰ নাম দিয়া হৈছে সবকা মন্দিৰ, যাৰ বাবেই হিন্দু সমাজত সুখৰ জোৱাৰ উঠিছে। টাইৱানৰ এই হিন্দু মন্দিৰটো আলোচনাৰ বিষয় হৈ পৰিছে। এই মন্দিৰটো টাইৱানৰ ৰাজধানী টাইপেইত অৱস্থিত। এই মন্দিৰটো টাইৱান আৰু ভাৰতৰ সম্পৰ্কৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। ইয়াৰ দ্বাৰা দুয়োখন দেশৰ সাংস্কৃতিক সম্পৰ্কত গভীৰ প্ৰভাৱ পৰিব বুলি ধাৰণা কৰা হৈছে।
স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি টাইৱানৰ এই একমাত্ৰ হিন্দু মন্দিৰৰ নাম ‘সবকা মন্দিৰ’ ৰখা হৈছে। WION ৰ সৈতে হোৱা কথা-বতৰাত টাইৱানত বাস কৰা ভাৰতীয় নাগৰিকে কয় যে ‘এই মন্দিৰ প্ৰতিষ্ঠাটোৱে ভাৰতত ভাৰতীয় সম্প্ৰদায়ৰ সৈতে আন্তৰিক সম্পৰ্ক গঢ়ি তোলাৰ বাবে টাইৱানৰ গভীৰ দায়বদ্ধতাক আলোকপাত কৰিছে। ভাৰত-টাইৱান সম্পৰ্কৰ সাংস্কৃতিক কাহিনীৰ এক ঐতিহাসিক মুহূৰ্ত এই মন্দিৰ উদ্বোধন।
“সবকা মন্দিৰ”ত ভগৱান শংকৰ, শ্ৰীৰাম আদি দেৱতাৰ মূৰ্তি স্থাপন কৰা হয়। যাৰ বাবে টাইৱানত বসবাস কৰা হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ মাজত সুখৰ জোৱাৰ উঠিছে। টাইৱানত বসবাস কৰা একাংশ ভাৰতীয়ই এই খবৰ পাই আশ্চৰ্য্য প্ৰকাশ কৰিছে। বিশ্বাস কৰা হয় যে ই টাইৱানৰ প্ৰথমটো মন্দিৰ য’ত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে একত্ৰিত হ’ব পাৰিব, সেই ঠাইত ইতিমধ্যে এটা “ISKCON মন্দিৰ” আৰু এটা ভগৱান গণেশ মন্দিৰ আছিল। শেহতীয়াকৈ টাইৱানে মুম্বাইত টাইপেই অৰ্থনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰিছিল।