Home Blog Page 1423

জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত ‘বেটি বচাও বেটি পঢ়াও’ শীৰ্ষক বানীৰে বাটৰ নাট প্ৰদৰ্শন…

“বেটি বচাও, বেটি পঢ়াও” এই শ্লোগানক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলা আইন সেৱা প্ৰাধীকাৰী নগাঁৱৰ উদ্যোগত আৰু নগাঁও আইন মহাবিদ্যালয়ৰ সহযোগত নগাঁও চহৰৰ নগাঁও কলেজ পইণ্টত এখনি সজাগতা বাটৰ নাট প্ৰদৰ্শন কৰা হয়।

বিশেষকৈ আগন্তুক প্ৰাক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমাৰ সমাজত কন্যা শিশু সকলক সুৰক্ষা দিয়া আৰু পঢ়া শুনা কৰাৰ অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত সকলোৰে মাজত সজাগতা সৃষ্টিৰ এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিয়েই জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ তৰফৰ পৰা ব্যৱস্থা লোৱা হৈছে বুলি জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব মনিকা মিছঙে সংবাদ মাধ্যমৰ জৰিয়তে জনাই।

বৰপেটাৰোড সমীপৰ বালাভিঠা জনকল্যাণ গ্ৰামীণ ডেভেলপমেণ্ট ছ’চাইটিৰ সৌজন্যত নাও খেল প্ৰতিযোগিতা…

বৰপেটাৰোড সমীপৰ বালাভিঠা জনকল্যাণ গ্ৰামীণ ডেভেলপমেণ্ট ছ’চাইটিৰ সৌজন্যত ২৬ আগষ্টত অসম ভিত্তিত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আছে নাও খেল প্ৰতিযোগিতা। তাৰে সমান্তৰালকৈ বৃহত্তৰ বালাভিঠা অঞ্চলৰ বালাভিঠা বেকী দলংৰ ওচৰত জনকল্যাণ গ্ৰামীণ ডেভেলপমেণ্ট ছ’চাইটিৰ সৌজন্যত অসম ভিত্তিত নাও খেল অনুষ্ঠিত হ’ব। সমাগত ১৫ আগষ্ট ৭৬ তম স্বাধীনতা দিৱস উপলক্ষে অহা ২৬ আগষ্টত সচেতন ৰাইজৰ তৎপৰতাত বৃহৎ নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

প্ৰথম গ্ৰুপত ৭৫ ফুটৰ ওপৰত নাও হ’ব লাগিব আৰু প্ৰথম পুৰস্কাৰ ৬০,০০১টকাৰ লগতে ট্ৰফি এটা দ্বিতীয় পুৰস্কাৰ ৪০,০০১টকাৰ লগতে ট্ৰফি এখন। দ্বিতীয় গ্ৰুপৰ ৭৫ ফুটৰ তলৰ নাও হ’ব লাগিব আৰু প্ৰথম পুৰস্কাৰ ৩০,০০১ টকাৰ লগতে ট্ৰফি এখন দ্বিতীয় পুৰস্কাৰ ২০,০০১ টকা ট্ৰফি এখন। সমাগত ২৬ আগষ্ট তাৰিখে হবলগীয়া নাও খেল প্ৰতিযোগিতাৰ আজি বেকী নদীত এখন নাৱেৰে প্ৰস্তুতি চলায়।

‘২০২৪ৰ লোকসভা নিৰ্বাচনত বিহাৰৰ পৰা মুক্ত হ’ব বিজেপি’। প্ৰধানমন্ত্ৰীৰ বক্তব্যক লৈ নীতিশ কুমাৰৰ প্ৰথম প্ৰতিক্ৰিয়া…

লোকসভাত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্যক লৈ নীতিশ কুমাৰৰ প্ৰথম প্ৰতিক্ৰিয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ সন্দৰ্ভত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ প্ৰথম প্ৰতিক্ৰিয়া চৰ্চালৈ আহিছে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে সংসদৰ অধিৱেশন অব্যাহত আছে আৰু তেওঁ বাহিৰত ঘূৰি ফুৰে। কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে তেওঁলোকৰ ফালৰ পৰা কোনো কাম কৰা হোৱা নাই, তেওঁলোকে কেৱল অপপ্ৰচাৰৰ কামহে কৰিছে। বিৰোধীৰ কথা কোৱাৰ অধিকাৰ আছে বুলিও মন্তুব্য কৰে।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিহাৰৰ পৰা বিজেপি মুক্ত হ’ব। বিহাৰৰ বিশেষ মৰ্যাদাৰ বিষয়টো উত্থাপন কৰি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে যদিহে বিহাৰৰ মৰ্যাদা প্ৰদান কৰা হ’লহেঁতেন তেন্তে অধিক উন্নয়ন হ’লহেঁতেন। আগন্তুক নিৰ্বাচনত সকলো স্পষ্ট হৈ পৰিব বুলিও মন্তব্য কৰে।


বৰপেটাত চি পি আই এম ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনৰ সোঁৱৰণত মহা বিক্ষোভ আন্দোলন পালন…

নামনী অসমৰ বৰপেটা জিলাত চি পি আই এম ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনৰ সোঁৱৰণত মহা বিক্ষোভ আন্দোলন পালন: মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ। সমগ্ৰ দেশ তথা ৰাজ্য সমূহৰ লগতে অসমত চৰকাৰী ভাবে বিভিন্ন কাৰ্য্যালয় দল সংগঠনৰ মাজত স্বাধীনতাৰ ভাৰত ত্যাগ আন্দোলনকলৈ কেতবোৰ বিভিন্ন কাৰ্যসূচী চলি থকাৰ মাজত নামনী অসমৰ বৰপেটা জিলাৰ পৌৰসভা খেলপথাৰত সৰভোগ সমষ্টিৰ চি পি আই এম বিধায়ক মনোৰঞ্জন তালুকদাৰ ৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনৰ সোঁৱৰণত পালিত হয় মহা বিক্ষোভ আন্দোলন ।

প্ৰায় সহস্ৰাধিক দলীয় নেতা কৰ্মী আৰু সমৰ্থকৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত মহা বিক্ষোভ আন্দোলনৰ মুলতঃ জিলা উপায়ুক্ত কাৰ্য্যালয়লৈ সমদল কৰি আহি ধৰ্ণা দিয়ে।এইদৰে বিভিন্ন চৰকাৰ বিৰোধী ধ্বনি দিয়াৰ পিছত জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

জামুগুৰিহাটত ছুটি ছবি ‘পৰিচয়’ৰ শুভমুক্তি ৷ জামুগুৰিহাট সাহিত্য-সংস্কৃতিৰ চহকী ঠাই -পদ্ম হাজৰিকা…

জামুগুৰিহাটৰ বাপুজী ভৱনৰ প্ৰেক্ষাগৃহত বুধবাৰে নিশা SPB প্ৰডাকচনৰ বেনাৰত নিৰ্মিত পৰিচয় নামৰ অসমীয়া এখন ছুটি ছবিৰ মুক্তি দিয়া হয় ৷ জামুগুৰিহাটৰ যুৱ নাট্য শিল্পী পদ্ম বনিয়াৰ কাহিনী,পৰিচালনাৰে নিৰ্মিত ছুটি ছবিখনি বুধবাৰে সন্ধ্যা আনুষ্ঠাভাৱে দৰ্শক ৰাইজৰ বাৱে মুকলি কৰি দিয়ে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ ছবিৰ আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰি বিধায়ক পদ্ম হাজৰিকাই কয়-জামুগুৰিহাট সাহিত্য সংস্কৃতিৰে চহকী ঠাই ৷

বাৰেচহৰীয়া ভাওনা খ্যাত জামুগুৰিহাটৰ পৰা এচাম যুৱক যুৱতীয়ে নাট্য চৰ্চাৰ জৰিয়তে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক জীপাল কৰি আহিছে ৷ এইয়া তাৰেই প্ৰতিফলন বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ আধাঘণ্টীয়া ছুটি ছবি খনৰ মনোগ্ৰাহী কাহিনীয়ে দৰ্শকক আপ্লুত কৰে ৷

পাইলছৰ বাবে উঠা বহাত অসুবিধা হয় নেকি? গ্ৰহণ কৰক এই পুষ্টিকৰ খাদ্যসমূহ…

পাইলছ, পাইলছৰ সময়ত হোৱা বিষ অতি অসহ্যকৰ। ইয়াৰ বাবে দায়ী আমাৰ কিছুমান বেয়া অভ্য়াস। পাইলছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল’ব লাগে। পাইলছৰ পৰা কেনেকৈ সকাহ পাব এই বিষয়ে আজি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম…



ইয়াৰ বাবে গ্ৰহণ কৰিব লাগে কিছুমান বিশেষ খাদ্য-

আঁহ কেৱল পাচন স্বাস্থ্যৰ বাবেই অপৰিহাৰ্য নহয়, ই মল-মূত্ৰ নিয়ন্ত্ৰণ কৰি পাইলছ ৰোগত সহায় কৰে। মসৃণ মলত্যাগেৰে বিষ, অস্বস্তি আৰু ৰক্তক্ষৰণ কমাই। ইয়াৰ বাবে দৈনন্দিন খাদ্য তালিকাত ফাইবাৰ অন্তৰ্ভুক্ত কৰিব লাগিব। আঁহযুক্ত খাদ্য,মাহজাতীয় শস্য, ফলমূল আৰু শাক-পাচলি খাব লাগে। ইয়াৰ বাহিৰেও প্ৰচুৰ পৰিমাণে পানী খাব লাগে।

যদি আপুনি পাইলছ ৰোগী, তেন্তে টেঙা খাদ্য আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু। ই কেৱল হজম শক্তি নষ্ট কৰাই নহয়, মল-মূত্ৰৰ পথতো সমস্যাৰ সৃষ্টি কৰে। বিশেষকৈ জলকীয়া গুড়িৰ পৰা যিমান পাৰি আঁতৰি থাকক। টেঙা খাদ্য যিমান কম অন্তৰ্ভুক্ত কৰিব, সিমানেই পাইলছৰ সমস্যা কম হ’ব।

বিবাহৰ প্ৰতিশ্ৰুতি নিদিয়াৰ বাবেই বিচ্ছেদ হৈছিল টাইগাৰৰ সৈতে দিশাৰ সম্পৰ্ক। বৰ্তমান টাইগাৰৰ জীৱনলৈ প্ৰৱেশ অন্য এক দিশাৰ…

বিবাহৰ প্ৰতিশ্ৰুতি নিদিয়াৰ বাবেই বিচ্ছেদ হৈছিল টাইগাৰৰ সৈতে দিশাৰ সম্পৰ্ক। বৰ্তমান টাইগাৰৰ জীৱনলৈ প্ৰৱশে অন্য এক দিশা। খবৰ পোৱা গৈছে যে দিশা পাটনীক সম্পূৰ্ণৰূপে পাহৰি যোৱাৰ পিছত এতিয়া টাইগাৰ শ্ৰফ আন এগৰাকী দিশাৰ প্ৰেমত সম্পূৰ্ণৰূপে নিমগ্ন হৈ পৰিছে। এতিয়া অনুৰাগীৰ মাজত প্ৰশ্ন হৈছে যে টাইগাৰৰ জীৱনলৈ অহা এই দিশা ধনুকা কোন?


যোৱা বছৰৰ জুন-জুলাইৰ পৰা টাইগাৰ আৰু দিশাৰ মাজত আছে প্ৰেমৰ সম্পৰ্ক। এতিয়া প্ৰশ্ন হয় দিশ ধনুকা কোন… বলীউড আৰু অভিনয়ৰ লগতো সম্পৰ্ক আছে নেকি? আচলতে দিশা এটা প্ৰডাকচন হাউচৰ উচ্চ পদবীত অধিষ্ঠিত এগৰাকী যুৱতী। এই মুহূৰ্তত দুয়োজনে কেতিয়া আৰু কেনেকৈ লগ পাইছিল আৰু কেনেকৈ ইজনে সিজনৰ ওচৰলৈ আহিছিল সেয়া জানিব পৰা হোৱা নাই যদিও দিশা পাটনীৰ সৈতে বিচ্ছেদ হোৱাৰ মাত্ৰ কেইমাহমানৰ পিছতহে দিশা টাইগাৰৰ জীৱনলৈ আহিছিল বুলি জানিব পৰা গৈছে।


যোৱা বছৰ কৰণ জোহৰৰ শ্ব’ কফী উইথ কাৰনত টাইগাৰ শ্ৰফে নিজকে কৈছিল যে দিশাই টাইগাৰৰ পৰা বিবাহৰ প্ৰতিশ্ৰুতি বিচাৰিছিল কিন্তু টাইগাৰ সেই মুহূৰ্তত সাজু নাছিল। এই কাৰণে দুয়োৰে মাজত বিচ্ছেদ হৈছিল।

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহৰ বিজ্ঞানী ডঃ প্ৰণৱজ্যোতি চেতিয়াৰ দেহাৱসান…

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহৰ বিজ্ঞানী ডঃ প্ৰণৱ জ্যোতি চেতিয়াৰ দেহাবসান। বৃহস্পতিবাৰে সন্ধিয়া হঠাৎ অসুষ্ঠ হৈ পৰা চেতিয়া নিজেই গাড়ী চলাই গৈ উপস্থিত হৈছিল সঞ্জীৱনী নাছিং হ’মত।সময় তেতিয়া আঠ বাজি পাৰ হৈছিল।কিন্তু চিকিৎসকৰ পৰামৰ্শ গ্ৰহন কৰাৰ পূৰ্বেই হঠাৎ হৃদ যন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱতিলে বিজ্ঞানী গৰাকীয়ে।চেতিয়াৰ হঠাৎ মৃত্যুৰ বাতৰিয়ে শোক স্তব্ধ কৰি তুলিলে সমগ্ৰ যোৰহাটৰ ৰাইজক।

যদিও চাকৰি সূত্ৰে যোৰহাটত আছিল তথাপি সামাজিক জীৱনত যোৰহাটত কম দিনৰ ভিতৰতে তেখেতৰ অৱদান আছিল অলেখ।উল্লেখ্য ডঃ চেতিয়াৰ মৃতদেহ পুৱাই পৰিয়ালে তেওঁৰ জন্মচহৰ ডিব্ৰুগড় লৈ লৈ যায় শেষকৃত্য সম্পন্নৰ বাবে।

খাদ্য খোৱাৰ পিছতে গেছ এচিডিটিৰ সমস্য়া বৃদ্ধি পাই নেকি…

যিকোনো বস্তু খোৱাৰ পিছতে গেছ এচিডিটিৰ সমস্য়া বৃদ্ধি পাই নেকি…? আজি আমি আপোনালোকক জনাম খাদ্য খোৱাৰ পিছতে গেছ এচিডিটিৰ সমস্য়া বৃদ্ধি পালে এই সমস্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব। কেইটামান হজম শক্তি উন্নত কৰাৰ টিপছৰ বিষয়ে জানি লওক…

স্বাস্থ্য বিশেষজ্ঞৰ মতে বহু সময়ত পেটত বিষাক্ত পদাৰ্থ জমা হয়। ইয়াৰ বাবে খাদ্য হজম হোৱাত সমস্যাৰ সৃষ্টি হয়। ইয়াৰ পৰা মুক্তি পাবলৈ আপুনি Detox Water সেৱন কৰিব পাৰে।

সঠিক হজম শক্তি বজাই ৰাখিবলৈ শৰীৰত পানীৰ পৰ্যাপ্ত যোগান বজাই ৰখাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে নাৰিকল পানী, নেমু পানী বা সাধাৰণ পানী খাই থাকিব। ইচ্ছা কৰিলে মেথি গুটিৰ পানীও খাব পাৰে। এনে কৰিলে খাদ্য ভালদৰে হজম হয় আৰু বদহজম নোহোৱা হৈ যায়।

চিকিৎসকে কয় যে যেতিয়াই আপুনি কোনো ধৰণৰ গভীৰ মানসিক চাপ বা দুখৰ সন্মুখীন হয় তেতিয়াই ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ পেটত পৰে (Digestion Tips)। মানসিক চাপ আৰু অসুখৰ বাবে বদহজম নষ্ট হয়। এই সমস্যাৰ পৰা মুক্তি পাবলৈ হ’লে শান্ত আৰু সংযত হৈ থাকিব লাগিব। যোগ ধ্যান অভ্যাস আৰম্ভ কৰক আৰু পেটৰ সমস্যাক হৃদয়ত নাভাবিব।

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে বদহজমৰ এটা প্ৰধান কাৰণ হ’ল খাদ্য সঠিকভাৱে চোবাই নোখোৱা। খাদ্য খৰধৰকৈ খালে সঠিকভাৱে হজম নহয়, যাৰ বাবে পেটত গেছ-এচিডিটি গঠন হয়, হজম শক্তি বিঘ্নিত হ’বলৈ আৰম্ভ কৰে।


সাগৰৰ পাৰত ৰোমাণ্টিক ৰিম্পী…

নৱ বিবাহিত দম্পতী ৰিম্পী দাস আৰু বিনয় তালুকদাৰ ব্যস্ত ভ্ৰমণত ।

কেৰেলাৰ কচ্চিত মধুৰ সময় অতিবাহিত কৰিছে স্বামী স্ত্ৰীয়ে

প্ৰতিটো দিনে নতুন নতুন ফটো সমূহ ইনষ্টাগ্ৰাম আৰু ফেচবুকত শ্বেয়াৰ কৰিছে অভিনেত্ৰী ৰিম্পী আৰু তেওঁৰ স্বামী বিনয়ে ।

সাগৰৰ পাৰৰ ৰোমাণ্টিক ফটো শ্বেয়াৰ কৰিছে কেপচনত লিখিছে এইদৰে – you me and Sea